পুষ্পধৰ দাসৰ সৈতে সাক্ষাৎকাৰ

Pushpadhar Das

পুষ্পধৰ দাস । জন্ম বাক্সাৰ হৰহৰীয়া গাঁৱত। মুকালমুৱা, মছলপুৰ আৰু সোণাপুৰত স্কুলীয়া শিক্ষা আৰম্ভ কৰি আই আই এম (IIM) বাঙ্গালুৰুৰ পৰা এম বি এ ডিগ্ৰী লয়। যিসময়ত বহুতে অসমত কামকাজত অসুবিধা পাই অসমৰ বাহিৰত সংস্থাপনৰ বাবে ওলাই যাব ধৰিছে সেইসময়ত পুষ্পধৰ দাসে আন দহজনৰ দৰে লাখ টকাৰ বহুজাতিক কোম্পানীৰ চাকৰিৰ মোহত নপৰি মৰমৰ অসমখনলৈ এদিন ঘূৰি আহিল এক নতুন সপোনলৈ। বৰ্তমান সম্পূৰ্ণভাৱে কৃষি কাৰ্য্যত জড়িত হৈ পৰা শ্ৰীদাস ডাঙৰীয়ালৈ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা এটা চমু সাক্ষাকাৰ লোৱা হৈছিল। তাৰেই লিখিত ৰূপটো সাহিত্য ডট অৰ্গৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল:
(সাক্ষাৎকাৰ গ্ৰহণ কৰিছে অগ্নিভ দত্তই)

প্ৰস্তাবনা– সৰ্বপ্ৰথমে ইণ্টাৰনেটৰ মাধ্যমৰে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াৰ মাজত জনপ্ৰিয় হোৱা তথা ইউজিচিৰ দ্বাৰা মান্যতা প্ৰাপ্ত মাহেকীয়া অসমীয়া ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক শাৰদীয় ওলগ জনালোঁ।
দাস: ধন্যবাদ।

সাহিত্য ডট অৰ্গ– এই সংখ্যাৰ সাহিত্য আলোচনীখনৰ মূল বিষয়টো হল “অসম- আমাৰ সপোনৰ অসম”। আমি জনাত আপুনি ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় প্ৰতিষ্ঠান IIM ৰ পৰা MBA ডিগ্ৰীধাৰী। যিসময়ত অসমৰ পৰা হাজাৰ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্নজনে জীৱিকাৰ সন্ধানত বাহিৰলৈ ওলাই গৈছে সেই সময়ত আপোনাক কিহৰ প্ৰেৰণাই এক সুখৰ সুন্দৰ আৰামৰ জীৱনক নেওচি অসমলৈ লৈ আহিল?

দাস: অসমত চলি থকা দীৰ্ঘদিনীয়া আন্দোলনবোৰ, অসমৰ আৰ্থসামাজিক দুৰৱস্থা আৰু অসমৰ অব্যৱহৃত সম্পদসমূহ মোৰ বাবে সদায় এটা নিমিলা অংক। Service industryসমুহ যেনে চাকৰি-বাকৰি, ঠিকা-ঠুকুলি আদিত আমিবোৰে যথেষ্ট সফলতা দেখুৱাব পাৰিছোঁ। কিন্তু উৎপাদনমুখী কামসমূহত আমি যথেষ্ট পিছপৰা। বিশেষকৈ কৃষিৰ ক্ষেত্ৰত। খেতিয়ক হ’ম বুলিয়ে গুচি আহিছিলোঁ যদিও বিভিন্ন কাৰণত মাজে মাজে খেতিৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল, কিন্তু এতিয়া আকৌ লাগিছোঁ পূৰ্ণ্যোদ্যমে।

সাহিত্য ডট অৰ্গ– আপুনি ঘূৰি অহাৰ পাছত সেই ঘূৰি অহা সিদ্ধান্তকলৈ আজিও সন্তুষ্ট নে? পৰিয়াল আত্মীয়-স্বজনৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিল এই সিদ্ধান্তকলৈ?

