চিঠি–( দেৱশ্ৰী বৰগোহাঁই)

মৰমৰ অনুসূয়া,
আশা কৰো কুশলে আছা । ৰঙালী বিহুৰ সামৰণি পৰিল যদিও ৰঙালীৰ উছাহ সনা বিহুবুলীয়া মৰমবোৰ পঠিয়ালো । সময়বোৰ যে বৰ আচৰিত নহয়নে । কেতিয়ানো বাগৰ সলাই ওৰকে নাপাওঁ । আগফালৰ টিকনী নচোৱাই পাৰ হৈ যায় নিমিষতে । যেনেদৰে ১৮৮৬ চনত চিকাগোত প্ৰস্তাৱিত আন্তৰ্জাতিক শ্ৰমিক দিৱসও সময়ৰ সোঁতে সোঁতে বৈ আহি আজিৰ তাৰিখত উপস্থিত হৈছেহি । শ্ৰমিকসকলৰ মাজত সজাগতা সৃষ্টি তথা কৰ্মোদ্যম বৃদ্ধিৰ উদ্দেশ্যেৰে প্ৰতি বচৰেৰে ১ মে’ তাৰিখটো আন্তৰ্জাতিক শ্ৰমিক দিৱস ৰূপে উদযাপিত হৈ আহিছে ।মই পিছে শ্ৰমিক দিৱসৰ অতীত বৰ্তমানৰ বিষয়ে নহয় বহুদিনৰ আগতে ক’ৰবাত পঢ়া এটা কাহিনী শুনোৱাৰ উদ্দেশ্যেহে চিঠিখন লিখিবলৈ বহিছো ।
chiti
দুপৰীয়াৰ সময় । দোকানত সেইসময়ত বৰ এটা ভীৰ নাছিল ।ল’ৰাটোৱে দোকানীজনৰ পৰা খুচুৰা পইচা কেইটা লৈ দোকানখনৰ গাতে লাগি পি.চি.অ’টোৰ পৰা এটা নম্বৰ ডায়েল কৰিলে । সেই সময়ত কোনো গ্ৰাহক নথকাত দোকানীজনে ল’ৰাজনৰ কথা- বতৰা বোৰকে মনোযোগেৰে শুনিবলৈ ধৰিলে ।
ল’ৰাজন : বাইদেউ, আপুনি মোক আপোনাৰ বাগিছা চাফা কৰাৰ কামটো দিব নেকি?
মহিলা : (সিমূৰৰ পৰা) নাই । মই ইতিমধ্যে এই কামত এজনক নিয়োগ কৰিছোৱেই ।
ল’ৰাজন : বাইদেউ মই ইজন ল’ৰাতকৈ আধা দৰমহাতে কাম কৰি দিম ।
মহিলা : কিন্তু যিজনে এতিয়া কাম কৰি আছে তেওঁৰ কামত মই সম্পূৰ্ণ সন্তুষ্ট ।
ল’ৰাজন : (অধিক বিনয়েৰে ) বাইদেউ মই ঘৰৰ কামবোৰো বিনামূলীয়াকৈ কৰি দিম ।
মহিলা : বেয়া নাপাবা । তুমি বেলেগ কৰবাত বিচাৰা চোন । ধন্যবাদ ।
মিচিকীয়া হাঁহি এটাৰে ল’ৰাটো পি.চি.অ’টোৰ পৰা ওলাই আহিল । ইমানপৰে ল’ৰাজনক লক্ষ্য কৰি থকা দোকানীজনে তাক ওচৰলৈ মাতি ক’লে, “ভাইটি তোমাৰ ব্যৱহাৰ আৰু একাগ্ৰতাত মই সুখী হৈছো । তুমি মোৰ দোকানতে কাম কৰিব পাৰিবা” । ল’ৰাজনে তেতিয়া অতি বিনয়েৰে ক’লে, “আপোনাক ধন্যবাদ জনাইছো । কিন্তু মোক চাকৰিৰ প্ৰয়োজন নাই । দৰাচলতে মই কামবোৰ ভালদৰে কৰিছো নে নাই সেইয়াহে পৰীক্ষা কৰিলো । যাৰ লগত কথা পাতিছিলো মই তেওঁৰ তাতে চাকৰি কৰো” ।
অনু, কাহিনীটো পঢ়ি ভাৱ হ’ল আমাৰো এনেকুৱা ধৰণৰ আত্মবিশ্লেষণৰ প্ৰয়োজন হৈ পৰিছে । তুমি কোনো এটা কাম যেতিয়া নিজৰ সামৰ্থৰ শেষ বিন্দুলৈকে কৰিবা তেতিয়াহে তুমি সমগ্ৰ বিশ্বৰ প্ৰিয়পাত্ৰ হ’ব পাৰিবা । সততে সমালোচনাৰ সন্মুখীন হোৱা যুৱপ্ৰজন্মৰ লগতে শ্ৰমিক সকলে এনেধৰণৰ আত্মবিশ্লেষণেৰে নিজৰ লগতে সমাজৰ কল্যাণত সহযোগ কৰিব পাৰিব । আজিলৈ সামৰিছো । কুশলে থাকিবা ।
ইতি
দেৱাশ্ৰী
সোনাপুৰ, কামৰূপ
০১/০৫/২০১৫
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!