আমাৰ মনৰ কথা
সাহিত্য ডট অৰ্গৰ পঞ্চম বৰ্ষৰ ৪ৰ্থ সংখ্যাটোৰ মূল বিষয়ৰ লগত সংগতি ৰাখি প্ৰশ্নকেতবোৰ লৈ আমি অসমৰ বিভিন্ন বৰ্গৰ নাগৰিক কেইগৰাকীমানৰ ওচৰ চাপিছিলোঁ। সাহিত্য ডট অৰ্গলৈ মতামত প্ৰেৰণ কৰা বাবে মনালিছা শইকীয়া, দীপাংকৰ মল্ল বৰুৱা, সুপ্ৰীতি গোস্বামী, মণ্টু চাংমাইৰ ওচৰত আমি কৃতজ্ঞ।
(সাহিত্য ডট অৰ্গৰ হৈ এই চমু সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মৃদুল শৰ্মা আৰু অগ্নিভ দত্তই)
প্ৰশ্নাৱলী:
১/ আপুনি বাৰু আজিৰ আমাৰ অসমখনক লৈ সুখী নে? আপোনাৰোতো এখন সপোনৰ অসম আছে, কেনেকুৱা সেইখন অসম?
২/ অসমীয়া ভাষা, অসমীয়া মাধ্যমটোৰ ওপৰত আপোনাৰ মতামত কেনেকুৱা? আপোনাৰ সন্তান অসমীয়া ভাষাত লিখা-মেলাত আগ্ৰহী নে?
৩/ (যদি ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ) অসমীয়া ভাষাটোত কথা- বতৰা, লিখা মেলা কৰাত আপোনাৰ সন্তানে সহজবোধ কৰে নে?
৪/ অসমৰ টিভি চেনেল, বাতৰি কাকতবোৰৰ ক্ষেত্ৰত আপোনাৰ মতামত কি? আমি বিচৰাধৰণৰেই এনে এইবোৰ?
৫/ অসমত প্ৰায়েই থকা অসম বন্ধৰ ওপৰত আপোনাৰ মতামত কি? আমি বন্ধ সংস্কৃতিক আঁতৰাবলৈ কি কৰিব পাৰোঁ?
৬/ আপোনাৰ দৈনন্দিন কামবোৰৰ লগতে ইটো-সিটো কামত দুৰ্নীতিৰ সন্মুখীন হয়নে? পৰিস্থিতি সাপেক্ষে চৰকাৰী-বেচৰকাৰী কামত ঘোচ দিবলগীয়া হৈছে নে কেতিয়াবা?
৭/ অসমত য’তে-ত’তে থকা দল-সংগঠন আৰু তাৰেই পৰা আমাৰ সমাজ জীৱনত চান্দা সংস্কৃতিয়ে ছানি ধৰিছে? এইবোৰ অপসংস্কৃতি ৰোধৰ বাবে কি কি কৰিব পৰা যায়?
৮/ অসমত আজিকালি আমাৰ চলি অহা বিহু-পূজা আদিৰ উপৰি নানা নতুন নতুন সংস্কৃতিয়ে ঠাই লৈছেহি। সেইবোৰক কেনেধৰণেৰে গ্ৰহণ কৰিছে ঘৰৰ ভিতৰে-বাহিৰে?
মনালিছা শইকীয়া, বিশিষ্ট লিখক আৰু ঔপন্যাসিক
১/ সুখী! মাজে মাজে চিন্তিত হওঁ! সেয়া আগতেও আছিল! জাতিটোলৈ মাজে মাজে বিভিন্ন ধৰণৰ সংকট আহে! জনা-বুজাসকলে সেয়া বিশ্লেষণ কৰিব লাগে! নিজৰ মাতৃগৰাকী সদায় আপোন!
২/ সকলো অসমীয়াই অসমীয়া লিখিব আৰু পঢ়িব পৰা হওঁক!! এক স্বাৱলম্বী জাতি হওঁক। অসমৰ যি প্ৰাকৃতিক সম্পদ আছে সেই সম্পদ সম্ভাৰেৰে অসমৰ অৰ্থনীতি টনকিয়াল হওক!
