ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

শালি ধানৰ সোণোৱালী পৰম্পৰা -(দীপুল হালৈ)

শালি ধানৰ সোণোৱালী পৰম্পৰা
-দীপুল হালৈ
আমাৰ নলবাৰী জিলাৰ দেৱচাৰা- লক্ষীপাৰ অঞ্চলৰ প্ৰায় সকলো লোকৰে কৃষি কৰ্ম আছিল। বহুতেই খেতিয়ক; দুই একে লগুৱা ৰাখি খেতি-খোলা কৰিছিল। আমাৰ গাঁৱখনত ১৯৮৬ চনলৈ চাকৰিয়াল মাত্ৰ দুগৰাকী- দুয়োগৰাকী আছিল শিক্ষক। এতিয়া প্ৰায় ঘৰতে গড়ে একোজন চাকৰিয়াল হ’ল। মোৰ পিতাও এগৰাকী খেতিয়ক আছিল। গতিকে সৰুৰ পৰাই আমি খেতিৰ লগত লাগি পাইছোঁ। খেতিৰ বিভিন্ন কাম- যেনে কঠিয়া পৰা, ৰোৱা, ধান কটা, মৰণা মৰা, ৰবি শস্যৰ খেতি কৰা কম বেছি পৰিমানে লাগি ভাগি দিছিলোঁ। আমাৰ অঞ্চলত সেই সময়ত প্ৰচলিত থকা শালি ধানৰ খেতিৰ লগত জড়িত কিছুমান ৰীতি-নীতি, লোকাচাৰ আদি স্মৃতি ভঁৰাল খুচৰি ইয়াত লিখিবলৈ লৈছোঁ।
কঠিয়া পৰাঃ শালি খেতি কৰিবলৈ কঠিয়াৰ প্ৰয়োজন। এই কঠিয়া পাৰিবলৈ ওখ ৰ’দ ঘাই মাটি বাছি লৈছিল। কঠিয়া পৰাৰ দিন বাৰ চাই লৈছিল। প্ৰথম কঠিয়া পৰাৰ দিনা ঘৰত এক উত্সৱমুখৰ পৰিৱেশ হয়। মাটি চহোৱা, মাটিত সিঁচনীৰে পানী সিঁচা, গাজ ওলোৱা ধানৰ বীজ মাটিত চটিওৱা হৈছিল। আৰু তাৰ পাছত চৰাই আদিয়ে কঠিয়াৰ ধান নাখাবৰ বাবে মাটিদৰাত ৰছী লগাই কাগজ প্লাষ্টিক আদি আঁৰি দিছিল। লাহে লাহে কঠিয়াবোৰ বাঢ়ি আহিছিল। খেতিয়কৰ মনটো আশাবোৰ সজাল ধৰিছিল।
গছা লোৱাঃ আমাৰ ফালে শালি ধানৰ প্ৰথম মাটিদৰাত কঠিয়া ৰোৱাক “গছা লোৱা” বুলিছিল। এটি ভাল দিন পঞ্জিকাত চাই গছা লোৱাৰ দিনটো ঠিক কৰিছিল। গাঁৱৰ মাহী, পেহী, খুড়ী-খুড়াৰ লগতে গাঁৱৰ আন দুই চাৰিগৰাকীও সেইদিনা আহি লাগি ভাগি দিছিলহি। ঘৰৰ এজনে প্ৰথমে গা-পা ধুই পূৱ দিশে তিনি গছ কঠিয়া ৰুই সেৱা জনাই আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়াৰ সাজত সৰুকৈ এটা ভোজেই হৈছিল। এই ভোজত কেইবিধমান পাচলি লাগিবই, যেনে- কঠালৰ গুটি, কচু- জালুকীয়া, চেঙেলী মাছ, মৰাপাট আদি। মিলিজুলি ধেমালি কৰি খেতিত লগা আৰু ঘৰৰ মানুহে ভাত সাঁজ খাইছিল।
ৰুৱান উঠা/তোলাঃ কঠিয়া ৰোৱা শেষ হোৱাৰ দিনাও এক লোকাচাৰ আছিল। আন ঠাইৰ কথা নাজানো, আমাৰ অঞ্চলত ৰোৱা শেষ হোৱা এই দিনটোক “ৰুৱান উঠা” বুলি কৈছিল। সেই দিনা আবেলি বহুত ধেমালি কৰিছিল-বোকা ধেমালি। পথাৰলৈ সকলো গৈছিল আৰু ধেমালি কৰি ইজনে সিজনক বোকা ঘঁহি, লেপি, ছটিয়াই আনন্দ কৰিছিল। সৰু বৰ কোনো বাদ নপৰিছিল। পথাৰত ৰোৱতীসকলক আনকি ইগৰাকীয়ে সিগৰাকীক বগৰাই লৈও বোকা সানিছিল। পথাৰখন হাঁহি ধেমালিৰে প্ৰাণ পাই উঠিছিল। পুৰুষ বা ল’ৰা-বুঢ়াইও সমানে বোকাৰে লুতুৰি-পুতুৰি হৈছিল। পথৰুৱা গো-বাটেৰে সাজ লগাৰ আগেয়ে বোকাময় হৈ সকলো ঘৰলৈ আহি পুখুৰী বা বোৱতী জানত গা-পা ধুইছিল। তেতিয়া এতিয়াৰ দৰে স্নানাগাৰ নাছিল। ইমান সোপা বোকা গাৰ পৰা খেদাওতেও এপৰ লাগিছিল। তাৰ পাচত সন্ধিয়া চাহ-পিঠা খোৱাৰ পৰ্ব। গৃহস্থই হাজাৰমুখী পিঠা বা খোলা চাপৰি পিঠা পুৰিছিল। এই পিঠা মাটি চহোৱাত সহায় কৰা গৰু হালকো মৰমেৰে খুৱাই দিছিল। এই পিঠাক নাঙল ধোৱা পিঠা বুলিও কোৱা মনত পৰে।
ন-ধানৰ আগ অনাঃ কাতি মাহৰ শেহৰ ফালে আগতীয়াকৈ ৰোৱা ধান পকিবলৈ লৈছিল। আগতীয়া আইজং ধানৰ খেতি তেতিয়া আমাৰ গাঁৱৰ ফালে আহিছিল। আমাৰ ওচৰৰ বঙালী খেতিয়ক সকলে এই আইজং ধানৰ খেতি প্ৰথম কৰিছিল। তেওঁলোকৰ পৰাই আমাৰ গাঁৱৰ লোকেও কৰিবলৈ লয়। ভাল উত্পাদন হৈছিল। খাবলৈও সোৱাদ। এতিয়াও মই দোকানত আইজং চাউলহে বিচাৰোঁ। ন ধানৰ আগ আনিবলৈ ঘৰৰ এজনে গা ধুই ডিঙিত এখন গামোছা লৈ এখন আগলি কলপাত আৰু কাচি এখন লৈ গৈছিল। তিনি গছ ধান সভক্তিৰে কাটি মূৰত লৈ আনিছিল। এনেকৈ আগ আনোতা জনে ঘূৰি চাব নাপায় বুলি কয়। এই তিনিগছ ধান ভঁৰাল ঘৰত আগলি পাত খনেৰে ধুই লোৱা পীৰা এখনত থৈ দিছিল আৰু সন্ধিয়া চাকি বন্তি জ্বলাইছিল। তিনিদিন পাছত ভঁৰালৰ এটা খুটাত বান্ধি থৈছিল। এনেকৈ আগ অনাৰ এসপ্তাহ পাছত ধান কাটিবলৈ আৰম্ভ কৰিছিল।
ধান উঠাঃ শালি ধান কাটি শেষ হোৱাৰ দিনাও এক পৰ্ব আছিল। এই পৰ্বটোক ধান উঠা বুলি কৈছিল। সেইদিনা পথাৰত আবেলি সৰু ল’ৰা-ছোৱালী, ধান দাওঁতাসকলক নিমন্ত্ৰন কৰিছিল। আৰু সকলো ধান কাটি এডৰা মাটিৰ সোঁমাজত তিনিগছ ধান কাটিবলৈ এৰি দিছিল। এই নকটা তিনিগছ ধান গাঁঠি দি মোটোকাই তললৈ মূৰ কৰি থৈ দিছিল। হৰিধ্বনি আৰু আশীৰ্বাদেৰে সামৰণি মাৰিছিল। তাত উপস্থিত থকা সকলোকে নাৰিকল আৰু তামোল খাবলৈ দিছিল। আমি সৰু হৈ থাকোতে নাৰিকল খোৱাৰ লোভত এই ধান উঠাৰ দিনা পথাৰলৈ গৈছিলোঁৱেই। সন্ধিয়ালৈ গৃহস্থই সকলোকে চাহ খাবলৈ মাতে। এই চাহ খোৱাৰ প্ৰধান আকৰ্ষন আছিল চুঙাপিঠা। সন্ধিয়া গিৰীহঁতে এই পিঠা পোৰাৰ আয়োজন কৰে। দীঘল পাবৰ জাতি বাঁহৰ চুঙাত পানীৰে সৈতে মিহলোৱা পিঠাগুৰি ভৰাই এই পিঠা পোৰা হয়। এডাল কলগছ দীঘলকৈ কাটি মাটিত ঢেঁকীটোৰ নিচিনাকৈ দুইফালে দুডাল কলৰ ডেৰ ফুট মান কলৰ খুটাত কলডাল লগাই দিয়া হয়। তাৰ পাচত এই কলডালত পিঠাগুৰি ভৰোৱা চুঙাবোৰ অলপ হেলনীয়াকৈ দুয়োফালে থিয়কৈ দি তলত ধানখেৰ জ্বলাই জুই দিয়া হয়। পিঠাপোৰা ঠাইত আঘোণ মহীয়া ঠাণ্ডাত জুইৰ তাপৰ মিঠা উম লৈ নানা ফুচুৰি কথা ওলায়। এদিন আমাৰ ঘৰত কাম কৰা মিস্ত্ৰী দাদা এজনে এটা সাঁথৰ সুধিলেঃ লং লং বেম্ব’ চৰ্ট চৰ্ট কাট ইভিনিঙত গুৰা ভৰাই ফায়াৰ দিয়ে তাত। ফতকিনে ক’ব লাগে। মই লগে লগে উত্তৰ দিছিলোঁ-চুঙাপিঠা। চুঙাবোৰ সকলোফালে সমভাবে তাপ দিয়া হয় যাতে পিঠাবোৰ ভালকৈ সিজে। চুঙাবোৰত যেতিয়া জুই লাগে তেতিয়া পিঠা হোৱা বুলি গম পোৱা যায়। কেতিয়াবা ঘৰৰ খকুৱা কুকুৰে চুঙাৰ পৰা ওলাৱা তপত পিঠা খায় কেং কেঙকৈ বাৰীলৈ দৌৰ দিছিল। তাৰ পাছত পিঠা চুঙাৰ পৰা উলিয়াই ডোখৰ ডোখৰকৈ কাটি গাঁৱৰ আলহীক লালচাহেৰে আপ্যায়ণ কৰা হয়। এই চুঙাপিঠা লালচাহৰ লগতহে খাই ভাল লাগে। লগত গুৰ হ’লে আৰু জুতি লাগে। পিঠা খাই মানুহ ঘৰা ঘৰি যায়গৈ। বিশেষ দুই এক আলহীক গোটে গোটে পিঠাৰ চুঙা এটাও দি পঠাইছিল।
ন-খোৱাঃ ন-খোৱা প্ৰথাটো আমাৰ বৰ ভাল লাগিছিল। যেতিয়া ন-ধানৰ অন্ন প্ৰথম ৰান্ধে সিদিনা গাঁৱৰ মানুহৰ লাগতে এই ন-খোৱা পাতিছিল। ন-খোৱা ৰাতিহে পাতিছিল। এই ন-খোৱাত আমিষ ভোজ হৈছিল। সাধাৰণতে মাছ, হাঁহ আদি ন-খোৱাত ৰন্ধা হৈছিল। মাছৰ ভিতৰত সততে কাৱৈ মাছ দিয়া মনত পৰে- এজনী জোলত আৰু এজনী ভাজি। এতিয়া লিখি থাকোঁতে কাৱৈ মাছৰ কথা ওলালত মনত পৰিছে- “তাৱৈৰ ঘৰত আজি কাৱৈ মাছৰ ভাজি, কোনে কিমান খাব পাৰে তাৰে লগাম বাজি”_আমাৰ কুঁহিপাতত আছিল। আমি ল’ৰাবোৰে সন্ধিয়াটো নানান খেল ধেমালি কৰিছিলোঁ, বিশেষকৈ চোৰ-পুলিছ। ৰাইজে একেলগে কলৰ পাতত ন-খোৱাৰ ভোজ খাইছিল। শেষত তামোল-পাণেৰে মুহুদি কৰি ঘৰে ঘৰে গৈছিল।
অৱশ্যে ওপৰত বৰ্ণনা কৰা পৰম্পৰাবোৰ এতিয়া বৰকৈ মনা দেখা নাযায়। ন-খোৱাটো একেবাৰে অনুষ্টুপীয়াকৈ পালন কৰিহে থয়। সময়ৰ লগে লগে এনেকুৱা কিছুমান পৰম্পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে। এই পৰম্পৰা বিলাকৰ পৰা সমাজত একতাৰ ভাৱ এটা সদায় দেখা গৈছিল আৰু মনবোৰ আনন্দেৰে ভৰি আছিল। গাঁৱৰ ৰাইজে মিলাপ্ৰীতিৰে বসবাস কৰিছিল। আনকি গাঁৱত হোৱা দন্দ-খৰিয়ালবোৰো ৰাইজে মেল পাতি গাঁৱতে বিচাৰ কৰিছিল।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!