তেলেঙ্গানাৰ দাৰিপালি ৰামায়া – অৰ্জুন দাস
মোৰ বুকুত এজোপা সেউজীয়া
গছপুলি ৰুই যোৱা
তেলেঙ্গানাৰ দাৰিপালি ৰামায়া
মোৰ ছনপৰা বুকুৰ মাটি বৰ সাৰুৱা
এবাৰ লিৰিকি-বিদাৰি চাই যোৱা
ৰুলেই লহ-পহকৈ বাঢ়ি উঠিব
তোমাৰ সেউজ পুলি
শূণ্য হৈ আছে মোৰ বুকু
উদং হৈ আছে মোৰ গাঁও
উদং হৈ পৰিছে মোৰ চহৰ
মৰুভূমি আহি আছে দৌৰি দৌৰি
আমাক গিলিবলৈ
পৃথিৱীক বচোৱা
পৃথিৱীক নকৈ সজোৱা
মোৰ বুকুত এজোপা সেউজীয়া
সপোন ৰুই যোৱা
তেলেঙ্গানাৰ দাৰিপালি ৰামায়া।
(বি:দ্ৰ:-দাৰিপালি ৰামায়া তেলেঙ্গানাৰ এজন পৰিৱেশকৰ্মী)