৩/ মোৰ সন্তান অসমীয়া মাধ্যমত পঢ়ে।
৪/ আচলতে প্ৰচলিত যি বজাৰমুখী সমাজ ব্যৱস্থা তাৰ প্ৰভাৱ টিভি চেনেলসমূহতো দেখা যায়! কেতিয়াবা চিন্তিত হওঁ কিন্তু তাৰ ইতিবাচক দিশো আছে। আচলতে কোন কিমান দায়বদ্ধ সেয়া আমি অনুমান কৰিব পাৰোঁ! কেতিয়াবা অনুভৱ কৰোঁ উপযুক্ত প্ৰশিক্ষণৰ অভাৱতো সংবাদ মাধ্যমসমূহৰ একাংশ লোকে সংবাদ ক্ষেত্ৰখনৰ অপপ্ৰয়োগ কৰিছে।
৫/ আগতকৈ বন্ধ কমিছে আৰু মানুহেও আগৰ দৰে বন্ধ পালন নকৰে
৬/মই আজিলৈ ঘোচ বা ভেটিদি পোৱা নাই।
৭/ বাধা দিব লাগে। আমাৰ দল-সংগঠনসমূহৰ বেছি সংখ্যক নেতাই সুবিধাবাদী। সহজলভ্য ধনৰ প্ৰতি মোহ! তাকেই অনুগামীসকলেও কৰে। আমাৰ leaderসকলৰ বেছিভাগ reader নহয়! অধ্যয়নৰ অভাৱ। সেয়ে তেওঁলোকে অনুগামীসকলকো সঠিক পথ নিৰ্দেশনা দিব নোৱাৰে। তৰুণ প্ৰজন্মক প্ৰকৃত জ্ঞান আৰু প্ৰজ্ঞা প্ৰদানৰ বাবে সচেতনসকলে প্ৰচেষ্টা লোৱা উচিত! কেৱল তৰুণসকল ধ্বংস হ’ল বুলি হৈ-হাল্লা কৰি অভিযোগ কৰি থাকিলেই নহ’ব! সকলোৰে দায়িত্ব আছে।
৮/ মানুহৰ প্ৰব্ৰজন হ’লে সংস্কৃতিৰো প্ৰব্ৰজন ঘটিব! কিন্তু আমাৰ নিজা সংস্কৃতি শক্তিশালী হ’লে সেইবোৰে আমাক গ্ৰাস কৰিব নোৱাৰে! ক্ষন্তেকৰ বাবে ভাল লাগিব পাৰে কিন্তু আমাৰ মজ্জাৰে প্ৰবাহিত হ’ব নোৱাৰে! আমি নিজৰ সংস্কৃতি শক্তিশালী কৰি তুলিব লাগিব! সাধাৰণতে টিভি আদিৰ ধাৰাবাহিকে বেছিকৈ সেইবোৰ আমদানি কৰিছে .. আমি আমাৰ নিজৰবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা উচিত।
দীপাংকৰমল্ল বৰুৱা, বিশিষ্ট লিখক:
১/ মই ভাবোঁ যে পৰিবৰ্তন সকলোৰে কাম্য। আজিৰ অসমখনক লৈ সুখী বুলি নকওঁ। মোৰ সপোনৰ অসমখনত গাৱঁৰ আটাইতকৈ দুখীয়া খেতিয়কজনেও পেট পূৰাই এসাজ খাই নিশ্চিন্তমনে ৰাতি টোপনি যাব পাৰিব লাগিব।
২/ অসমীয়া ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে অসমীয়া মাধ্যমেই যে শ্ৰেষ্ঠ তাত দ্বিমত নাই। কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাৰ বাবে মানুহে পৰাপক্ষত অসমীয়া মাধ্যমত ল’ৰা-ছোৱালী নপঢ়ুৱায়। মোৰ ল’ৰা-ছোৱালীহালে অসমীয়া পঢ়ে যদিও অসমীয়াত লেখা-মেলাত আগ্ৰহী নহয়।
৩/ অসমীয়াত কথা-বতৰা পাতে, অসমীয়া কিতাপ পঢ়ে, কিন্তু অসমীয়াত সৃষ্টিশীল লিখনি লিখিব নোৱাৰে।
৪/ অসমৰ টিভি চেনেল, বাতৰি কাকতবোৰৰ সৰহভাগেই নিৰপেক্ষ নহয়। বাণিজ্যিক আৰু ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে সাধাৰণ জনতাক বিভ্ৰান্ত কৰাৰ দোষত দোষী।
