সন্ধ্যা যেতিয়া নামে আইলৈ মনত পৰে (প্ৰাচুৰ্য প্ৰীতম শইকীয়া)
“হেৰা শুনিচানে, হেৰা…. বাপৰে… কি মানুহ অ এইটো! অথনিৰেপৰা কাণখনৰ কাষতে ম’বাইলটো বজি আছে আৰু তুমি গমেই নোপোৱা যে। আচৰিত…। উঠা উঠা, হব আৰু। বহুত শুলা। দহ বাজিল। শুনিছানে!! উঠা অ’।“
শ্ৰীমতীৰ লিহিৰি আঙুলিৰ স্পৰ্শত খঙে গৈ মোৰ চুলিৰ আগ পালেগৈ। গৰমৰ প্ৰকোপত গোটেই ৰাতি উজাগৰে পাৰ হ’ল। শেষ ৰাতি টোপনী অকণমান আহিছিল যদিও সেয়া পৰ্যাপ্ত নহয়। ৭ বজাতে সাৰ পালো। বিচনাখন এৰি উঠি যাবলৈ ইচ্চা থকা সত্বেও বাহিৰলৈ উলাই যাব নোৱাৰিলো। মুৰটো অত্যাধিক গধুৰ যেন অনুভৱ হৈছে। চকুৰ পাহি মেলিব পৰা নাই। শৰীৰত অসহনীয় বিষ। কতো জিৰণী নোলোৱাকৈ একেৰাহে ১০ ঘন্টা কাৰ চলাই ডিব্ৰগড়ৰপৰা তেজপুৰ আহি পোৱাটো ধেমালী কথা নহয়। মাইকী মানুহবোৰে নুবুজে বহু কথা। বুজিবনে কেনেকে? তেওঁতো ড্ৰাইভিং চিটৰ কাষৰ আসনত বহি এ চি বতাহ খাই আৰামত ৰাণীৰ দৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আহি আছে। মইহে গাড়ীখন চলাই আনোতে আচল মজাটো পাইছো। আৰু তেওঁ নিজে গ্ৰীষ্মৰ অতিশহ্যাৰপৰা হাত সাৰিবলৈ মাকৰ লগত একেখন বিচনাত শুইছে। মাকে বিচনীৰে বিচি আছে, আৰু তেওঁ শুই আছে। মৰিছো মই। জীৱনত বিচনীখন ভুলতে হলেও এবাৰলৈ চলাই নাপালো। তেনেস্থলত শহুৰৰ ঘৰত আহি বিচনীৰে বিচি বিচি মই শুব পাৰো নেকি?
টোপনী নাই অহা যদিও অনিশ্চসত্বেও বলপূৰ্বক চকুদুটা বন্ধ ৰাখি কপাহী গাৰুটোত মুৰটো গুজি টোপনী যোৱাৰ ভাওঁ জুৰি আছো।
ম’বাইলটোৰ বেটেৰী ল’। গছ কাটোতে অসাৱধানৱশতঃ বিদ্যুত পৰিবাহী তাঁৰ ছিঙি গাঁৱখনত কালিৰেপৰা বিজুলী যোগান বন্ধ হৈ আছে। আজি যদি কাৰেন্ট নাহে। মই নিগমে মৰিলো। অফিচৰ বচে জৰুৰী কামত ফোন কৰি চুইটচ অফ পালে বৰ লেতেৰা গালি দিব। আৰু সেই গালিখিনি শুনি নুশুনাৰ ভাও জুৰি ময়ে অফিচত কাম কৰি থাকিব লাগিব। মানুহজনীয়ে ঘৰত টি ভি অন কৰি পবিত্ৰ ৰিষ্টা, দহন, ভাড়াঘৰ, শাহু-বোৱাৰী ইত্যাদি চিৰিয়েলবোৰ চাই চাই পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰি থাকোতেই সময় যাব। বুজাই লাভ নাই। মনে মনে থকাই ভাল।
