ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা : এন পি এছ (ভাস্কৰজ্যোতি বৰুৱা)

আমাৰ দেশৰ পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ হোৱা পৰিবৰ্তনৰ প্ৰসংগত চৰকাৰী সমাধান হৈছে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা (নেচনেল পেন্সন চিষ্টেম), চমুকৈ ‘এন পি এছ’৷ ভাৰতবৰ্ষত সংজ্ঞা নিৰূপিত বৰঙণিমূলক পেন্সনৰ সম্পৰ্কে চিন্তা-চৰ্চাৰ আৰম্ভণি ঘটিছিল নব্বৈ দশকৰ শেষৰ ফালে৷ ১৯৯৮ চনত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে গঠন কৰা ‘অ’ৱেছিছ আঁচনি’ (OASIS Project) অৰ্থাৎ অল্ড এজ চচিয়েল এণ্ড ইনকম ছিকিঅ’ৰিটি প্ৰজেক্ট আছিল এই দিশত প্ৰথম পদক্ষেপ৷ যাৰ নেতৃত্বত আছিল ছেবি’ৰ প্ৰথমজন সভাপতি ড০ সুৰেন্দ্ৰ ভাৱে৷ ২০০০ চনত ড০ ভাৱেই মন্ত্ৰ্যালয়ৰ ওচৰত তেওঁৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদনতে তেওঁ পৰিকল্পনা কৰিছিল ব্যক্তিগত একাউন্ট থকা সংজ্ঞা নিৰূপিত বৰঙণিমূলক ব্যৱস্থা আৰু পেছাদাৰী ফাণ্ড মেনেজাৰ নিযুক্তিৰ বিষয়ে৷ ২০০২ চনত তদানীন্তন এন ডি এ চৰকাৰে ‘এন পি এছ’ ক গ্ৰহণ কৰে৷ ২০০৩ চনত পেন্সন ফাণ্ড নিয়ন্ত্ৰণ তথা উন্নয়ন প্ৰাধিকৰণ (পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ’ৰিটিজ) চমুকৈ পি এফ আৰ ডি এ গঠন আৰু কাৰ্যক্ষম কৰাৰ পাচত ২০০৪ চনৰ এক জানুৱাৰীৰ পৰা সেনা-বাহিনীক বাদ দি বাকী সকলো কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়োগত ‘এন পি এছ’ক প্ৰযোজ্য কৰা হ’ল৷ ইয়াৰ পাচত লাহে লাহে প্ৰায় প্ৰতিখন ৰাজ্য চৰকাৰেই এই পেন্সন ব্যৱস্থাটো তেখেতসকলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰে৷ ২০০৯ চনৰ এক মে’ৰ পৰা এই পেন্সন ব্যৱস্থা সকলো নাগৰিকৰ বাবে মুকলি কৰা হয়৷ ২০১০ চনত ‘এন পি এছ – লাইট’ আঁচনিৰ যোগেদি অৰ্থনৈতিকভাৱে পাচ পৰা লোকসকলৰ বাবে (পিচলৈ এন পি এছ – স্বাৱলম্বন নামেৰে আগবঢ়োৱা এই আঁচনিখন বর্তমান বন্ধ কৰা হৈছে নতুন গ্ৰাহকৰ বাবে আৰু ইয়াৰ পৰিৱৰ্তে আৰম্ভ কৰা হৈছে অটল পেন্সন যোজনা নামৰ আঁচনিখন৷) আৰু ২০১১ চনৰ ডিচেম্বৰত ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে এন পি এছৰ আঁচনি এখন আৰম্ভ কৰা হয়৷ আজিৰ তাৰিখত ‘এন পি এছ’ক সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ বাবে প্ৰাসংগিক কৰাৰ স্বাৰ্থত পৃথককৈ সজোৱা আঁচনিসমূহক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি
(১) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে
(২) (ক) বেচৰকাৰী চাকৰিয়ালসকলৰ বাবে৷
(খ) সৰ্বসাধাৰণ স্ব-নিয়োজিত ব্যক্তিসকলৰ বাবে৷
(৩) অর্থনৈতিকভাৱে দুর্বলসকলৰ বাবে৷

