নেট-নিউট্ৰেলিটি, ফ্ৰী বেছিকছ্‌ ইত্যাদি (ৰাজীৱ ৰঞ্জন নাথ)

[ Net Neutrality: noun

the principle that Internet service providers should enable access to all content and applications regardless of the source, and without favouring or blocking particular products or websites.]

Net Neutrality অথবা আন্তঃজাল নিৰপেক্ষতা বা ইন্টাৰনেট সমতা/নিৰপেক্ষতা এটা আদৰ্শ বা নীতি বা দৰ্শন যাৰ মতে ইন্টাৰনেট সেৱা বাহক (Internet Service Provider) আৰু চৰকাৰে ইন্টাৰনেটত উপলব্ধ সকলোধৰণৰ তথ্যকে সমভাৱে গ্ৰহণ কৰে কোনো ধৰণৰ পক্ষপাতিতা নৰখাকৈ, ব্যৱহাৰকাৰী (user),সমল, ৱেবছাইট, platform, application, যোগাযোগ বা তথ্য সৰবৰাহৰ ব্যৱস্থা ইত্যাদিৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ বৈষম্য নাৰাখে আৰু সকলো ধৰণৰ তথ্যৰেই একেই নিৰিখত মূল্য নিৰ্ধাৰণ কৰে।

এই নেট নিৰপেক্ষতাৰ ধাৰণাটোৰ লগত আৰু বহুতো ধাৰণা জড়িত হৈ আছে। যেনে মুক্ত ইন্টাৰনেট, ট্ৰেফিক শ্বেপিং (traffic shaping), ইন্টাৰনেট চেন্সৰশ্বিপ ইত্যাদি।

উদাহৰণ:
Comcast আমেৰিকাৰ এটা কোম্পেনী যি ইন্টাৰনেট সেৱা আগবঢ়ায়, আমাৰ এয়াৰটেল বা ৰিলায়েন্সৰ নিচিনা। ২০০৯ চনত এই কথা পোহৰলৈ আহে যে কমকাষ্টে নিজৰ গ্ৰাহকসকলক peer-to-peer পদ্ধতিৰে (আমি যে টৰেণ্ট ব্যৱহাৰ কৰি ফাইল ডাউনলোড কৰোঁ) অনলাইন ফাইল সৰবৰাহ কৰাৰ ক্ষেত্ৰত বাধা দি আহিছে। তেওঁলোকে এনেকুৱা কৰা নাছিল যে টৰেণ্ট ক্লায়েণ্ট যেনে BitTorrent ইত্যাদিক ব্লক কৰি দিব, কিন্তু ব্লক নকৰিলেও যাতে গ্ৰাহকে সহজে কোনো ফাইল ডাউনলোড কৰিব নোৱাৰে, তাৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছিল। বুজিবৰ কাৰণে ধৰি লওক আপুনি ফোনত কোনোবা এজনৰ লগত কথা পাতি আছে (peer-to-peer পদ্ধতিত এটা কম্পিউটাৰে অন্য এটা কম্পিউটাৰৰ লগত চিধাচিধি কথা পাতে/তথ্য সৰবৰাহ কৰে)। আৰু কথা পাতি থকাৰ মাজতে এয়াৰটেলৰ ফালৰ পৰা আপোনাৰ মাতটো নকল কৰি ইজনক কৈছে যে আজিলৈ এৰোঁ, আৰু ইজনৰ মাতটো নকল কৰি আপোনাক কৈছে যে আজিলৈ এৰোঁ। (peer-to-peer পদ্ধতিত এটা কম্পিউটাৰে আনটো কম্পিউটাৰৰ লগত কথা পাতিবলৈ কিছুমান নিৰ্দিষ্ট নিৰ্দেশ দিবলগীয়া হয় আৰু দুয়োটা কম্পিউটাৰৰ সন্মতিক্ৰমে তথ্যৰ সৰবৰাহ হয় (ডাউনলোড)। কমকাষ্টে মাজতে সোমাই মনে মনে সেই সৰবৰাহ বা যোগাযোগ বন্ধ কৰিবলৈ নিৰ্দেশ পঠিয়াই দিয়ে যিটো দেখাত আনটো কম্পিউটাৰৰ পৰা অহা যেন লাগে, যদিও আচলতে সেইটো কম্পিউটাৰ বা তাৰ ব্যৱহাৰকাৰীয়ে পঠিওৱা নাই। বহু বিতৰ্কৰ পাছত ঘটনা গৈ ক’ৰ্ট পাইগৈ যদিও ক’ৰ্টে কমকাষ্টৰ পক্ষেই ৰায়দান কৰে। কিন্তু ২০১১ চনৰপৰা কমকাষ্টে এনেকুৱা কৰিবলৈ বাদ দিয়ে বা বাদ দিছে বুলি ক’ব পাৰি।

