ভি.ভি.আই.পি.ৰ সংজ্ঞা আৰু শব্দৰ জোৰ – দীপাংক বৰা

অলপদিন আগতে হাফলঙৰ পৰা ঘৰলৈ গৈ থাকোতে ৰাস্তাত সেনাই ৰখাইছিল। সেনাই সেই ৰাস্তাই দি পাৰ হোৱা গাড়ী বিলাকৰ নম্বৰ আৰু চালকৰ সবিশেষ লিপিবদ্ধ কৰি ৰাখে। মোৰ গাড়ীখন তেওঁলোকে চিন দি থোৱা সীমা পাৰ হৈ যোৱাত মোৰ চালকজনক গালি পাৰি পথৰ দাঁতিলৈ নিব দি হিন্দীত ক’লে..”তহঁতৰ গাড়ী ৰাস্তাৰ মাজত ৰাখিলে ভি.আই.পি. আহিলে কোনফালেদি যাব!” নিৰ্জন জংঘলৰ মাজেদি বহুদেৰি যাত্ৰা কৰি এনেই আমনি লাগি আছিল, তাতে বহুদেৰি কথা কোৱা নাছিলো। ভাবিলো সেনাৰ জোৱান কেইজনকেই অলপ জ্ঞান বিলাই মুখ চুপতি মাৰি আহোঁ। শ্ৰীমতীয়ে বাধা দিছিল..মই ক’লো..”চিন্তা কৰিব নালাগে..এইটো বাহিনীৰ মুখ্য কাৰ্য্যালয় হাফলঙত আৰু তাৰ অধিনায়কজন মোৰ ভাল চিনাকী। তাৰ নাম ক’লে লগে লগে সুৰসুৰীয়া হৈ পৰিব।” নামি গৈ জোৱান দুজনক ক’লো.. “আপোনালোকে মোক বা নিজক ভি.আই.পি. বুলি নাভাবি ক’ৰ বেলেগ ভি.আই.পি.ৰ কথা ভাবিছে।” সিহঁতে প্ৰথমতে বুজি নাপায়..কি ফাল্টু কথা কৈছো বুলি খঙৰে সুধিছিল। মই ক’লো…”আপোনালোকৰ পৰিয়ালৰ বাবে আপোনালোক ভি.আই.পি. নহয় জানো, মোৰ পৰিয়ালৰ বাবেতো মই ভি.ভি.আই.পি…। মই নহ’লে সিহঁত চলিবই নোৱাৰিব।”  ৰ’দে বৰষুণে জংঘলৰ মাজত নিজৰ দায়িত্ব পালন কৰি থকা জোৱান কেইজনে খুব ৰস পালে। কঠোৰ মুখ কেইখনত যেন জিলিকি উঠিল কোনোবা বাপেক, কোনোবা পুতেক বা কোনাবা ককায়েকৰ ৰূপ। শ্ৰীমতীকো মাতি জোৰ কৰি চাউনীলৈ নি দহমিনিট মানৰ ভিতৰত চাহ বিস্কুট খুৱাই পঠালে। ঘুৰি আহোঁতে শ্ৰীমতীয়ে সুধিলে..”সিহঁতৰ কমান্ডিং অফিচাৰৰ কথা নক’লা কিয়”…মই ক’লো..”সেইটো ক’লে সিহঁতে এতিয়া যি আন্তৰিকতাৰে চাহ খুৱালে সেইখিনি আন্তৰিকতা দেখা নাপালা হয়।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!