লিবিয়াৰ কাহিনীৰ সপ্তদশ খণ্ড: (লিবিয়াত লিখা ডায়েৰীৰ পাতৰ পৰা)(- ডা০ ভূপেন্দ্ৰ শইকীয়া)
১১ফেব্ৰুৱাৰী ২০০২, সোমবাৰ
সময় নিশাৰ এঘাৰটা হ’ল৷ খোৱাৰ পৰ্ব সামৰি উঠিছোঁ এইমাত্ৰ৷ মোৰ টেপৰেকৰ্ডাৰত বাজি আছে জগজিৎ সিঙৰ গজল৷ বাজি আছে বেষ্ট অৱ জগজিৎ সিঙৰ “চিটঠি না কোই সন্দেচ”—৷ যেন মোকেই উদ্দেশ্য কৰি গীতটো ৰচা হৈছে ! হয়, একেলেথাৰিয়ে চাৰিদিন ঘৰৰ কোনো সংবাদ নাপাই মনটো বিষন্নহৈ উঠিছে৷ ঘৰৰ নেটসংযোগ কিবা কাৰণত বিচ্ছিন্ন হব পাৰে নাইবা টেলিফোন বিকলো হব পাৰে৷ তেনেক্ষেত্ৰত ঘৰৰ ওচৰৰ কোনোবা ইন্টাৰনেট বুথৰ পৰাওটো মোলৈ ই-মেইল পঠাব পাৰে৷ মনতে ভাবিলোঁ ঘৰৰ পৰা খবৰ নহালৈকে ময়ো মনেমনেই থাকিম ! এতিয়া এই মুহূৰ্তৰ এটাই চিন্তা – কেনেকৈ বেণি ভেলিডৰ পৰা ওলাই ট্ৰিপলিলৈ বদলি লব পাৰোঁ৷
১২ফেব্ৰুৱাৰী ২০০২, মঙলবাৰ
সময় নিশাৰ চাৰে এঘাৰ হৈছে৷ আজি ঘৰৰ পৰা দুখন ইমেইল পালোঁ বেলেগ বেলগ সময়ত কৰা৷ ঘৰৰ ইন্টাৰনেট বেয়া হৈ আছিল৷ ঘৰৰ পৰা আজি ডাকযোগে প্ৰেৰণ কৰা জানুৱাৰীৰ ২য় সংখ্যা প্ৰান্তিকো আহি পালেহি৷ ৰঘুৰ দেউতাকৰ যোগে মই পঠোৱা চিঠিখনো ঘৰত পালে বুলি খবৰ পালোঁ৷ ৰুমুৱে মোৰ ‘লিবিয়াৰ চিঠি’ৰ এটা খণ্ড নিজে ‘আমাৰ অসম’ৰ কাৰ্য্যালয়ত জমা দিবলৈ যাব বুলি লিখিছে৷
১৪ফেব্ৰুৱাৰী ২০০২, বৃহস্পতিবাৰ
নিশাৰ চাৰে দহটাত ডায়েৰীখন হাতত তুলি লৈছোঁ৷ আজি ঘৰৰ পৰা পোৱা ইমেইলখন আছিল অনেক ওজৰ আপত্তিৰে ভৰা৷ নানান সৰুসুৰা সমস্যাই ৰুমুক ভাৰাক্ৰান্ত কৰি তুলিছে৷মই ঘৰত নথকাত তেনেই সৰু যেন লগা কথাও ডাঙৰ যেন লগা হৈছে৷ পৰিবাৰৰ হাতত টকা পইচাৰো নাটনি যেন অনুভৱ হৈছে৷ এইবোৰ পঢ়ি ততালিকে ঘৰমুৱা হবৰে মন যায়৷ মনত পৰি হাঁহিয়ে উঠে লিবিয়ালৈ অহাৰ আগতে ভনী জানহঁতৰ ডিব্ৰুগড়ৰ ঘৰত ভাত খাই বিদায় লবৰ পৰত তাই আৰু চিত্ৰই কৈছিল- “বাহ নবৌ, ককাইদেউৱে মাহে এক লাখ টকাকৈ দৰমহা পাব”!
