’ৰিৱাইন্দ্’ নোহোৱা গানবোৰ- সংগীতা কাকতি
এসময়ত টেপ ৰেকৰ্ডাৰত ’ৰিল’ থকা কেছেটবোৰ ভৰাই খুউব গান শুনিছিলো৷ তেনেকৈ শুনোতে কিছুমান গান বৰ আপোন হৈ পৰিছিল৷ বেলেগ গান বাজি থকাৰ মাজতো মন গ’লেই ’ৰিৱাইন্দ’ বাটনটো টিপি সেই গানকেইটা বিচাৰি উলিয়াইছিলো, বাৰে বাৰে শুনিছিলো অন্তৰ চুই যোৱা সেই গভীৰ সুৰবোৰ৷ বাৰে বাৰে ৰিৱাইন্দ, ফৰৱাৰ্ড টিপোঁতে টিপোঁতে কেতিয়াবা কেছেট একোখনহ ফচি গৈছিল৷ কেচেটৰ মাজৰ ফুটা দুটাৰ কোনোবা এটাত আঙুলিটো ভৰাই সাৱধানে পকাই পকাই ’ৰিল’বোৰ ঠিক কৰিছিলো৷ কেতিয়াবা ’ৰিল’বোৰ একেবাৰেই ছিগি থাকিছিল আৰু নোহোৱা হৈ পৰিছিল সেই ঠাইত ৰেকৰ্ড হৈ থকা গানবোৰ৷ তেতিয়াই দুখেৰে ভৰি পৰিছিল মনটো, গানবোৰ যে হেৰাই গৈছিল সেয়ে!
’ৰিল’ থকা কেছেট বজোৱা টেপ ৰেকৰ্ডাৰ এতিয়া প্ৰায় নোহোৱাই হ’ল৷ তাৰ ঠাই ললে ডিজিটেল প্লেয়াৰে৷ ভাল লগা গানবোৰ, মন ভৰাই তোলা সুৰ-কথাবোৰ শেষ হৈ গ’লে ’ৰিৱাইন্দ’ কৰি পুনৰ বিচাৰি লোৱাটো যদিও ডিজিটেল প্লেয়াৰতো সম্ভৱ; তথাপিও পুৰণা সেই টেপ ৰেকৰ্ডাৰৰ লগত জড়িত ঘটনাবোৰ যেন সোমাই পৰিল নিজৰ মাজত নজনাকৈয়ে৷ গানবোৰৰ দৰেই মন যায় কেতিয়াবা সময়বোৰ ’ৰিৱাইন্দ’ কৰি উলটি যাবলৈ ভাল লগা সময়বোৰলৈ৷ বৰ্ণিল অতীতবোৰ জীৱন্ত অৱস্থাত ঘূৰাই পাবলৈ ইচ্ছা জাগে প্ৰায়েই! গম নিদিয়াকৈয়ে কোনোবা আপোনজন হেৰাই যোৱাৰ কিছুমান অনাকাংক্ষিত খবৰে আৰু তীব্ৰ কৰি তোলে সেই ইচ্ছাটো!
