লক্ষ্মীনাথ বেজবৰুৱাৰ ৬১৫টা শব্দৰ বাক্যটো -(ড° অঞ্জল বৰা)
লক্ষ্মীনাথ বেজবৰুৱাৰ ৬১৫টা শব্দৰ বাক্যটো৷
-অঞ্জল বৰা
যি কামৰূপ শব্দটো শুনিলেই প্ৰাগজ্যোতিষপুৰ, ৰত্নপুৰ, শোণিতপুৰ আৰু কালিকাপুৰাণত আৰু বিষ্ণুপুৰাণত উল্লেখ কৰা কামাখ্যা মন্দিৰকে সোমাজ কৰি চাৰিওফালে এশ যোজন অৰ্থাত প্ৰায় ৫৫০ মাইল বিয়পি জুৰি থকা কামৰূপলৈ মনত পৰিছিল; যি কামৰূপ নিজৰ বিশাল ৰূপৰ ভিতৰত আজিকালি ভাগ হৈ থানচা-বানচা হোৱা প্ৰায় গোটেইখন পূৰ্ব্ববঙ্গ, অসম ভুটানেৰে সৈতে সামৰি সুমাই থৈছিল; যি কামৰূপ শব্দই মনত পেলাইছিল সেই কামৰূপক-যাৰ সীমা, কালিকাপুৰাণ আৰু বিষ্ণুপুৰাণৰ পিচৰ কালত ৰচিত যোগিনীতন্ত্ৰত উল্লিখিত হৈছে “কৰতোয়াং সমাৰভ্য যাৱদ্দীকৰবাসিনী” অৰ্থাত যি কৰতোয়া পশ্চিমে ছিকিমৰ নামনিৰ জলপাইগুৰি, ৰংপুৰ, দিনাজপুৰ আৰু বগুৱাৰ মাজেদি দক্ষিণমুৱা হৈ চাৰাঘাটেদি গৈ পাবনাৰ ওচৰত পদ্নাত পৰিছেগৈ আৰু যাক মহাভাৰতৰ ভীষ্মপৰ্ব্বত “লোহিত্যং কৰতোয়াং চ তথৈব বৃষকাহবয়ম” আৰু ব্ৰহ্মাণ্ড পুৰাণত “কৰতোয়াং মহাগৌৰী দুৰ্গাচাস্ত শিৱা তথা” বুলি উল্লেখ কৰিছে, সেই পূণ্যতোয়া কৰতোৱা নৈ যি ৰাজ্যৰ পশ্চিম সীমা; দিকৰাই বা দিকৰং যাৰ পূব সীমা, কাঞ্চন আৰু গিৰিকন্যাক নামৰ পৰ্ব্বতবোৰ যাৰ উত্তৰ সীমা আৰু ব্ৰহ্মপুত্ৰ আৰু লাক্ষা নদীৰ সঙ্গম যাৰ দক্ষিণ সীমা আছিল অৰ্থাত আজিকালিৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, ৰংপুৰ আৰু কোচবিহাৰ মিলি যি কামৰূপ ৰাজ্য সংগঠিত হৈছিল; যি কামৰূপ প্ৰাগজ্যোতিষপুৰ স্থাপন কৰোঁতা, কামাখ্যাত অনেক সাগ্নিক বেদজ্ঞ ব্ৰাহ্মণৰ বসতি কৰাই দিওঁতা, বিদৰ্ভ ৰজাৰ জীয়েক মায়াক বিবাহ কৰোঁতা, প্ৰথমতে হিন্দুধৰ্ম্মত আস্থাবান হৈ পিচত বাণৰ সংসৰ্গদোষত পৰি সেই ধৰ্ম্মত অনাস্থাবান হৈ অত্যাচাৰী অনাচাৰী হোৱাত, যদুকূল-প্ৰদীপ শ্ৰীকৃষ্ণৰ হাতত প্ৰাণ হেৰুৱাওঁতা নৰকাসুৰৰ ৰাজ্য আছিল; যি কামৰূপত পুতেক ভগদত্তৰ প্ৰাগজ্যোতিষপুৰ নগৰ অৰ্জ্জুনে আক্ৰমণ কৰিলত ভগদত্তই নিজৰ কিৰাত আৰু চীনা সেনা লৈ অৰ্জ্জুনেৰে সৈতে আঠ দিন তুমুল সংগ্ৰাম কৰি শেহত ঘাটি যুধিষ্ঠিৰক কৰ দিবলৈ মান্তি হৈছিল আৰু যি ভগদত্তই মহাভাৰতৰ যুদ্ধত দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰি অসীম বীৰত্ব দেখুৱাইছিল আৰি যি বীৰত্বৰ কথা বখানিবলৈ মহাভাৰতৰ দ্ৰোণপৰ্ব্বৰ চাৰি অধ্যায় লাগিছিল; যি কামৰূপত খৃষ্টীয় চতুৰ্থ শতিকাত শঙ্কল বা শঙ্কলাদিৰ নামৰ মহাপৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল, যি উত্তৰ-ভাৰতৰ কেদাৰ ব্ৰাহ্মণ নামৰ ডাঙৰ ৰজা এজনৰ ৰাজ্য আক্ৰমণ কৰি যুঁজত কেদাৰ ৰজাক হৰুৱাইছিল আৰু যি শঙ্কলে ভাগীৰথীৰ পূব ফালৰ দেশ বঙ্গ আৰু বিহাৰ জয় কৰিছিল, যি গৌৰ নগৰ অথবা লক্ষণাৱতী সংস্থাপন কৰিছিল, যাৰ ৪০০০ হাতী, একলাখ ঘোঁৰা আৰু চাৰিলাখ পদাতিক সৈন্য আছিল, যাৰ পৰা স্কাইথিয় টুৰাণ ৰজা আফ্ৰছিয়াৰে কব বিচৰা বাবে যি সেই আফ্ৰছিয়াৰৰ পঞ্চাশ হাজাৰ মঙ্গল বা মোগল সেনাৰে সৈতে ঘোঁৰাঘাট পৰগণাৰ ওচৰৰ কোচপৰ্ব্বতৰ কাষত যুদ্ধ কৰি সেই সেনাবোৰ মষিমূৰ কৰিছিল; যি কামৰূপৰ নাম শুনিলে মনত পৰিছিল মহাগৌৰৱান্বিত মহাৰাজ ভাস্কৰবৰ্ম্মাৰ কথা, যাক ৰাজচক্ৰৱৰ্ত্তী বৌদ্ধ ৰজা হৰ্ষবৰ্দ্ধনে মহোত্সৱলৈ নিমন্ত্ৰণ কৰি নি, ভাৰতবৰ্ষৰ আন আন ঠাইৰ পৰা নিমন্ত্ৰিত হৈ অহা কুৰিজন ৰজাৰ আগশাৰীত ঠাই দিছিল আৰু যাক হৰ্ষবৰ্দ্ধনে সেই উত্সৱৰ শোভাযাত্ৰাৰ নায়ক পাতি নিজৰ সোঁহাতে একেশাৰীতে লৈ গৈছিল আৰু ৫০০ হাতীয়ে যাক হৰ্ষবৰ্দ্ধনেৰে সৈতে ৰক্ষা কৰি গৈছিল; যি কামৰূপৰ নাম শুনিলে দীপিকাছন্দ পুথিত বৰ্ণনা কৰা ৰামচন্ৰ্ন ৰজাৰ কথা মনত পৰিছিল, যাৰ ৰত্নপুৰ নামে ৰাজধানী মাজুলীতে আৰু যি ৰত্নপুৰ হৰবিদ ৰজাৰ পুতেক কুশাৰণ্যকে আদি কৰি অনেক ৰজাৰ ৰাজধানী আছিল আৰু যি কুশাৰণ্য গৌড়, কামৰূপ আৰু জয়ন্তাৰ অধিপতি আছিল-যি কামৰূপৰ নাম শুনিলে বনমালা ৰজাৰ কথা মনত পৰিছিল, যাৰ ৰাজ্য সমুদ্ৰ পৰ্য্যন্ত বিস্তৃত আছিল আৰু বঙ্গ দেশৰ ৰজা দেৱপালৰ তামৰ ফলিত যাৰ বিষয়ে এই বুলি লিখা আছে যে “দেৱপালে কামৰূপৰ ৰজাক উৰিষ্যাৰ ৰজাৰ বিপক্ষে যুদ্ধত সহায় কৰিছিল”; যি কামৰূপে বলবৰ্ম্মই (প্ৰায় ৯৯০ খৃষ্টাব্দত) আৰু ৰত্নপাল ৰজাই (একাদশ শতিকাৰ প্ৰথম ভাগত) ৰাজত্ব কৰিছিল; যি ৰত্নপালে গুৰ্জ্জৰ, গৌড়, কেৰেলা আৰু দক্ষিণ ভাৰতৰ ৰজাৰে সৈতে যুদ্ধ-বিগ্ৰহ কৰিছিল বুলি তেওঁৰ নাতিয়েক ইন্দ্ৰপাল ৰজাৰ তামৰ ফলিত লিখা আছে আৰু যি ৰত্নপাল অনেক তামৰ খনিৰ গৰাকী আছিল; সেই কামৰূপ শব্দটো আজি কুঁচি অকণমান হ’ল; আজি তাৰে এডোখৰ অসম শব্দই গ্ৰাস কৰিলে- যি অসম বুলিলে পোনতে ভৰলী নৈৰ পৰা দিকৰং নৈৰ ভিতৰত থকা সৌমাৰপীঠ নামৰ জকাইচুক ডোখৰ পায় তাৰ পিচতহে ভৰলীৰ পৰা ৰূপহী আৰু ৰূপহীৰ পৰা সঙ্কুচিতভাৱে চুচুকচামাককৈ সোণকোহ পায়গৈ- চুচুকচামাককৈ বুলিছোঁ এই বাবে যে আমি গুৱালপাৰা জিলাৰ পশ্চিম সীমাত অসমীয়া ভাষাৰ টাৰ চিলিঙি পুতিবলৈ গৈ তাৰ আগেয়ে তাতে বহি এমুঠি ভাত ৰান্ধিবলৈ বহিলেই আমাৰ বিদেশী ভাইহঁতে হাতত টাঙোন লৈ সেইখিনিতে ঘপহ কৰে ওলাই চকু পোন্দাই সোধে- “বোলোঁ ভাত ৰন্ধা টৌটো তোৰ নে মোৰ?” এইবোৰ যি নহওক, আমি আমাৰ জননী জন্মভূমিৰ যি নামকে এতিয়া পাইছোঁ, সেয়ে আমাৰ পক্ষে সোণ।