আঁচনিবোৰৰ ভিতৰত সোমাই সিহঁতৰ প্ৰকৃতিৰ বিষয়ে জনাৰ আগতে এই সমগ্ৰ ব্যৱস্থাপনাটোৰ বিষয়ে অবগত হোৱাটো গুৰুত্বপূৰ্ণ৷ কাৰণ এই ব্যৱস্থাটোৰ লগত বহু সংস্থা জড়িত হৈ আছে৷ সেই সংস্থাবোৰনো কোনবোৰ আৰু সিহঁতৰ কাম-কাজনো কেনেধৰণৰ সেই বিষয়ে আন্ধাৰত থাকিলে ব্যৱস্থাটোৰ সম্পৰ্কে সঠিক ধাৰণা কৰাত অসুবিধা হ’ব৷

এই ব্যৱস্থাটোৰ মুৰব্বী হৈছে ২০০৩ চনৰ ২৩ চেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা ‘পেন্সন ফাণ্ড নিয়ন্ত্ৰণ তথা উন্নয়ণ প্ৰাধিকৰণ’৷ ই এটা সংবিধানিক অধিকাৰপ্ৰাপ্ত সংস্থা৷ এই সংস্থাই ২৭ ফেব্ৰুৱাৰী ২০০৮ চনৰ নেচনেল পেন্সন চিষ্টেম ট্ৰাষ্ট নামেৰে এটা ন্যাস গঠন কৰে যাতে পেন্সন ফাণ্ডৰ সম্পদসমূহ ভালদৰে তত্বাৱধান ল’ব পৰা যায় আৰু ন্যাসৰ হিতাধিকাৰী অৰ্থাৎ আঁচনিলৈ বৰঙনি যোগাওতাসকলৰ স্বাৰ্থ সুৰক্ষিত হয়৷ পি এফ আৰ ডি এ য়ে এন পি এছৰ কাম-কাজ সুচাৰুৰূপে চলাবলৈ বহুকেইটা মধ্যস্থতাকাৰী নিয়োগ তথা নিয়ন্ত্ৰণ কৰে৷ এই মধ্যস্থতাকাৰীসকল হৈছে

(১) কেন্দ্ৰীয় নথি-পত্ৰ তত্ত্বাৱধান অভিকৰণ (চেন্ট্ৰেল ৰেকর্ড কিপিং এজেন্সি) : চি আৰ এ হিচাপে বেছি পৰিচিত এই অভিকৰণৰ ওপৰত ন্যস্ত আছে ‘এন পি এছ’ৰ সফল কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট গধুৰ দায়িত্ব৷ ‘নেচনেল চিকিঅ’ৰিটি ডিপ’জিটৰী লিমিটেড’ চমুকৈ ‘এন এছ ডি এল’ আছে এই অভিকৰণৰ দায়িত্বত আৰু ইয়াৰ মূল কাম-কাজসমূহ এনে ধৰণৰ
(ক) ‘এন পি এছ’লৈ বৰঙণি যোগোৱাসকলৰ সকলো নথি-পত্ৰৰ তত্ত্বাৱধান, প্ৰশাসনিক কাৰ্য সম্পাদন আৰু গ্ৰাহক সেৱাৰ লগত জড়িত কাম-কাজৰ চোৱাচিতা৷
(খ) প্ৰতিজন বৰঙণি দিওঁতাৰ প্ৰান (PRAN) অৰ্থাৎ পার্মানেন্ট ৰিটায়াৰমেন্ট একাউন্ট নাম্বাৰ প্ৰদান কৰা আৰু ‘প্ৰান’ ৰ লগত জড়িত তথ্যপাতিৰ সংৰক্ষণ কৰা৷ ‘এন পি এছ’ৰ আঁচনিৰ বাবে বৰঙণি দিওঁতাৰ টকাৰ লেনদেন সঠিকভাবে লিপিবদ্ধ কৰা৷
(গ)পি এফ আৰ ডি এ আৰু বাকী মধ্যস্থতাকাৰীসকলৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে দায়িত্ব পালন কৰা৷

