পোহৰ (দীপাঙ্ক বৰা)
কিমান পৰৰ পিছত চেতনা ঘুৰাই পাই চকু মেলিছিলোঁ গমেই পোৱা নাছিলোঁ। অন্ধকাৰ কোঠাটোৰ সেমেকা মজিয়াখনত পৰি আছিলোঁ মই৷ সমগ্ৰ শৰীৰত অসহ্য বেদনা৷ অণ্ঠ-কণ্ঠ শুকাই গৈছিল৷ সেপ গিলি শুকান হৈ পৰা ওঁঠযোৰত জিভাখন বুলাই দিওঁতে অনুভৱ কৰিছিলোঁ মুখমণ্ডলৰ ওপৰৰ আঘাতপ্ৰাপ্ত স্থানৰ পৰা বৈ আহি গোট মৰা তেজৰ লুণীয়া সোৱাদ৷ সোঁহাতখন ক্ষতস্থানবোৰ চুই চাবলৈ দাঙোতে কান্ধৰ ওচৰত অনুভূত হোৱা অসহনীয় বিষত কাতৰ হৈ পৰিছিলোঁ৷ কিছুপৰ ৰৈ পুনৰ উঠিবলৈ চেষ্টা কৰিছিলোঁ৷ অশেষ চেষ্টাৰ পাছত কোনোৰকম দেৱালত ভেজা দি মজিয়াখনত বহিবলৈ সক্ষম হৈছিলোঁ৷ সহায়ৰ বাবে আপ্ৰাণ কষ্টৰে কাৰোবাক চিঞৰিছিলোঁ৷ কিন্তু কাৰো একো সহাৰি নাছিল৷ কি হৈছিল কথাবোৰো মনত পৰা নাছিল৷ দূৰত কুকুৰাই ডাক দিয়া শুনিছিলোঁ৷ পোহৰ হ’বলৈ বা আৰু কিমান পৰ!
সৌভাগ্যবশতঃ ভৰিদুটা লৰচৰ কৰোঁতে বিশেষ অসুবিধা পোৱা নাছিলোঁ। শৰীৰৰ ওপৰ অংশ আৰু বাহু এটাহে বেয়াকৈ জখম হৈছিল। বাওঁহাতখনৰে মূৰটো চুই চাওঁতে নিগৰি নিগৰি ভাগৰি পৰা খমলা বন্ধা তেজৰ চেকুৰাবোৰ হাতত লাগিছিল৷ চকুদুটা মুদি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিছিলোঁ৷ মই কোন…মোৰ কি হৈছিল! হঠাৎ তাইলৈ মনত পৰিছিল৷ আস….কলৈ লৈ গ’ল তাইক? নে তাইও পৰি আছে কোঠাটোৰ কোনোবা এটা চুকত অৰ্ধমৃত বা এটা মৃতদেহ হৈ৷ আন্ধাৰৰ মাজেদি লাহে লাহে কথাবোৰ মন আৰু মগজুলৈ ভাঁহি আহিছিল৷
সাম্প্ৰদায়িক দল-সংগঠন কিছুমানৰ সহায়ত চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছৰ পৰাই যেন সকলোৰে মনত অবিশ্বাস আৰু ঘৃণাই গা কৰি উঠিছিল৷ সিহঁত বেয়া ..আমি ভাল , সিহঁতৰ ধৰ্ম ঘৃণনীয়.. আমাৰ ধৰ্ম পবিত্ৰ , সিহঁত বিধৰ্মী… আমি ধাৰ্মিক ইত্যাদি ভাৱবোৰ সকলোৰে মনত বিয়পি পৰিছিল বজাৰৰ মাজৰ কেতিয়াও চাফা নকৰা ৰাজহুৱা শৌচাগাৰবোৰৰ লেতেৰা গোন্ধটোৰ দৰে৷
সেই অসহনীয় ঘৃণনীয় গোন্ধবোৰৰ মাজতে মই এদিন তাইক দেখিছিলো৷ কোনোবাই কৈছিল… নাচাবি তাইলৈ ..নপৰিবি তাইৰ প্ৰেমত … সিহঁত আমাতকৈ বেলেগ৷ কাৰণ সিহঁতৰ ধৰ্ম বেলেগ৷
