এক অভিলাষী আঁচনিৰ বিষয়ে দুআষাৰ (ডা° ভূপেন শইকীয়া)

চাৰি মহলীয়া মোৰ ক্লিনিকৰ ভৱনটোৰ তৃতীয় মহলাত মোৰ চেম্বাৰ৷ বৃহৎ আকাৰৰ আইনাৰ মাজেদি মই মন গলেই বাহিৰৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰোঁ৷ এই আহল বহল খিৰিকীৰ মাজেদি যোৱা চাৰিটা বছৰত মোৰ চকুৰ আগত বহু পৰিবৰ্তন ঘটা দেখা পালোঁ৷ দহমহলীয়া কিউটেলৰ বিশাল ভৱনৰ নিৰ্মাণ আৰম্ভণিৰ পৰা সম্পূৰ্ণ হোৱালৈ; অল চাডৰ চিগনেলৰ ৰাস্তাৰ প্ৰয়োজনীয় পৰিবৰ্তন; অল চাড ৰেলৱে ষ্টেচনৰ দিবা নিশাই অহৰ্নিশে চলি থকা নিৰ্মাণৰ কামৰ অগ্ৰগতি – এই সকলো মোৰ চকুৰ আগত নিতৌ ন ন চিত্ৰপটৰ দৰে সলনা-সলনি হৈ চলি থাকে৷ আন অগতানুগতিক দৃশ্যও কেতিয়াবা চকুত পৰে যেনে গাড়ীৰ দুৰ্ঘটনা আৰু এম্বুলেঞ্চ, পুলিচৰ তৎপৰতা৷ আকৌ দেখা পালোঁ কালি ভাটিবেলা দুজন লোকে এখন সৰু গাড়ী থেলি আনি মূল পথৰ পৰা চাৰ্ভিচ লেনত আনি সুমুৱাইছেহি৷ গাড়ী বেয়া হোৱাৰ দৃশ্য ইয়াত বৰ বিৰল৷