নেট নিৰপেক্ষতাৰ ধাৰণাটোক বিশ্বৰ প্ৰায়বোৰ উন্নত দেশত মানি লোৱা দেখা গৈছে। যি ধৰণৰ তথ্যই (Data) নহওক কিয়, ইন্টাৰনেট কোম্পেনীবোৰৰ চকুত সকলো তথ্যই সমান হ’ব লাগিব। যদিহে নহয়? ধৰি লওক আপুনি ইউটিউবত ভিডিঅ’ চাই ভাল পায়। আৰু আপোনাৰ ডাটা পেকত ৩০০ এমবি ডাটা আছে। এতিয়া যদি ইন্টাৰনেট কোম্পানীয়ে ইউটিউবত ভিডিঅ’ চোৱাটোক বাকী বেলেগ কোনোবা ৱেবছাইট চোৱাৰ নিচিনাকৈয়ে গ্ৰহণ নকৰে, তেনেহ’লে তেওঁলোকে আপোনাৰ ডাটা পেকত পৰ্য্যাপ্ত ডাটা থকাৰ পাছতো আপোনাক ইউটিউবৰ ভিডিঅ’ চোৱাত বাধা দিব পাৰে, বা ইউটিউবৰ ভিডিঅ’ৰ স্পীড কম কৰি দিব পাৰে ইত্যাদি। অন্য ৱেবছাইট ব্ৰাউজ কৰিলে স্পীড ১০ এমবিপিএছ আৰু ইউটিউব খুলিলে স্পীড ১০০ কেবিপিএছ ধৰণৰে ইন্টাৰনেট সেৱা বাহক কোম্পানীবোৰে তথ্যৰ বা ৱেবছাইটৰ ওপৰত ভিত্তি কৰি নেট নিৰপেক্ষতা উলংঘা কৰিব পাৰে।

