চালাদ: সুজাতা পাঠক বৰা

image2

image1

স্বাস্থ্যসন্মত আৰু সকলোৱে অতি সহজতে তৈয়াৰ কৰিব পৰা এইবিধ চালাদ খাবলৈ সোৱাদ হোৱাৰ লগতে চকু, চাল, পেট আদিৰবাবে ভাল । ইয়াৰবাবে আটাইতকৈ বেছি দৰকাৰী সামগ্ৰী দুবিধ হৈছে গোটা মগু আৰু ডালিম । প্ৰথমে গোটা মগুখিনি কেইঘণ্টামানৰ বাবে পানীত তিয়াই থব । কুমলিলে ভালকৈ ধুই লৈ এখন শুকান কাপোৰেৰে ভালকৈ ঢাকি থৈ দিব । ফ্ৰীজত নথব । গৰম দিনত দুই তিনিঘণ্টাত গজালি মেলে, ঠাণ্ডাত অলপ বেছি সময় লাগিব । গজালি মেলা মগুখিনি এটা পাত্ৰত ঢালি লৈ তাতে ডালিমগুটি, সৰুকৈ কুটি লোৱা আপেল, নিমখ দি সিজাই লোৱা কুমলীয়া মাকৈ আদি সকলো মিহলাই লৈ ওপৰে ওপৰে অলপ আমচুৰ পাউদাৰ আৰু কলা নিমখ চটিয়াই পৰিবেশন কৰক | ডায়েট কন্ট্ৰল কৰা লোক আৰু মধুমেহ ৰোগীৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যা থকা সকলৰবাবে উপযোগী

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!