সেউজীয়া মানুহ (অৰুণিমা শৰ্মা)

মানুহজনে বিচাৰি আহিছিল
সেউজীয়াৰ বিন্ন্যাস
ভুমুকি মাৰিছিল সাগৰৰ

ঢৌ অহা পথত৷

বালিত আঁকিছিল
তেজাল সুমথিৰা বেলি
গাণ্ডীৱ লক্ষ্য এটা
চিৰদিন কঢ়িয়াই ফুৰিছিল
তেওঁ

বুটলি লৈছিল সৰি পৰা
বকুলৰ সুৱাস
স্বাধীনতাৰ সুৰ তেওঁৰ
দু-ওঁঠত গুণগুণ৷

মানুহজনে হাতত তুলি লৈছিল
ক্ষেপণাস্ত্ৰ
আৰু দেশৰ মাটিত
গুজিছিল
সোণালী ভৱিষ্যতৰ কৃপাণ

মানুহজনে সাম্ৰাজ্যবাদী শক্তিক
নিজৰ দক্ষতাৰে
দেখুৱাই দিছিল ক্ষমতাৰ
সমতা

শান্তিৰ কপৌ চৰাই
আকাশত উৰুওৱা তেওঁ আছিল
শান্তিদূত৷

তেওঁৰ সংগ্ৰাম অব্যাহত ৰাখিছিল
কৰ্মঠ শৰীৰত ভাগৰৰ চিন-চাপ
নাছিল
হালধীয়া চৰাইজাকক চটিয়াই দিছিল
আশাৰ ধান

সিদিনা পাহাৰীয়া জুৰিটিয়ে
উচুপি কান্দিছিল
পাইনগছবোৰে শোকত বাউলী হৈ
জুৰিছিল শোকৰ সংগীত

এচপৰা কলা মেঘে
আৱৰি ধৰিছিল আকাশ

তেওঁ উভতি গৈছিল
অহা বাটে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!