শাওনীয়া অনুভৱেৰে একলম সোঁৱৰণ – অংকুৰ শইকীয়া

অনুভৱ এমোকোৰা সাৰে থাকে অনুভৱৰ ৰসালয়ত৷ চাৰিওকাষে মাথো সতেজতাৰ ৰহন, মাথো সতেজ৷ তাতে আকৌ এপিনে বৰষুণৰ মধুৰতা সিপিনে এখোজ পিচল খোৱাৰ আৱেগ৷ মনত পৰেনে বাৰু এই যে শাওণীয়া ব্যস্ততাৰ খৰখেদা থাউনি নোপোৱা অফুৰন্ত হেঁপাহ৷ কিমান যে অভিমানী উল্লাসে খেলা পাতে বুকুৰ চেঁকুৰা পুৱাৰ সেউজ বসন্ত৷

বুকুখনৰ চোতালত এই আহাৰ-শাওণ বুলিলেই উথপ-থপ ল’ৰালিৰ সোণবৰণীয়া অবুজ দৌৰা-দৌৰি৷ বুকুৰ চোতাল গৰকি মাৰ ব্যস্ততা, এই চাহ দিয়া, এই জলপান …….উহ ব্যস্ততা, মাথো ব্যস্ততা৷ তপককৈ ঘূৰি চাওঁ আইতাজনীলৈ৷ বৌৰ (আইতা) দুহাতৰ পৰশেৰে সাৰ পাই উঠা পাকঘৰৰ জহা চাউলৰ সুস্বাদু মিঠা গোন্ধ …….; নাকটিত তিলতিলকৈ বাজি উঠে তানপূৰাৰ হেজাৰটা সুৰ৷ এহ ক’ৱ নোৱাৰাকে বুকুৰ এখন্তেক দৰিকাপাৰত ….“আইতা তোমাৰ কোলাৰ উমেৰে দেখা পাওঁ স্নিগ্ধ জোনাকৰ পূৰ্ণতা৷”

লৰালৰিকৈ শাওণীয়া বুকুত মাৰ থাউনি নোপোৱা এখোজ৷ দেউতাৰ চকুৰে দেখা পোৱা এসাগৰ আশাৰ অৱসাদ মাৰ বুকুৰে বৈ যায় …যেন পথাৰৰ সৰু খাজেৰে বৈ যোৱা সৰু সুঁতিৰ জলৰাশি৷ চফল গৰু হালো কাণ থিয় কৰি সজাগ, জানে; দেউতাৰ হাতেৰে নিশ্চয়কৈ বৰা চাউলৰ এগৰাহ পাব৷ ……….“সোনকালে আহক দেই ………………….৷ মই ৰুবলৈ আহোঁগৈ৷ মামী, ডাঙৰভনীহ’ত আহিলেই চাগে “৷ সঁচাই একেবাৰে সাধাৰণ কথা যেন লাগে নহয়নে এই ব্যস্ততাৰ প্ৰতিটো শব্দ? ? কিন্তুু প্ৰতিটো শব্দতে লাগি আছে নিভাঁজ বুকুৰ হেজাৰটা স্পন্দন৷ যাৰ আঙুলিত ধৰি এখোজ আগুৱাব পাৰি বহু স্মৃতি পাপৰিৰ সজাগ মুহুৰ্ত্ত৷

বৰ খৰখেদাকৈ, উশাহ নোপোৱাৰ দৰে মাৰ কৰ্ম ব্যস্ততাৰ দৰেই যেন এই সতেজ ক্ষণবোৰো থাকি আহিল সেই তাহানিৰ ব্যস্ত বেলাৰ পথাৰত৷ অলপ পিচুৱাই যাওঁ, পাওঁ নেকি বুটলিব অলপ স্মৃতিৰ চপৰা এডোখৰ৷ নাজানো কি সেই দিনৰ মধুৰতা, যাৰ প্ৰতি ক্ষণতে সেউজীয়া এখনি বসন্তৰ বুটা বছা ভাস্কৰ্য৷ মন গহনত কোনোক্ষণত সাৰে থাকে এই দিনবোৰ ….. অলপ আৱেগ প্ৰাচুৰ্যৰ বৌৰ (আইতা) বুকুৰ ৰসাল ওঁঠৰে বিয়পা, ………………“ঐ মনু বেছি ঘন নকৰিবি দেই৷ এনেও দ-পথাৰ ধান মুঠি পাবি যে আশা নাই৷ এই বাৰ বাৰু বতৰ ঠিকেই আছে পিচত বা কি হয়৷ “ “ঐ চিন্তুৰ মাক চাবি দেই এই ডৰা পুঠি মাছৰ নৈ৷ পালেই ধৰি দুজনীমান মনুক দি পঠাওঁ, দুপৰীয়া পিটিকা কৰিব পাৰিম৷ “