দাস: মোৰ অসন্তুষ্টি একো নাই। প্ৰথম অৱস্থাত অলপ আপত্তি কৰিছিল যদিও মোৰ সফলতা-বিফলতাৰ মাজতো শান্তি দেখি সকলোৱে মোৰ সিদ্ধান্তক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিছিল। পিতাৰ পৰা শিকিছিলোঁ এটা স্বাধীনচিতীয়া আপোচবিহীন মানসিকতা। মাৰ পৰা শিকিছোঁ সহনশীলতা আৰু সহানুভূতিশীল মন। সংগী হিচাপে পাইছোঁ এগৰাকী মৰমীয়াল ব্যক্তি। সমাজখনৰ বিশেষ মৌলিক পৰিবৰ্তন হোৱা নাই যদিও তাৰ মাজতে বহুতো অক্লান্ত কৰ্ম্মী লগ পাইছোঁ আৰু তেওঁলোকৰ মাজতেই কাম কৰি আছোঁ।

সাহিত্য ডট অৰ্গ– যোৱা দহটা বছৰৰ পৰিক্ৰমাকে ধৰি বৰ্তমানৰ কাম-কাজৰ বিষয়ে অকণমান বহলাই ক’ব নেকি?

দাস: অতীতৰ বছৰবোৰত অনাই-বনাই বহুত ঘূৰিলোঁ, বিভিন্ন কামৰ স’তে জড়িত হ’লোঁ, বহু ব্যক্তিক লগ পালোঁ, ভাৱৰ আদান-প্ৰদান কৰিলোঁ। সমাজৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ। এটা কথাই মনটোক আমনি কৰে যে আমাৰ সমাজখনে যোগ্যজনক সন্মান দিব পৰা নাই। আমাৰ সমাজত শিক্ষক আৰু খেতিয়কৰ দুৰৱস্থা দেখিলে মনত বৰ দুখ লাগে। বৰ্তমানৰ দিনবোৰত নিজকে আন দহজনৰ লগতে এজন খেতিয়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছোঁ। খেতিয়ক বহুতো পাইছোঁ আৰু পাইছোঁ সহায় আৰু অনুপ্ৰেৰণা।
আমি খেতিয়কসকলে কি উৎপাদন কৰোঁ তাৰ ওপৰতেই দেশৰ স্বাস্থ্য নিৰ্ভৰ কৰে, ৰাইজে কি খায় সেয়া নিৰ্ভৰ কৰে। সমাজেও ভাল খাওক আৰু আমাৰ কৰ্ম্ম পন্থায়ো এটা সন্মানজনক স্থিতি পাওঁক সেয়াই আমাৰ প্ৰচেষ্টা।

সাহিত্য ডট অৰ্গ– আপোনালোকৰ গোটেই প্ৰকল্পটোত কিমান মানুহ জড়িত?

দাস: সংগী খুবেই তাকৰ। বাগানপাৰাৰ মনেশ্বৰ, বীৰখাং, ৰামদাস, হৰহৰীয়াৰ বিপ্লৱ, শিৱ আৰু কেবাজনো সাহসী খেতিয়ক। পাভইৰ নীলম, আগমণিৰ অমিয়, সীতাজখলাৰ ৰঞ্জীৱ, বোকাখাটৰ বিকাশ আদি আমাৰ অনুপ্ৰেৰণা আৰু আমাৰ পথ নিৰ্দ্দেশক। আৰু বহুতো আছে, যি এতিয়াও মনৰ ভিতৰত এজন কৃষক পুহি ৰাখিছে- কেতিয়াবা হয়তো তেওঁলোকেও জগাই তুলিব সুপ্ত সেই কৃষকক। তেওঁলোকো আমাৰ কাৰণে অনুপ্ৰেৰণা।
সংখ্যাৰ হিচাপত, যোৱা বছৰত ২০০জন খেতিয়কক লৈ শ্ৰী-পদ্ধতিত ধানখেতি কৰিছিলোঁ- NABARD-ৰ পৰা আৰ্থিক অনুদানেৰে।

এতিয়া কেইখনমান গাঁওক কেন্দ্ৰ কৰি business modelবোৰ সাজিম বুলি ভাবিছোঁ আৰু নতুন কিছুমান কাম হাতত ল’ম বুলি ভাবিছোঁ- যেনে দুগ্ধ উৎপাদন, দানা প্ৰস্তুতকৰণ, আদি। বহুত খেতিয়ক আগবাঢ়ি আহিছে।

সাহিত্য ডট অৰ্গ: শ্ৰী খেতিৰ বিষয়ে অকণমান ক’ব নেকি আৰু এই পদ্ধতি অসমত প্ৰয়োগ কৰিলে কিয় ভাল?

