(সকলো ধৰ্ম ব্যৱসায়ীৰ বিৰুদ্ধে) প্রার্থনালয় ** মূল:- হুমায়ুন আজাদ ** অনুবাদ:- জয় চক্ৰৱৰ্তী

(সকলো ধৰ্ম ব্যৱসায়ীৰ বিৰুদ্ধে)

প্রার্থনালয়
মূল:- হুমায়ুন আজাদ
অনুবাদ:- জয় চক্ৰৱৰ্তী

parthanalay
———-
ল’ৰালিত মই যি খেলপথাৰত খেলিছিলোঁ,
ত্ৰিশ বছৰ পিছত তালে গৈ চাওঁ, তাতে এটি মচজিদ…
মই জানিব বিচাৰিলোঁ…
সৰুসৰু ল’ৰা-ছোৱালীবোৰ এতিয়া ক’ত খেলে ?
সিহঁতে ক’লে সৰুবোৰে এতিয়া আৰু নেখেলে,
মছজিদতে পাঁচবেলা নামাজ পঢ়ে।
.
বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত বুড়িগঙ্গাৰ পাৰত ফুৰিবলে গৈ…
য’ত ঘন্টাৰ পিছত ঘন্টা পৰস্পৰে নিষ্পলক চাই ৰৈছিলোঁ মই আৰু মৰিয়ম,
গৈ চাওঁ চৌদি-আৰৱৰ সাহায্যৰে এতিয়া তাত ৰঙাইটাৰে সজা এটা মচজিদ,
কতোয়েই আৰু নিষ্পলক দৃষ্টি নাই, চাৰিওকাষে কেৱল আলখল্লা।
.
পঁচিশ বছৰ আগত মুম্বাইৰ সমুদ্ৰ পাৰলৈ গৈছিলোঁ,
য’ত আমি গোটেই ৰাতি নাচিছিলোঁ, পান কৰিছিলোঁ… আকৌ নাচিছিলোঁ,
১৯৯৫-ত গৈ চাওঁ তাতে এক বিশাল মন্দিৰ…
দিশে দিশে নগ্ন বাবা, ৰাম আৰু সীতা, সংখ্যাতীত হনুমান !
নাচগান আৰু পান এতিয়া তাত সম্পূর্ণ নিষিদ্ধ।
.
ফার্থ অফ ফোর্থৰ কাষৰ বনভূমিত য’ত স্যুজেনে মোক
সাৱটি ধৰি আগবঢ়াই দিছিলে তাইৰ ৰঙা ওঁঠযুৰি,
তাতেগৈ চাও মূৰডাঙি উঠিছে এক গগনভেদি গির্জাঘৰ…
বনভূমি ভেদি আকাশৰ পৰা ভূমিলৈ ওলমিছে ক্ৰুদ্ধ কাঠৰ ক্রুচ।
.
মই য’তেই সোধো, দিশেদিশে কিয় ইমান প্রার্থনালয় ?
কিয় খেলিবলৈ ঠাই নাই গাঁওত ?
কিয় নৈৰ কাযত নিষ্পলক পৰস্পৰৰ ফালে চোৱাৰ স্থান নাই ?
কিয় ঠাই নাই পৰস্পৰক সাৱটি ধৰাৰ…?
কিয় ঠাই নাই নাচৰ আৰু পানৰ…?
সিহঁতে ক’লে পৃথিৱী খন ভৰি পৰিছে পাপত,
আকাশৰ পৰা ভূমিলৈ আগুৰি ধৰিছে কেৱল গুনাহ,
সেয়েই আমাৰ একমাত্র কাম এতিয়া কেৱলেই প্ৰাৰ্থনা।
চাৰিওকাষে চালেই মইয়ো অজস্ৰ শক্তিশালী মুখমণ্ডল দেখাপাও,
তেতিয়া আৰু কথাটো অস্বীকাৰো কৰিব নোৱাৰো…!!!
———————-
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!