(২) পেন্সন ফাণ্ড মেনেজাৰ (পি এফ এম) :‘এন পি এছ’ৰ আঁচনিৰ বাবে বৰঙণি হিচাপে সংগৃহীত ধনৰাশি সঠিকভাৱে বিনিয়োগ কৰিবলৈ এনে কামত পূৰ্বতে ভাল অভিজ্ঞতা থকা সংস্থাৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয়৷ পেন্সন ফাণ্ড মেনেজাৰৰ কাম হ’ল ‘এন পি এছ’ৰ বাবে থকা নিৰ্দেশনা অনুসৰি বিভিন্ন সম্পদ শ্ৰেণীত বিনিয়োগ কৰি বিনিয়োগকাৰীসকলক ভাল ফল দিয়া৷ এছ বি আই পেন্সন ফাণ্ডছ প্ৰাঃ লিঃ, এল আই চি পেন্সন ফাণ্ড লিমিটেড এনে পেন্সন ফাণ্ড মেনেজাৰৰ উদাহৰণ৷

(৩) ন্যাসৰক্ষী বেংক : বৰ্তমান ‘বেংক অব্ ইণ্ডিয়া’ ন্যাসৰক্ষীৰ বেংক হিচাপে আছে৷ এন পি এছৰ লগত জড়িত সকলো ধনৰ লেনদেন এই বেংকৰ মাধ্যমেৰে হয়৷

(৪) উপস্থিতি কেন্দ্ৰ (পইন্ট অৱ প্ৰেজেন্স, চমুকৈ POP) :এন পি এছৰ সেৱা গ্ৰাহকসকলৰ কাষলৈ লৈ যাবৰ বাবে ৫০ টাতকৈ অধিক সংস্থাক উপস্থিতি কেন্দ্ৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সেই সংস্থাবোৰৰ অধীনত ১৪ হেজাৰতকৈ অধিক স্থানত ‘এন পি এছ’ গ্ৰাহকৰ বাবে আজিৰ তাৰিখত উপলব্ধ৷ অলংকৃত এছাইনমেন্টছ, এক্সিছ বেংক, ভাৰতীয় ষ্টেট বেংক আদিৰ নিচিনা সংস্থাৰ শাখাবোৰত ‘এন পি এছ’ৰ সেৱা গ্ৰহণ কৰিব পৰা যায়৷

(৫) তত্ত্বাৱধায়ক : ষ্টক হ’ল্ডিং কৰ্প’ৰেচন অব্ ইণ্ডিয়া লিমিটেড ‘এন পি এছ’ত সম্পদৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে৷ ফাণ্ড মেনেজাৰে বিনিয়োগৰ সিদ্ধান্তবোৰহে ল’ব, সম্পদ থাকিব ষ্টক হ’ল্ডিং কৰ্প’ৰেচন অব্ ইণ্ডিয়াৰ জিম্মাত৷

(৬) এনুইটি সেৱাৰ যোগান ধৰোতা : আজিৰ তাৰিখলৈকে ভাৰতীয় জীৱন বীমাকে ধৰি ৭ টা বীমা কোম্পানীক এনুইটি সেৱাৰ যোগান ধৰোঁতা হিচাপে নির্বাচন কৰা হৈছে৷ এই কোম্পানীকেইটাই এন পি এছত বৰঙণি যোগোৱা মানুহ এজনক তেওঁৰ বিনিয়োগৰ ম্যাদ শেষ হৈ অৱসৰৰ দিন আহিলে সেই জমা পুঁজিৰ পৰা লোৱা নিৰ্দিষ্ট পৰিমাণৰ টকাৰ বিনিময়ত তাৎক্ষণিক এনুইটিৰ মাধ্যমত মাহেকীয়া পেন্সন প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে মধ্যস্থতাকাৰীসকলৰ নিযুক্তি আৰু অব্যাহতি এটা চলি থকা প্ৰক্রিয়া৷ সেয়ে পি এফ আৰ ডি এ য়ে প্ৰয়োজন সাপেক্ষে নতুন মধ্যস্থতাকাৰী নিযুক্তি বা অব্যাহতি দিব পাৰে৷ অহাবাৰৰ পৰা আমি ‘এন পি এছ’ ৰ আঁচনি একোখনৰ ভিতৰত সোমাম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!