মোৰ ’ফাৰ্ষ্ট ৰিয়েল ছিক্স ষ্ট্ৰিং’ (দিগন্ত কুমাৰ ভট্টচাৰ্য)
’ৱাজ দা ছামাৰ অৱ নাইনটি নাইন’- হয়, নিৰানব্বৈৰ গৰমকালিৰ এদিন সন্ধিয়া ফাঁচি বজাৰৰ পৰা ছেকেণ্ড হেন্দ গীটাৰ এখন কিনি কান্ধত পেলাই সোমাইছিলোঁ হোষ্টেল৷ গাঁৱৰ দাদালৈ মনত পৰিছিল৷ সিও প্ৰতি ৰাতিপুৱা কান্ধত নাঙলখন লৈ এনেদৰেই পথাৰলৈ যায়৷ গীটাৰ এখনৰ প্ৰতি মোৰ হাবিয়াস কোনো দিনেই নাছিল৷ কিছুমান আশা-হেঁপাহ হঠাতেই জন্মে, সৃষ্টি হয়৷ যেনেদৰে আমাতকৈ এবছৰৰ জুনিয়’ৰ অদিতিৰ প্ৰতিও আকৰ্ষণ হঠাতেই হৈছিল৷
’অদিতিৰ হ’বী গান শুনা৷ দেখা নাই, কলেজ বাছত যাওঁতেও কাণত ’ৱাকমেন’৷ অসমীয়া, ইংলিছ নে হিন্দী ভাল পায়, নাজানোঁ কিন্তু’ -ৰুমমেট তীৰ্থইও দুদিনমান আগতে হঠাতেই আহি কৈছিল মোক৷
মই সপোন দেখিবলৈ আৰম্ভ কৰোঁ-হাতত গীটাৰখন লৈ ৰোমাণ্টিক গান গাইছোঁ৷ সন্মুখৰ প্ৰথম শাৰীত সলাজ চাৱনিৰে বহি আছে অদিতি৷
’তীৰ্থ, গীটাৰ এখন কিনোৱেই বুলি ভাবিছোঁ’
’কি ক ভাই? ! গান গাবি, গীটাৰ বজাই? শিকিবি? ’
’নোৱাৰা কাম একো নাই মন থাকিলে৷ জীৱনৰ সমীকৰণ জড়িত হৈ পৰিছে ইয়াৰ লগত৷ অহাবছৰৰ ফ্ৰেছাৰ্চ ছ’চিয়েল’ৰ ফাংচনলৈ নিজকে প্ৰস্তুত কৰিম৷ এইবাৰ তাতেই গান গাম, প্ৰথম আৰু শেষবাৰৰ বাবে৷ অদিতিৰ কাৰণে৷ তাই গান শুনি ভাল পালে, পাছদিনাই মনৰ কথা…’৷
গীটাৰখন অহাৰ পাছত জীৱনৰ গতিও অলপ সলনি হ’ল৷ সন্ধিয়া ওচৰতে কলিতা হোটেললৈ যোৱাটো বন্ধ হ’ল৷ তাতকৈ ৰুমতে চিৰা তিয়াই থৈ পানী-চেনীৰে খোৱা কৰিলোঁ৷ কলিতা দাই কেতিয়াবা ’আগৰ বাকী’ খুজিবলৈ আহিলে কি কি ’বাহানা’ ক’ম, আগতেই ভাবি থৈছোঁ, সমস্যা নাই৷ মালিগাঁও অথবা পাণবজাৰলৈ যোৱাটো কমি আহিল৷ ৰেৱতীৰ চাওমিন অথবা মোমোঘৰৰ মোমো নাখালেনো কোনোবা জীয়াই নাথাকে নে, যুক্তিবোৰ মন-মগজুত সোমাই থলোঁ৷ চিনেমা চোৱা মানে সময়ৰ অপব্যৱহাৰ, দেউতাৰ কথাষাৰ তেতিয়াহে অনুভৱ কৰিলোঁ৷ কেতিয়াবা গ’লেও ’বেলক’নীত বহি নাচাও হা, উচ্চতালৈ ভয় লগা হৈছে আজিকালি’ বুলি লগৰকেইজনক তলৰ সন্মুখত টিকেট কাটিবলৈ বাধ্য কৰোঁ৷ আক্ষৰিক অৰ্থত হীৰু দা’ৰ ’ভোগালি’টো মনলৈ আহি থকা হ’ল- ’এটাই মাথোঁ কামিজ, তাৰো চিগো চিগো চিলাই’৷ ৰুমমেট তীৰ্থও কেতিয়াবা কনফিউজড্ হৈ যায় -মই পিন্ধা ছাৰ্টটো আচলতে তাৰ নে মোৰ! গীটাৰ কিনোতে আঠজনে গাইপতি পাঁচশকৈ দিয়া ধাৰবোৰৰ চিন্তাই কম হিচাপ-নিকাচ কৰিবলৈ শিকালে নে!
