দুটি প্ৰেমৰ কবিতা : ৰক্তিম গোস্বামী
তুমি জানিব নিবিচাৰা মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?
তুমিজানিব নিবিচাৰা
মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?
যাৰ এহাতত থাকে জ্বলন্ত চিগাৰেট
আৰু আনটো হাত থাকে কোনোবা বিদেশী গাড়ীৰ কোমল ষ্টেয়াৰিংত
-তেনে পুৰুষ তাইৰ প্রিয়।
তাই কবিতা ভাল নাপায়
কাৰণ কবিতাত সপোন নাথাকে
থাকে তেজ, বিশ্বাস আৰু অনূভৱৰ নিৰ্ভেজাল গোন্ধ
তাই বিচৰা পুৰুষজন হ’ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন
হয়তো গাত থাকিব লাগিব এযোৰ কঢ়া ইস্ত্রীৰ ছুট
অনুভৱৰ শব্দ আৰু আউল-বাউল
দাড়ি-চুলিৰ মাজত জীৱন বিচাৰি ফুৰা বহেমীয়ানবোৰ
তাইৰ বাবে পাগল
কাৰণ
তাইৰ বাবে জীৱন উপভোগৰ বস্তু
তেন্তে শৰীৰ কি পণ্য??
অথচ তাইৰ মোৰ প্ৰেয়সী
তুমি জানিব নিবিচাৰা কিয়?
কিয় তাই মোৰ প্ৰেয়সী?
তুমিতো জানাই কবিতা মোৰ জীৱন
তাই মোৰ কবিতা
আধুনিক অথবা উত্তৰ আধুনিকতাৰ..
তাইৰ শৰীৰত তাই নেদেখা কবিতাৰ সাঁজ দেখোঁ মই
তাইৰ চকুত ৰ’দ আৰু উশাহত ফাগুন
তাই অনুভৱ কৰিব নোৱাৰা গভীৰতা তাইৰ বুকুত
চকুৰ পতাত তাইৰ সপোন তিৰবিৰাই
তাইৰ মাত মোৰ বাবে শীতলতম
হয়তো মৃত্যুতকৈও
তাইৰ সংগ মোৰ শান্তি সৰোৱৰ
তুমি জানা এহাতে মই চিগাৰেট ল’ব পাৰোঁ
ল’ব পাৰোঁ সুৰাৰ বটলো
কিন্তু ইহাতেৰে মই এৰিব নোৱাৰোঁ
জীৱনৰ সঁচা সাঁজ।
****************************
প্রেম, নগ্নতাৰ ভাষাৰে
তাই আৰু মই একেখন শেতেলীতে শোওঁ
এন্ধাৰে সেই শেতেলী আবৰি ধৰে।
মই তাইৰ কাঁইটীয়া বুকুত মুখ গুজি দিওঁ
এটা নিদ্রাহীন ৰাতি পাৰ কৰিবলৈ।
তাইৰ নাঙঠ দেহত মই আলফুলে হাত বুলাওঁ,
তাই বিচাৰে মোৰ তেজে ধোৱা শৰীৰ।
মোৰ দুই তেজৰঙা হাত চটফটাই উঠে
কোমলতাৰ সন্ধানত।
প্রতিদিনে সেই একেই নাঙঠ প্রয়াস
বিচাৰিলেও তাই আৰু মই
এৰিব নোৱাৰোঁ সেই নগ্নতা।
চেতনাত নিশাৰ বাৰম্বাৰ আঘাতত
তাই আৰু মই পৰস্পৰে ঢলি পৰোঁ
পৰস্পৰৰ তেজাল কোলাত।
মোৰ মনে চুমি চায়
আন এটা মনৰ সঞ্চিত সেউজখিনিক।
নিশাৰ এন্ধাৰত তাইৰ
গোলাপ ওঁঠত মই মোৰ
দুই আঙুলী থওঁ….
পুনৰ এক নগ্ন প্রয়াস
তাই আৰু মই
এৰাব নোৱাৰোঁ সেই নগ্নতা…..
preyokhi kobita2 rock dai