মোৰ কিন্তু তাইক অকণো বেলেগ যেন লগা নাছিল৷ পুৱাতে মোৰ ঘৰৰ সন্মুখৰ ৰাজহুৱা পানীকলটোৰ পৰা খোৱা পানী একলহ নিবলৈ শাৰী পাতেহি৷ মই খিৰিকিৰে জুমি চাওঁ৷ এদিন চকুৱে চকুৱে পৰাত শংকিত হৈ পৰা যেন লাগিছিল তাইক৷ তাইৰ শংকিত মুখখন দেখি বেয়া লাগিছিল৷ জুমি চাবলৈ বাদ দিম বুলি ভাবিছিলোঁ, আজলী কপৌচৰাই হেন ছোৱালীজনীৰ কিবা বিপদ হয় বুলি৷ কিন্তু সেই চকুহালৰ অজান মায়াৱী চাৱনিটো পাহৰিব নোৱাৰি আকৌ এদিন জুমি চাইছিলোঁ৷ অলপদিনৰ পাছত মোৰ চকু তাইৰ চকুহালত পৰিলে কোমল ওঠহালত হাহিঁৰ পৰশ পৰা যেন লাগিছিল৷ মই নাচালেও তাইৰ চকুহালে মোৰ চকুহালৰ সন্ধান কৰে বুলি ভাৱ হৈছিল৷
প্ৰেমত পৰিছিলোঁ মই সেই ছোৱালীজনীৰ লগত৷ খিৰিকিয়েদি জুমা বন্ধ কৰি ৰাতিপুৱা দুৱাৰ খুলি বাহিৰলৈ ওলাই অহা হৈছিলোঁ৷ আনৰ চকুত ধৰা পৰোঁ বুলি অলপ দূৰৈত গৈ তাইৰ মৌসনা মাতটো শুনিবলৈ চেষ্টা কৰিছিলোঁ৷ কথা পাতি সময় নষ্ট কৰিবলৈ সময় নাছিল তাইৰ৷ পানী নিয়াত পলম কৰিলে মাহীমাকে মাৰে হেনো তাইক৷ মাত্ৰ এদিন সেইষাৰ কথা কৈছিল তাই কেঁকুৰিটোত এখন্তেক ৰৈ৷ সেই কেকুৰিটোত ৰ’লে আমাৰ চুবুৰীৰ পৰাও নেদেখে..সিহঁতৰ সৰু গাওঁখনৰ পৰাও নেদেখে৷ তাতেই মই ৰৈ থাকো৷ তাই সেইখিনিতেই মূৰটো ঘুৰাই মোলৈ এবাৰ চাই…ময়ো …! এপলকৰ বাবে আমাৰ চকুদুহালৰ মিলন ঘটে৷ মৌন ভাষাৰে হাজাৰটা কথা কওঁ৷ তাইও মোৰ প্ৰেমত পৰিছিল৷
মানুহবোৰে গম পাই মোক সাৱধানবাণী শুনাইছিল৷ তাই এদিন সন্ধিয়া সময়ত সেই কেঁকুৰিটোত পিঠিখন উদঙাই হাহিঁ হাহিঁ মোৰ প্ৰেমত পৰাৰ প্ৰমাণ দেখুৱাইছিল৷ মোক তাই ভাল পাই বুলি গম পাই মাহীমাকে তাইৰ শৰীৰত আধাপোৰা খৰিৰে দাগ দি অপ্ৰেমৰ শপত খুৱাইছিল৷ হাহিঁ হাহিঁ কথাকেইটা কৈ তাই কান্দিছিল৷ মই তাইক ভাল নাপাওঁ বুলি ক’ব নোৱাৰিলোঁ৷ ক’লোঁ… তোমাক আৰু লগ নধৰোঁ৷ ভগৱানক কৈ পাৰিলে অহা জনমত দুইটা একেটা ধৰ্মতে জন্ম ল’ম বুলি শপত খালো৷ ভগৱানে বাৰু আমাৰ শৰীৰত ধৰ্মীয় চিহ্ন একোটা দি জনম দিব পাৰিবনে? কাফেৰ আৰু জেহাদীহঁতৰ তেজৰ ৰঙবোৰ বেলেগ বেলেগ কৰি দি পঠাব পাৰিবনে বাৰু ভগৱানে? দুখ সুখৰ অনুভূতিবোৰো বেলেগ কৰি দিলে ভাল হ’ব৷ ভগৱানক ক’ব লাগিব৷