11162212_962219673798655_5386673801260894665_n
২০০৮চনত সেই সময়ৰ কাটাৰৰ প্ৰশাসক (আমীৰ) বৰ্তমানৰ আমীৰৰ পিতৃয়ে ঘোষণা কৰিলে কাটাৰৰ উন্নতিৰ হেতুকে দেশখনত মেট্ৰ ৰেল আৰম্ভ কৰা হব৷ সেইমতে ২০১১চনত কাটাৰ ৰেলৰ স্থাপনা হ’ল৷ সদ্যহতে প্ৰাৰম্ভিক পৰ্য্যায়ত বৃহত্তৰ ডোহাৰ চৌদিশ সাঙুৰি তিনিটা লাইন (ৰেডলাইন, গ্ৰীনলাইন বা এডুকেশ্বন লাইন আৰু গোল্ডলাইন বা হিষ্ট’ৰিক লাইন) বহাবলৈ পৰিকল্পনা লোৱা হৈছে৷
আটাইতকৈ প্ৰমুখ ৰেডলাইনটো হ’ল ডোহাৰ উত্তৰত অৱস্থিত লুচেইল চিটিৰ পৰা আৰম্ভ হৈ অল ৱাক্ৰা আৰু হামাড ইন্টাৰনেশ্বনেল এয়াৰপ’ৰ্টলৈকে৷ এই লাইনটো আগলৈ মিচেইডলৈ সম্প্ৰসাৰিত হব পাৰে৷ দ্বিতীয় গ্ৰীনলাইনটো মুশ্বেইৰ’বৰ পৰা এডুকেচন চিটি হৈ অল ৰায়ানলৈকে যাব৷ তৃতীয় গোল্ডলাইনে পৌৰাণিক চৌক ৱাকিফ, বিন মামুদ, অলচাড, অলৱাবহৈ এচপায়াৰ জ’নৰ স্পৰ্টচ চিটিলৈ যাতাযাতৰ সুবিধা দিব৷ ৰেডলাইনে কাটাৰা, ডোহা এক্সিবিচন চেন্টাৰ, ৱেষ্ট বে, কৰনীচ,অল বিডা, অল ডোহা-অল জায়ডা আৰু অল মাটেৰক স্পৰ্শ কৰিব৷ তিনিওটা পথত মুঠ ৩৭টা ৰেলষ্টেচন হব৷ কেউটা পথৰ সৰ্বমুঠ দূৰত্ব হব ১১৩ কিলোমিটাৰ৷ ২০১৯ চনত কাটাৰৰ প্ৰথমখন মেট্ৰ ৰেলৰ শুভাৰম্ভ হব বুলি ঠাৱৰ কৰা হৈছে৷
বৰ্তমান কাটাৰ ৰেলৰ এই প্ৰকল্পত বিশ্বৰ নানা দেশৰ সৰ্বমুঠ ১৮,৫০০ কৰ্মচাৰী নিয়োজিত হৈছে৷ নিয়োগ কৰা হৈছে এশৰো অধিক কনট্ৰেক্টৰ আৰু চাব কনট্ৰেক্টৰ ৷ অদূৰ ভবিষ্যতত নিশ্চিতভাবে কৰ্মদল আৰু বৃদ্ধি পাব৷ সদ্যহতে মই জনাত এজন অসমীয়া গুৱাহাটীৰ জালুকবাৰীৰ নৱজ্যোতি দাস কাটাৰ ৰেলৰ প্ৰকল্পত জড়িত আছে৷ সদ্যহতে আমাৰ ক্লিনিকে এই সকলো কৰ্মচাৰীৰ চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ দায়িত্ব লাভ কৰিছে৷
বিভাগীয় প্ৰেছ বিজ্ঞপ্তিমতে জাৰ্মানীৰ পৰা এশ নিযুত কাটাৰী ৰিয়াল মূল্যৰ ২১টা শক্তিশালী টানেল বৰিং মেচিন আনি ইয়াত টানেল বনোৱাত লগোৱা হৈছে৷ টানেলৰ কামত নিয়াজিত অধিকাংশ কৰ্মচাৰীয়েই চিংগাপুৰ আদি ঠাইৰ মেট্ৰৰেলৰ কামৰ অভিজ্ঞতাৰে পৰিপুষ্ট৷ মুঠ ১১৩কিলোমিটাৰৰ ২০কিলোমিটাৰ টানেলৰ কাম এতিয়ালৈ সম্পূৰ্ণ হৈছে৷ এই গতিত কাম চলিলে এই বছৰৰ ভিতৰত ৩০শতাংশ কাম সম্পূৰ্ণ হব বুলি ধাৰণা কৰা হৈছে৷11188275_962756080411681_504638687395060871_n
কাটাৰৰ মেট্ৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হলে বৰ্তমানৰ ট্ৰেফিক জামৰ আৰু যানযঁতৰ সমস্যাৰ ভালেখিনি সমাধান হব৷ ইতিমধ্যে চুবুৰীয়া দেশ সংযুক্ত আৰব আমীৰাটৰ ডুবাইত চলা চালকবিহীন মেট্ৰ ৰেল বহুতো দেশৰ বাবে এক ঈৰ্ষাৰ বিষয়৷ ২০২২চনৰ বিশ্বকাপ ফুটবলৰ আয়োজনতো এই ব্যৱস্থা নিশ্চয় ভালেখিনি সহায়ক হব৷এইটো বহলভাবে জনাজাত যে লুইচেল চিটি আৰু অল ৰায়ানৰ নিৰ্মিয়মান ষ্টেডিয়ামত ফিফাৰ বেচিভাগ মেছ অনুষ্ঠিত হব৷ ২৩এপ্ৰিলৰ কাটাৰৰ প্ৰায়বিলাক সংবাদ পত্ৰত অল ৰায়ানৰ ষ্টেডিয়ামৰ কম্পিউটাৰ চিত্ৰ প্ৰকাশিত হৈছে৷ কাটাৰ চৰকাৰৰ মুখপাত্ৰই পুনৰবাৰ ঘোষণা কৰিছে বিশ্বকাপ ফুটবল হৈ যোৱাৰ পিছত অল ৰায়ান ষ্টেডিয়ামৰ অধিকাংশ সা-সম্পত্তি ক্ৰীড়াৰ প্ৰতি আগ্ৰহী দৰিদ্ৰ দেশক দান দিব বুলি৷
এইটো ধুৰূপ যে অচিৰেই কাটাৰৰ বৰ্তমানৰ বেগী জীৱন যাত্ৰা হৈ পৰিব আৰু বেগী !

২৩৷৪৷২০১৫ ডোহা, কাটাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!