
শীতৰ ৰুক্ষতাতো
তাইৰ বক্ষত এডৰা ক্ৰিচেনথিমাম ফুলিছে
আৰু
আঁচল উৰুৱাইছে উতনুৱা এজাক বতাহে ।
হয়তো তুমি ভাল নোপোৱা
বতাহৰ সুঁহুৰি
আৰু ফুলৰ সুবাস..
সেয়ে,
আঙুৰৰ চোকা মদিৰাৰদৰে পি থোৱা হেঁপাহ..
তোমাৰ উপস্থিতিত প্ৰেমৰ দুটা স্তৱক
মৌন হৈ শুই পৰে।
ঠিকেইতো…
নিচাসক্ত ক্লান্তিত কবিতাৰ কি কাম !!