অলপতে আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা এখনত অংশগ্ৰহণ কৰোতে লগ পাইছিলো মোৰ পুৰণা কৰ্মস্থলীৰ চিনাকি দুজন লোকক৷ তেওঁলোকৰ সৈতে কটোৱা সময়খিনিত নানানটা কথাৰ মাজতে ওলাল কল্পনা বাইদেউৰ কথা৷ খবৰটো পালোঁ, অলপদিনৰ আগতে কল্পনা বাইদেউ ঢুকাল৷ কলিজাটো মোচৰ খাই উঠিল কোনোবাখিনিত, যদিওবা সম্পূৰ্ণ অস্বাভাৱিক নাছিল সেই খবৰটো৷ কল্পনা বাইদেউ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিটেলৰ ৰেডিয়েশ্যন বিভাগৰ টেকনিচিয়ান আছিল৷ মিঠা হাঁহিটো মুখত অনবৰতে সানি যন্ত্ৰণাদগ্ধ কেঞ্চাৰ ৰোগীবোৰক তেওঁ মেচিনত ৰেডিয়েশ্যন দিয়াইছিল৷ সেইখন হস্পিটেলত আৱাসিক চিকিৎসক হিচাপে মই কেইবাটাও বছৰ কটাই আহিছো৷ এটা বিশাল পৰিয়ালৰ দৰে তাৰ শিক্ষাগুৰু/কৰ্মচাৰী/বন্ধু-বান্ধৱৰ সৈতে ভগাই থৈ আহিছো সুখ-দুখৰ বহুবোৰ অনুভূতি৷ সেই পৰিয়ালৰ বহুতৰে মাজৰ এগৰাকী শুভাকাংক্ষী আছিল কল্পনা বাইদেউ৷ ডিপাৰ্টমেণ্টৰ সকলো যেন তেওঁৰ নিচেই আপোন মানুহ, তেনে ভাৱেৰে তেওঁ সকলোৰে লগত মিলি-জুলি থাকিছিল৷ প্ৰায়েই তেওঁ মোক কৈছিল, “ঘৰৰপৰা ইমান দুৰত থাকা, নিজৰ ঘৰ বুলি আহিবাচোন এদিন মোৰ ঘৰলৈ৷ “ সোমবাৰৰ পৰা শনিবাৰলৈকে কামৰ হেঁচা, দেওবাৰে এলাহ আৰু জিৰণিৰ অজুহাতত মন থাকিলেও মোৰ যোৱা নহৈছিল ভালেমান দূৰৈত থকা তেওঁৰ ঘৰলৈ৷ যোৱাবছৰ মুম্বাই এৰাৰ পৰত মাত লগাবলৈ যাওঁতে তেওঁ কৈছিল, “নতুন ঠাইত ভালকৈ থাকিবা৷ ভাৰতলৈ আহিলে মুম্বাইলৈও আহিবা; লগ পাম তেতিয়া৷ “ কথা দিছিলো তেওঁক, মুম্বাইলৈ গ’লেই তেওঁৰ ঘৰলৈ যাম৷ ভবা নাছিলোঁ, মই দিয়া কথা ৰাখিবলৈ কল্পনা বাইদেউ যে ৰৈ নাথাকিব৷ শ-শ কেঞ্চাৰ ৰোগীক মনত সাহস দিয়া সেই মানুহগৰাকী আদ বয়সতে নিজেও কেঞ্চাৰ ৰোগত আক্ৰান্ত হ’ল৷ দুৰ্ভাগ্যজনকভাৱে কেঞ্চাৰৰ গতিৰ ক্ষিপ্ৰতাত হাৰি গ’ল তেওঁ; লাষ্ট ষ্টেজৰ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত হোৱা নিৰ্মম পৰিণতিটোৰ ব্যতিক্ৰম নঘটিল তেওঁৰ ক্ষেত্ৰতো৷
মোক হাইস্কুলীয়া দিনবোৰত প্ৰেৰণাদায়ক নানানটা কথাৰে উৎসাহী কৰি তোলা চুবুৰীয়া গাঁৱৰ খুড়া এজনো হঠাৎ তেনেকৈয়ে নোহোৱা হৈ গৈছিল৷ এদিন ৰাতি শুবলৈ গৈ তেওঁ আৰু সাৰেই পোৱা নাছিল৷ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পাছত ককায়েকে তেওঁৰ স্মৃতিত মোৰ হাতত ’অক্সফ’ৰ্ড অভিধান’খন তুলি দি কৈছিল, “ ভাইটিয়ে তোমাক ভাল ৰিজাল্ট কৰিলে এখন অভিধান দিব বুলি কৈছিল! “ মূক হৈ পৰিছিলোঁ মই, ভাবিছিলোঁ মাথোঁ… এনেকৈনো হঠাৎ হওঁ বুলিয়েই নোহোৱা হৈ যায়নে মানুহ?
অথচ তাৰ পাছতো তেনেকৈ এতিয়ালৈকে কিমান যে মানুহ নোহোৱা হৈ গ’ল!
