পেকেট লান্স – অগ্নিভ দত্ত

জয়ন্তহঁতৰ আন একো কাম নাথাকিলেও বছৰটোত পৰা প্ৰায়বোৰ দিৱসেই মোটা মুতি ধুমধামেৰে পতাত বৰ কৃপনালি নকৰিছিল । এইবাৰ সিঁহতি ঠিক কৰিলে খুব ধুম ধামেৰে নাৰী দিৱস পাতিব সিঁহতৰ ৰুপালী ক্লাৱত । ঠিক কৰিলেমানে পুৰা জোৰদাৰ কাৰবাৰ । ৰাষ্টাত গাড়ী ৰখাই পইছা তুলি সিঁহতি ফাংচন পাতি ভাল নাপাোয় । সেইকাৰণে স্পনছৰ গোটাবলৈ আগতিয়াকৈ দায়িত্ব ল’লে শশাংকই । মুঠতে ইলাহি কাৰবাৰ গোটেইখন । নাৰী দিৱসৰ মুখ্য অতিথি কৰিলে অঞ্চলটোৰ জনপ্ৰিয় সকলোৰে মৰমৰ নাৰীবাদী মন্তী খুৰী মানে মন্তী লেখা শইকীয়াক ।

নাৰী দিৱসৰ দিনা ৰাতিপুৱাৰ পৰা জয়ন্তহঁতৰ গাত তত নাই ।লোকেল টি ভি, কেমেৰা আদিও যোগাৰ কৰা ধৰনেৰেই আহি পাইছেহি ইতিমধ্যে । ওচৰ চুবুৰীয়া মানুহবোৰো গোট খাইছেহি । ৰাতিপুৱাই ১০০ টকাকে দি মাতি অনা আনৰ ঘৰত কাম বন কৰি যেনেতেনে চলি থকা চম্পাহঁতো আহি ক্লাব ঘৰটোত পাৰি থোৱা চকীত বহি লৈছে নাৰীৰ অধিকাৰৰ কথা শুনিবলৈ ।

এজনকৈ সভালৈ নিমন্ত্ৰণ কৰা মানুহবোৰে ভাষন দি গৈছে নাৰী মুক্তিৰ ওপৰত ।একেবাৰে শেষত মন্তী খুৰীয়ে সভাপতি আসনৰ পৰা উদাত্ত কণ্ঠেৰে আজিৰ নাৰীৰ অধিকাৰ আৰু কৰনীয়ৰ ওপৰত ভাষন দিছে ।নাৰীৰ অধিকাৰ নাৰীয়ে নিজেই আজুৰি আনিব লাগিব বুলিও কৈছে ভাষনত । তাকে শুনি চম্পাহঁতে অলপ বুজা নুবুজাৰ নামত খুব হাত তালি মাৰিছে বাকী মানুহবোৰৰ লগতে ।

মন্তী খুৰীৰ ভাষনৰ পাছতে মিটিঙ শেষ । তাৰপাছত জয়ন্তহঁতে যোগাৰ কৰা পেকেট লান্সৰ পেকেট বিলাক বিলাইছে সকলোকে । বিলাই বিলাই আহি মন্তী খুৰীকো এটা আগবঢ়াই দিলে জয়ন্তই । জয়ন্তৰ পৰা পেকেটতো লৈ হাঁহি এটা মাৰি মন্তী খুৰীয়ে ক’লে- অ’ জয়ন্ত আৰু এটা পেকেট দি যাবাহে ।

জয়ন্তক অকনমান আচৰিত হোৱা যেন দেখি পৰিস্থিতিটো নৰমেল কৰিবলৈ খুৰীয়ে হাঁহি এটা মাৰি – এহ নকবাহে তোমাৰ খুৰাৰাৰ কাৰণে এটা লৈ যাঁও ৰবা । ন’হলে মানুহটো ভোকতেই থাকিব বুইছা । বিয়া পতা বিছ বছৰ দিন ধৰি মই নাথাকিলে কূটা এগছো কৰি নলয় বুইছা ( অকনমান গৌৰৱেৰেই ক’লে খুৰীয়ে)ভাত বনাই আৰু ক’ত খাব হে : হে ;

পেকেটটো খুৰীলে আগবঢ়াবলৈ লৈ জয়ন্ত হঠাৎ ৰৈ গ’ল । অকনমান আঁতৰত ৰৈ থকা চম্পালৈ চাই- অই চম্পা তোৰ মানুহটোৱে ঘৰত ভাত বনাব নে আজি ? আজিটো ঘৰতে আছে কিজানি দেওবাৰ যেতিয়া ?

চম্পাই অকনমান অসস্তিৰে – সেই দাদা আমাৰবোৰৰ আৰু ক’ত এই দেওবাৰ ,শনিবাৰ ,বন্ধ এইবোৰ !! ৰাতিপুৱাই ৰিক্সালৈ ওলাই গৈছে , লৰাৰ স্কুলৰ ফিজ ভৰাব লাগে অহা সপ্তাহত । মোৰ ভাগৰে এই পেকেটটো লৈ লৈছো ঘৰলৈ দাদা । আজি ভাত নবনোৱাকৈয়ে হ’ব দাদা ।

জয়ন্তই অকনমান খুৰীৰ ফালে চাই হাঁহি এটা মাৰি – খুৰী, খুৰাক আজি নাৰীৰ অধিকাৰৰ নামত এসাজ লঘোনতে থাকিব দিয়ক । বিছ বছৰৰ অলপ হ’লেও প্ৰায়শ্চিত হ’ব দিয়ক । অই’ চম্পা এই পেকেটতো লৈ যা মানুহটোক দিবিগৈ যা ।
খুৰীৰ ফালে চোৱাৰ অকনো অনুভৱ নকৰাকৈ জয়ন্তই বাকী থকা টোপোলাবিলাকলৈ চম্পাহঁতৰ ফালে খোজ দিলে লাহে লাহে মুকলি মন এটা লৈ ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
anon
8 years ago

সুন্দৰ হৈছে

Copying is Prohibited!