যদি কোনোবা ইন্টাৰনেট সেৱা বাহক কোম্পানীয়ে অন্য কোনো ডাঙৰ কোম্পানীৰ (যেনে ৰিলায়েন্স আৰু ফেইচবুক) লগত মিতিৰালি কৰে – এই ক্ষেত্ৰতো নিৰপেক্ষতা ভংগ কৰাৰ পূৰ্ণ আশংকা আছে। কেনেকৈ? ধৰক ৰিলায়েন্সৰ মোবাইল ফোন ব্যৱহাৰকৰ্তা সকলক বিনামূলীয়াকৈ ফেইচবুক আৰু ফেইচবুকৰ সংলগ্ন অন্যান্য ৱেবছাইট বা এপ (হোৱাটছ এপ) ব্যৱহাৰকৰাৰ সুবিধা প্ৰদান কৰা হৈছে। এতিয়া কাইলৈ যদি বেলেগ কোনোবা এটা ছচিয়েল মিডিয়া ৱেবছাইট চলিবলৈ হয়, তেনেহ’লে গ্ৰাহকে পইচা দিব লাগিব। অৰ্থাৎ ফেইচবুকৰ নিচিনা ধনী কোনোবা ৱেবছাইটে ইন্টাৰনেট সেৱা বাহকক দিয়া পইচাৰ বিনিময়ত বেছি ব্যৱহাৰকাৰী লাভ কৰিব, যিটো সৰু কোনোবা ডেভেলপাৰ বা নতুনকৈ হোৱা কোম্পানীয়ে কৰিবলৈ সক্ষম নহ’ব। গতিকে সেই নতুন ছচিয়েল মিডিয়া ৱেবছাইটটো সফল হোৱাৰ সম্ভাৱনা সীমিত হৈ পৰিল আৰম্ভণিতেই। তেনেকুৱা হোৱাটো উচিত হ’ব জানো? মন কৰিব যে ফেইচবুক সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত গঠিত এক প্ৰতিষ্ঠান আৰু ইয়াৰ উপাৰ্জন বছৰি কেইবা বিলিয়ন ডলাৰ। আকৌ গ্ৰাহকৰ ফালৰ পৰা চালে ফেইচবুকৰ ব্যৱহাৰ কৰাৰ কাৰণে ডাটা পেকত পইচা খৰচ নহয়, কিন্তু আনটো ছচিয়েল মিডিয়া ৱেবছাইট ব্যৱহাৰ কৰিবলৈ হ’লে ডাটা পেকত পইচা খৰচ হ’ব। অৰ্থাৎ ডাটাৰ বেলেগ বেলেগ মূল্য হৈ পৰিব। তাৰমানে ইন্টাৰনেট সেৱা বাহক কোম্পানীটোৱে (ৰিলায়েন্সে) বিভিন্ন ৱেবছাইটৰ কাৰণে বেলেগ বেলেগ মূল্য নিৰ্ধাৰণ কৰিব পৰা হৈ পৰিব। গ্ৰাহকে ১০০ টকা দি কিনা ডাটা পেকটোৰ খৰচ যি ৱেবছাইটেই ব্যৱহাৰ নকৰক কিয় সকলোৰে ক্ষেত্ৰতে সমান মূল্য নিৰ্ধাৰণ কৰাটো নিৰপেক্ষ ইন্টাৰনেটৰ আটাইতকৈ প্ৰাথমিক চৰ্ত। ফেইচবুকে নিজৰ সফলতাৰ কাৰণে কিন্তু নিৰপেক্ষ ইন্টাৰনেটৰ ওচৰত ঋণী। গুগলৰ অৰ্কুট মনত আছে নে? ধৰি লওক অৰ্কুটৰ জনপ্ৰিয়তাৰ দিনত গুগলে ISP-বোৰৰ লগত এনেকুৱা বুজাবুজি কৰি অৰ্কুটক সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো গ্ৰাহকক উপলব্ধ কৰাই দিলে। তেতিয়া ফেইচবুকে আজিৰ নিচিনাকৈ বজাৰ ল’ব পাৰিলেহেঁতেন নে?