তাইক লগ কৰা বন্ধ কৰিছিলোঁ মানুহে দেখে বুলি৷ কেতিয়াবা ৰাতিপুৱা বন্ধ খিৰিকিৰ আইনাৰে জুমি চাওঁ৷ তাইৰ কৰুণ চকুহাল দেখি ধৰ্ম, সমাজ সকলো পাহৰি তাইক নিজৰ কৰি ল’বলৈ দুৰ্বাৰ হেপাঁহ জাগে৷ কিন্তু নোৱাৰোঁ৷ তাইৰ কিবা অপকাৰ হয় বুলি তেনেকুৱা কৰিবলৈ সাহে নুকুলাই৷
নতুন চৰকাৰ খনে শাসনভাৰ লোৱাৰ পাছৰ পৰাই দেশৰ উন্নতি হ’বলৈ ধৰিছিল৷ চুবুৰীয়ে চুবৰীয়ে, গাঁৱে-গাঁৱে দমকলৰ পানী, বিজুলী চাকিৰ পোহৰ বিয়পি পৰিছিল৷ চাফা হৈ পৰিছিল দেশৰ চুক-কোণ। কিন্তু মানুহবোৰৰ মনৰ বতাহত সংগোপনে বিয়পিছিল সেই ৰাজহুৱা শৌচাগৰৰ লেতেৰা গোন্ধটো৷ কৰ’বাত যদি কাৰোবাক কাফেৰ বুলি কোনোবা পিশাচে শিৰচ্ছেদ কৰিছিল, কৰ’বাত কোনোবা পিশাচে আকৌ ধৰ্মীয় স্থলবোৰ ভাঙি দি বৃদ্ধা সন্যাসিনীকো নিৰ্মমভাৱে বলাৎকাৰ কৰি সেই লেতেৰা গোন্ধটোৰে বুকু ভৰাই তৃপ্তিৰ উশাহ লৈছিল৷ সেই প্ৰলয়ংকৰী বতাহজাকে আমাৰ সৰু চহৰখনতো কোবাইছিলহি৷ ধুমুহাজাকত আতংকিত হৈ পৰি অবিশ্বাস আৰু ঘৃণাৰ বৰষুণত ভিজিছিল যেন সকলো৷ ভয় লাগিছিল মোৰ৷ আজলী কপৌচৰাই হেন মোৰ মৰমী প্ৰেয়সীৰ কিবা অনিষ্ট হয় বুলি। তাই যে বেলেগ ধৰ্মৰ৷ তাতে সিহঁতৰ সংখ্যা আমাৰ চহৰখনত একেবাৰে কম৷
গোপন আলোচনা চলিছিল মানুহবোৰৰ মাজত৷ মানুহবোৰে ভয় কৰিছিল নিজৰ নিজৰ ধৰ্ম নিশ্চিহ্ন হৈ যায় বুলি৷ পাহৰি গৈছিল মানুহৰ সংজ্ঞা৷ পাহৰিছিল বিভিন্ন ধৰ্মৰ ভগৱানে শিকোৱা মহান মানৱ ধৰ্মৰ কথা৷ মানুহে মানুহক ভাল পোৱাৰ কথা৷ আগদিনাৰ কথাবোৰ মনত পৰিছিল৷ পুৱতি নিশাতে কোনোবাই প্ৰেয়সীহঁতৰ সৰু গাওঁখনৰ ঘৰবোৰ জ্বলাই দিছিল৷ লগত জ্বলিছিল পলাব নোৱাৰা বৃদ্ধ-বৃ্দ্ধা আৰু অকণমানি শিশুবোৰ৷ কপৌজনীৰ বাহটো বচাব নোৱাৰিলেও তাইক পলুৱাই আনি লুকুৱাই থৈছিলোঁ মোৰ ঘৰৰ ভিতৰত৷ চকুৰ আগত জ্বলি ছাঁই হৈ যোৱা ঘৰ খন, সতীয়া ভাই- ভনীয়েকহঁতৰ কণ কণ মৃতদেহবোৰে সৃষ্টি কৰা প্ৰেয়সীৰ গাৰ কঁপনি বন্ধ হোৱা নাছিল গোটেই দিনতো। উচুপনিত তাইৰ গাটো জিকাৰ খাই খাই মোৰ মনত সৃষ্টি কৰিছিল অক্ষমতাৰ আক্ৰোশ৷