কেইবছৰমানৰ আগতে অভিশপ্ত এটা ৰাতি, সম্পূৰ্ণ স্বাভাৱিকভাৱে বিছনাত পৰা দেউতা ষ্ট্ৰ’ক হৈ অচেতন হৈ পৰিছিল৷ তাৰ কিছুদিন আগৰেপৰা তেওঁক ফোনত স্বাস্থ্যজনিত কথাবোৰ কওঁতে তেওঁৰপৰা উদাসীন উত্তৰ পাইছিলোঁ৷ অভিমানত কেইবাদিনো কথাই পতা নাছিলোঁ তেওঁৰ সৈতে৷ ষ্ট্ৰ’কৰ পিছদিনা গৈ হস্পিটেলৰ বিছনাত যেতিয়া পাইছিলোঁগৈ তেওঁক; সুস্থ হৈ থাকোঁতে কেইবাদিনো অভিমানে দূৰৈত ৰখা তেওঁৰ মাতষাৰ তেতিয়া অস্পষ্ট বিৰবিৰনি হৈ পৰিছিল৷ মোক চিনি পাইছিল তেওঁ, ওৰেটো জীৱন নিজেও হাঁহি আনকো হঁহুৱাই ভালপোৱা মানুহজনৰ মুখখন কান্দোনত ভাগি পৰিছিল মোক দেখা পাই৷ মই তেওঁৰ অস্পষ্ট মাতষাৰ বুজিব পৰা নাছিলো৷ আজন্ম আপোন সেই মাতষাৰ স্পষ্টকৈ শুনিবলৈ নোপোৱাৰ বেদনাত, সময়বোৰ ’ৰিৱাইন্দ’ কৰি পেলাব নোৱাৰাৰ অসহায়তাত ছটফটাই উঠিছিলোঁ মই!
অচেতন অৱস্থাৰ পৰা ক্ৰমশঃ বেয়াৰ ফালে গতি কৰি এসময়ত দেউতাৰ ই চি জিৰ ৰেখাডাল চিধা হৈ পৰোঁতে; আগদিনা ফোন কৰি এঘণ্টামান সময় কথা পতা কুৰেইচী চাৰৰ বাইদেউ ঢুকাল বুলি পিছদিনা খবৰ পাওঁতে আৰু পানীৰ মেচিনটোত কাৰেণ্টৰ শ্বক লাগি পেহীআইতাৰ চফল ডেকা পুতেকজন ঢুকাল বুলি মাৰ মুখত শুনোঁতে বাৰে বাৰে বিচাৰিছিলোঁ বৰ্তমানবোৰ একো একোটা ভয়লগা সপোন হৈ পৰক! সময়বোৰ নিজে নিজে ’ৰিৱাইন্দ’ হৈ বিপৰীতদিশে গতি কৰক! তেওঁলোকৰ সৈতে অন্ততঃ শেষবাৰৰ বাবে হ’লেও এবাৰ মাথোঁ প্ৰাণভৰি কথা পাতো৷ ফুলৰ সুগন্ধি উজাই লোৱাৰ দৰে বুকুৰ মাজত সামৰি লওঁ তেওঁলোকৰ মৰমৰ উত্তাপবোৰ আকৌ এবাৰ!
পিছে সময়েই শিকালে, জীৱনৰ গানবোৰ বজা টেপ ৰেকৰ্ডাৰটোতযে ’ৰিৱাইন্দ’ বাটনটোৱেই নাই! প্ৰতিজন মানুহেই আচলতে জীৱনৰ একো একোটা গান হৈ আমাৰ অন্তৰত সোমাই থাকে৷ কাৰোবাৰ গানৰ সুৰত যদি কাৰুণ্য থাকে, কাৰোবাৰ গানবোৰ ৰক্ হৈ বাজে৷ প্ৰতিটো গানৰে সুৰ কথা প্ৰতিজন ব্যক্তিৰ স্বকীয়তাৰে ভৰা৷
বাৰে বাৰে উলটি গৈ শুনিব বিচাৰিলেও তাৰে মাজৰ গান কিছুমান হঠাৎ শূন্য হৈ পৰে৷ জীৱনৰ ৰিলত গানটোৰ সেই বিশেষ ঠাইখিনি শূন্যতাৰে উপচাই, গম নিদিয়াকৈ নোহোৱা হৈ যায় আপোন মানুহবোৰ৷ দি থোৱা কথাবোৰ, একেলগে কৰিম বুলি ভবা বহুবোৰ কাম আধৰুৱাকৈয়ে ৰৈ যায়৷ সেয়ে হয়তো কোনোবা এজন অজানা কবিয়ে কৈছিল:
“If you have kind words to say,
Say them now.
Tomorrow may not come your way,
Do a kindness while you may,
Loved ones will not always stay;
Say them now.“