হোষ্টেলৰ ওচৰতে থকা গানৰ শিক্ষক এজনৰ ঘৰলৈ গান শিকিবলৈ যোৱা কৰিলোঁ৷ তেওঁ ’বেচিক’ৰ পৰা আৰম্ভ কৰিলে৷ কেতিয়াবা মই ’সাৰেগামা’ গালে ওচৰতে শালিকা কেইটামানে ঘূৰা-ঘূৰি আৰম্ভ কৰে৷ ’বুঢ়া নে ডেকা হে এইকেইটা? ’ বুলি ছাৰে মোক সোঁধে৷ মই নামাতোঁ৷ ঠাট্টা-মস্কৰা আদি সহিবলৈ নিজৰ গাৰ ছালখন গঁড়ৰ দৰে কৰি লৈছিলোৱেই ইতিমধ্যে! প্ৰায় আঠমাহৰ মূৰত এদিন ছাৰে মোক মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে-’ভৱিষ্যতে কোনোবাই ক’ত গান শিকিছিলা বুলি সুধিলে মোৰ নামটো নক’বা দেই৷ তোমাৰ ফীজটো নালাগে বাৰু’৷
এবছৰ পাৰ হ’ল৷ ’ফ্ৰেছাৰ্ছ’ৰ দিনটো আহিল৷ ৰাতিলৈ ফাংচন৷ সেইসময়ত মোৰ এটি গানেই প্ৰিয় আছিল, জুবিনৰ-’নহ’লে পৰিচয় হিয়াৰে’! বহুত ’হাই-স্কেল’ত গাব লাগে বাবে সেইটো নাকচ কৰা হ’ল৷ সমৰ হাজৰিকা মোৰ প্ৰিয় গায়ক নাছিল, কিন্তু ’প্ৰথম মৰমে যদি সঁহাৰি নাপায়’ গানটো হঠাতে মোৰ প্ৰিয় হৈ গ’ল৷ সকলোৱে ক’লে-’এইটোকে গা৷ হয় ইপাৰ, নহ’লে সিপাৰ..সঁহাৰি নাপালে ভালপোৱাতো মৰহি যাবই’!
গাৰ্লছ হোষ্টেলৰ জেং বিহু শেষ হ’বলৈ বেছি সময় নাই৷ কালছাৰেল ছেক্ৰেটাৰী ৰূপম আমাৰ হোষ্টেলৰে৷ তাৰ ব্যস্ততাৰ সীমা নাই৷
এপাকত আহি সি মোক কৈ গ’ল-’বিহুৰ পিছতে তই উঠিবি’৷
মোৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰিছে৷ মুখৰ মাত যেন নোহোৱা হৈ গৈছে, এনে লাগিল৷ ’সা ৰে গা মা…নাই আছে, মাত আছে এতিয়ালৈকে’- কম্পিত স্বৰেৰে মুখৰ ভিতৰতে সাৰেগামা গাই ল’লোঁ এবাৰ৷ গীটাৰখন খামুচি ধৰিলোঁ জোৰেৰে৷ মোৰ সুখ-দুখৰ সংগী এই গীটাৰখন!
এনেতে তীৰ্থ আহিল দৌৰা-দৌৰিকৈ৷ তাক কৈ থোৱা আছিল অদিতি ক’ত বহিছে ভালকৈ চাই আহিবলৈ৷ সেইফালেই চাই মই গান গাম৷
’দোস্ত, তাই ক’ত? সন্মুখৰ শাৰীত নে পিছফালে? ’
’নাই ও, তাই এতিয়া আমাৰ বংকুৰ ছেণ্ট্ৰ’ৰ পিছৰ ছীটত৷ এইমাত্ৰ দেখি আহিলোঁ’৷ বংকু আমাৰ ছেমিষ্টাৰৰে৷ সদায় কলেজলৈ গাড়ী লৈ আহে৷
’কি? তাইয়েই হয় জানো? ’
’এহ, আবেলিৰ পৰা দেখিছোঁ তাইক বংকুৰ লগত৷ বেছি চোৱা নহ’ল, আন্ধাৰত দেখিছোঁ৷ বংকুৰ পিঠিত ৰাজহাড়ডালৰ ওপৰে ওপৰে বৰ ধুনীয়া ট্যাটু অঁকা আছে ও, এডাল দীঘল সাপ৷ তাৰে ওপৰে ওপৰে তাইৰ আঙুলি..৷ ’
oooo
মোৰ গীটাৰখন কিনিবলৈ হোষ্টেলৰে দুজনমান আহিছিল৷ বিক্ৰী কৰিবলৈ মন নগ’ল৷ বহুত যেন স্মৃতি জড়িত হৈ আছে৷
’তই গান নোগোৱা কাৰণে কিন্তু ইজ্জতটো থাকি গ’ল তোৰ’- সেয়া তীৰ্থই পিঁয়াজ কাটিছে৷ আজিকালি প্ৰায়ে আমি ৰুমতে হিটাৰত কিবাকিবি ’স্পেচিয়েল’ ৰান্ধি খাওঁ৷ আগতে পিঁয়াজ আদি পঢ়া মেজৰ ওপৰত থৈ কাটিছিলোঁ৷ পাছত গীটাৰখনৰ ওলোটা ফালটো সেইটো কামত ব্যৱহাৰ কৰোঁ৷ ওপৰত ’চুৰি’য়ে কটা দাগ পৰিছে৷ মোৰ হিয়াত বা কিমান এনেকুৱা দাগ আছে! কোনোবাটো গাঢ়-দীঘল, কোনোবাটো পাতল-চুটি৷
ষ্ট্ৰিং কেইডাল পৰ্দা টনা কামত লগালোঁ৷ জোৰেৰে বতাহ বলিলে সেই কেইডাল কঁপি থাকে৷ কঁপি কঁপি বতাহতে যেন সুৰৰ সৃষ্টি কৰে-’প্ৰথম মৰমে যদি….’৷