দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (-অচিন্ত বৰঠাকুৰ)
(যোৱা সংখ্যাৰ পিছৰ পৰা)
বেক্তেৰিয়া নামৰ “অপৰিষ্কাৰ” অণুজীৱবিধক অপৰিষ্কাৰ সামগ্ৰী পৰিশোধনৰ কামত খটুৱাই “পৰিষ্কাৰ” শক্তি উৎপাদন কৰাৰ এটা পদ্ধতি ইতিমধ্যে জনপ্ৰিয় হৈ উঠিছে। পৃথিৱীৰ বিভিন্ন স্থানত ক্ৰমাৎ জনপ্ৰিয় হ’বলৈ ধৰা অণুজৈৱিক ইন্ধন কোষ (Microbial Fuel Cell) নামৰ আহিলাবিধৰ জড়িয়তে বিদ্যুৎ উৎপাদন কৰাৰ উপৰি আবৰ্জনাৰ এক পৰিষ্কাৰ দিহা লগোৱাৰো আশা কৰিছে বিজ্ঞানীসকলে। বিদ্যুৎ উৎপাদনৰ বাবে ইতিপূৰ্বে বহুলভাবে ব্যৱহাৰ হোৱা ইন্ধন কোষ (Fuel cell)ৰ এন’ড(Anode) নামৰ অংশটোক আবৰ্জনা আৰু বেক্তেৰিয়াৰে ভৰা অক্সিজেনবিহীন কোঠালি এটাৰে প্ৰতিস্থাপিত কৰি একোটা অনুজৈৱিক ইন্ধন কোষ তৈয়াৰ কৰিব পৰা যায়। অপৰিষ্কাৰ পানীত থকা শৰ্কৰা, শ্বেতসাৰ, চেলুল’জজাতীয় কিছুমান বিশেষ জৈৱ আবৰ্জনাৰ ওপৰত বিশেষধৰণৰ বেক্তেৰিয়াই ক্ৰিয়া কৰি তাত থকা জৈৱ অণুসমূহৰ ৰসায়ণিকভাবে জাৰণ ঘটায় আৰু তাৰ পৰা ইলেক্ট্ৰণ বাহিৰ কৰে। প্ৰক্ৰিয়াটোত উৎপাদিত হোৱা ইলেক্ট্ৰণসমূহক কাঠালিটোত ডুবাই ৰখা এডাল এন’ড দণ্ডৰ যোগেদি পৰিবাহী তাঁৰেৰে উলিয়াই নি ৰোধৰ মাজেৰে কোষৰ আনটো মূৰত, অৰ্থাৎ কেথ’ডত যোগান ধৰা হয়। জাৰণ প্ৰক্ৰিয়াটোৰ জৰিয়তে খোটালিটোত সৃষ্টি হোৱা প্ৰট’ন (অৰ্থাৎ H+) বা ধনাত্মক আয়ন (বা কেটায়ন)সমূহক নিৰ্দিষ্ট আয়োজনেৰে এক বিশেষ ধৰণৰ ঝিল্লি (Proton specific membrane)ৰে কেথ’ড(Cathode)ৰ ফালে যাবলৈ দিলে গোটেই সজ্জাটো এটা বিদ্যুৎ উৎপাদনকাৰী কোষলৈ ৰূপান্তৰিত হয়। এন’ড খোটালিত সৃষ্টি হোৱা প্ৰ’টনসমূহ ঝিল্লিৰে পাৰ হৈ অহাৰ পিছত কেথ’ড খোটালিত সেই ইলেক্ট্ৰণসমূহৰ দ্বাৰা বিজাৰিত হৈ কোঠালিটোত থকা দ্ৰৱণত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ সৈত্যে লগ লাগি বিশুদ্ধ পানীৰ অণুৰ সৃষ্টি কৰে। কোষৰ দুই মূৰত প্ৰাপ্ত হোৱা বিদ্যুৎ খৰছ কৰাৰ ফলত এন’ডত অণুজীৱবিধৰ দ্বাৰা ঘটা বিভঙ্গন প্ৰক্ৰিয়াই নিৰবচিন্ন গতি লাভ কৰে আৰু দ্ৰৱীভূত আবৰ্জনাৰ পৰিমাণ ক্ৰমান্বয়ে টুটি আহে, ইপিনে কেথ’ড খোটালিতো সমতুল্য পৰিমাণৰ বিশুদ্ধ পানী লাভ কৰা যায়। কোৱা বাহুল্য যে, প্ৰকৃতিৰ নিয়ম অনুযায়ী বেক্তেৰিয়াসমূহে আচলতে সেই আৱৰ্জনাসমূহক আহাৰ হিচাবে গ্ৰহণ কৰাৰ ফলত জাৰণ প্ৰক্ৰিয়াটো সংঘটিত হয় আৰু তাৰ জৰিয়তেই ইহঁতে নিজৰ পুষ্টি লাভ কৰে।
অণুজৈৱিক ইন্ধন কোষৰ ধাৰণাটো ১৭০০ শতিকাৰ শেষাংশতেই আৱিষ্কাৰ হৈছিল যদিও ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ বৰ বেছি দিনৰ পুৰণি কথা নহয়। ১৯১১ চনত এম. পট্টাৰ নামৰ এজন উদ্ভিদবিদে ই-কলাই নামৰ বেক্তেৰিয়াবিধৰ জৰিয়তে অণুজৈৱিক ইন্ধন কোষ সজাৰ চেষ্টা কৰিছিল যদিও তাৰ পৰা উৎপাদিত বিদ্যুতৰ পৰিমাণ আছিল তেনেই নগণ্য। পিছলৈ, ১৯৩১ চনত বাৰ্ণেট কোহেনে এনে কেইবাটাও অৰ্ধকোষক শ্ৰেণীবদ্ধ সজ্জাৰে সংযোগ কৰি ২ মিলি এম্পিয়াৰ প্ৰৱাহ আৰু ৩৫ ভল্ট বিভৱ পাৰ্থক্যৰ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱাত বিষয়টোৱে চৰ্চা লাভ কৰে। পৰৱৰ্তী সময়ত, ডেলডুকা আৰু তেওঁৰ সহকৰ্মীসকলে হাইড্ৰ’জেন আৰু বায়ুৰ ইন্ধন কোষৰ এনডত ক্লষ্ট্ৰিডিয়াম বিউটাইৰিকাম নামৰ বেক্তেৰিয়াবিধ ব্যৱহাৰ কৰি গ্লুক’জৰ কিন্বন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত হোৱা হাইড্ৰ’জেন গেছক বিদ্যুৎ উৎপাদনৰ কামত নিয়োগ কৰি অধিক সফলতা লাভ কৰিবলৈ সক্ষম হয়। প্ৰক্ৰিয়াটোৰ বহুল প্ৰয়োগত তথাপিতো বহুখিনি অসুবিধা থাকি গৈছিল আৰু পিছলৈ চুজুকী, এম.জে. এলেন, পিটাৰ বেন্নেট্ট আদি বিভিন্ন বিজ্ঞানীৰ অধ্যয়ণ আৰু প্ৰচেষ্টাৰ যোগেদি সেইবিলাকৰ বহুখিনি দূৰ হয়। অণুজৈৱিক ইন্ধন কোষৰ নিৰ্মানৰ ক্ষেত্ৰত বৰ্তমান সময়ত অধিক জনপ্ৰিয় হোৱা আন কেইবিধমান বেক্তেৰিয়া হৈছে- শ্বেৱানেলা পিউটাৰফেচাইনছ (Shewanella putrefaciens) , এৰ’ম’নাছ হাইড্ৰ’ফিলা (Aeromonas hydrophila) আদি।
২০০৭ চনত অষ্ট্ৰেলিয়াৰ কুইঞ্চলেণ্ড বিশ্ববিদ্যালয়ে ফ’ষ্টাৰ্ছ ব্ৰেৱিং নামৰ সুৰা উৎপাদনকাৰী প্ৰতিষ্ঠানৰ সৈত্যে লগ হৈ প্ৰথম বাৰৰ বাবে পৰীক্ষাগাৰৰ বাহিৰত এটা ব্যৱহাৰিক অণুজৈৱিক ইন্ধন কোষ সাজি উলিয়ায়, যি ভাঁটিখানাৰ বৰ্জ্য পানীৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু বিদ্যুৎ উৎপাদন কৰাৰ উপৰি পৰিষ্কাৰ পানী নিৰ্গত কৰিবলৈ সক্ষম। সততে পানীৰ অভাৱত ভূগি থকা দেশখনত অণুজৈৱিক ইন্ধন কোষৰ এই আদিৰূপটোৰ সফলতাৰ পিছত যুটিটোৱে এতিয়া দৈনিক ৬৬০ গেলন অপৰিষ্কাৰ পানী শোধন কৰি ২ কিলোৱাট বিদ্যুৎ উৎপাদন কৰিব পৰাৰ উপযুক্ত কৰিবলৈ আগ বাঢ়িছে। এই কামত জৰিত অন্য এক প্ৰতিষ্ঠান, পেন ষ্টে’ট অভিযান্ত্ৰিক বিদ্যালয়ে (Penn State College of Engineering) এন’ডৰ পৃষ্ঠকালিৰ প্ৰতি বৰ্গমিটাৰত ১.৫ ৱাটকৈ বিদ্যুৎ উৎপাদন কৰি দেখুৱাইছে। তেওঁলোকে সাধাৰণ ঘৰুৱা বৰ্জ্য পানীৰ প্ৰতি ঘণমিটাৰৰ পৰা ১৫.৫ ৱাটলৈকে বিদ্যুৎ উৎপাদন কৰা বুলি দাবী কৰিছে। তেওঁলোকে তত্বীয়ভাবে কৰা হিচাবমতে এক লাখজন মানুহৰ পৰা উৎপন্ন হোৱা বৰ্জ্য জলৰ পৰা ০.৮ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা হ’ব আৰু ই ৫০০ ঘৰ মানুহক বিজুলীৰ চাহিদা পূৰণ কৰিব পাৰিব। অনুজৈৱিক ইন্ধন কোষৰ পৰা উৎপন্ন হ’ব পৰা বিদ্যুতৰ পৰিমাণ আচলতে বৰ্তমান সময়ত বিনিয়োগকাৰীক যঠেষ্ট পৰিমাণে আকৰ্ষণ কৰিব পৰা নাই যদিও পানীৰ পৰিশোধনৰ ক্ষেত্ৰত হোৱা খৰছ হ্ৰাস কৰাত ইয়াৰ অৱদান উল্লেখনীয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে ৩৩ বিলিয়ন গেলন পৰিমাণৰ পানী পৰিশোধন কৰিব লগা হয় আৰু তাৰ বাবে দেশখনে খৰছ কৰিব লগা হোৱা ধনৰ পৰিমাণ হ’ল প্ৰায় ২৫ বিলিয়ন ডলাৰ। সম পৰিমাণৰ পানী পৰিশোধনৰ বাবে অনুজৈৱিক ইন্ধন কোষৰ প্ৰয়োগে ইয়াৰ পৰিমাণ তিনি ভাগৰ এক অংশলৈ হ্ৰাস কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়।
:::অচিন্ত বৰঠাকুৰ