সংগীতৰ ঈশ্বৰ কণাৰ সন্ধানতনিয়ৰ -(পাৰ্থ প্ৰতিম বুজৰবৰুৱা)
সংগীতৰ ঈশ্বৰ কণাৰ সন্ধানতনিয়ৰ
-পাৰ্থ প্ৰতিম বুজৰবৰুৱা
সংগীত আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ। প্রত্যক্ষ বা পৰোক্ষভাবেই হওক আমি প্রতিদিনেই আমাৰ চৌপাশৰ বিভিন্ন উৎসৰ পৰা জ্ঞাত বা অজ্ঞাতভাবে বিভিন্ন সংগীত আহৰণ কৰোঁ বা শুনোঁ। আমাৰ জীৱন শৈলীত সংগীতৰ প্ৰভাব আমি কোনেও নুই কৰিব নোৱাৰোঁ৷ জেকচনৰ পৰা আমাৰ ভূপেনদালৈ, কিশোৰ কুমাৰৰ পৰা এমিনেমলৈ বিভিন্ন জনৰ বিভিন্ন ধাৰাৰ সংগীতে আমাক বেলেগে বেলেগে প্ৰভাৱিত কৰি আহিছে। কিন্তু শুনি থাকোঁতে কেতিয়াবা আমাৰ মনলৈ আহেনে, এই সংগীতৰ উৎস ক’ত? ই কেনেকৈ আমাক ইমানকে প্ৰভাৱিত কৰিলে?সঁচাকৈয়ে এটা খেলি মেলি প্রশ্ন। আছে জানো ইয়াৰ এটা সঠিক বিশ্বাসযোগ্য উত্তৰ? এজন বিখ্যাত গৱেষক ৰিচার্ড পার্নকাটে কৈছিল মানুহৰ জীৱনত প্ৰথম সংগীতৰ প্ৰভাব পৰে শিশু অৱস্থাতে, যেতিয়া মাকে মুখেৰে গুণ-গুণাই শিশুটোক নিচুকাব যত্ন কৰে। আৰু আচৰিত, সেই অবুজ সংগীতৰ লহৰ শুনিয়ে শিশুটি টোপনি যায়। তেওঁৰ মতে সংগীতৰ প্ৰথম উৎসৰ আধাৰো মাতৃৰ এই মমতা। লাহে লাহে শিশুটি ডাঙৰ হ’ব, তাৰ মনৰ ভাব প্রকাশ কৰিব কিছুমান অদ্ভুত অথচ মিঠা সুৰত। এয়াই সংগীতৰ আৰম্ভণি। ইয়াৰ পৰাই মগজুত বিকশিত হ’ব সুৰ তাল লয়।
( সংগীতৰ আৰম্ভণিৰ সূত্র বহুত পাইছিলোঁ। কিন্তু ইমান সহজ আৰু মিঠা উৎস এইটোৱে পালোঁ৷ গতিকে আমাৰ গোটৰ থীম সংগীত হোৱা বাবে cocmos আলোচনীৰ আধাৰত এইটোৱে লিখি দিলোঁ।)