ন’ উল্লু বনাইং (পাপৰি দত্ত)
জাঁপ মাৰি বাছত উঠিল ঋতম। ঋতম তাৰ আচল নাম নহয়। ফেচবুকত ইম্প্ৰেছন জমাবলৈ লোৱা নামহে। মাক দেউতাকে মৰমতে দিয়া ৰবীন নামটো ফেচবুকত এণ্ট্ৰী মৰাৰ পাছতে সলনি হৈ গ’ল। লাহৰী দুজনীমানেটো মৰমতে তাক ঋতছ বুলিয়েই মাতে। ফেচবুকৰ ইনবক্সত হাই ঋতছ, কি কৰিছা ঋতছ, ঋতছ I miss u আদিৰে ভৰি থাকে। প্ৰফাইল পিকখনো এডিটিং কৰি অলপ কায়দাৰে দি থৈছে সি। গভীৰ ৰাতিলৈকে চাট অফ কৰি ইনবক্স ইনবক্স খেলি থাকোঁতে কেতিয়াবা ইজনীৰ মেছেজ সিজনীলৈ গুচি যায় বাপ্পেকে। পাছত কিবাকিবি কৈ যেনতেন মিলাই থৈ দিয়ে। আজি বাছত উঠিয়েই গোটেই বাছখনতে চকু ফুৰালে সি সুন্দৰীৰ সন্ধানত। দুজনীমান বহি আছে, দুজনীমান বাছৰ গতিৰ লগত তাল মিলাই হিলি দুলি থিয় হৈ আছে। তাৰেই দীঘল চুলিৰ ছোৱালী এজনীক ভাল লাগি গ’ল তাৰ। একোছাকৈ বন্ধা দীঘল চুলি, পাতল জিকাফুলীয়া চুৰিদাৰযোৰে তাইক খুবেই ধুনীয়া দেখাইছে। সি তাইলৈ চাই থাকোঁতে তাইও এবাৰ ঘূৰি চালে তাক। ক’লা ফ্ৰেমৰ চশমা পিন্ধা ছোৱালীজনীৰ চকুদুটা বৰ উজ্জ্বল। কিবা চিনাকি চিনাকি যেন লাগিছে। এনেয়ে ফেচবুকৰ বহুত ধুনীয়া ধুনীয়া চুপাৰ মডেল টাইপৰ ছোৱালীৰ লগতো তাৰ বন্ধুত্ব আছে কিন্তু তাৰ মনে এই ধৰণৰ দীঘল চুলিৰ সাধাৰণ যেন লগা ছোৱালীহে বিচাৰে। এপাকত বাছৰ ঠেলাহেঁচাত সি গৈ ছোৱালীজনীৰ কাষত থিয় হ’লগৈ। আৰু পাঁচ মিনিটৰ সি নামিব বাছৰ পৰা। তাইৰ লগত কথা আৰম্ভ কৰিলে সি
: হাই
: হেল্ল
: ক’ত যাবা তুমি?
: চানমাৰি, তুমি …?
: মই গনেশগুৰিত নামিম।
: মোৰ নাম ৰবীন। ( তাৰ অজানিতে আজি সচাঁ নামটো ওলাই গ’ল মুখৰ পৰা ) তোমাৰ নাম কি?’ তেনেতে বাছৰ কন্ডাক্টৰে বাছৰ বডিটোত ঢাপ ঢাপ কৈ মাৰি চিঞৰিলে –
” গনেশগুৰি গনেশগুৰি, ঐ নামা আছে নামা আছে। ”
সি নামিল বাছৰ পৰা। তাইয়ো খিৰিকীৰ কাষৰ চিট এটা পাই বহি ললে। ঋতমে তলৰ পৰাই তাইক আকৌ এবাৰ সুধিলে।
: নক’লা যে নামটো?
: ঋতছ মই এঞ্জেল এনিশা। ৰাতি ফেচবুকত লগ পাম দেই। বাই।
ঋতমৰ চকুৰ আগত ডাঠকৈ কাজল সনা চকু দুটাৰে মুখৰ একাংশৰ ফটো দিয়া এঞ্জেল এনিশাৰ মেছেজবোৰ ভাঁহি আহিল আৰু কাণত বাজি উঠিল
” আইডিয়া ইন্টাৰনেট য’ লগাইং
ন’ উল্লু বনাইং, ন’ উল্লু বনাইং “
nice
GHOTONATO MOR BONDHU EJONOR LOGOT KISU MIL ASE…BHALEI LAGIL PORHI