পাটকাই হিল্‌চৰ সেই সন্ধিয়াটো (ভ্ৰমণ কাহিনীৰ এছোৱা)(-আব্দুচ ছাজিদ)

 

সন্ধিয়া লাগি গৈছিল তেতিয়া, যেতিয়া আমাৰ ক্রীমৰঙী মহিন্দ্ৰ বলেৰ’খনে ক্রমাৎ ওপৰলৈ আৰোহণ কৰি পাটকাই হিল্‌চৰ বুকুত অৱস্থিত নংকি বস্তিৰ অচিনাকি টাংছা নগা মানুহ এঘৰৰ চোতালত ৰ’ল৷ আগে আগে মটৰ চাইকেলত মানৱাং ৱাংছা৷ জয়ৰামপুৰৰ আন্তঃৰাজ্যিক সীমান্ত চকীত অৰুণাচল প্ৰদেশত সোমোৱাৰ আনুষ্ঠানিকতাখিনি কৰাত আগভাগ লোৱাৰ উপৰি লালপুলৰ পৰাই সি আমাক ইয়ালৈকে অতি নিষ্ঠাৰে বাট দেখুৱাই লৈ আহিছে৷ ‘ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’খনলৈ তেতিয়াই আচলতে সন্ধিয়া নামি আহিছিল৷ ম্যানমাৰমুখী, নিৰ্মীয়মান ষ্টিলৱেল পথৰ ধূলিৰ ধুমুহা ফালি পালোঁগৈ ভাৰতবৰ্ষৰ শেষ সীমাৰ একমাত্ৰ ক্ষুদ্ৰ ঠাই নামপং৷ নামপঙত পাংচাও পাচ শীতকালীন উৎসৱথলীৰ গেটৰ সন্মুখত মানৱাং ৰ’ল৷ ইয়াতে তাৰ পিছত চিটত বহুৱাই ল’লে ঘৰৰ গিৰিহঁত এজনক৷ আমাৰ গন্তব্যস্থল ইয়াৰ পৰা ৪কিল’মিটাৰ আগলৈ৷ তিনিচুকীয়াৰ বন্ধু মণ্টুৱে ব্যৱস্থা কৰি দিয়া গাড়ী আৰু চালক বীৰেন্দ্ৰ মাহাতোৰ নিপুণ ড্ৰাইভিঙত আশ্বস্ত হৈ অঁকাই-পকাই, হালি-জালি আমিও পাহাৰটোৰ টিং পালোঁগৈ৷ পাটকাইৰ এঢলীয়া বুকুত ভৰি দিলত দুটা দৃশ্যই পোনছাটেই দৃষ্টিহৰণ কৰিলে৷ গাড়ীখনৰ সন্মুখৰ আইনাৰ মাজেৰে এটা৷ আনটো আহল-বহল ৰিয়েৰ ভিউ মিৰ’ৰখনত দেখা৷ মুখৰ আগত টকৌপাত আৰু বাঁহৰ দুচলীয়া টাংছা চাংঘৰ এটা৷ বিপৰীতে, তললৈ, পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩, নিয়ন লাইটৰ ধৱল পোহৰত যি উজলি উঠিছে কেইবা কিল’মিটাৰ ব্যৱধান সত্ত্বেও৷ নয়নাভিৰাম দৃশ্য, দুয়োটাই৷

patkai hillsor xondhiaএবাৰ আগফাল, এবাৰ পাছফাল কৰি থাকোঁতেই মানৱাঙে অৰুণাচলী হিন্দীৰে সুধিলে… ‘কাহাঁ ৰহেগা? ইচমে না উচমে?’
‘মানে?’
‘ট্ৰেডিচনেল ঘৰত থাকিব নে টিংঘৰত?’
চাংঘৰটোৰ কাষতে এল. পেটাৰ্ণৰ, টিনপাত দিয়া, পকী মজিয়াৰ, হাফ ৱালৰ নাতিউচ্চ ঘৰ এটাও আছিল৷
‘ধুৰ…, টিংঘৰত থাকিবলৈ আহিছোঁ নেকি? তহঁতৰ টাংছা চাঙত থাকিম আকৌ৷’
ফটোগ্ৰাফাৰ বন্ধু আৰিফ ছিদ্দিকীয়ে এসপ্তাহমানৰ আগতেই এদিন ফোনযোগে সুধিছিল… ‘হুইচ একমডেচন ইউ ৱিল প্ৰিফাৰ? নিয়েৰ দা ভেনু অৰ ইন এ টাংছা ভিলেজ, এৰাউণ্ড থ্ৰি-ফ’ৰ কিল’মিটাৰছ এৱে?’
একে আষাৰে কৈছিলোঁ… টাংছা ভিলেজ, আই মিন হ’ম ষ্টে’৷ লগৰ সঞ্জু, ৰাজু, পংকজকো লগে লগে জনাই দিছিলোঁ কথাটো৷ মাৰ্ক’ পল’ৰ দ্বিতীয়টো দলৰ গুৰি ধৰা অৰুণদাকো ফোনেৰে জনাইছিলোঁ৷ অনাগত কেইদিনমানৰ ভিতৰতে লাভ কৰিবলৈ ওলোৱা বেলেগ এটা সোৱাদ আৰু অভিজ্ঞতাৰ কল্পনা আৰু তাড়নাত উৎফুল্লিত হৈ পৰিছিল আটাইকেইজন সংগী৷ আৰু এতিয়া ই সুধিছে টিংঘৰৰ কথা?