সময়ৰ সোঁতত উটি যোৱা ক্ষণ মধুৰ সেই অতীত আজি ৰোমন্থনৰে এহালিচা পৰে বুকুৰ দ-পথাৰত৷ জীপাল হৈ উঠে তৎক্ষণাতে আবেগৰ বুকুৰ কুটুম কঠীয়া এমুঠি৷ মা, মাহী, আইতাৰ খৰতকীয়া হাতৰ মুঠিৰে শেষ হয় এফেৰা এফেৰা একোণৰ পৰা সেউজীয়া আৰম্ভণিৰে এডৰা স্বপ্নৰ উল্লাস্, সবল দুহাতেৰে বিলীন হৈ পৰে সেউজীয়াৰ মিঠা সুৰৰ মূৰ্চ্ছনা৷ আৰু ……….……..…………. শেষ নোহোৱা ছয় ঋতুৰ তিতা-মিঠা এচলু বাসনা৷

এতিয়া ভাৱো ক্ষণমাত্ৰ৷ কি আছিল সেই দিনবোৰ৷ ক্ৰমশ: পখিলা খেদা দিনৰ অনুভৱেৰে অনুভৱত একলম হাত বুলাওঁ; লিখো হৃদয়ৰ দিনলিপিত এবুকু স্মৃতি৷ উনুকিয়াওঁ সেই শাওণীয়া এডৰাৰ প্ৰথম দৰ্শণৰ নীতি-নিয়ম৷ .…“মাহ-প্ৰসাদ খোৱা, বোকাৰ হেলচ বুটলি খোৱাৰ উন্মাদনা …… ‘ঐ, মোক দিবিনে নিদিয় তই! মইহে আনিছিলো মামাৰ বাৰীৰ পৰা ……….……..……’’”৷

আৱেগৰ ৰাগীৰ কিবা এক চিনাকি গোন্ধে আমোল-মোলাই যায় সমস্ত বুকুৰ গভীৰতা৷ চৌদিশৰ চকুৰ পলকত জিলিকে মাথো সেউজীয়া৷ যাৰ আঁচলত এতিয়া লিখিব পাৰোঁ বুকুৰ অসংখ্য স্বপ্নালী শব্দমালা৷ দুহাত প্ৰসাৰিত কৰি তাহানিতে হেৰুৱা স্তব্ধ বান্ধোন খুলি দিব পাৰোঁ এপলক স্মৃতি জিৰণিচৰাৰ মনোমুগ্ধতা৷ উপভোগ কৰিব পাৰোঁ হেৰুৱা অতীতৰ দিশ খুচুৰি এসাগৰ আনন্দৰ বন্যাৰ সোণাৰুফুলীয়া আকাশ৷ কিন্তুু ….প্ৰশ্নবোৰ বৰ গভীৰত শিপায়; আউল লগাই এতিয়াৰ উপভোগ্য ক্ষণ৷ ক’ত হেৰাল ….ক’ত এৰাল দি আহিলো সেই অতীতৰ এমোকোৰা পুঁৱাৰ হেঙুলীয়া আবিৰ৷ বুকুৰ থমক উচুপনিত ………প্ৰেয়সী দৃষ্টি সূত্ৰে, “সেইদিনাৰ ক্ষণত তুমি থাকিবা কিন্তুু মই নাথাকিম৷ তোমাক বিচাৰিম, তুমি উভতি নহাৰ প্ৰতিশ্ৰুতি চহাই…. বুকুখন হেজাৰ হ’লেও তোমাতেই মগ্ন, জিলমিল জোনাকী নিশাৰ আপোন মধুৰতা ”৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!