মনতে গুণাগঠা কৰি পালোঁ বহুকেইটা ফেক্টৰৰ ওপৰত মোৰ ঘৰলৈ যোৱাটো নিৰ্ভৰ কৰিছে৷(১) ছুটি পোৱা-নোপোৱা, (২) হঠাতে যদি মোৰ জাভিয়া বা ট্ৰিপলিলৈ বদলিৰ খবৰ আহে, (৩) হাতত ডিনাৰৰ ব্যৱস্থাও হব লাগিব, (৪) মোৰ ফালৰ পৰা চাকৰিৰ অনিশ্চয়তা, আৰু (৫) ডিনাৰৰ অৱমূল্যনে কৰ্মক্ষেত্ৰত আনি দিয়া হতাশাৰ ভাৱ৷
১৬ফেব্ৰুৱাৰী ২০০২, শনিবাৰ
পুৱাৰ সাতটা বাজিছে৷ ইয়াত কাউৰী-কুকুৰাৰ মাতত ৰাতি নুপুৱায়৷ ৰাতি পুৱায় এলাৰ্ম ঘড়ীৰ মাতত৷ কাউৰী দেখা পাবলৈ নাই৷ কুকুৰা থকা মানুহৰ গাওঁ বহু দূৰৈত অৱস্থিত তাকো সেৰেঙাকৈ৷ পুৱাৰ বেলি ওলায় ৮বজাত আৰু সূৰ্য্য অস্ত যায় সন্ধিয়া ৭বজাত৷ বেলিৰ এই পৰিক্ৰমাৰ সৈতে মই ক্ৰমে অভ্যস্ত হব ধৰিছোঁ৷ যোৱা নিশা মোৰ শুকুৰবৰীয়া ছুটিৰ দিনত অবাঞ্চিত কলৰ পৰা হাত সাৰিবলৈ নিশাটো আলহী হলোঁ কলিকতীয়া বন্ধু ডাক্তৰ চক্ৰৱৰ্তীৰ৷ দুয়ো একেলগে খানা বনাই নানান বিষয়ৰ ওপৰত টোপনি নোযোৱালৈ কথাৰ মহলা মাৰিলোঁ৷ পুৱা ৬টা বজাত শুই উঠি চাহ-জলপান খাই বন্ধু মাৰডোম হেল্থ চেন্টাৰলৈ ৰাৱণা হ’ল আৰু মই মোৰ কোঠালৈ আহি দিনটোৰ ৰন্ধা-বঢ়াৰ যোগাৰত লাগি গলোঁ৷
লিবিয়াত কৰ্মৰত হৈ থকা মানেই হ’ল পদেপদে ধৈৰ্য্যৰ পৰীক্ষা দি থকা৷ কালি সন্ধিয়া অল ছিৰাজৰ মি০ মেহমুদক পুনৰ আমাৰ হস্পিতেলৰ কেম্পাচতে লগ পালোঁ৷ চিকিৎসালয়ৰ এডমিনিষ্ট্ৰেটৰ মিষ্টাৰ তৌফিক হ’ল ইয়াৰ স্বাস্থ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক৷ তৌফিকৰ লগত মি০ মেহমুদৰ গোপন ব্যৱসায়িক বুজাবুজি আছে বুলি সকলোৱে কোৱাকুৱি কৰে৷ যি বুজিলোঁ লিবিয়াত দূৰ্নীতি উচ্চস্তৰত পূৰামাত্ৰাই আছে৷ মি০ মেহমুদক মোৰ বদলিৰ কথাটো মনত পেলাই দিলোঁ৷ তেওঁ ওলোটাই মই দূতাবাসত বদলিৰ বাবে যোগাযোগ কৰাত নিজৰ অসন্তুষ্টিহে মুকলিকৈ ব্যক্ত কৰিলে৷ যি বুজিলোঁ মি০ মেহমুদে মোক বদলি কৰাৰ ইচ্ছা কৰা নাই – কাৰণ মেডিচিনৰ বিশেষজ্ঞ এজন হঠাতে বেণি ভেলিডত ক’ৰ পৰা দিব৷এতিয়া দূতাবাসেই মোৰ বদলিৰ বাবে শেষ ভৰসা৷ এমাহৰ ভিতৰত একো মীমাংসা নোলালে বুজিব লাগিব হাতদীঘল মি০ মেহমুদে দূতাবাসকো মেনেজ কৰি ৰাখিছে৷