ওপৰৰ উদাহৰণটোত যদি আৰু অকণমান আগুৱাই যাওঁ তেতিয়াহ’লে আমি পামগৈ অলপদিনৰ পৰা কোটি কোটি টকা খৰচ কৰি ফেইচবুকে বাতৰি কাকত, হোৰ্ডিং, টিভি সকলোতে প্ৰচাৰ কৰি অহা ফ্ৰী বেছিকচ্‌। ফ্ৰী বেছিকচত ফেইচবুকে কিছুমান ৱেবচাইট বা এপ বাচি লৈছে যিবোৰৰ কাৰণে গ্ৰাহকে ইন্টাৰনেট সেৱা বাহক বা মোবাইল কোম্পানীক পইচা দি ডাটা পেক নিকিনিলেও হ’ব। প্ৰথম শুনোঁতে খুবেই ভাল লগা এটা কথা। কিন্তু – আৰু কিন্তুটো খুবেই ডাঙৰ কিন্তু – ফেইচবুকে কি অকল মানৱ সেৱাৰ কাৰণেই এনেকুৱাকৈ ৰাইজক ‘বিনামূলীয়া ইন্টাৰনেট সেৱা’ আগবঢ়াইছে? মুঠেও নহয়। কোনো কৰ্পৰেট গোষ্ঠীয়েই নিজৰ লাভ নোহোৱাকৈ অকল ৰাইজৰ সেৱা আগবঢ়াবলৈ নাহে। সেইটো নিশ্চিত। যদি সঁচাকৈ ৰাইজক বিনামূলীয়ে ইন্টাৰনেটৰ সেৱা আগবঢ়াব খুজিছে তেনেহ’লে সকলোকে ‘ডাটা’ বিনামূলীয়াকৈ দিয়ক – গাইপতি ধৰক ২০০ এমবি ফ্ৰী। এই ২০০ এমবি ডাটা গ্ৰাহকৰ যেনেকৈ মন যায় খৰচ কৰিব – মন গৈছে গুগলত বাতৰি পঢ়িব, অসমীয়া কাকত খুলিব, সাহিত্য ডট্‌ অৰ্গত গল্প-কবিতা পঢ়িব, মন গৈছে হোৱাটছ্‌ এপত বাৰ্তা পঠিয়াব। কিন্তু ফেইচবুকে সেইটো কৰিবলৈ নাহে। ফেইচবুকে দিছে আপোনাক কিছু নিৰ্বাচিত ৱেবছাইট – যাৰ কোনো এটায়ে ফেইচবুকৰ প্ৰতিযোগী নহয়। ফ্ৰী বেছিকছ্‌ৰ বিনামূলীয়া ৱেবছাইটবোৰত গুগল নাই। কিয় নাই, সেইটোতে গোটেই অংকটো লুকাই থকাৰ নিচিনা। সেই অংকটো ইন্টাৰনেটত অলপ বিচাৰিলেই পাব বুলি পাঠকলৈ এৰিলোঁ। এতিয়া ধৰক কোনোবা নতুন কোম্পানী এটাই নিজৰ ৱেবছাইটো বা এপ এটা ৰাইজৰ ওচৰলৈ আনিব খুজিছে। ফ্ৰী বেছিকছ্‌ত সোমাবলৈ হ’লে ফেইচবুক/ৰিলায়েন্সক পইচা দিব লাগিব – তেতিয়াহে গ্ৰাহকে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিবলৈ পাৰিব। কিমান পইচা দিব লাগিব সেইটো কোনে নিৰ্ধাৰণ কৰিব? ফেইচবুকে। আকৌ পইচা দিলেই যে লৈ ল’ব তাৰো কোনো নিশ্চয়তা নাই। পইচা দি কোনোবাই নতুন ৱেবছাইটটো বা এপটো ব্যৱহাৰ কৰিবলৈ ডাটা কিনিব জানো? শেষত গৈ থৈ সেই ৱেবছাইটটো যিটো আচলতে ফেইচবুকতকৈও বহুগুণে ভাল এটা ছচিয়েল মিডিয়া চাইট আছিল বা হ’ব পাৰিলেহেঁতেন, ব্যৱহাৰকাৰী নোহোৱাৰ ফলত লোকচানত পৰি বন্ধ হৈ থাকিবগৈ কোনোবা দিনা। আকৌ ফ্ৰী বেছিকছ্‌ এতিয়া ফ্ৰী – বিনামূলীয়া – কিন্তু কাইলৈও যে বিনামূলীয়া হৈয়েই থাকিব সেইটোৰ নিশ্চয়তা কোনে দিব? ফেইচবুক নিশ্চয়কৈ আমাৰ ওচৰত দায়বদ্ধ নহয় যে সদায় বিনামূলীয়া কৰি ৰাখিব। ধৰি ল’লোঁ যে কোনোবা দিনা ফ্ৰী বেছিকছ্‌ সেৱাৰ বাবে পইচা দিবলগীয়া হ’ল। সেইদিনা ফেইচবুকৰ বাহিৰে গ্ৰাহকৰ ওচৰত অন্য কোনো ছচিয়েল মিডিয়া ৱেবছাইট নাথাকিবগৈ, কাৰণ বাকীবোৰ যে আগতেই লোকচান খাই বন্ধ হৈ গ’ল! সেইদিনা কিন্তু পইচা দিও মুক্তভাৱে আপুনি-মই-কোনেও ইন্টাৰনেটৰ বিলিয়ন ৱেবছাইটবোৰ খুলিব নোৱাৰিম – কাৰণ সেইদিনা ফেইচবুকে নিৰ্ধাৰণ কৰিব আপুনি কি ৱেবছাইট খুলিব পাৰিব, কি এপ ব্যৱহাৰ কৰিব পাৰিব – কাৰণ সেইদিনা ফেইচবুকক বাধা দিবলৈ কোনো প্ৰতিযোগী নাথাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!