মিচিং লোকগীত – (দীপা ঠাকুৰীয়া)

মিচিং লোকগীত
-দীপা ঠাকুৰীয়া
মিচিং ভাষাত লোকগীতক ‘নিঃতম’ বুলি ক’য়। ইয়াৰ প্ৰধান ভাগকেইটা হল-
১/ আঃবাং (মিচিং পুৰোহিতে গোৱা গীত)
২/ কাবান (বিননি)
৩/ বৃঃৰৃগ (ঋতুগীত)
৪/ কঃনিঃনাম (নিচুকনি)
৫/ লুপঃ
৬/ অই নিঃতম
১/ আঃবাং (মিচিং পুৰোহিতে গোৱা গীত)- মিচিং লোক বিশ্বাসমতে মিবুসকল (পুৰোহিতসকল) দেৱ-দেৱীৰ প্ৰতিনিধি। সেয়ে কোনোবা পৰিয়ালত বিপদ-বিঘিনি হ’লে মিবুৰ যোগেদি প্ৰতিকাৰৰ উপায় বিচাৰে। মিবুৱে দৈৱ প্ৰদত্ত ‘য়কচা’ নামৰ এখন দা লৈ আঃবাং গাই নৃত্য কৰি দেৱ-দেৱীৰ লগত কথা পাতে আৰু কোনজন দেৱতাই পীড়া কৰিছে সেইকথা গৃহস্থক জনাই প্ৰতিকাৰৰ বিধান দিয়ে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত আঃবাঙৰ উপৰিও ইয়াত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য, মিচিং জাতিৰ উৎপত্তি, প্ৰব্ৰজন আৰু সংস্কৃতিৰ আঁতিগুৰি পোৱা যায়। যেনে-গীতৰ অসমীয়া ভাঙনি বোৰ তলত উল্লেখ কৰিলোঁ।
অ’ সৃষ্ঠিৰ ৰহস্যৰ গৰাকী,
অ’ ইতিহাসৰ গৰাকী,
তোমাক নমস্কাৰ।
জন্মৰ সকলো ভাৰ কান্ধত আৰু গৰ্ভত লৈ,
যি সকলো পৰিয়ালৰ জন্মৰ মাতৃস্বৰূপ-তোমাক বন্দো ……ইত্যাদি।
২/ কাবান- এই শোকগীতবোৰত অন্তৰৰ অসহনীয় বেদনাৰ মুকলি প্ৰকাশ বুলি কব পাৰি। যেনে-গীতৰ অসমীয়া ভাঙনি এনেধৰণৰ- ‘বনৰ লতাই গছক আবৰি পেলোৱাৰ দৰে তোমাৰ স্মৃতিয়ে মোক আবৰি ধৰি ব্যথিত কৰিছে।’
৩/ বৃঃৰৃগ নিঃতম- ঋতুবিশেষ গীতক বৃঃৰৃগ নিঃতম’ বুলি কোৱা হয়। গীতৰ অসমীয়া ভাঙনিবোৰ এনেধৰণৰ-‘হেৰা গাভৰুসকল, চুলিটাৰি ফনিয়াই সাজি-কাচি চোতাল ভৰি নাচ-গান কৰিবলৈ ওলোৱা।’
৪/ কঃনিঃনামঃ- মিচিং ভাষাত নিচুকনি গীতক কঃনিঃনাম বা বৃঃনি নিঃনাম বোলে। মিচিং তিৰোতাই পুৰুষৰ সমানেই কামত ব্যস্ত থাকে। সেইকাৰণে কেঁচুৱা ৰাখিবলৈ কমবয়সীয়া ছোৱালী ৰাখিবলগীয়া হয়। মাকৰ অনুপস্থিতিত, কেঁচুৱাক বিভিন্ন কথা যেনে-‘মাকে পথাৰলৈ গৈছে, আহোঁতে ফল-মূল লৈ আহিব, আঁহতজোপাৰ তলত ডাঙৰ অজগৰ দুটা ইফাল-সিফাল কৰি আছে, তোমাৰ কথা শুনিলে সিহঁত ইয়ালৈ আহি যাব ইত্যাদি কথা বিশেষ সুৰত গাই কেঁচুৱাক নিচুকায়।
৫/ লুপঃ- ডেকা-গাভৰুৰ কথোপকথনৰ গীতবোৰক ‘লুপঃ নিঃতম বুলি কোৱা হয়। যেনে-অসমীয়া ভাঙনি এনেধৰণৰ-
ল’ৰা- ‘মই এনে এজনী ছোৱালী বিয়া কৰাব খোজো যাৰ মুখমণ্ডল ঘূৰণীয়া আৰু ধুনীয়া।
ছোৱালী-‘মই এনে এজন ল’ৰা বিচাৰিছোঁ যিয়ে ডাঙৰ ঘৰ সাজিব জানে আৰু সংসাৰৰ দায়িত্ব চম্ভালিব পাৰে।
৬/ অই নিঃতমঃ- অই শব্দৰ অৰ্থ সোণটো, নুমলীয়াটো, মইনাটো, চেনাইটি বুজালেও অই নিঃতম মানে প্ৰিয়তমে প্ৰিয়তমাক কেন্দ্ৰ কৰি গোৱা গীতকে বুজায়। যেনে-অসমীয়া ভাঙনি- পানীৰ জুৰিও জুৰি চকু পানীৰ জুৰিও জুৰি/ জুৰিৰ পানী শুকাব পাৰে চকুৰ পানী নুশুকায়।
(সহায় লৈ)
 
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!