২০০১চনত লিবিয়ান ডিনাৰৰ মূল্য আছিল এক ডিনাৰৰ বিপৰীতে ১-৫২ আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় ৭২টকা৷ উল্লেখযোগ্যযে অক্টোবৰ ২০০১ত লিবিয়া চৰকাৰে মেডিকেল প্ৰফেচনত জড়িত সকলো কৰ্মচাৰীৰে দৰ্মহা বৃদ্ধিৰ ঘোষণা কৰিলে৷ চৰকাৰৰ এই ঘোষণাৰ পিছত ২০০১চনৰ শেষৰফালে এক বুজন সংখ্যক চিকিৎসক আৰু পেৰামেডিকেল ভাৰতীয় কৰ্মীয়ে লিবিয়াত কামত যোগদান কৰে৷ দলেদলে চিকিৎসা কৰ্মীয়ে লিবিয়াত কামত যোগদান কৰাৰ পিছত ২০০২চনৰ আৰম্ভণিতে চৰকাৰৰ আচম্বিত ডিনাৰৰ অৱমূল্যণ ঘোষণা কৰি সকলোকে হতভম্ব কৰি তুলিলে৷এই অৱমূল্যণৰ ফলত সকলোৰে প্ৰাপ্য দৰ্মহা অৰ্ধেকলৈ হ্ৰাস পাব৷ লিবিয়াত এনে অৱমূল্যণ একো অস্বাভাৱিকক প্ৰক্ৰিয়া নহয়৷ দৰ্মহা যেতিয়া দিলেও ডিনাৰতহে দিব৷ বুধিয়ক বহুদিন ধৰি কাম কৰা প্ৰবাসীসকলে সেয়ে পৰাপক্ষত দোকানী বা আন ব্যৱসায়ী লোকৰ পৰা ডিনাৰ সলাই ডলাৰ কৰি জমা ৰাখে যাতে ঘাটি ভৰিবলগীয়া নহয়৷
আৰু এমাহৰ ভিতৰত মোৰ বদলিৰ একো সংবাদ নাপালে পুনৰাই দূতাবাসৰ যোগেদি শেষ প্ৰয়াস এটি কৰিম বুলি ভাবিছোঁ৷ মি০ মেহমুদৰ ধৃষ্টতা অসহনীয়৷ লিবিয়ান ৰাজদূতজন ভাৰতীয় কৰ্মচাৰীৰ দুখদূৰ্দশাৰ প্ৰতি সহানুভূতিশীলনে নিৰ্বিকাৰ নিজে পৰীক্ষা কৰি জনাৰ ইচ্ছা এটি পুহিছোঁ৷
কালি সন্ধিয়া ঘৰৰ লগত যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হলোঁ কাৰণ এটা ইন্টাৰনেট বুথ বন্ধ, আনটো বেয়া৷ লাহে লাহে মই বুজি উঠিছোঁ লিবিয়াত তিষ্ঠি থাকিবলৈ হলে এনে সৰুসুৰা কথাক আওকাণ কৰিয়েই চলিবলৈ শিকিব লাগিব৷
১৬ফেব্ৰুৱাৰী ২০০২, শনিবাৰ
মাজনিশাৰ বাৰটা বাজিবৰ হৈছে আজি পুনৰাই দুআষাৰ ডায়েৰী লিখিব লৈছোঁ৷ আজি সন্ধিয়া পলিক্লিনিকৰ চেম্বাৰত দুজন ৰোগী চালোঁ৷ চেলিমৰ মিছেছে লিবিয়ান ৰোগী দুজনক ভালদৰে মোৰ কথাখিনি বুজাই দিলে৷ এজন ৰোগীৰ ইচিজি আৰু এজন ৰোগীৰ আলট্ৰাচাউণ্ড কৰিলোঁ৷মই চোৱা ৰোগীৰ ফিজ সপ্তাহে সপ্তাহে হিচাব কৰি মোক দিয়াৰ কথা৷ তাৰে সামান্য এটা অংশ সহায়কাৰী নাৰ্চ চেলিমৰ পৰিবাৰক দিব লাগিব৷
আজি দ্বিতীয় মাহৰ ‘চুলফা’ অৰ্থাৎ অগ্ৰিম ১৮০ডিনাৰ পালোঁ- যোৱা মাহৰ ২০০ৰ সলনি কুৰি ডিনাৰ কমকৈ৷ মই ঘৰৰ পৰা অনা জমা টকা শেষেই প্ৰায়৷ ঘৰৰ পৰা আহোতে বাটত ডুবাইত সোণৰ গহনা দুপদ কিনিছিলোঁ৷ এতিয়া মোৰ হাতত জমা বুলিবলৈ দুমাহৰ অগ্ৰিমখিনি অৰ্থাৎ৩৮০ডিনাৰহে আছে৷ ঘৰলৈ ঘূৰি যোৱা টিকটৰ মূল্য ৬৮০ডিনাৰ – অৰ্থাৎ এতিয়াও তিনিশ ডিনাৰেই কম৷
যোৱা দুদিনৰ পৰা শীতৰ মাত্ৰা কিছু কমিবলৈ ধৰিছে৷তাপমান১২৷১৩ৰ পৰা ১৬৷১৮ডিগ্ৰী চেলচিয়াচলৈ উঠিব ধৰিছে৷