দাস: শ্ৰী মানে SRI (System of Rice Intensification) হ’ল ফাদাৰ হেনৰি দে লুলেনীয়ে উলিওৱা ধানখেতিৰ এক পদ্ধতি। থুলমুলকৈ এই পদ্ধতিত কম (উপযুক্ত) বয়সতে এডাল-এডাল আৰু শাৰী-শাৰীকৈ কঠীয়া ৰোপণ কৰা হয় আৰু পানীৰ ব্যৱহাৰ পৰিসীমিতভাৱে কৰা হয়। এডাল পুলিৰ পৰাই যে ইমান গজালি মেলিব পাৰে, নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। এই পদ্ধতিত খেতি কৰিলে কম মাটিতে অধিক ফচল পাব পাৰি। খেতি মাটি যিমানে বঢ়াই লোৱা হয়, খৰছ আৰু কষ্টও সিমানে বাঢ়ে। তাতকৈ, কম মাটিত অধিক ফচল কৰাটোৱেই ভাল। অসমত বৰো ধানৰ বাবে এই পদ্ধতি অতি উপযোগী। বাৰিষাৰ বতৰতো কৰিব পাৰি, কিন্তু তাৰ কাৰণে জলসিঞ্চনৰ ব্যাবস্থা কৰি খেতিখন আগতীয়াকৈ আৰম্ভ কৰিব লাগিব। বনবাত নিৰাবলৈ আৰু অন্য কামৰ বাবে সৰু-সুৰা দুই-এপদ সজুলিৰ প্ৰয়োজন হ’ব।

সাহিত্য ডট অৰ্গ: ভৱিষ্যতৰ পৰিকল্পনাখিনিৰ বিষয়ে অকণমান জনাব নেকি?

দাস: প্ৰণালীবদ্ধ খেতি, প্ৰশিক্ষণ, প্ৰযুক্তি আৰু প্ৰাকৃতিক খেতিৰ ওপৰত জোৰ দি আমি আগবাঢ়িছোঁ। প্ৰণালীবদ্ধ খেতি মানে গোটেই বছৰটোৱেই আমি কেনেদৰে খেতিডৰা ব্যৱহাৰ কৰিব পাৰোঁ- নহ’লে আমি বছৰটোত এবাৰ ধানখেতি কৰিয়েই মাটিডৰা পেলাই থওঁ। অকল খেতিয়েই নহয়, ইয়াৰে উপাদানসমূহ অইনত যেনে গৰু, মাছ, মূৰ্গী আদিৰ পোহপালনত ব্যাৱহাৰ কৰিব পাৰি। দ্বিতীয়তে, আমাৰ খেতিয়কে পূৰণিকলীয়া পদ্ধতিতে খেতি কৰি ক্ৰমাগতভাৱে দুখীয়া হৈ গৈ আছে। নতুন পদ্ধতিবোৰ আৰু নতুন খেতিবোৰ নিশিকিলে তেওঁলোকৰ অৱস্থাৰ আৰু অৱনতি ঘটাৰ সম্ভাৱনাই অধিক। তৃতীয়তে, কৃষিৰ উৎপাদন হ্ৰাস, ভূমিৰ বহুখণ্ডীকৰণ, কৃষি শ্ৰমিকৰ সংখ্যা হ্ৰাস, জলবায়ু পৰিবৰ্তন আদিয়ে খেতিত প্ৰযুক্তিৰ ব্যৱহাৰ অৱশ্যম্ভাৱী কৰিছে। আৰু চতুৰ্থতে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাটো আমাৰ সকলোৰে দ্বায়িত্ব।
আৰু হয়তো আমাৰ অগোচৰে আৰু বহুকথা থাকি যাব পাৰে। বৰ্তমানে এই চাৰিটা স্তম্ভকে আধাৰ হিচাপে লৈ কামবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিম।

সাহিত্য ডট অৰ্গ: সামগ্ৰিক অসমৰ পৰিস্থিতিয়ে আপোনালোকৰ আচনিসমূহত কেনেধৰণ ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাইছে?

