অৰুণ খুৰা (সমাদৃতা গোস্বামী)

জীৱনত প্ৰথম বাৰৰ বাবে সাগৰ দেখি দৌৰি গৈ সাঁতোৰোতে পাৰত ৰৈ এনেই পানী খেলি থকা সাতুৰিব নজনা মানুহবোৰক দেখি মোৰ মনত পৰি গৈছিল সেইজন মানুহলৈ যি জনৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই এডিঙি সাগৰৰ পানীত থিয় হৈও বিশাল, গভীৰ, পাৰাপাৰহীন সাগৰখনলৈ মোৰ অকনো ভয় লগা নাছিল৷

সাগৰত ওপৰলৈ মুৰ কৰি আকাশ চাই চাই ওপঙি থাকোতে কোনোৱে চিঞৰ মাৰি কৈছিল

“চি দেত গাৰ্ল, চি ইজ ফ্লটিঙ৷ হাউ কুদ ইট বি পচিব্‌ল? “

মই মিচিকিয়াই হাঁহি নিজকে কৈছিলো
“ইট ইজ পচিবল বিকজ অৱ অৰুণ খুৰা! “

অৰুণ খুৰা আমাৰ বাবে কেৱল এজন মানুহ নাছিল, তেওঁ আছিল এটা অনুষ্ঠানৰ দৰে৷ আজি যদি পিপিল দা, পিণ্টু দা, প্ৰাণ, ৰুপ, দীপ, মিকি, গাচ, মোৰ বা-দাদা ভাল অভিনেতা, সেয়া কেৱল অৰুণ খুৰাৰ বাবেই সম্ভৱ হ’ল৷ ৰিকি, মিকি, ৰুপ, দীপ, প্ৰাণে খুব ভাল বেডমিণ্টন খেলে৷ ৰুপ দীপে ধুনীয়া ছবি আঁকে৷ চুবুৰীটোৰ সকলো ল’ৰা ছোৱালীয়ে সাতুৰিব জানে, বেডমিণ্টন খেলিব জানে, ছবি আঁকিব জানে, অভিনয় কৰিব জানে, গান গাব জানে৷

এজন মানুহে আমাক ৰাস্তাটো দেখুৱাই দিছিল, প্ৰতিটো দিশত বিচক্ষণ হোৱাত সুবিধা কৰি দিছিল৷
সেয়ে হয়তো একো একো ক্ষেত্ৰত একো একো জন অভিনেতা, চিত্ৰশিল্পী, খেলুৱৈ, গায়কৰ জন্ম হৈছিল৷

অৰুণ খুৰাৰ প্ৰচেষ্টাত গঢ় লোৱা আৰ্টৰ স্কুলখন নথকা হ’লে আমি কোনোৱেই ছবি শিকাৰ সুযোগ নাপালোহেতেন৷ আৰ্টৰ স্কুলখন নথকা হ’লে তৃতীয় শ্ৰেনীত পঢ়ি থাকোতেই শিক্ষ্যামূলক ভ্ৰমণত যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰলৈ ( RRL) যোৱা নহ’লহেতেন আৰু কোনোদিনেই হয়তো মনত বিজ্ঞানী হোৱাৰ হাবিয়াস নেজাগিলহেতেন৷ শিক্ষ্যামূলক ভ্ৰমণত এবাৰ আৰ্ট স্কুলৰ পৰা শিৱসাগৰলৈও গৈছিলো৷ তলাতল ঘৰৰ অন্ধকাৰৰ মাজত হেৰাই যোৱাৰ ভয়, ৰংঘৰৰ ওপৰৰ পৰা নিজকে ৰজা-ৰাণীৰ দৰে ভাবি ম’হ যুজ চোৱাৰ কল্পনা, কাৰেংঘৰৰ পিছফালে বহি ব্ৰেড কণী খাই পানী বিছাৰি বহু দুৰৰ টিউবেল এটালৈ ঢাপলি মেলা… এইবোৰ ঘটনা কোনোদিনেই নঘটিল হেতেন!

অৰুণ খুৰাৰ ঘৰতে এবাৰ সাধু কোৱা প্ৰতিযোগিতা হৈছিল৷ ৰিকিয়ে ফ্ৰকটো টানি টানি সাধু কোৱা মোৰ এতিয়াও মনত আছে৷

মাজতে অৰুণ খুৰাৰ নিৰ্দেশতে জিণ্টু দা, পিণ্টু দা, পিপিল দা, ৰিঞ্জু বা হতে ঘৰে ঘৰে সৰু ল’ৰা ছোৱালীবোৰক লৈ কুইজৰ অনুষ্ঠান কৰিছিল৷ কোনোবা এজনে সুধিছিল,

“ মহাকাশলৈ যোৱা প্ৰথম কুকুৰটোৰ নাম কি? “

লাইকা বুলি কুকুৰ এটাও যে মহাকাশলৈ গ’ল সেয়া প্ৰথম গম পাইছিলো আৰু সেইদিনা মনটো বৰ দুখ লাগিছিল যে কুকুৰেই গ’ল, মইহে যাবলৈ নাপালো৷

অৰুণ খুৰাৰ ঘৰতে এদিন মই, বা, ৰিকি, মিকিয়ে ৰেকিবুদ্দিন আহমেদ বৰদেউতাৰ পৰা জিকিৰ শিকিছিলো৷