লিবিয়াৰ কাহিনীৰ অষ্টদশ খণ্ড: (লিবিয়াত লিখা ডায়েৰীৰ পাতৰ পৰা)
২০ফেব্ৰুৱাৰী ২০০২, বুধবাৰ
এতিয়া সময় নিশাৰ বাৰটা ৷ চেম্বাৰৰ পৰা ৮টা বজাত ঘূৰি চেলিমৰ ঘৰত আটাইয়ে একেলগে বহি চাহ জলপান খাই টিভি চাই আছোঁ৷ ডাক্তৰ সুশীলে আহি খবৰ দিলেহি দুজন নতুন ৰোগী ৱাৰ্ডত ভৰ্তি হৈছে৷ ৱাৰ্ডত ৰোগী দুজন চাই কোঠালিলৈ ঘূৰোতে এঘাৰটা বাজিছে৷ দুৱাৰমুখত মোৰ বাবে অপেক্ষাৰত হৈ আছিল বেণি ভেলিডৰ বজাৰৰ মাজত থকা এটা ষ্টুডিঅ’ৰ মালিক পাকিস্তানৰ মি০ইলিয়াচ৷ যোৱা দহ বছৰ ধৰি তেওঁ বেণি ভেলিডত আছে৷ মোৰ ওচৰলৈ তেওঁৰ উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে আহিছে৷ যাবৰ সময়ত অনেক ধন্যবাদ যচাৰ ওপৰিও যিকোনো ফটো সংক্ৰান্ত কাম ওলালে বিনা সংকোচে লগ ধৰিবলৈ কৈ থৈ গ’ল৷ ইলিয়াচক চেলিমেই মোৰ ঠিকনা দিছিল৷ চেলিমৰ লগত বেণি ভেলিডৰ পুৰণি সকলো লোকৰে বেচ ভাল পৰিচয়৷ চেলিমে মোৰ ফটো তোলাৰ চখৰ কথা জানি মোক সতৰ্কবাণী শুনাইছিল ৷ কোনো চৰকাৰী ভৱনৰ ফটো যাতে নুতোলো আৰু বৰকৈ কেমেৰা টোঁৱাই-ভোঁৱাই ঘূৰি নিজৰ বিপদ যাতে নামাতো৷ কাৰণ এই দেশত য’তে-ত’তে চোৰাংচোৱা বিদ্যমান৷
২২ফেব্ৰুৱাৰী ২০০২, শুকুৰবাৰ, নিশাৰ এঘাৰটা বজাত
মানুহৰ মৰম চেনেহৰ দুটিমান সৰুসুৰা কথা লিখিব লৈছোঁ৷মছনাৰ কাৰ্পেট ফেক্টৰীৰ চুপাৰভাইজাৰ সত্যদেৱ ডুবে – এবাৰেই তেওঁক মই দেড়মাহ মানৰ আগতে আমাৰ হস্পিতেলৰ লেবৰেটৰী টেকনিচিয়ান বাবু জোচেফৰ সৈতে আমাৰ কেম্পাচত লগ পাইছিলোঁ৷ আজি সেই ডুবেই মোলৈ এটি ২৫লিটাৰৰ ৰঙৰ প্লাষ্টিকৰ খালি ড্ৰাম এটা উপহাৰ হিচাবে পঠাই দিছে৷ সেই মজবুট ড্ৰামটোত তলা মাৰিব পৰা ঢাকনিও আছে৷ নবাগত সকলৰ বাবে বা আন গৃহস্থসকলৰ বাবেও ই হ’ল নানাবিধ লাম-লাকটু ভৰাই থোৱাৰ এবিধ আহিলা৷বাবু জোচেফে নিজৰ গাড়ীত মছনাৰ পৰা সেইটো মোলৈ কঢ়িয়াই আনিছে৷বিয়লিলৈ মোক তেওঁৰ বাসস্থানলৈ নিমন্ত্ৰণ জনাই থৈ গ’ল৷সন্ধিয়া বাবু জোচেফৰ পৰিবাৰৰ সাদৰ অপ্যায়ণত এক ঘৰুৱা পৰিবেশৰ বাৰুকৈয়ে উপলব্ধি কৰিলোঁ৷বাবুৰো চাকৰি লিবিয়াত দহ বছৰ হ’ল৷দুজন ল’ৰা এজন একাদশ শ্ৰেণীত, আনজনে কমাৰ্চৰ স্নাতক শাখাত পাটনাৰ ঘৰত থাকি পঢ়ি আছে৷ বাবু জোচেফৰ পৰিবাৰে গধুৰ জলপানেৰে নতুন আলহীক স্বাগত জনালে আৰু আহিবৰ সময়ত নিজে বনোৱা নিমকি আৰু কেকৰ টোপোলা এটিও ঘৰত খবলৈ বুলি দি পঠালে৷
ফাৰ্মাচিষ্ট থিৰুৰ বেণি ভেলিডলৈ আহিবৰ দুবছৰ হ’ল৷ কেৰালৰ এই ডেকা,অবিবাহিত যুৱকজন লিবিয়ান আৰু আনলোকৰ মাজতো বেচ পপুলাৰ৷ কৰ্মসূত্ৰে ফাৰ্মাচিষ্ট৷ ঔষধৰ বিশাল ভাণ্ডাৰৰ দায়িত্ব লাভ কৰিছে-লগত সহায়ক ৩নে ৪জন আছে৷ বহিৰ্বিভাগ আৰু ইনড’ৰৰো সকলো দৰবৰ বিতৰণ তিৰুৰ হাতেৰেই হয়৷হিন্দীৰ ওপৰিও আৰবী ভাষা কব পাৰে৷ মই দুবাৰমান সেই ঔষধৰ বিশাল ষ্টৰত সোমাইছোঁ৷ বিভিন্ন ইউৰোপিয়ান দেশৰ পৰা অহা উচ্চমানৰ,দামী-দামী দৰবেৰে ভাণ্ডাৰটো ঠাঁহ খাই আছে৷ আজি বাটতে পাই ঠিৰুৱে মোক অনেক অনুনয়ৰে নিমন্ত্ৰণ কৰি তাৰ কোঠালৈ লৈ গ’ল৷ লিবিয়াত মোৰ প্ৰথম আশ্ৰয় স্থল সেই ঘৰটোৱেই৷কফি আৰু জলপান খোৱাৰ পিছত কেতিয়াও মোৰ বাচনকেইটাত হাত লগাবলৈ নিদিয়ে৷ জোৰ কৰি ভাত খাবলৈ বহাই ৰাখিলে৷ টিভিত হিন্দী চিনেমা ‘প্যাৰ কিয়াটো ডৰণা কিয়া’ একেলগে চালোঁ৷ ঠিৰুয়ে নিজৰ ৰুমত ডিচ টিভি আৰু কেবলৰ সংযোগ লগাই লৈছে৷
কালি অল ৱফা ক্লিনিকৰ চেম্বাৰৰ পৰা ঘূৰিবৰ সময়ত চেলিমৰ পৰিবাৰ অখতৰে (তেওঁ জি এন এম নাৰ্চ,অল ৱফা ক্লিনিকত পাৰ্ট-টাইম ডিউটি কৰে) মোক কলে – মই আপোনাৰ নিজা ভনীৰ নিচিনা৷ আপোনাক উদাস দেখিলে আমাৰো বেয়া লাগে৷ সদায় আন আন বন্ধু-বান্ধৱৰ লগত কথা বতৰা পাতি ব্যস্ত থাকিলে আপোনাৰ উদাসীনতা আতৰ হব৷
আজি আৰু কাইলৈ ঈদ উপলক্ষে দুদিন চৰকাৰী বন্ধৰ দিন ৷ মই ডিউটি কৰা বাবে অইন দুদিন মোক ছুটী দিয়াৰ কথা৷
২৩ফেব্ৰুৱাৰী ২০০২, শনিবাৰ
ঘৰৰ পৰা ই-মেইল পালোঁ মোৰ ‘লিবিয়াৰ চিঠি’ দ্বিতীয়খন অহাকালিলৈ প্ৰকাশ হব বুলি ‘আমাৰ অসম’ কাকতত উল্লেখ কৰিছে৷গতিকে মই সোনকালেই তৃতীয়খন চিঠি পঠাব লাগিব৷ সুমন আৰু ইতিৰ বেনাৰচৰ ৰাজঘাট বেচেন্ত স্কুলত নামভৰ্তিৰ বাবে ইন্টাৰভিউ দিবলৈ ২৮মাৰ্চত যাবলৈ ৰুমুৱে মোৰো ৰেলৰ টিকট কাটিলে৷ এতিয়া যাবলৈ ছুটী পাওঁ নে চাকৰিয়েই ইস্তফা দি যাবলগীয়া হয় সেয়া সময়েহে কব৷ইয়াত নিৰস,প্ৰাণহীন জীৱন ধাৰণ কৰি একপ্ৰকাৰ অতিষ্ঠ মই৷ কেবল খাদ্য খায়েই মানুহ জীয়াই থাকিব নোৱাৰে – বহুতৰ ক্ষেত্ৰত মনৰ খোৰাকো জীয়াই থাকিবলৈকে আৱশ্যক হয়৷হয়তো মোৰ বদলিৰ বিষয়টো স্বাস্থ্যমন্ত্ৰীৰ লগত ঈদৰ পিছত আলোচনা কৰিব বুলি আজি মি০ মেহমুদে মোক জনালে৷সেয়া সঁচানে আভুৱা ভৰিবলৈ কলে সময়তহে জনা যাব৷ বেণি ভেলিডৰ পৰা ট্ৰিপলিলৈ বদলি হব পাৰিলে জীৱন শৈলীৰ কিছু পৰিবৰ্তন সম্ভৱপৰ হব৷ আশাত বন্দী মানৱ মন !
লিবিয়ান ডিনাৰৰ অৱমূল্যণৰ বিপৰীতে আমাৰ দৰ্মহাৰ ৬০শতাংশ বৃদ্ধি হব পাৰে বুলি কথা এটা ওলাইছে৷ এনেবোৰ প্ৰচাৰ প্ৰবাসী কৰ্মচাৰীসকলৰ মন ভুলাই ৰখাৰ বাবেই বোধকৰো৷ কিয়নো দৰ্মহা নিদিয়াকৈ মাহৰ পিছত মাহ নাম মাত্ৰ ‘চুলফা'(অগ্ৰিম ধন) দিয়েই কৰ্তৃপক্ষই চলাই থাকে৷ বছৰৰ ওপৰ কাম কৰি যাবলৈ ওলোৱা সকলৰো প্ৰাপ্যখিনিৰ পৰা আয়কৰ আৰু বিজুলী-পানীৰ কৰৰ নামত এটা বুজন অংশ কাটি ৰাখে৷ আকৌ লিবিয়ান ডিনাৰৰ মূল্যৰ স্থিৰতা নোহোৱা হেতুকে এই দেশৰ নোট বিশ্বৰ আন কোনো দেশত নচলে৷
যোৱা কিছুদিনৰ পৰা মেডিকেল চুপাৰিনটেনডেন্ট ডা০ আব্দুল চালেমৰ সৈতে মোৰ সম্বন্ধৰ অৱনতি ঘটিছে৷কথাই প্ৰতি তেওঁৰ দাদাগিৰি আৰু মাতব্বৰী মনোভাৱে মোৰ সহ্যৰ সীমা কাহানিবাই চেৰাই গৈছে৷ মই অবাবতে তেওঁৰ কথা শুনি দিনে নিশাই এইদৰে কষ্ট কৰি আৰু বেচিদিন কাম কৰিব নোৱাৰিম বুলি আজি তেওঁক খাটংকৈ জনাই দিলোঁ৷
২৪ফেব্ৰুৱাৰী ২০০২, দেওবাৰ নিশা এঘাৰটা বজাত৷
মনলৈ আজি আকৌ ডিপ্ৰেচন আহিছে৷ দুমাহ কাম কৰিলোঁ – দৰ্মহা নাই৷ গধূলি বহা চেম্বাৰটো বিশেষ ৰোগী নাই৷ঘৰতো ৰুমুৰ অনেক দু:শ্চিন্তা – টকা পইচাৰ আশা বাদ দিয়া,কষ্ট কৰি বিদেশত কাম নকৰিলেও হব ইত্যাদি৷মোৰ ওচৰৰ খালি কোঠালিলৈ থাকিবলৈ চেলিমো অহা নাই৷বাতৰি কাকতত প্ৰকাশিত ‘লিবিয়াৰ চিঠি’ ডিব্ৰুগড়ত মা-দেউতাই পঢ়ি অৱমূল্যনৰ ফলত দৰ্মহা আধা হোৱাৰ বিষয়ে জানি আৰু পৰ্য্যাপ্ত সা-সুবিধাৰ নাটনিৰ বিষয়ে খবৰ পাই ৰুমুক ফোন কৰি কৈছে- তাক কোৱা ইমান কষ্ট কৰি লিবিয়াত থাকিব নালাগে৷
লিবিয়াৰ কাহিনীৰ উনৈছতম খণ্ড: (লিবিয়াত লিখা ডায়েৰীৰ পাতৰ পৰা)
২৫ফেব্ৰুৱাৰী ২০০২, সোমবাৰ সন্ধিয়াৰ ৮টা বজাত
চেম্বাৰৰ পৰা ঘূৰি আহিবৰ আধা ঘন্টা সময় হ’ল৷ আজিলৈকে মই চোৱা ৰোগীৰ বাবদ ২৮ডিনাৰ পালোঁ৷ সামান্য কিবা এটা অজুহাত দেখুৱাই এজন ৰোগীৰ ফিজ মোক নিদিলে৷ নিজৰ জমা পইচাও কেইবাদিনো তাগিদা দিয়াৰ মূৰতহে পালোঁ৷ কেম্পাচলৈ ঘূৰি অহাৰ পিছত ক’তো বহিবলৈ ঠাই নোলাল৷ ৰবি যাব ওলাইছে নাইট ডিউটিত৷ ডা০চক্ৰৱৰ্তী ৰুমত নাই৷ ঠিৰুও বাহিৰত ক’ৰবাত৷ ডা০ নৰসিংহমৰাওৰ নাইট ডিউটি৷ সৰু -ডাঙৰ যি কোনো লেথাত পৰিলেই নৰসিংহমে মোৰ কাষলৈ সহায় বা পৰামৰ্শ বিচাৰি আহে৷ মইহে দুবাৰ বাহিৰত যাবলৈ -এবাৰ মিছৰাতা,এবাৰ ট্ৰিপলি যাবলৈ লগ ধৰি বিমুখ হৈছোঁ৷ দুয়োবাৰেই ‘জিৰণী লব লাগে’ বুলি কলে৷ নৰসিংহম ডেকা লৰা, দক্ষিণ ভাৰতৰ কোনোবা এখন চহৰৰ ৷ বিয়া পাতিবৰ ৬মাহেই হোৱা নাই৷ তেওঁ লিবিয়ালৈ আমাতকৈ এমাহ পিছত আহিছে৷ এম বি বি এচ মানে ইয়াৰ জিপি ডাক্তৰ৷ কথা বতৰা পাতি গম পাইছোঁ ইয়াৰ পৰিবেশৰ সৈতে তেওঁ মুঠেই মিলিব পৰা নাই৷ আন এজন এওঁতকৈয়ো কমবয়সীয়া ডেকা ল’ৰা হ’ল দিল্লীৰ ডাক্তৰ আশীষ৷জি পি ডাক্তৰ আশীষৰ কথাই প্ৰতি ওজৰ আপত্তিৰ ওৰ নপৰে৷ গতিকে তেওঁলোকৰ ওচৰলৈ মোৰ যোৱাৰ কথা নুঠে৷ আনহাতে চেলিমৰ তালৈনো সঘনাই কিমান যাম৷ পৰিয়াল থকা মানুহ৷ মই গলেই চাহ-ভাত খোৱাই টিভিৰ আগত বহাই দেশ-দুনিয়াৰ মুকলি মেল আৰম্ভ কৰি আনন্দ পায়৷ চেলিমৰ কন্যাক দেখিলে সমবয়সীয়া মোৰ ডাঙৰ জী সুমনলৈ মনত পৰে – সেই কথাটো এই পাকিস্তানী দম্পত্তিহালে জানে বাবেই মোক তেওঁলোকৰ ঘৰত বেচি সময় বহাই ৰাখিবলৈ যত্ন কৰে৷
প্ৰসাদ বৰ কৌশলী চৰিত্ৰৰ লোক, বিশেষ প্ৰয়োজন নহলে তেওঁৰ ওচৰলৈ যাবলৈ ভাল নালাগে৷ আনহাতে বিনা আমন্ত্ৰণে পৰিবাৰ লগত লৈ অহা ডা০ মংগতৰাম আৰু ডা০ ৰাজকুমাৰৰ তালৈকো যাব ভাল নালাগে৷ লিবিয়াত আহি দেখা পাইছোঁ আমাৰ কিছুমান লোকে একো নকৰি শুই বহি থাকিয়েই সময় পাৰ কৰিবলৈ শিকিছে৷
কম সময়তেই উৰিষ্যাৰ ডাক্তৰ নাৰায়ণ চাহুৰ সৈতে মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছে৷ আমাতকৈ এবছৰ আগতে লিবিয়ালৈ আহিছে৷ চাৰ্জন হলেও কিছু জটিল যেন দেখিলেই অপৰাচেন কৰিবলৈ সংকোচ কৰিছিল৷ মই কেইবাটাও কেচত সাহস যোগাই লগ দি কেইটিমান কঠিন কেচ সফলতাপূৰ্বক সম্পন্ন কৰাত সহায়ক হলোঁ৷ এনেয়ো উৰিয়া মানুহ মোৰ ভাল লাগে৷ কথিত ভাষা শুনিবলৈ অসমীয়াৰ নিচিনা৷ আগতে উৰিষ্যাৰ ডা০ অক্ষয় কুমাৰ মহাপাত্ৰৰ সৈতে মই মেডিকেলৰ তৃতীয় বাৰ্ষিকত থাকোতেই হোৱা বন্ধুত্বৰ এনাজৰীডাল এতিয়াও বিচ্ছিন্ন হৈ যোৱা নাই৷ আমাৰ সৈতে একে সময়তে আহিছে দেহৰাডুনৰ চাৰ্জন ডাক্তৰ ৰাজীৱ গুপ্তা আৰু এনাচথেটিষ্ট ডা০ ভূপেন্দ্ৰ পাৰিখ৷ যথেষ্ট বয়সিয়াল ডাক্তৰ পাৰিখে বিৰক্তি লগাকৈ বেচি বেচি কথা কয়৷ অনৰ্গল অশ্লীল কথা তেওঁৰ শ্ৰীমুখৰ পৰা নিগৰি থাকে৷ পাৰিখৰ নিজৰ মতে “খানা তেওঁৰ নিৰামিষ, কিন্তু কথা সদায় আমিষ”!
ঈদৰ বন্ধত দুদিন কাম কৰাৰ বাবদ কাইলৈ আৰু পৰহিলৈ দুদিন ছুটি পালোঁ৷ কাকো লগ নোপোৱাত অকলেই ট্ৰিপলিলৈ যাব ওলাইছোঁ৷ দুজনমানে খবৰটো পাই নিজ নিজ এম্বেচীৰ কামো মোক গতাই থৈ গ’ল৷ ট্ৰিপলি পৰা জাভিয়ালৈ নিশা থকাকৈ যোৱাৰ আঁচনি৷ মি০ মেহমুদক এবাৰ ফোনযোগে মোৰ বদলিৰ কথাটো মনত পেলাব লাগিব৷ এম্বেচীৰো সহায়ৰ হয়তো প্ৰয়োজন হব৷
২৮ফেব্ৰুৱাৰী ২০০২, বৃহস্পতিবাৰ নিশাৰ ১১টা বজাত
যোৱা দুদিনৰ ছুটীৰ সময়ছোৱাত মোৰ ট্ৰিপলিলৈ যোৱা নহ’ল৷ হাতত ডিনাৰৰ নাটনি আৰু ঘূৰি আহি মন বেচিকৈ বেয়া লগাৰ আশংকাত৷ সমস্যাৰ সন্মুখীন হলেহে সমাধান ওলায়, গতিকে পলায়ন কৰাতকৈ পৰিস্থিতিৰ মুকাবিলা কৰাই ভাল বুলি ভাবিলোঁ৷ ডা০চক্ৰৱৰ্তীয়ে এদিন আলহী হবলৈ মাতিলে৷ তেওঁৰ লগত আলোচনা কৰিন ন অভিজ্ঞতাৰ বৰ্ণনা দি ‘লিবিয়াৰ চিঠি’ৰ পৰৱৰ্তী এটা খণ্ড লিখি ভালদৰে প্ৰতিলিপি কৰি ৰেজিষ্টাৰ্ড ডাকযোগে প্ৰকাশৰ বাবে পিছদিনা পুৱা প’ষ্ট কৰিলোঁ৷ ডিব্ৰুগড়ত থকা মা-দেউতালৈকো এখন চিঠি আজিয়েই ডাকত দিলোঁ৷ আমাৰ দৰ্মহাৰ সংশোধন হব বুলিও জনালোঁ৷ চিঠি দুখন ডাকত দি মনটো কিছু ফৰকাল যেন লাগিল৷ কাকতত সুদূৰৰ পৰা প্ৰেৰিত লিখনি প্ৰকাশিত হলে আৰু মানুহৰ সমাদৰ পাইছে বুলি অৱগত হলে মনটো সঁচাই ভাল লাগে৷
আজিৰ দুটা উল্লেখযোগ্য ঘটনাই বন্ধুমহলত বৰ চৰ্চা লাভ কৰিছে৷ প্ৰথমটোৰ কেন্দ্ৰ বিন্দু হ’ল আমাৰ লগত একেলগে অহা ডাক্তৰ ছিৰাজুদ্দিন৷ জি পি ডাক্তৰ ছিৰাজুদ্দিনৰ ঘৰ হায়দৰাবাদত৷ আগতে চৌডি আৰবত দুবছৰ কাম কৰাৰ অাভিজ্ঞতা থকা ছিৰাজুদ্দিনে সললসলিয়াকৈ আৰবী কব পাৰে৷ ছিৰাজক নিজা সহায়ৰ বাবে মেডিকেল চুপাৰিটেনডেন্ট ডাক্তৰ আব্দুল চালামে নিজে বহা ক্লিনিকত বহাৰ সুবিধা কৰি দিছিল৷ এতিয়া এনেকুৱা হব ধৰিছে যে ডা০ আব্দুল চালামৰ ৰোগী দিনক দিনে কমিছে আৰু ডা০ ছিৰাজুদ্দিনৰ ৰোগী দিনক দিনে বাঢ়িছে ৷ছিৰাজৰ মতে এতিয়া সপ্তাহত ছিৰাজৰ ১০০ডিনাৰকৈ আয় হৈছে৷ঈৰ্ষান্বিত ডা০ আব্দুল চালামে ছিৰাজৰ সেই চেম্বাৰত বহা বন্ধ কৰি দিব বিচাৰিছে৷ সেইলৈ মেডিকেল চুপাৰিনটেনডেন্টৰ লগত আমাৰ ছিৰাজুদ্দিনৰ আজি দূৰ্বাদল কাজিয়া লাগিল৷
আনটো চৰ্চিত ঘটনাৰ নায়ক হ’ল ডাক্তৰ নৰসিংহমৰাও৷ ঘৰৰ পৰা খবৰ আহিল ডাক্তৰ নৰসিংহমৰাওৰ নৱবিবাহিতা পত্নী নিজৰ পতিৰ লিবিয়াত হোৱা দূৰ্গতিৰ কথা শুনি মানসিকভাবে অসুস্থ হৈ হস্পিতেলত চিকিৎসাধীন হবলগীয়া হৈছে৷সেয়ে আজি ডাক্তৰ নৰসিংহমৰাৱে কাম এৰি ঘৰলৈ ঘূৰি যোৱাৰ কথা ৰাজহুৱা কৰিলে৷আজিৰ পৰা তেওঁ ডিউটিত যোৱা বন্ধ কৰিলে আৰু এতিয়াৰ পৰা প্ৰতীক্ষাৰত হৈ ৰব যেতিয়ালৈকে এস্কিট ভিজা নাপায় আৰু এস্কিট ভিজা পালেহে নিজৰ পইচাৰে টিকট কাটি ঘৰমুৱা হব পাৰিব৷
–ডা: ভূপেন্দ্র শইকীয়া