দাস: সামগ্ৰিক পৰিস্থিতিৰ ভিতৰত উল্লেখনীয় হ’ল কৰ্ম্মীৰ প্ৰবজন। কেইটামান অৰ্থৰ প্ৰয়োজনত, জীবিকাৰ তাড়নাত আমাৰ বহুতো ভাই-বন্ধু বহিঃৰাজ্যলৈ গৈছে। জ্ঞান আৰু অভিজ্ঞতাৰ বাবে তেনেকে প্ৰব্ৰজন হোৱাটো ভাল কথা, কিন্তু প্ৰায়বোৰকে দেখি আছোঁ ভগ্ন স্বাস্থ্য আৰু ভগ্ন মানসিকতা লৈ ঘূৰি অহা।
যিসকল ইয়াত থাকি যায়, তেওঁলোকৰো প্ৰায়বোৰেই তিনিটকীয়া চাউল আৰু কাম নকৰাকৈ পোৱা হাজিৰাকেইটাৰ জহত উৎপাদনমূলক কামবোৰলৈ পিঠি দিয়ে।

সাহিত্য ডট অৰ্গ: যিহেতু আপোনালোকৰ এই প্ৰচেষ্টা কৃষিভিত্তিক এইক্ষেত্ৰত চৰকাৰৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাইছে?

দাস: বাক্সা জিলাৰ বিভাগবোৰ নিজেই উপেক্ষিত। তাৰ মাজতেই যথেষ্ট সহায়, উপদেশ পাইছোঁ, বিভিন্নজনৰ পৰা। তেতিয়াৰ উপায়ুক্তগৰাকীয়ে আমাৰ জনপ্ৰতিনিধিয়ে খৰছ কৰি শেষ কৰিব নোৱাৰা পুঁজিৰ পৰা আৰ্থিক সাহায্য অলপ উলিয়াই দিছিল- তাৰেই কিছু যন্ত্ৰ-পাতি কিনা হৈছে। NABARD-য়েও সহায় কৰিছে। বাক্সাৰ কৃষি বিভাগেও যথেষ্ট সহায় কৰে।
কিছুমান আঁচনি কাৰ্য্যকৰীকৰণত বিলম্ব কৰাৰ কাৰণে আমি মাজে মাজে হতাশ হওঁ যদিও আমি হাত সাবটি বহি নাথাকোঁ- নিজৰ শক্তি অনুসাৰে কামবোৰ কৰি যাওঁ। চৰকাৰৰ ফালৰ পৰা কিবা পালে সেইটো আমাৰ কাৰণে উপৰুৱা লাভ।

সাহিত্য ডট অৰ্গ: আপোনালোকৰ উত্পাদিত সামগ্ৰীৰ কাৰণে বজাৰখন কেনেকুৱা? বিপনণৰ ক্ষেত্ৰত কিবা সুবিধা বা অসুবিধাৰ কথা জনাব নেকি?
দাস: বজাৰ মূল্যৰ উঠা-নমা সম্পৰ্কে সকলোৱে গম পায়। আমাৰ খেতিয়কসকলে সেই বিষয়ে কাকো দোষ দি নাথাকে। কাৰণ ভাল বজাৰ থাকিলে তেওঁলোকেও ভাল দাম পায়েই। আমি নিজেই বিপণন নকৰাৰ মূল কাৰণ হ’ল ৰাস্তা-পদূলিৰ দুৰৱস্থা। তাৰ মাজতে, আমি একত্ৰিত হৈ মধ্যভোগীৰ সংখ্যা কমোৱাৰ পৰিকল্পনা কৰি আছোঁ।

সাহিত্য ডট অৰ্গ: Traditional কৃষি বনাম Mechanised কৃষি। বৰ্তমান পৰিস্থিতিত আপোনালোকে যদি মেকানাইছড কৃষিত গুৰুত্ব দিব বিচাৰে তেতিয়া আপোনালোকৰ সন্মুখত আহিব লগা প্ৰত্যাহ্বানখিনি কেনেকুৱা হব? তাক অতিক্ৰম কৰিবলৈ কেনেকুৱা পদক্ষেপ লোৱাৰ আৱশ্যক হ’ব?