জোতা-মোজা তলতে খুলি থৈ কাঠৰ খটখটিৰে বগাই উঠি গ’লোঁ, ওপৰখন আৰু ভিতৰখন চাওঁচোন বুলি৷ তাৰ আগতে অনুমতি ল’লোঁ অৱশ্যে৷ ফেষ্টিভেল উপলক্ষে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ হ’ম ষ্টে’ৰ ব্যৱস্থা কৰিছে আয়োজকসকলে৷ তাৰ বাবে ব্যৱস্থা আগ বঢ়োৱাসকলক কিছু অৰ্থ-সাহায্য আৰু প্ৰশিক্ষণো দিছে, আগতীয়াকৈ৷

টকৌ পাতৰ চালি৷ ফলা বাঁহৰ বেৰ৷ উঠিয়েই এখন বাৰাণ্ডা৷ বহিবলৈ বেঞ্চ এখন আছে তাতে৷ বেৰত বিভিন্ন ধৰণৰ ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী৷ ওলোমাই আৰু খুঁচি থোৱা আছে৷ এপতীয়া কাঠৰ দৰজাখন ঠেলি শোৱা কোঠাত প্ৰৱেশ কৰিলোঁ৷ বাঁহৰ গাধৈৰ ওপৰত তক্তা পৰা৷ তোচককেইখনমান থোৱা আছে৷ কোঠাটোৰ একোণত যীশুখ্ৰীষ্টৰ ফটো এখন৷ বুজিলোঁ, ইহঁত বেপ্তিষ্ট খ্ৰীষ্টান মানুহ৷ সুধিলোঁ, গীৰ্জাটো কেনি আছে? কাইলৈ চানডে মৰ্ণিং চাৰ্ভিচত চাৰ্চলৈ ময়ো যাব বিচাৰোঁ৷

কোঠাটোৰ লগৰটো পাকঘৰ৷ মাজত জুহালখন৷ তাৰ ওপৰত ধোঁৱা চাং৷ একাষে নতুন ঢাৰি দুখন নুৰিয়াই ৰাখিছে৷ তাতে কিছু পৰ গা-হাত সেকি গৰম হৈ পানী, পায়খানা, গা ধোৱা ঠাই কেনি আছে চাবলৈ চাঙৰ পৰা নামিলোঁ৷ হ’ম ষ্টে’ৰ আলহীৰ বাবে খৰতকীয়াভাৱেযে ব্যৱস্থাবোৰ কৰা হৈছে দেখিয়ে সেয়া বুজিলোঁ৷

গাড়ীৰ পৰা বেগবোৰ নমাই অনা হ’ল৷ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ অৱসাদ দূৰ কৰিবলৈ হাত-ভৰিকেইটা ধুই তোচকত চিট হৈ পৰি থাকিলোঁ অলপ পৰ৷ চকুত ভাহি থাকিল গাঁওখনলৈ সোমাই অহা জৰাজীৰ্ণ পথছোৱা, নিশাৰ নিৰ্জনতা, পাহাৰৰ ফিৰ্‌ফিৰীয়া শীতল বতাহজাক, অ’ত-ত’ত দেখা চাংঘৰসমূহত উজলি থকা ঢিমিক-ঢামাক পোহৰ৷ ভাবনাত যতি পেলাই তেনেকুৱাতে ছোৱালীকেইজনীমানে কম্বল, গাৰু, বিছনা চাদৰ আদি লৈ সোমাই আহিল৷ সিহঁতকে ধৰি পৰিয়ালৰ মানুহকেইটাৰ লগত চিনাকি হৈ ল’লোঁ৷

ৰঙা চাহ আৰু বিস্কুত আহিল৷ গৰম চাহৰ কাপত চুমুক দি সতেজতা যেন ঘূৰাই পালোঁ! বিভিন্ন কথা পাতিলোঁ৷ জুহালৰ উত্তাপ লৈ বৃত্তাকাৰে বহি কথাৰ মহলা মাৰিলোঁ৷ ঘৰখন-গাঁওখন-অঞ্চলটো, সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক কথা, ৰাজধানী ইটানগৰৰ সৈতে সম্পৰ্ক, ফেষ্টিভেল, পাংচাও পাচ, লে’ক অব ন’ ৰিটাৰ্ণ, ম্যানমাৰ ইত্যাদি ভিন্ন প্ৰসংগৰে মুখৰ হৈ পৰিল পৰিৱেশটো৷

ঘৰৰ গিৰিহঁত-গিৰিহঁতনী জাংখং মংৰে আৰু নাজং মৰাঙে বাঁহৰ বেৰৰ জলঙাৰে ঠাণ্ডা ফেৰফেৰীয়া বতাহ সোমোৱা তেওঁলোকৰ তেনেই সাধাৰণ ধৰণৰ চাং ঘৰটোত থকাৰ সময়ছোৱাত আমি সন্মুখীন হ’বলগীয়া অসুবিধাবোৰৰ কথা এফালৰ পৰা গাই গ’ল৷ সহজ-সৰল জনজাতীয় দম্পতীহালে অকপটে কৈ যোৱা কথাবোৰ মনোযোগেৰে শুনি গ’লোঁ৷ তেনেবোৰ অসুবিধাক লৈ আমাৰযে কোনো অভিযোগ নাই বা আগলৈও একো নাথাকিব, সেই নিশ্চয়তা আমাৰ ফালৰ পৰা দিলতহে যেনিবা দুয়ো আশ্বস্ত হ’ল৷ তদুপৰি আমাৰ পৰাযে তেওঁলোকৰো কোনো ধৰণৰ সমস্যা হ’বলগীয়া নাই তাকো খোলাখুলিকৈ ক’লোঁ৷ বিশ্বাসৰ জৰিয়তে সংশয়ৰ ডাৱৰ আঁতৰাই অচিনাকি পৰিয়ালটোৰ নিচেইকৈ ঘৰুৱা হৈ পৰিলোঁ, কম সময়তে৷ লেমঅং, ৱাননাম, অংলেমহঁত হৈ পৰিল আমাৰ বিশ্বস্ত সহচৰ৷ আগতে কাহানিও ক’তো লগ নোপোৱা আমি হৈ পৰিলোঁ সিহঁতৰ পৰম সুহৃদ৷

এটা সময়ত নুৰিয়াই থোৱা ঢাৰি দুখন খোল খালে৷ ছোৱালীহঁতে শুকান পহু মাংস, দীঘলে দীঘলে সিজোৱা লাইশাকৰ পাত, আলু ভাজি, শুকান মাছৰ চাটনি, পানী আদি সজালে৷ তাতে বহি জুমতলীৰ চাউলৰ মিঠা ভাতসাঁজ বৰ তৃপ্তিৰে খালোঁ৷ ভাতৰ পিছত আকৌ জুইৰ গুৰিত বহি আড্ডা৷ তাৰ মাজতে পৰম্পৰাগত নিয়ম অনুযায়ী বাঁহৰ পিয়লাত চুমুক দি ফালাপ (তিতা চাহ)ৰ জুতি ল’লোঁ৷ কথাৰ লাচতে ‘আহাল’ (ভাল), ‘কেচু আজুং’ (ধন্যবাদ) আদি দুই-চাৰিটা টাংচা শব্দ শিকি পেলালোঁ৷ ৰাতি এডোখৰ হ’লহি৷ পুৱাৰ কাৰ্যসূচী ঠিৰাং কৰি বিছনাত পৰাৰ সিদ্ধান্ত ল’লোঁ৷ তাৰ আগতে খটখটিৰে নামি চোতালৰ চৌপাশে দেখা নিশাৰ দৃশ্যৰাজি মনৰ কেমেৰাত বন্দী কৰি আহিলোঁগৈ৷ অৰুণদাহঁত থকা পাহাৰতলীৰ ৱিনচাম মৰাঙৰ ঘৰটোৰ অৱস্থিতি উলিওৱাৰ বৃথা চেষ্টা এটা কৰি চালোঁ, কুৱঁলীঘন বাহিৰখনত৷ পাটকাইৰ শীতলতাই হাত-ভৰি সেমেকাই তুলিব পাৰিলে যদিও মনটো কিন্তু উষ্ণ হৈয়ে থাকিল৷ বিচনাত পৰিলোঁহি, প্ৰথম নিশাটোৰ বাবে৷

::আব্দুচ ছাজিদ

One thought on “পাটকাই হিল্‌চৰ সেই সন্ধিয়াটো (ভ্ৰমণ কাহিনীৰ এছোৱা)(-আব্দুচ ছাজিদ)

  • March 30, 2015 at 9:47 pm
    Permalink

    পঢ়ি ভাল লাগিল |

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!