কেকোঁৰ সৈতে ছমাহ (শৰৎ নেওগ)
২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা সেমেকা পুৱাতে শিলচৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ। শ্বিলঙলৈ ৰাস্তা ভাল। তাৰ পিছৰে পৰাই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাই আমাক বৰ কষ্ট দিলে। ৰাতি ৮টা মানতহে শিলচৰ পালোগৈ। আৱৰ্ত্ত ভৱ্নলৈ নগৈ চিধাই মোৰ বাবে সাজু কৰি ৰখা বঙলাত উঠিলোঁ গৈ।
চাহৰ কাপটো হাততলৈ চুমুক দিছোলোঁহে মাত্ৰ। এটা গভীৰ মাতত মই চক্ খাই উঠিলোঁ। মাতটো ঠিক মোৰ মূৰৰ ওপৰত চিলিঙৰ ভিতৰৰ পৰা আহিছে। খানচামাক সোধাত সেইটো কেকোঁৰ মাত বুলি ক’লে। সৰুৰে পৰাই গুৱাহাটীত থকাৰ বাবে কেকোঁৰ মাত শুনা নাছিলোঁ।
মই থকা বঙলাটো ইংৰাজৰ আমোলতে বনোৱা। কাঠৰ দুমহলীয়া ঘৰ। ওপৰত টিনপাত। চিলিংখন কাঠৰ। প্ৰকাণ্ড ঘৰটোৰ ওপৰ মহলাত মই অকলে আছিলোঁ। তলৰ মহলাত মোৰ অফিছ কোঠা। চিলিং খনৰ ওপৰত কেকোঁ সাপডালৰ বাসস্থান। নিৰাপত্তাৰক্ষীয়ে কোৱামতে সি তাত থকা বহু দিন হৈছে। বৰ নিৰ্জু প্ৰাণী। কাৰো একো অনিষ্ট নকৰে। মই বঙলাৰ য’তেই নাথাকোঁ কিয় সি ঠিক মোৰ মূৰৰ ওপৰত চিলিঙৰ ভিতৰৰ পৰা সময়মতে মাতিবই। বঙলাৰ পূব ফালে খিৰিকীৰ কাষতে এজোপা পুৰণা আম গছ আছে। গছৰ ডালবোৰ খিৰিকীত লাগি থকাৰ বাবে খিৰিকী খুলিব পৰা নাছিলোঁ। সেয়ে গড়কাপ্তানি বিভাগক আমডাল কাটি কিছু মেৰামতি কৰিব ক’লোঁ।
পাছদিনাখন দেওবাৰ। বিভাগৰ মানুহ আহিল গছ কাটিবলৈ। এনেতে নিৰাপত্তাৰক্ষীৰ নায়ক জন লৱৰি মোৰ ওচৰ পালেহি । গছডাল নাকাটিবলৈ কাতৰ অনুৰোধ জনালে। দিনত হেনো সাপডালে গছৰ ডালেদি মাটিলৈ নামি আহে। সন্ধিয়াৰ আগতে গছ বগাই সি আকৌ চিলিঙৰ ভিতৰলৈ সোমায়। কথাটো জানি লগে লগে গছ কটা বন্ধ কৰিলোঁ। নায়ক জনে হাঁহি মুখে মোক ধন্যবাদ জনাই আতৰি গ’ল। আৰক্ষীৰ এই লোকজনৰ প্ৰকৃতি প্ৰেমৰ কথা সকলোয়ে জানে।
শিলচৰত মই ছমাহ আছিলোঁ। এই সময়খিনিত কেঁকোৰ সৈতে মোৰ বন্ধুত্বৰ ভাৱ প্ৰকট হৈছিল। আগষ্ট মাহৰ ১০ তাৰিখে মই শিলচৰ এৰোঁ। আহিবৰ সময়ত বেলকনিৰ পৰা আমজোপালৈ শেষবাৰলৈ চালোঁ। কিজানিবা বন্ধুক দেখা পাওঁ? এনেতে মূৰৰ ওপৰৰ চিলিঙত শব্দ হ’ল। বন্ধু আহিছে বিদায় জনাবলৈ।
এতিয়া শুনিছো কেঁকোৰ মুল্য লাখ টকাৰ ওপৰত। ধনৰ লোভত গাঁৱে গাঁৱে বাইকত উঠি ল’ৰাবোৰ কেঁকো বিচৰাত ব্যস্ত। প্ৰকৃতিৰ এই নিৰ্জু প্ৰাণীবিধ বিলুপ্ত হবলৈ বেছিদিন নাই । আমি অসমী্য়াবোৰে অলপ চিন্তা কৰা উচিত নহ’বনে?
শৰৎ চন্দ্ৰ নেওগ
ঘোঁৰামাৰা , অৰুণোদয় পথ
গৃহ ন্ং ৩
গুৱাহাটী- ৭৮১০২৮
ম* ৯৪৩৫১৬১৯২৮