দাস: মাটি প্ৰস্তুতকৰণত যান্ত্ৰিকীকৰণ যথেষ্ট আগবঢ়া। কৃষিৰ আন কৰ্ম্মসমূহতো যন্ত্ৰৰ ব্যাৱহাৰৰ যথেষ্ট থল আছে। প্ৰত্যাহ্বান এটাই; প্ৰচলিত ধ্যানধাৰণাৰ পৰা ওলাই আহি এক নতুন পদ্ধতিক আদৰি লোৱাত আমি অভ্যস্ত নহয়। সমাধানৰ উপায় যে স্থৱিৰ নহয়, ই যে এক গতিশীল আৰু ব্যাৱহাৰৰ লগে লগে উন্নত হৈ গৈ থাকে সেই কথাটো অনুভৱ নকৰে। যন্ত্ৰৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য , ব্যৱহাৰ কৰা আৰম্ভ কৰিলেহে আমি ইয়াৰ সুবিধা-অসুবিধাসমূহ গম পাম আৰু সেইমতে যন্ত্ৰ বা পদ্ধতি সলনি কৰিব পাৰিম। প্ৰচলিত কৃষি পদ্ধতিৰ সমস্যাসমূহ সকলোৱে ভালকৈ বুজি পায়, সেয়ে হয়তো নতুন চামে কৃষিক জীৱিকা হিচাপে লোৱা নাই। যন্ত্ৰৰ সফল প্ৰয়োগে কৃষিক জীৱিকা হিচাপে লোৱাত ভালেখিনি সহায় কৰিব পাৰে।
প্ৰত্যাহ্বান হিচাপে প্ৰথমতে আহিব কৃষি শ্ৰমিকসকলৰ পৰা। তেওঁলোকৰ কাম হেৰুওৱাৰ ভয় এটা সদায় থাকিব। যন্ত্ৰৰ কাম হ’ল পুনৰাবৃত্তীয় কামবোৰৰ পৰা মানুহক সকাহ দিয়া- যেনে মাটি চাহ কৰা, পানী সিঁচা, ধান কটা আদি। কৃষিত এতিয়াও বহুত কাম আছে যিবোৰ যন্ত্ৰই কেতিয়াও কৰিব নোৱাৰে। আমাৰ কৃষকসকল আগবাঢ়ি আহিব লাগে আৰু নিজকে সক্ষম কৰি ন-ন কামত লাগি যাব লাগে। যন্ত্ৰ আৰু মানব ক্ষমতাৰ সঠিক সংমিশ্ৰণেহে সফলতা আনিব, এটা এৰি আনটো নহ’ব।

সাহিত্য ডট অৰ্গ– বৰ্তমানলৈ আপোনালোকৰ আগত অহা বৃহত প্ৰত্যাহ্বানটো কেনেকুৱা আছিল? আপোনালোকৰ আঁচনিত ট্ৰেইনড মেন পাৱাৰৰ কিবা অভাৱ অনুভৱ কৰিছে নেকি? সেইক্ষেত্ৰত আপোনালোকৰ নিজাববীয়া উদ্যোগ লৈছে নেকি?