৫/ অসম বন্ধ অসমৰ বাবে অভিশাপ। সাধাৰণ খাটি খোৱা মানুহৰ দিনটোৰ মজুৰি বন্ধ কৰাতহে অসম বন্ধ সফল হৈছে। বন্ধ সংস্কৃতি আঁতৰাবলৈ হ’লে খোজকাঢ়ি হ’লেও কৰ্মস্থলীত উপস্থিত হৈ বন্ধ বিফল কৰাৰ মানসিকতা গঢ়িব লাগিব।
৬/ সকলো চৰকাৰী কাম কাজতে দুৰ্নীতিৰ পয়োভৰ। ঘোচ নিদিলে একেদিনাই হোৱা কামটো হ’বলৈ এসপ্তাহ লাগে। উপায় নাপাই ঘোচ দিবলগীয়া হয়।
৭/ চান্দা দিবলৈ বন্ধ কৰিব লাগিব। প্ৰয়োজন হ’লে আৰক্ষীৰ সহায় ল’ব লাগিব। সকলোৱে দৃঢ়তাৰে যধেমধে চান্দা তোলাৰ প্ৰতিবাদ কৰিলে লাহে লাহে এইবোৰ বন্ধ হ’ব।
৮/ নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱাৰ বাবেহে নতুন সংস্কৃতিয়ে সুবিধা পাইছে। অৱশ্যে আনৰ সংস্কৃতিৰ ভাল উপাদান গ্ৰহণ কৰাটো মই বেয়া বুলি নকওঁ। মাথোন অপসংস্কৃতিৰ প্ৰতি সাৱধান হ’ব লাগে।
সুপ্ৰীতি গোস্বামী, শিক্ষাৰ্থী, যোৰহাট
১/ সুখী নহয়। সপোনৰ অসম আছে য’ত হত্যা, হিংসা, লুণ্ঠনৰ স্থান নাথাকে, বমৰ আতঙ্ক নাথাকে, য’ত মুক্ত মনে জীয়ৰী-বোৱাৰী সকলো ঘূৰিব পাৰে। এখন ভ্ৰষ্টাচাৰ মুক্ত, ৰাজনৈতিক শৃঙ্খলাবদ্ধ অসম বিচাৰোঁ।
২/ কথিত আৰু লিখিত ভাষাটো শুদ্ধকৈ আৰু নিভাঁজকৈ ক’বলৈ নৱপ্ৰজন্মক শিকাব লাগে। দেখা গৈছে ভাষাটোৰ বিকৃতকৰণ কৰা হৈছে। ইংৰাজী-হিন্দী ভাষা সংমিশ্ৰণ কৰি ইয়াক বিজতৰীয়া কৰা হৈছে। অভিভাৱকসকলে ইংৰাজী মাধ্যমত ল’ৰা-ছোৱালী পঢ়ুৱাই গৰ্ব কৰে অসমীয়া পঢ়িব নাজানে বুলি যিটো কৰা অনুচিত। ঘৰতে অসমীয়া ভাষা শিক্ষণৰ এক পৰিবেশ গঢ়ি তুলিব লাগে। লগতে আৰু এটা কথা মনত ৰখা উচিত যে নিজৰ ভাষাটো শুদ্ধকৈ লিখিব পঢ়িব পাৰিলেহে বিদেশী ভাষা এটা সহজভাৱে শিকিব পাৰি। আজিৰ প্ৰজন্ম অসমীয়া ভাষাত লিখা-মেলা কৰাত আগ্ৰহী নহয়, কিন্তু মুষ্টিমেয় সংখ্যকে অসমীয়াত লিখা-মেলা কৰাত আগ্ৰহী।
৩/ ইংৰাজী মাধ্যমৰ বেচিভাগ ল’ৰা-ছোৱালীয়ে সহজবোধ নকৰে। ভাষাটোৰ লগত কিছুমান হিন্দী-ইংৰাজী শব্দ সংমিশ্ৰণ কৰি এটা বিকৃত ভাষাৰ সৃষ্টি কৰা দেখা গৈছে।
৪/ অসমৰ সংবাদ জগতখন নিৰপেক্ষ নহয়। টিআৰপিৰ পিচত দৌৰা এইবোৰ মাধ্যমে ৰাইজক বিপথে পৰিচালিত কৰিছে। অনৈতিক কাৰ্য-কলাপ কমক চাৰি বাঢ়িছেহে। আমি বিচৰা ধৰণৰ সমূলি নহয়।
৫/ বন্ধসংস্কৃতিয়ে অসমৰ আৰ্থ-সামাজিক উন্নতিত হেঙাৰৰূপে থিয় দিছে বুলি মই ভাৱোঁ। বন্ধসংস্কৃতি আঁতৰ কৰিবলৈ সকলোৱে ইয়াৰ বেয়া দিশসমূহ বুজিব আৰু বুজাব লাগিব। আৰু লগতে বন্ধবোৰ উলাই কৰিব লাগিব যাতে সংগঠনসমূহে প্ৰশ্ৰয় নাপায়।
