স্মাৰ্টনেছ্ – (দেৱীকা ফুকন)
ঠেক, লেতেৰা, অন্ধকাৰময় পৰিবেশেৰে আগুৰা এটা কোঠা। মনত পৰালৈকে এইয়াই প্ৰথম অভিজ্ঞতা, এনে পৰিবেশত দিন কটাবলগীয়া হোৱাৰ। তাকো এদিন, দুদিন নহয়, সম্পূৰ্ণ বাৰটা দিন, এঘাৰটা ৰাতি। হস্পিটালৰ কোঠাটোত উশাহবোৰ ঘনকৈ ল’বলৈকো ভয়। যি অদ্ভুত ঔষধ মিশ্ৰিত গোন্ধ এটা নাকেদি সোমাই পেট পাই, গোটেই পেটটো পকটিয়াই পেলাই, সেয়া বৰ্ণোৱা কষ্টকৰ। খিৰিকীৰ কাঠৰ ফ্ৰেমবোৰ পচি উৱলিছে। ওলমাই থোৱা সেউজীয়া পৰ্দাখনত বিভিন্ন দাগ। কিহৰ দাগ হ’ব পাৰে ভাবি মূৰটো ঘোলা সাধাৰণতে বুদ্ধিয়ক মানুহে নকৰে। বুদ্ধিয়কে তেনে নকৰাৰ কাৰণ আছে। পৰ্দাখনত থকা ভিন্ন আকৃতিৰ, ভিন্ন গাঢ়তাৰ দাগ বোৰ বৰকৈ চাই থাকিলে সমগ্ৰ কোঠাটোৰ কদৰ্য্যময় পৰিবেশটো মনত গাঢ় হৈ পৰে। মনত গাঢ় ৰূপে স্থিতি লৈ ল’লে এইবোৰে সকলো সময়তে আমনি দিবলৈ লয়। বিশেষকৈ খোৱাৰ সময়ত। তাতে কোঠাৰ লগতে সংলগ্ন বাথৰুমৰ আধা ভগা দুৱাৰ খনেও গোটেই পৰিবেশটো অধিক কদৰ্যময় কৰি তোলে।
আজি হাস্পিতালত থকা পঞ্চম দিন। এইকেইদিন হস্পিটালৰ খানা খাই আছোঁ। কোনো সা-সোৱাদ নাই। ৰুগীয়া বুলিয়েই খাদ্যক লৈ হোৱা এনে অন্যায়বোৰ পচন্দ নকৰোঁ। এইবোৰ লৈ আন্দোলন নহয় কিয়! বাকী কোঠাৰ ৰোগীসকলৰ আগত আন্দোলনৰ প্ৰস্তাৱ ৰাখোঁ বুলিও নিজকে সম্বৰণ কৰিলোঁ। মনে টানিলেও, শৰীৰে নাটানে। দুদিনমান স্কুলৰ সহপাঠী আৰু হস্পিটালৰ ইণ্টাৰ্ণ লগৰীয়াই নিজে হিটাৰত ৰান্ধি খুৱালে। অলপ অপৰাধবোধ হ’ল। ইমান কামৰ মাজত তাক মোৰ ফালৰ পৰাও কষ্ট দিয়াটো ভাল হোৱা নাই।
আবেলি কাষৰ কোঠাৰ অৰুণাচলৰ পৰা অহা পৰিয়ালটোৰ ল’ৰা কমলক সুধিলোঁ –
” তোমালোকে খোৱাবোৱা ক’ৰ পৰা কৰিছা হে।?”
“সেই গেটৰ মুখৰ বিহাৰী হোটেলৰ পৰা টিফিনত আনো আক’। তহঁতি ক’ৰ পৰা আনিছ’,?” – প্ৰথম দিনাৰ পৰাই তই বুলি সম্বোধন কৰা কমল নামৰ ল’ৰাটোৱে ক’লে।
“কেতিয়াবা লগৰ এটাই দিয়ে, প্ৰায়ে হস্পিটালৰ কেণ্টিনৰ পৰা খাওঁ। ” – মই ক’লো।
“ছিহ্, কেণ্টিনৰবোৰ কিয় খাৱ! মই দেখিছোঁ ত’, একদম চাফা নাই জাগাটো। ” – কমলে ক’লে।
মোৰ মুখখন সেমেনা পৰি গ’ল। অতদিন গেলাবোৰেই খাই আছো। তাৰ কথা শুনি দুটা কথা মনলৈ আহিল। বিহাৰী হোটেল, খানাবোৰ জ্বলা নহ’বনে! আৰু গেটৰ পৰা ৱাৰ্ডলৈ বহুত দূৰ, আনো বুলিলেও আনিবলৈ দিবলৈ মানুহ নাই। তাক ক’লো সমস্যা দুটা।
ব্ৰেণ্ডেদ কাপোৰ, দামী মোবাইল, স্পাইক্ কৰা চুলিৰ গৰাকী কমল যথেষ্ঠ স্মাৰ্ট। তাতে আজিকালিৰ ল’ৰা-ছোৱালীবোৰে সমাজ সেৱা কৰি ভাল পায়।
তপৰাই সি উত্তৰ দিলে – ” ইই, হস্পিটালৰ গেটত বিজিনেচ্ কৰা দোকানীয়ে পেচেণ্টৰ কথা ভাবিয়েই খানা বনায়। মই কৈ দিম দে তহঁতৰ খানা বিনা মিৰ্চি দি দিবলে। ” হিৰ’ টাইপ চাৱনি এটা দি কমলে মোলৈ চালে।
“তুমি কৈ দিবা মানে? আনিব কোনে? নালাগে দিয়া। এনেয়েও কেইদিননো থাকিম ইয়াত। ৰিলিজ হ’মেই দুই-এদিনতে।” – মনতে ভাবিলোঁ, কিয় বাৰু চিনি- জানি নোপোৱা ল’ৰাটোক কামত লগাওঁ।
“এহ্ দিদি, তই বেচি চিন্তা কৰ। বাবালৈ আনিবলৈ যাওঁতে তহঁতৰ কাৰণেও আনি দিম। কি ডাঙৰ কথা আছে তাত। ” – কমলে মোবাইল পিটিকি পিটিকি কৈ গ’ল।
হোটেলৰ পৰা খানা আনি দিব ভাবি ভালেই লাগিল। সুধিলো – ” ভেজ্ থালীত কি কি দিয়ে তাত? “- জানিব মন গ’ল।
হোটেলৰ বয়টোৱেও চাগে ইমান টপৰ টপৰ নামাতে যিমানে কমলে কয়।৷ কমলে মোবাইল পকেটত ভৰাই হাত দুখনেৰে চুলি খিনি ওপৰলৈ আৰু বেছিকৈ জোঙা কৰি টপ্ টপাই কৈ গ’ল –
“মটৰ -পটল কাৰী, আলু ড্ৰাই ফ্ৰাই, ফুলকবি, গাজৰ, মিক্স চবজি, আচাৰ, দাল, চালাড, বেঙেনা ফ্ৰাই, জলকীয়া-নেমু, আৰু পাপৰ। ”
কল্পনা কৰিয়ে ভাল লাগিল। এইকেইদিন অকল ভাত আৰু জাতিলাও দিয়া সেৰেকা দাইল খাই খাই জিভাই সোৱাদেই পাহৰিছে। কথামতেই কাম। সন্ধিয়া কমলে ৰুমৰ পৰা টিফিন আৰু পইচা লৈ গ’ল আহি।
হস্পিটালত মানুহবোৰে আঠটা মানতেই ভাত খোৱা দেখিছোঁ। কমলে দি যোৱা টিফিনটো চাৰে আঠটামানত খুলিলোঁ। সি কোৱাৰ দৰেই বহুত কিবাকিবি দিয়ে হোটেল খনে। সকলোবোৰ উলিয়াই থালত সজাই ল’লো। কিন্তু কমলে উল্লেখ কৰা, এটা বস্তু কিন্তু নাপালোঁ। সেয়া আছিল পাপৰ। যিকি নহওঁক বৰ এটা সোৱাদ নহ’লেও সেই মুহূৰ্ত্তত সেয়াই অমৃত। টোপনিয়েও হেঁচা মাৰি ধৰিলে সোনকালেই। গধুৰ পেটেৰে চাৰিওফালৰ লেতেৰা পৰিবেশ পাহৰি শুই পৰিলোঁ।
ৰাতিপুৱা কামৱালী এগৰাকীয়ে আহি ৰুম সাৰে। টেবুলত থোৱা বস্তুবোৰ তাই নোচোৱে। কিয় নাজানো। কাৰণ দুটা হ’ব পাৰে। হয়তো বেমাৰীৰ বস্তু বুলি ঘিণ কৰি তাই নোচোৱে, অথবা তাইক লেতেৰা ভাবি কোনোবা ৰোগীৰ আত্মীয়ই নুচুবলৈ কোৱাত নোচোৱে। যাহওঁক, টেবুলৰ বস্তু, মানে টেবলেটচ, ors, এইবোৰ আৰু দুই এটা লাম-লাকটু সামৰি পলিথিন এটাত ভৰাবলৈ ল’লো। তেতিয়া বস্তুবোৰ থানথিত লাগি থাকে। কাগজৰ সৰু টোপোলা এটা হাতত লাগিল। সৰু মানে কটা তামোল এখন বান্ধি থ’লে যিমান হ’ব দেখাত , সিমান সৰু। বাতৰি কাগজৰ টুকুৰাত বন্ধা টোপোলাটোৰ পৰা তেল বিৰিঙি আছিল। কিনো বস্তু বুলি আচৰিতেই হ’লো। পেলাই দিবলৈ বুলি কোঠাৰ বাহিৰত থকা জাবৰ পেলোৱা ড্ৰামটোলৈ টোঁৱাই দলিয়াবলৈ লৈ কৌতূহলবশতঃ টোপোলাটো খুলি চালো। ভিতৰত পাপৰৰ গুৰি এখিনি। গুৰিখিনি দেখি আৰু কমলৰ স্মাৰ্টনেছত নাহাঁহি নোৱাৰিলোঁ।
গোটা, গোল ভজা পাপৰ এখন নভঙাকৈ কেনেকৈ আনে সি। সেয়ে হেনো পাপৰখন ভাঙি গুৰি কৰি বান্ধি আনিছে। মোক অকলে অকলে হাঁহি থকা দেখি নিজৰ ৰুমৰ পৰা উলাই আহি কমলে মোবাইল পিটিকি সেইবুলিয়ে কাৰণ দেখুৱালে, পাপৰৰ গুৰি অনাৰ।
ঘটনাটো ঘটা পাঁচবছৰ বাগৰিল। এতিয়াও পাপৰ দেখিলেই কমল নামৰ সৰু অৰুণাচলী ল’ৰাটোৰ পাপৰ অনাৰ আইডিয়াটো মনত পৰে। সি জানো ক’ত কি কৰি আছে এতিয়া!