প্ৰাপ্তি — দিবাকৰ দত্ত
কণমানি জনীয়ে ছবি আঁকিবলৈ শিকিছে৷ বগা ক’লা ফুটফুটীয়া ফুলেৰে জকমকীয়া ফ্ৰকটোৰে গোটেইজনী পৰী যেন লগাকৈ ধুনীয়া লাগিছে৷ ছবিও আঁকে ধুনীয়াকৈ… ফুলৰ ছবি, তৰাৰ ছবি …৷
দেউতা দেউতা চোৱা না মই এইখন আঁকিছোঁ, কোৱা না ধুনীয়া হৈছেনে? কণমানি হাত দুখনেৰে আকাশৰ ফালে যিমান পাৰি ওপৰলৈ ডাঙি ধৰিলে ছবি অঁকা কাগজখন৷
দেউতাক নিমাত…… নিস্তব্ধ……
ৰাতিৰ আকাশৰ সহস্ৰ তৰাৰ মাজৰ এটি তৰা যেন হঠাৎ বেছিকৈ জিলিকি উঠিল … এচাটি পোহৰ বিচ্ছুৰিত হৈ কণমানিজনীৰ ছবিখন পোহৰাই তুলিলে …
তাইৰ কণমানি নীলা চকুযুৰি মুদখাই যোৱাকৈ হাঁহি এটা বাগৰি গ’ল ……৷
(ছাঁ লৈ )