৬/ দুৰ্নীতিটো প্ৰতি খোজতে। কিন্তু ইয়াক প্ৰতিহত কৰিবলৈ চেষ্টা কৰোঁ। চৰকাৰী কাৰ্যালয়ত ঘোচ বিচাৰে চাহ খাবলৈ বুলি, মই পিচে আজিলৈকে দিয়া নাই।
৭/ চান্দা সংস্কৃতি এতিয়া এটা সোঁচৰা ব্যাধি হৈছে। পাবত গজা কিছুমান সংগঠনে যেতিয়াই তেতিয়াই চান্দা খুজি আমনি দিয়ে। চান্দা নিদিলেও ভাবুকি দিয়ে। এইবোৰ অপসংস্কৃতি দূৰ কৰিবলৈ চৰকাৰে কিছুমান কঠোৰ আইন হাতত ল’ব লাগিব, কৰ্মসংস্কৃতিৰ প্ৰতি স্পৃহা জন্মাব লাগিব।
৮/ বাহিৰা সংস্কৃতিয়ে অসমক গ্ৰাস কৰিছে। বিহু, পূজাৰ উপৰি বাৰ মাহে তেৰটা উৎসৱ পালন কৰা দেখা গৈছে। ধনতেৰচ, ৰাখীবন্ধন, কাৰৱা চৌথ, নিউ ইয়েৰ ইভ, ভেলেণ্টাইন ডে ইত্যাদি আদৰি লোৱা দেখা গৈছে। লোকৰ সংস্কৃতিৰ জাক-জমকতাত হেৰাই গৈছে আমাৰ সমাজ। সেইবোৰ আদৰাও বেয়া নহয় কিন্তু লোকৰ আদৰি নিজক পাহৰিলে জাতিৰ শৱযাত্ৰা হ’ব। এইবোৰ আদৰি ল’লেও অসমীয়াই অসমীয়া ৰূপে নিজৰ অস্তিত্ব হেৰুৱাই নেপেলায় বুলি আশা ৰাখিলোঁ।
মণ্টু চাংমাই , চৰকাৰী চাকৰিয়াল
১/ আজিৰ অসমখন লৈ বৰ বিশেষ সুখী নহয় মই।
২/ এটা অতিকৈ ভাল মাধ্যম। অন্তত অসমীয়া হিচাপে সেইটোকে ক’ম। ভৱিষ্যতে নিজৰ ল’ৰা-ছোৱালীকো ভাল অসমীয়া মাধ্যমৰ বিদ্যালয় এখনত দিয়াৰ কথাকে ভাৱি আছোঁ।
৩/ মন্তব্য দিব নিবিচাৰোঁ।
৪/ দুই-এখন কাকতৰ বাহিৰে বাকীবোৰ ধাপ্পাবাজ। নিউজ চেনেলকেইটাৰ কথা নকওঁৱে।
মই বিচাৰোঁ এনে এখন অসম য’ত মাত্ৰ এটা নিউজ চেনেল থাকক যিয়ে ১০০% সঁচা খবৰ দিয়ে। মই বিচাৰোঁ পলিটিকেল পাৰ্টী থাকক যিয়ে মাত্ৰ অসম আৰু অসমীয়াৰ উন্নতিৰ কথা ভাৱে, নিজৰ নহয়। মানুহবোৰ নিস্বাৰ্থ হৈ অসমীয়া হিচাপে জীয়াই থাকি আনকো জীয়াই থাকিবলৈ সহায় কৰক।
৫/ মই নাই মনা এইবোৰ। অসম বন্ধবোৰ গৰিষ্ঠ সংখ্যক দল-সংগঠনসমূহৰ নিজকে জাহিৰ কৰাৰ এক আহিলা হৈ পৰিছে আজিকালি। বন্ধ সংস্কৃতি আঁতৰাবলৈ সাধাৰণ জনতা হিচাপে কওঁ যে বন্ধ নামানিলেই হ’ল। কিন্তু সকলো এক হ’ব লাগিব।
৬/ হওঁ। কৰবাত হৈছে, কৰবাত নাই হোৱা।
৭/ সকলোৱে মাৰ বান্ধি লৈ ইয়াৰ বিৰূদ্ধে থিয় দিব লাগিব আৰু যদি চান্দাৰ উদ্দেশ্যটো ধাপ্পাবাজি হয় তেন্তে নিদিলেই হ’ল।
৮/ পূজা যিদৰে উদযাপন কৰে তেনেদৰে বিহুটোকো উদযাপন কৰক। আৰু বহুটো আছে। একেবাৰতে শেষ কৰিব নোৱাৰি।
Monalisha saikia baar motamot jani Val palu……