ৰাজনীতিবিদ সকল-(অনুবাদঃ জয় চক্ৰৱৰ্ত্তী)

ৰাজনীতিবিদ সকল

মূলঃ- হুমায়ুন আজাদ
sobkichhu-bhenge-pore-humayun-azad

যেতিয়াই সিহঁতক দেখোঁ, এন্ধাৰ হৈ আহে দুই চকু।
ভয় খাওঁ, কিজানিবা আকৌ কেতিয়াও দেখাই নাপাম হায়,
মেঘে পতা সেউজী নিয়ৰ, কিজানিবা পলকতে হেৰাই যায়
বিৰিখ, ৰ’দ, শিশু, জোনাকীহঁতৰ সামান্য আলোক।
চৰ পৰে নৈৰ বুকু, ছাঁইয়ে আৱৰি ধৰে ধানখেতি মধুমতী মেঘনাৰ পাৰ।
যেতিয়াই সিহঁতক দেখোঁ এনে লাগে…
আলিংগন কৰা নাই কাকো, চিৰকাল কেউপিনে যেন খান্দিছে কবৰ,
দুই হাতত উঠি আহে কেৱল লাওখোলা মাটিৰ তলৰ পৰা,
পোৱা নাই ফুলৰ গোন্ধ অন্ধকাৰত; পৰিচিত কেৱল ঘৃণা, মহামাৰী আৰু জ্বৰ।
লেলিহান ৰঙা তেজৰ হেঁচাত ককবকায় জোন-বেলিৰ আকাশ।
যেতিয়াই সিহঁতক দেখোঁ বিৰামহীন বজ্ৰপাত হয় নীলিমত।
পোক লাগে আমত, কদলীত; কুঁহিয়াৰৰ দেহাতো লাগে কালান্তৰ বিহ,
গেলি উঠে পকাধান, পতঙ্গৰ জাকে ঢাকি ধৰে দিগন্ত বিয়পা সেউজীয়াত,
ভাহি উঠে মৰা মাছ, শেতেলীত বিষাক্ত সাপ উঠে একাই বেঁকাই।
সপোনৰ দুই ওঁঠ ভৰি উঠে মৰা তেজেৰে- ঘনীভূত হয় পুঁজেৰে।
যেতিয়াই সিহঁতক দেখোঁ হঠাৎ জুই লাগে খেতিয়ক জীয়ৰী বোৰৰ গাত
বিব্ৰত আচল; সমগ্ৰ চহৰত আৰম্ভ হয় হত্যা, লুণ্ঠন, সন্মিলিত অবাধ ধৰ্ষণ,
ভাঙি যায় শিল্পকলা, গদ্য পদ্য ; জুইৰ শিখাই আগুৰি ধৰে পৃষ্ঠা সমস্ত গ্ৰন্থৰ;
গছৰ ডালৰ পৰা আৰ্তনাদত সৰি পৰে ডেউকা ভঙা নিঃসঙ্গ দহিকতৰা,
আৰ্তনাদৰ কৰুন সুৰত বাজি উঠে বাঁহীটো,
যেতিয়া মঞ্চত উঠে ৰাজনীতিবিদ সকল।
———————–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!