ভিচিপি, ভিচিআৰ আৰু কৈশোৰ – দিগন্ত কুমাৰ ভট্টাচাৰ্য)
মামা, পেহী অথবা ওচৰৰে কাৰোবাৰ ঘৰত গোটেই নিশা (মানে আমাৰ ভাষাত ’হোল নাইট’) ভিচিআৰ অথবা ভিচিপি ভাৰাত আনি চিনেমা চোৱাটো এই গৰমবন্ধৰ সময়চোৱাত কৈশোৰত আমাৰ অন্যতম এটা ’কাম’ আছিল৷ মাহঁতক অনুমতি দিবলৈ সৈমান কৰোৱাটো আছিল অৱশ্যেই ’চেলেঞ্জিং’! !
’এক ৰাতিত চাৰিখন কেছেট নাচালে কিহৰ চিনেমা চোৱা হ’ল ও’ -কোনোবা এজনে মাত দিছিল৷
সন্ধিয়া সাতমান বজাৰ পৰা আৰম্ভ হৈছিল এই চিনেমা চোৱাৰ ’প্ৰক্ৰিয়া’৷ মিঠুনৰ দুখন ’মাষ্ট’!
প্ৰকাণ্ড বেগ এটাত ’ভিচিপি’ বা ’ভিচিআৰ’টো ডাঙি লৈ টিভিটোৰ লগত সংযোগ স্থাপন কৰি আমাক ঘৰতে ভৰিৰ ওপৰত ভৰি তুলি চিনেমা চাবলৈ সুবিধা কৰি দিয়া সেই যুৱকজন আছিল আমাৰ কাৰণে ভগৱান! আস..ইম্মান জানে তেওঁ!
এটা সময়ত আৰম্ভ হৈছিল ইখনৰ পাছত সিখনকৈ চিনেমা! মাজতে ভাত খোৱাৰ ’ব্ৰেক’! হঠাতে কেছেটখন ফঁচিলে বা ভিচিপি’ৰ মুখখনে জেঠীয়ে জিভা উলিওৱা দি কেছেটখন বাহিৰলৈ উলিয়াই দিলে লাগিছিল হাঁহাকাৰ৷ অলপ জনাসকলে ’পাৰিম ৰহ মই ঠিক কৰিবলৈ’ বুলি কিছু চেষ্টা দিছিল৷ বৃথা হ’লে আকৌ দোকানলৈ সেই যুৱকজনক বিচাৰি চাইকেল মাৰি মাৰি যোৱা, ঘৰত ৰৈ থকা কেইজনে ’ইহঁত অহালৈ সৰুপানীকে চুই আজৰি হোৱা’..কমবোৰ কাম আছিল নে!
আকৌ আৰম্ভ হৈছিল চিনেমা! মাজৰাতিলৈ চিনেমাৰ সংখ্যা আৰু সময়ৰ সমীকৰণ মিলাব নোৱাৰি দুই-এজনে কৈছিল-’গান বোৰ যাবা দি! ..কাটি দে’৷ গান আৰম্ভ হোৱাৰ লগে লগে ৰিমোট হাতত লৈ থকাজনে ’ফ’ৰৱাৰ্ড’ কৰাত লাগি যায়৷ ৰিমোট হাতত থকাজন অলপ অভিজ্ঞ প্ৰাণী৷ আমি পটাপট খৰকৈ পাৰ হৈ গৈ থকা দৃশ্যবোৰ দেখি আমোদ পাওঁ৷
’এই গান গ’ল গ’ল…’- কোনাবাই চিঞৰিছিল৷ ’টাইমিং’ মিলাব নোৱাৰি ৰিমোট লোৱাজনে আকৌ লাহে লাহে ৰিৱাইণ্ড কৰে৷ চেষ্টা- গানটোৰ একেবাৰে শেষ অংশলৈ কেনেদৰে পাৰ্গতালি দেখুৱাই আনিব পাৰি৷
’হৈছে দে, তিনিমিনিট অগা-পিছা কৰি থাকোতে গ’ল..তাতকৈ ’গোবিন্দো’ৰ (গোবিন্দা) ডেন্সটোকে চাব পাৰিলোঁহেঁতেন! ’- কোনোবা এজনৰ বিৰক্তি!
এনেকৈ ৰাতিপুৱালৈ চকু ফুলাই আমি সগৌৰৱে পাছদিনা ঘোষণা কৰিছিলো-’চাৰিখন চালোঁ! ! ’
কেতিয়াবা সময়সীমা অতিক্ৰম কৰিলে সেই দোকানৰ যুৱকজনে যেতিয়া পুৱাই ’ভিচিআৰ’ আৰু কেছেট ঘূৰাই ল’বলৈ আহিছিল, সেইখিনি সময় আছিল অতি বিৰক্তিকৰ৷
’দাদা, ৰাতি লাইটেই নাছিল৷ অলপ সময় দিয়ক না..এখনৰ অলপ বাকী আছে’- আমাৰ কাতৰ অনুৰোধ৷
বিৰক্তি দেখুৱাই তেওঁ ৰৈছিল-’অলপ এক্সট্ৰা লাগিব কিন্তুু’৷ অৱশেষত একাপ ’চাহ’ আৰু তেল বৈ যোৱা ’পাপড়’ ভজা খাই তেওঁ মান্তি হৈছিল ’ফ্ৰীতে এক্সট্ৰা টাইম’ দিয়াৰ কাৰণে৷ আমিও হৈছিলোঁ সুখী!
সোণোৱালী কৈশোৰ!