এজনী বিধৰ্মী ছোৱালীক মই আশ্ৰয় দিয়াৰ কথাতো সন্ধিয়ালৈ ধাৰ্মিক মানুহবোৰৰ মাজত জনাজাত হৈ পৰিছিল৷ অলপ পিছতে এজাক উন্মত্ত মানুহ মোৰ সৰু ঘৰটোৰ দুৱাৰ ভাঙি সোমাই আহিছিল৷ আপ্ৰাণ চেষ্টা কৰিও নোৱাৰিলোঁ ধৰ্মৰ মুখা পিন্ধি সোমাই অহা মানুহৰূপী সেই পাষণ্ডবোৰৰ পৰা নিজৰ প্ৰেয়সীক ৰক্ষা কৰিব৷ নোৱাৰিলোঁ ভূ-লুণ্ঠিত মানৱতাক ৰক্ষা কৰিব৷ সিহঁতবোৰে মোৰ দেহত তৰোৱাল আৰু লাঠিৰে আঘাত কৰি চকুৰ সন্মুখতে নিজৰ ধৰ্ম ৰক্ষা কৰিলে এজনী অসহায় ছোৱালীৰ অসূৰ্য্যস্পৰ্শা কোমল শৰীৰটোৰ সোৱাদ লৈ৷ মনত পৰিছিল ..মই চেতনা হেৰুওৱাৰ ঠিক আগে আগে তাই কেইবাটাও পাষাণৰ দ্বাৰা পিষ্ট হৈ মোলৈ এবাৰ অসহায় দৃষ্টিৰে চাইছিল৷ একো ক’ব পৰা নাছিল তাই৷ কোনোবাই তাইৰ মুখখন সোপা মাৰি ধৰি আছিল, কোনোবাই হাতদুখন আৰু কোনোবাই……।
পৰজনমত লগপোৱাৰ প্ৰতিশ্ৰুতিৰে তাই যেন চকুহাল মুদি চিৰ শান্তি লভিছিল৷ কলৈ গ’ল বাৰু তাই৷ আন্ধাৰত একো দেখা পোৱা নাছিলোঁ৷ আছেনে বাৰু জীয়াই মোৰ মৰমী প্ৰেয়সী৷ নে কোনোবাই লৈ গ’ল তাইক? দূৰৈত আকৌ কুকুৰাই ডাক দিছিল৷ অধীৰ হৈ পোহৰ হোৱালৈ অপেক্ষা কৰিছিলোঁ৷ পোহৰ হ’লেই তাইক বিচাৰি যাব লাগিব৷ কিন্তু পোহৰৰ বাবে বেছি দেৰি অপেক্ষা কৰিবলগীয়া নহ’ল৷ আগৰাতিৰ ঘটনাটোৰ চিন-মোকাম নোহোৱা কৰি বেলেগ ৰূপ দিবলৈকে বোধকৰো কোনোবাই মোৰ সৰু ঘৰটোত জুই লগাই দিছিল৷ আৰু দাও দাও কৈ জ্বলি উঠা সেই জুইকুৰাৰ পোহৰতে দেখিছিলোঁ কোঠাটোৰ ভিতৰতে মোৰ পৰা অলপ আঁতৰতে পৰি আছে মোৰ প্ৰেয়সীৰ নগ্ন নিস্প্ৰাণ দেহটো৷ দুভৰিৰ সন্ধিস্থলত জাক জাক পৰুৱাৰ লানি৷ মোৰ প্ৰেয়সীৰ দেহৰ পৰা বৈ আহি গোটমৰা তেজ আৰু ধাৰ্মিক মানুহবোৰৰ সক্ষমতাৰ সোৱাদ ল’বলৈ৷ ক্ষুধাতুৰ পৰুৱাজাকক আগৰাতিৰ সেই ধাৰ্মিক মানুবোৰৰ নিচিনাই লাগিছিল৷ আগদিনালৈকে অসূৰ্য্যস্পৰ্শা হৈ থকা তাইৰ দেহৰ ক্ষত বিক্ষত গোপন অংগবোৰ আকৌ কোনোবাই দেখে বুলি কাষৰ বিচনাখনৰ বগা কাপোৰখনেৰে দেহটো ঢাকি পৰজনমত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কাহানিও স্পৰ্শ নকৰা প্ৰেয়সীৰ কোমল নিস্প্ৰাণ দেহটো আকোৱালি মইও কাষতে শুই পৰিলোঁ৷ ক্ষন্তেক পিছতে লেলিহান জুইকুৰাইও আমাক দুয়োকে আলফুলে সাৱটি লৈছিল৷ ভয়াল ৰাতিটো পুৱাইছিল যদিও সেইদিনা যেন বেলিটোৱে জীয়াই থকা ধৰ্মোন্মাদ মানুহ নামধাৰী পিশাচবোৰক পোহৰ বিলাবলৈ লাজ কৰি এসোপা ক’লীয়া ডাৱৰৰ মাজত মুখ লুকুৱাইছিল!!