নকৈ নোৱাৰোঁ ! (-ডাঃ ভূপেন্দ্ৰ শইকীয়া)

(১)
“কফি ৱিথ কৰণ”ৰ সাফল্যত উৎসাহিত হৈ আহিবলগীয়া পৰৱৰ্তী টিভি শ্বোসমূহ : –
১- টি ৱিথ মোডী !
২- চেৰেলাক ৱিথ ৰাহুল !
৩- কফ চিৰাপ ৱিথ কেজৰীৱাল !
(২)
ইঞ্জিনীয়াৰ বনাম শিক্ষক (দুই বন্ধুৰ বাৰ্তালাপ)
ইঞ্জিনীয়াৰ – মোৰ আছে গাড়ী,বঙলা,চাকৰ-বাকৰ সকলো – তোমাৰ আছে কি ?
শিক্ষক – মোৰ ? মোৰ আছে দুমহীয়া গৰম বন্ধৰ ছুটী !nokoi nuwaru

(৩)
এটা ভেবেলা ছাগলীৰ গাৰ পৰা বৰ বেয়া গোন্ধ ওলাই আছিল৷ তাকে দেখি এজন মহাজনে ঘোষণা কৰিলে যিয়ে ৫মিনিট সময় ভেবেলা ছাগলীটোৰ গঁড়ালত কটাব পাৰিব তাক ৫০০টকাৰে পুৰস্কৃত কৰা হব৷ পুৰস্কাৰৰ লোভত কেইবাজনো লোক আগবাঢ়ি আহিল৷ কোনোজনে ২মিনিট, কোনোজনে আঢ়ৈ মিনিট আৰু এজনে দুই মিনিট ৪২চেকেণ্ডৰ বেচি সময় থাকিব নোৱাৰিলে৷ সকলোৱে ‘আক থুই’ বুলি ওলাই বমি ওকালিৰে একাকাৰ কৰে৷
শেষত এজন সাহসী ডেকা আগবাঢ়ি আহিল৷ তেওঁক কেচুঁৱাকালতেই যি গা ধোৱা৷ নিজে এদিন গা ধুই,আনকি ‘পাথৰ স্নানো’ কৰি পোৱা নাই৷
ছাগলীৰ গঁড়ালত ডেকাজন সোমালত দৰ্শক মানুহবিলাকে ঘড়ী চাই আছে৷
৫মিনিট পাৰ হ’ল,৬মিনিট পাৰ হ’ল,চাৰে ৬মিনিট পাৰ হ’ল৷
৭মিনিট নৌ হওতে দৰ্শকসকলে দেখা পালে ছাগলীজনীয়ে গঁড়াল ভাঙি ভিৰাই লৰ মাৰিছে৷

(৪)
এজন অন্ধই হাতেৰে চুইয়ে যি কোনো বস্তু সঠিককৈ চিনাক্ত কৰিব পাৰিছিল৷এজন কচাইয়ে সত্যতা পৰীক্ষা কৰিবলৈ অন্ধলোকজনক এবিধ এবিধকৈ মাংস স্পৰ্শ কৰিবলৈ দিলে৷ অন্ধজনে কৈ গ’ল এইখিনি চাৰিদিন পূৰণি মাইকী ছাগলীৰ মাংস, এইখিনি গাড়ীৰ চেপাত মৰা ৰাজহাঁহৰ মাংস !
হতভম্ব কচাইজনে এইবাৰ অন্ধজনৰ হাতখন তেওঁৰ ওফন্দা পেটটোত লগাই দিলে৷ অন্ধজনে ওচপ খাই উঠি মাত লগালে
– হৰি বিষ্ণু, তুমি কি কৰা ? তোমাৰ দোকানত গাধৰ মাংস কিয় বেচিবলৈ আনিছা !?!

(কাটাৰ ১০৭ এফ এমৰ সৌজন্যত)
—————————————————————————————————-
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!