ঠাণ্ডাকালি আহিলেই অৰুণ খুৰাৰ ঘৰৰ বেডমিণ্টন কৰ্ট খন অৰুণ খুৰাই পৰিষ্কাৰ কৰি আমাক সবকে বেডমিণ্টন খেলিবলৈ শিকাই৷ ভালকৈ Smash মাৰিলে কোনোবাই bravo bravo চিঞৰে, লগৰীয়াটোক leave বুলি কৈ পিছৰটোৱে shuttleটো মাৰে আৰু তেতিয়া আগৰটো চাপৰি দিয়ে, পইণ্টচ পালে কেনেকৈ কৰ্ট সলনি কৰিব লাগে…এই সকলোবোৰ অৰুণ খুৰাৰ ঘৰৰ বেডমিণ্টন কৰ্টতে দেখিছিলো আৰু শিকিছিলো৷

আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰ আছিল অৰুণ খুৰাৰ ঘৰৰ পুখুৰীটো৷ গৰম দিন অহা মানেই পুখুৰীটোৱেই যেন আমাৰ বাসস্থান! দেওবাৰে আৰ্ট স্কুলৰ পৰা আমি দৌৰি দৌৰি আহিয়েই ঘৰত কিবা এটা খাই (কেতিয়াবা নোখোৱাকৈয়ে) পুখুৰীত জপিয়াই পৰো৷ অৰুণ খুৰাই সাতুৰিব নজনাবোৰক ফুচুলাই মেলি লৈ গৈ মাজ পানীত এৰি দিয়ে৷ ভয়তে সবেই হাত ভৰি জোকাৰে৷ লাহে লাহে ভয় ভাঙে আৰু সাতুৰিব জনা হয়৷

আটাইতকৈ উৎকণ্ঠাৰ উৎসৱ আছিল বেডমিণ্টন কৰ্ট খনতে ৰভা দি পতা লক্ষী পূজা আৰু লক্ষী পূজাৰ সাংস্কৃতিক সন্ধ্যা৷ এমাহ মান আগৰে পৰাই নাটক-কোৰাছৰ অনুশীলন৷

“ব’ল ব’ল ব’ল কৃষক শক্তিৰ দল“, “মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি“… জ্যোতি-ৰাভাৰ এই গানবোৰ এতিয়াও যদি কণ্ঠস্থ হৈ আছে তেন্তে সেয়া খুব কম বয়সতে এমাহ ধৰি কৰা অনুশীলনৰ বাবেই৷ ডাঙৰ বোৰৰো এখন নাটক, সৰুবোৰৰো এখন নাটক অনুস্থিত হয়৷ নাটকৰ বাবে আমাক মেক আপ কৰিবলৈ ঠাকুৰ চুকৰ বৰদেউতা এজন আহে৷ আমি মেক আপৰ মুখেৰেই, নাটকৰ চৰিত্ৰৰ সাঁজেৰেই কোৰাছ গাওঁ৷ দৰ্শকে আমাক চাই হাঁহে৷ আমাৰ অকনো লাজ আৰু ভয় নালাগে৷ ভালকৈ গোৱাৰ চেষ্টা কৰো৷

সেয়ে হয়তো ডাঙৰ হোৱাৰ পাছত ডাঙৰ মঞ্চত কিবা প্ৰদৰ্শন কৰিবলৈ উঠোঁতে আমাৰ কাৰোৱেই ভয় লগা নাছিল৷

প্ৰত্যেক লক্ষী পুজাত আমি (মই, বা, ৰিকি, মিকিয়ে ) জিকিৰ গাইছিলো৷ লক্ষী পূজাত জিকিৰ নচলিব বুলি প্ৰত্যেক লক্ষীপুজাতে আমাৰ বিপক্ষে এটা দলৰ সৃষ্টি হৈছিল৷ বিহু যিদৰে হিন্দু-মুছলমান নিৰ্বিশেষে অসমীয়াৰ জাতীয় অনুষ্ঠান ঠিক একেদৰে জিকিৰ-জাৰীও অসমীয়াৰ জাতীয় সম্পদ৷

বুৰঞ্জীৰ জ্ঞান তেতিয়াই অৰুণ খুৰাই আমাক দিছিল বাবে আমি স্থিতপ্ৰজ্ঞ্য হৈ জিকিৰ গাইহে এৰিছিলো৷
সেই অভিজ্ঞতাই আমাক ভৱিষ্যতে বাধা-বিঘিনিক সাহসেৰে মুখামুখি হ’বলৈ শিকালে৷

সকলোৱে কয় শৈশৱ হেনো মানৱ জীৱনৰ সোনালী সময়৷
মই কিন্তু গৰ্বেৰে ক’ব পাৰো আমাৰ শৈশৱ কহিনুৰৰ শৈশৱ আছিল৷ অৰুন খুৰাই সুৰ্য ( অৰুণ) হৈ জিলিকাইছিল আমাৰ হীৰা খছিত শৈশৱ৷

স্মৃতিৰ ভৰাল সেয়ে আজি আমাৰ টনকিয়াল!

অৰুণ খুৰাৰ দৰে আমিও দহজনৰ উন্নতিৰ কাৰণে কিবা প্ৰচেষ্টা হাতত ল’ব নোৱাৰোনে?

কামটো কঠিন৷ কিন্তু আৰ্হি আমাৰ সমূখতেই আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments