মোৰ দৃষ্টিত মাহিষ্মতীৰ সম্ৰাজ্ঞী শিৱগামী আৰু কিছু অনুভৱ (চলচ্চিত্ৰ-বাহুবলী) – দেৱীকা ঠাকুৰীয়া
শিৱগামী, বিশাল মাহিষ্মতী সাম্ৰাজ্যৰ শাসনকৰ্তা, যি গৰাকী মহিয়সী নাৰীয়ে সমগ্ৰ প্ৰজাৰ হিতৰ কথা চিন্তা কৰি নিজৰ সন্তানতকৈও ভতিজা ল’ৰাক বেছি প্ৰাধান্য দিছিল কাৰণ তেওঁ জানিছিল ভালকৈয়ে যে তেওঁৰ গৰ্ভৰ সন্তানতকৈ তেওঁৰ ভাজ্যাপুত্ৰ বেছি সুযোগ্য৷
চলচ্চিত্ৰ খনৰ প্ৰথম খণ্ডত (বাহুবলী-১) তেওঁৰ চৰিত্ৰটিত এগৰাকী উদাৰ মাতৃ তথা প্ৰজাৰ সুখ- দুখ বুজা, উপস্থিত বুদ্ধি সম্পন্না এগৰাকী জ্ঞানী মহিয়সী নাৰী হিচাপে দেখুওৱা হৈছিল৷ তেওঁৰ নিকা নিস্বাৰ্থ মনটোৰ যি কোনো সিদ্ধান্তকে প্ৰজাই নতশিৰে মানি লৈছিল আৰু সেয়ে হয়তো তেওঁৰ বচনকে শাসন বুলি কোৱা হৈছিল৷
বাহুবলী ২য় খণ্ডৰ প্ৰথম অবস্থাতো তেওঁক একেই দেখা গ’ল৷ কিন্তু প্ৰথম কেৰোণ লাগিল কেতিয়া মন কৰিছেনে? যেতিয়া তেওঁৰ মৰমৰ পুত্ৰই তেওঁ দিয়া বচনক উলংঘা কৰি আন এগৰাকী নাৰীক দিয়া ভালপোৱাৰ বচনক প্ৰাধান্য দিলে৷ শিৱগামীয়ে ভালকৈয়ে বুজিব পাৰিছিল কট্টাপাই যেতিয়া ভুল ভাঙি দিছিল যে দেৱসেনাৰ বাবে পঠোৱা প্ৰস্তাব তেওঁ বাহুবলীৰ বাবে বুলি ভাবিছিল৷ সেয়ে কিছু খেলিমেলি হ’ল৷ কিন্তু সেই কথা জানিও শিৱগামী ক্ৰোধান্বিত হৈ বাহুবলীক দেবসেনাৰ লগত থাকিব বিচাৰিলে ৰাজপাট এৰিব লাগিব বুলি ঘোষণা কৰিলে৷
দ্বিতীয় কেৰোণ লাগিল এইবাৰ যেতিয়া বাহুবলীয়ে ৰাজপাট এৰিবও মান্তি হ’ল দেৱসেনাক দিয়া বচনৰ বাবে৷ লাহে লাহে শিৱগামীয়ে সকলো সিদ্ধান্ত ক্ৰোধান্বিত হৈ, অলপো নভবাকৈ তাৎক্ষণিকভাবে লোৱা হ’ল৷ আনকি তেওঁ ষড়যন্ত্ৰৰ বলি হৈ তেওঁৰেই বুকুৰ মণি বাহুবলীকো কট্টাপাৰ হতুৱাই হত্যা কৰোৱালে৷
দ্বিতীয় খণ্ডৰ শিৱগামীৰ চৰিত্ৰটো প্ৰথমে মোৰ বৰ অসজা যেন লাগিছিল৷ অলপ খাপচৰা যেন লাগিছিল৷ কিন্তু পাছত ভাব হ’ল এইটো অসজা লাগিব লগা হয়তো নহয়৷ কাৰণ সেই একেজনী উদাৰ মাতৃ তথা প্ৰজাৰ সুখ- দুখ বুজা, উপস্থিত বুদ্ধি সম্পন্ন জ্ঞানী মহীয়সী নাৰী এতিয়া অকল দুই পুত্ৰৰ মাতৃয়ে হৈ থকা নাই, তেওঁ এতিয়া শাহু আই হ’ল৷ কাৰণ তেওঁৰ পুত্ৰৰ জীৱনত আন এগৰাকী নাৰী আহি থিতাপি ল’লেহি
এটি কেচুৱাক ন মাহ গৰ্ভত ৰাখিয়ে হওক অথবা নিজ স্তন পান কৰাইয়ে হওক নাইবা লালন -পালন কৰি নিজে ডাঙৰ কৰায়ে হওক, প্ৰত্যেকগৰাকী নাৰীয়ে ক্ষন্তেকৰ বাবে হলেও সংসাৰৰ আন সকলো পাহৰি সেই সন্তানকে সৰ্বস্ব বুলি জীৱন অতিবাহিত কৰিব লয়, যি এক মধুৰ অনুভৱ৷ সেই সন্তানক লৈ সপোন ৰচে৷ অবশ্যেই সকলো মাতৃৰে নিজ সন্তানক লৈ অধিকাৰসূচক (Possesiveness) ভাব এটা থকাটো নিতান্ত্যই স্বাভাবিক৷ ছোৱালীবোৰে এই ভাবটো তেতিয়াহে উপলব্ধি কৰিব পাৰে যেতিয়া নিজে মাক হয়৷
এই অধিকাৰসূচক ভাব সন্তানৰ প্ৰতি (বিশেষকৈ ল’ৰাৰ প্ৰতি) সকলো মাতৃৰে কম বেছি পৰিমানে থাকে৷ সেয়ে হয়তো নিজৰ পুত্ৰৰ বিয়াত মাকসকলে সুখ -দুখ সংমিশ্ৰিত এক অবুজ আবেগত কান্দে৷ সেই ভাব অকল মাতৃৰ বুলিয়ে নহয়, এগৰাকী ভগ্নীয়েও অনুভৱ কৰে নিজ ভাতৃৰ বিবাহৰ সময়ত, এগৰাকী ভগ্নীৰ হৃদয়েও কান্দে এক অবুজ আবেগত৷ কাৰণ ঘৰখনত আহিবলগীয়া নতুন ছোৱালীজনীৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ মৰম চেনেহৰ এনাজৰী৷ কিন্তুু এই আবেগ বিহ্বল সময়চোৱাত মনোমালিন্য হোৱাটো তেনেই স্বাভাবিক৷ এইসময়ত মানুহৰ মনত অভিমান তথা স্বাভিমানে থিতাপি লয়৷ এনেবোৰ পৰিস্থিতিক সহজ কৰিব পাৰি অকল মৰমেৰে, ভালপোৱাৰে৷ আমি নিজৰ ঘৰৰ মানুহখিনিক হয়তো খুউব কমেহে দেখুৱাই মৰম কৰো৷ কিন্তু এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চাবি-কাঠী অকল পুত্ৰ বা ভাতৃজনৰ হাততহে থাকে৷ কাৰণ অভিমানবোৰ তেওঁৰ ওপৰত থাকে ফলস্বৰূপে বোৱাৰীজনীয়ে ভূগিব লগীয়া হয়৷ সেয়ে ল’ৰাজনে ভালপোৱাবোৰ দেখুৱাই কৰিব লগাও হ’ব পাৰে৷ কিন্তু বহু ক্ষেত্ৰতে ল’ৰাজনে দুয়োফালৰ হেঁচাত হিতাহিত হেৰুৱাই একপক্ষীয় সিদ্ধান্তত উপনীত হোৱা দেখা যায়৷ যাৰ ফলস্বৰূপে সকলোৰে মনৰ মাজৰ দূৰত্ব বাঢ়ি গৈ নিজ ঘৰখনতে এক অচিনাকি পৰিবেশৰ সৃষ্টি হয়৷ কাৰণ অভিমানৰ কবলত পৰি মানুহে জানি বুজিও বহু কথা নুবুজা হৈ পৰে৷
কিন্তু কথা হ’ল যিয়ে নিজৰ এই ভাববোৰৰ উৎপত্তিৰ বিষয়ে নিজে বিবেচনা কৰি চায় আৰু উপলব্ধি কৰি পুত্ৰ বা ভাতৃৰ জীৱনত আন এগৰাকী নাৰীৰ প্ৰয়োজনীয়তা আৰু সেই গৰাকী নাৰীৰ সেই অনুপাতে ঘৰখনত থাকিব লগীয়া অধিকাৰক বুজি উঠে, তেওঁ এগৰাকী বোৱাৰীক নিজৰ জী দৰে আকোৱালি ল’ব কেতিয়াও কৃপণালি নকৰে৷ ঠিক তেনেকৈ ভগ্নী এজনীয়েও নিজৰ বান্ধৱী নতুবা বাই-ভনীৰ দৰে আকোৱালি ল’ব পাৰিব৷ মাতৃগৰাকীয়ে নিশ্চয়কৈ নিজে সেই ঘৰখনলৈ বোৱাৰী হৈ অহাৰ দিনবোৰ কেতিয়াও নাপাহৰে৷ তেওঁৰ নিজৰ সময়ত নতুন ঘৰখনত পাই অহা অসুবিধা বোৰৰ পৰা তেওঁলোকৰ সংসাৰত কম বেছি পৰিমাণে হলেও লগা খূতি-নাতিবোৰ হয়তো তেওঁৰ পো- বোৱাৰীৰ সৈতে পুনৰাবৃতি হোৱাতো কেতিয়াও নিবিচাৰিব৷ ঠিক তেনেকৈ সেই ভগ্নীজনীয়েও কাইলৈ কাৰোবাৰ ঘৰ শুৱনি কৰিব৷ তেওঁও নিশ্চয় নতুন ঘৰখনে মৰমেৰে আকোৱালি লোৱাকে কামনা কৰিব৷
কিন্তু আচল কথা হ’ল আমি মানুহ জাতিটোৱে নিজৰ বেয়া পোৱা বা নিজে আনৰ পৰা কষ্টপোৱা প্ৰায় বেছিভাগ কামৰেই পুনৰাবৃত্তি কৰোঁ, অজানিতেই হওক বা জানি শুনিয়েই৷ বহু কম সংখ্যক লোক আছে যিয়ে নেকি এই ক্ৰোধ, অধিকাৰসূচক ভাব, হিংসা, আদিবোৰক নেওচি যিমান পাৰে সৰল জীৱন জীয়াই থাকিব পাৰে৷ তেনেলোক যিয়ে নেকি এনেবোৰ অপ-ক্ৰিয়াৰ কবলৰ পৰা নিজক এৰোৱাই চলিব পাৰিছে তেনে লোকে সদায় নিজ হিত বুদ্ধি তথা বিবেকৰ ব্যৱহাৰ কৰি জীৱনটোত সুন্দৰ ভাৱে আগুৱাই যাব পাৰিছে!
সেয়ে মোৰ ভাৱ হয়তো বাহুবলী – ২য় খণ্ডত দেখুওৱা শিৱগামী অসজা বা ব্যতিক্ৰম নহয়৷
■■■