ছাদাত হাছান মাণ্টোৰ অণুগল্প – ঊষামণি কাকতি
প্ৰত্যেক মানুহৰে এখন নিজা পৃথিৱী আছে৷ নিজে গঢ়া নিজৰ প্ৰিয় পৃথিৱী৷ তাত থকা সকলো প্ৰিয়৷ মোৰ অকণমানি প্ৰিয় পৃথিৱীখনত বহুত কিবাকিবি আছে৷ তাত প্ৰিয় পুথি, গীত, ছবি, খাদ্য, বন্ধু-বান্ধৱ, ঠাই, জীৱ-জন্তু আছে৷ যিবোৰ মোৰ বৰ প্ৰিয়৷ প্ৰিয় পৃথিৱীৰ অলেখ কিবাকিবিবোৰৰ ভিতৰত গল্পও আছে৷ অণুগল্পও আছে৷ মোৰ এজন প্ৰিয় অণুগল্পকাৰ ছাদাত হাছান মাণ্টো (১৯১২-১৯৫৫)৷ প্ৰিয় পাঠক আজি আমি ছাদাত হাছান মাণ্টো অণুগল্পৰ বিষয়ে অকণমান জানো আহক৷
“আপুনি যদি মোৰ যুগ সৰ্ম্পকে অজ্ঞ, মোৰ গল্প পঢ়ক আৰু তাকে কৰিবলৈ গৈ মোৰ গল্পবোৰ সহ্য কৰিব নোৱাৰে, তেনেহ’লে তাৰ অৰ্থ হ’ল মোৰ যুগটো অসহ্যকৰ৷”
— ছাদাত হাচান মাণ্টো
ভাৰতীয় গল্প সাহিত্যত দ্যা ৰাইটাৰ অফ পৰ্ণ’গ্ৰাফী বুলি স্বীকৃতি পোৱা মানুহজন ছাদাত হাচান মাণ্টো৷ দেশ বিভাজনৰ সময়ত হিন্দু-মুছলমানৰ সংঘাত, শৰণাৰ্থীসকলৰ দুৰ্দশাৰ বৰ্ণনাই হৈছে গল্পবোৰৰ প্ৰধান বিষয়বস্তু৷ এই সংঘাত আৰু দুৰ্দশাবোৰ প্ৰধানকৈ নাৰীকেন্দ্ৰিক৷ সেইসময়ৰ পুৰুষতান্ত্ৰিক সমাজত নাৰী একমাত্ৰ যৌন আহিলা৷ ধৰ্ষণৰ সামগ্ৰী অথবা হিন্দু-মুছলমানৰ নামত সংঘাতত মৃত্যু হোৱাতকৈ বেশ্যাবৃত্তিকে আকোঁৱালি লোৱা শ্ৰেয় মনোভাৱ এটা পোষণ কৰা নাৰী চৰিত্ৰ গল্পবোৰত পোৱা যায়৷ এনে বিষয়বস্তু, চৰিত্ৰ মুক্ত ৰূপত উপস্থাপন কৰা বাবেই গল্পকাৰজন সমালোচকৰ দৃষ্টিত ৰাইটাৰ অফ পৰ্ণ’গ্ৰাফী৷ মাণ্টোৱে এই সমালোচনাৰ প্ৰত্যুত্তৰৰ প্ৰসংগতে কৈছিল যে গল্প সহ্য কৰিব নোৱাৰিলে যুগটোৱেই অসহ্যকৰ৷ সময়, সমাজৰ প্ৰতিফলনকেই জানো তথাকথিত ভাষাত সাহিত্য বোলা নহয়৷ দেশবিভাজনৰ সময়ত যৌন নিৰ্যাতন দেখিলে তাকেই গল্পত লেখিলে৷
তেখেতৰ গল্পতকৈ অণুগল্পবোৰ বেছি প্ৰিয়৷ লাউদ স্পীকাৰ আৰু গুঞ্জে ফৰিষ্টে নামৰ দুখন অণুগল্পৰ পুথি পোৱা যায়৷ এইখিনিতে তেখেতৰ কেইটামান অণুগল্প পঢ়ো আহক–
(১) অনুৰোধ ৰক্ষা
: তহঁতক কাবৌ কৰিছোঁ– মোৰ চকুৰ আগতে মোৰ ছোৱালীজনীক নামাৰিবি৷
: ঠিক আছে, হ’ব বাৰু৷ হেৰৌ, কাপোৰ-কানি খুলি তাইক সৌপিনে লৈ যা৷
(২) আমন্ত্ৰণ
জুই লগাই ছাৰখাৰ কৰি দিয়া হৈছিল গোটেই মহল্লাটো৷ সেই উদ্ভণ্ডালিৰ পৰা মাথোঁ এখন দোকানহে হাত সাৰিছিল৷ দোকানখনৰ চাইনবৰ্ডত লিখা আছিল–‘ঘৰ সজাৰ সকলো সামগ্ৰী ইয়াতে পোৱা যায়৷’
(৩) লোকচান
দেহোপজীৱিনীৰ লগত এৰাতি স্ফূৰ্তি কৰিবলৈ দুজন বন্ধুৱে সিহঁতৰ জমা টকা গোটালে৷ তাৰপাছত দালাল এজনৰ মধ্যস্থতাত বিশজনীমানৰ মাজৰ পৰা এজনী ছোৱালীক চল্লিশ টকাত বন্দৱস্ত কৰিলে৷ এজন বন্ধুৱে তাইৰ লগত আধা ৰাতি পাৰ কৰাৰ পাছত হঠাতে তাইক সুধিলে, “তোমাৰ নাম কি?”
ছোৱালীজনীৰ নামটো শুনাৰ লগে লগে সি খঙত গৰজি উঠিল, “এইটো কি কথা, বন্দৱস্ত হওঁতে দালালটোৱে দেখোন কৈছিল তুমি অন্য ধৰ্মৰ বুলি!
“মিছলীয়া, মিছা মাতিছে সি”, ছোৱালীজনীয়ে উত্তৰ দিলে৷
সি বাহিৰলৈ গৈ বন্ধুজনক উষ্মা ভৰা কণ্ঠৰে ক’লে, “দালালটোৱে আমাক ঠগিলে৷ ছিঃ ছিঃ আমাৰ ধৰ্মৰ ছোৱালীজনীকে আমাক গতালে৷ ব’ল, আমি তাইক ঘূৰাই দি থৈ আহোঁ৷”
(৪) দুৰ্ভাগ্য
: আজি মোৰ ভাগ্য বৰ বেয়া অ’ দোস্ত, বহুত কষ্ট কৰাৰ পাছত মাথোঁ বেগ এটাহে লুট কৰিব পাৰিলো৷ ঘৰলৈ ঘূৰি আহি খুলি চাওঁ তাতো গাহৰিৰ মাংস৷
(অণুগল্প চাৰিটা ইমৰান হুছেইনৰ সম্পাদনাত প্ৰকাশিত ছাদাত হাছান মাণ্টোৰ নিৰ্বাচিত গল্পৰ অনুবাদ সংকলন “অস্থিৰ প্ৰান্তৰ“ৰ পৰা লোৱা লৈছে)
ৰং তুলিকাৰে ছবি এখন সুন্দৰ কৰাৰ নামত সময় নষ্ট কৰাতকৈ স্কেছ্ আঁকিও ছবি এখন সুন্দৰ ৰূপত তুলি ধৰিব পৰা যায়– ছাদাত হাছান মাণ্টোৰ অণুগল্পবোৰ পঢ়িলে তেনে ধাৰণা হয়৷
সীমিত শব্দ-বাক্যৰে উপস্থাপন কৰা অণুগল্পবোৰত ব্যঞ্জনা, প্ৰতিবাদ, তীৰ্যক ব্যংগ, প্ৰতিহিংসা, নাটকীয়া পৰিসমাপ্তি আদি দীঘল গল্পত থকা সকলো বৈশিষ্ট্য পোৱা যায়৷ এনে অণুগল্পৰ চৰ্চা এতিয়ালৈ ভাৰতীয় সাহিত্যত বহুল প্ৰসাৰ হৈছে৷ একমিনিটৰ গল্প, অগল্প, অণুগল্প আদি ভিন্ন নামেৰে নামকৰণ হ’লেও সামগ্ৰিকভাৱে সকলোখিনি কণিকা সাহিত্যৰ অন্তভূৰ্ক্ত৷
দীঘল গল্প এটা বুজিবলে যিমান মনোযোগ লাগে, ছাদাত হাছান মাণ্টোৰ অণুগল্পবোৰ বুজিবলৈ পাঠকৰ তাতোকৈ বেছি মনোযোগ আৰু দক্ষতা লাগে৷ কাৰণ ই বিলাকত বিশ্লেষণ, বৰ্ণনা লেখকে নকৰে৷ বৰ্ণনা আৰু বিশ্লেষণ নিজৰ মনোজগতত কৰিবলৈ পাঠকলৈ আগবঢ়াই দিয়ে৷ কাহিনীবোৰত মুখ, প্ৰতিমুখ, গৰ্ভ, সংঘাত আদি সাহিত্যৰ তাত্ত্বিক বিভাজনৰে গতি দিয়াৰ প্ৰয়াসো নাই৷ মাত্ৰ এখন স্থিৰ চিত্ৰ৷ চিত্ৰখনৰ আধাৰত সকলোবোৰ পাঠকে নিজৰ মনৰ জগতত নিৰ্মাণ কৰিব লাগিব৷ তাকো অণুগল্পৰ নামত আগবঢ়াই দিয়া দুটা বাক্যৰ আধাৰত৷ হঠাৎ অণুগল্প নিৰ্মাণ কৰিব গল্পকাৰে৷ তাৰ আধাৰত পঢ়ুৱৈয়ে মনৰ জগতত পুনৰ নিৰ্মাণ কৰিব লাগিব দীঘল গল্প এটা৷ তাকে কৰিবলৈ পাঠকৰো যোগ্যতা লাগিব৷ প্ৰথম গল্পটোৰ উদাহৰণকে চাওঁ– অনুৰোধ ৰক্ষা নামৰ গল্পটোত দুটা বাক্যত নিৰ্মাণ কৰিছে৷ পাঠকে পুনৰ নিৰ্মাণ কৰিলে অণুগল্পটোত দেশবিভাজনৰ সময়ৰ পৰিবেশৰ এখন অশান্ত গাঁও বা চহৰ ওলায়৷ তাৰে এটি পৰিয়াল৷ লুকাই থাকি ধৰা পৰিল৷ ধৰা হওক তেওঁলোক এটা ধৰ্মৰ মানুহ৷ অন্য ধৰ্মৰ লোকে তেওঁলোকৰ মানুহ পালে কাটিছে, মাৰিছে৷ হঠাৎ লুকাই থকা পৰিয়ালটোক বিচাৰি পালে৷ তাৰ পাছত দেউতাকে হয়তো জীয়েকক মাৰি নেপেলাবলৈ অনুৰোধ কৰিছে৷ দলপতিজনে দেউতাকৰ অনুৰোধত ছোৱালীজনীক নেমাৰি দলবদ্ধ ধৰ্ষণৰ বাবে সুচল ঠাইলৈ লৈ যাবলৈ আদেশ দিছে৷ গল্পকাৰে দুটা বাক্য লেখিলে৷ পাঠকে বাক্য দুটাৰ আলমত গল্পটো দীঘল কৰি গৈ থাকক৷ ছোৱালীজনীৰ নাম এটাও দি ল’ব পাৰে–ৰাধা/গৌৰী/ হাচিনা/ ৰেজিয়া আদি নাম৷
য’ত পাঠকৰ মগজুৰ বিকাশ ঘটোৱাৰ অৱকাশ থাকে, তেনে সাহিত্যৰ জনপ্ৰিয়তা থাকে৷ সাধাৰণ পাঠকতকৈ সচতেন পাঠকে তেনে লেখাক অধিক গুৰুত্ব দিয়ে৷ তেনে কাৰণতে স্বৰাজোত্তৰ যুগতে লেখিলেও ছাদাত হাছান মাণ্টোৰ অণুগল্পই আজিও ভাৰতীয় অণুগল্প সাহিত্যৰ বিকাশৰ ধাৰাৰ বাটকটীয়া হৈ আছে৷