দাস: আৰম্ভ কৰাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। আমাক, খেতিয়কসকলক, সাহস দিয়াটোৱেই ডাঙৰ কথা- আমি দিনে-নিশাই কাম কৰিব পাৰোঁ- দেহত শক্তি আছে- মাথোঁ নাই সঠিক পথ। ছেৰেপ খাই খাই বহু খেতিয়ক ধ্বংস হৈ গৈছে। কানিমুণি যিখিনি দেখি-শুনি আগবাঢ়িছে, সেইবোৰ কিন্তু যথেষ্ট আশাপ্ৰদ।
প্ৰশিক্ষিত কৰ্ম্মীৰ যথেষ্ট অভাব। প্ৰশিক্ষকৰ অভাব। আমি প্ৰায়বোৰ কথাই নিজৰ মাজতে আলোচনা কৰি সমাধানৰ পথ উলিয়াবলৈ যত্ন কৰোঁ- নহ’লে বিশেষজ্ঞৰ সহায় লওঁ। এইবাৰ কৌশল বিকাশ যোজনাৰ অধীনত কিছুমানক প্ৰশিক্ষণ দিয়াৰ বাবে যো-যা কৰি আছোঁ। কিছুমান business model প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ কৃষকসকলে নতুনকৈ নিজক প্ৰতিষ্ঠা কৰিব পাৰে।

সাহিত্য ডট অৰ্গ: বৰ্তমান কিমান মাটিত খেতি কৰিছে আৰু কোন কোন ঠাইত? টাৰ্ন অভাৰ (যদি ক’ব বিচাৰে)

দাস: মই নিজে খেতি কৰাতকৈ কৰোৱাতহে বেছি জোৰ দিছোঁ। যোৱা বছৰ ২০০গৰাকীমানৰ লগত কৰিলোঁ। এইবাৰ কৃষকৰ সংখ্যা বাঢ়িব। যান্ত্ৰিকীকৰণত গুৰুত্ব দিছোঁ। আমাৰ খেতিয়কবোৰ যথেষ্ট পৰিশ্ৰমী। ৰাস্তাবোৰহে নাজানে আৰু একগোট হৈ বহুতে কাম কৰিব নোখোজে। বাক্সা জিলাতেই প্ৰধানতঃ খেতিবোৰ কৰি আছোঁ। টাৰ্ন অভাৰ বুলিবলৈ অত্যন্ত চালুকীয়া অৱস্থাত আছোঁ বাণিজ্যিকৰণৰ ফালৰ পৰা।

সাহিত্যডট অৰ্গ: আপোনাৰ পৰিয়ালৰ বিষয়ে অকনমান জনাব নেকি?

দাস: ছয়গৰাকী বাই-ভনী আৰু মই। পত্নীয়ে দৰ্শনত স্নাতকোত্তৰ কৰি ঘৰ চলোৱাৰ সম্পুৰ্ণ দ্বায়িত্ব লৈছে। ল’ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু অন্যান্য বিকাশৰ বাবে যে এজনে ফুল-টাইম দিব লাগে, লাহে লাহে গম পাইছোঁ। সৰু নগৰৰ বাসিন্দা হোৱা বাবে আৰু বেছি সমস্যা। তাৰ মাজতে তেৱোঁ তাঁতশালত থলুৱা কাপোৰ বোৱা কাম এটা কৰি আছে।

সাহিত্য ডট অৰ্গ: অনাগত দিনবোৰত আপোনালোকৰ আঁচনিসমূহে এক বৃহত প্ৰকল্পত পৰিনত হৈ পৰক। আপোনালোকৰ প্ৰচেষ্টাবোৰেই নতুন অসম গঢ়াৰ কাৰণে সকলোৰে কাৰণে প্ৰেৰণা হৈ পৰক। শেষত, আপোনাৰ বহু মূল্যবান সময় উলিয়াই আমাক এই নতুন দিশসমূহ জানিবলৈ সুযোগ দিয়া বাবে ‘সাহিত্য ডট অৰ্গ’ৰ সদস্যৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ।

2 thoughts on “পুষ্পধৰ দাসৰ সৈতে সাক্ষাৎকাৰ

  • December 2, 2015 at 5:50 pm
    Permalink

    পঢ়ি ভাল লাগিল। “পাভইৰ নীলম” বুলি লিখাৰ স্থানত ‘পাভৈৰ নীলম’ হব চাগৈ। দাস ডাঙৰীয়ালৈ অভিনন্দন।

    Reply
  • November 15, 2017 at 2:02 pm
    Permalink

    বৰ ভাল লাগিল ৷এই বিষয়ত ফলৌ আপ অৰ্টিক’ল এটা পালে ভাল লাগিব ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!