ম’বাইলটো আন লক কৰি কল লগটো পৰীক্ষা কৰিলো। এটা মিছডকল। মায়ে ফোন কৰিছিল। মায়ে আকৌ এই ৰাতিপুৱাতে কিয় ফোন কৰিলে। তেওঁতো দিনত ফোন নকৰে। কি বা হ’ল? নে মা-দেউতাক খবৰ নিদিয়াকৈ মই আহি যে শহুৰৰ ঘৰত আছোহি এই কথা কেনেবাকৈ গম পালে নেকি? কিন্তু কেনেকৈ গম পাব? শহুৰৰ ঘৰলৈ অহা বুলি কেৱল মই, মোৰ শ্ৰীমতী, শহুৰ দেউতা আৰু মায়ে গম পায়। তেন্তে মোৰ মায়ে কেনেকৈ গম পাব? তেওঁতো মোৰ শহুৰৰ ঘৰৰ মানুহৰ লগত ফোনত তেনেকৈ কথা নাপাতেই। মানুহজনীলৈ মায়ে কিবা কাৰণত ফোন কৰোতে গম পোৱা নাইতো? এহ নাপায় গম। তেওঁক আগতেই কোৱা আছে মায়ে ফোন কৰিলে এইবোৰ কথা নকবলৈ। নকয়। এইক্ষেত্ৰত মোৰ শ্ৰীমতী টেঙৰ। হব পাৰে, মাইকী মানুহৰ পেটত কথা নৰব পাৰে। কিন্তু মাকৰ ঘৰলৈ যোৱা অথবা মাকৰ ঘৰৰ সৈতে জড়িত যিকোনো কথাৰ প্ৰসংগত মাইকী মানুহে প্ৰাইভেচী ৰক্ষা কৰাত ওস্তাদ। মানিবই লাগিব।
হে হৰি, তুমি এতিয়াও উঠা নাই? আজি শেষ আৰু। যি দেখিছো মাক আৰু আজি ডাক্তৰক দেখুওৱা নহব। থাকা। তুমি শুই থাকা। চৰম বিৰক্তিৰে গাৰুটোৰপৰা মুৰটো দাঙি শ্ৰীমতীলৈ চাই পথালো। তেওঁৰ মুখত অসন্তুষ্টিৰ ভাৱ সু-স্পষ্ট। তিতা চুলিখিনি আগলৈ লৈ গামোচাখনৰে আগটো মচি মচি অহা বাটেৰে তেওঁ আকৌ উভতি গ’ল। ১০ বাজি ৪৫ মিনিট। ডাক্তৰৰ চেম্বাৰ গৈ পাব লাগিব বাৰ বজাৰ আগতে। ১২ বাজি ১৫ মিনিটত এপইটমেন্ট নিশ্চিত কৰা আছে। সাজু হবৰ হ’ল। সময়মতে গৈ নাপালে মোৰেই বিপদ। অফিচ ক্ষতি কৰিবলগা হৈ যাব পাৰে। উপায়ন্তৰ হৈ মই বিচনাখনৰপৰা উঠি আহিলো। নিজৰ ভৰি দুখনৰ এপৰত নিজে ভালকৈ থিয় হব পৰা নাই। লেবেজান হৈ পৰিছো। কোনেনো বুজিব! কাক ক’ম! এইসময়ত আদা দিয়া একাপ ৰঙা চাহ পোৱাহেঁতেন….!! ঘৰত থকাহেঁতেন ইমানপৰে মায়ে হয়তো ফিকা ৰঙাচাহ একাপ আনি হাতত গুজি দি ক’লেহেঁতেন- “চকুদুটা বৰকৈ ৰঙা পৰিছে দেখোন বাবা। দমকলৰ সতেজ পানী অলপ চকুত মাৰি দেগৈচোন। আৰাম পাবি। এহ্ নালাগে ৰহ। দমকলটো টান হৈ আছে। কষ্ট পাবি। কলী গাইজনীৰ কেচা গাখীৰ দুটোপালমান চকুত দি দিম। বহুত সকাহ পাবি…..। চাহকাপ পতকে খাই ল। ভাত খাবৰ হ’ল। বিলাহী ৰান্ধিছো। টেঙা। মুৰৰ কামৰণি কেনিবা পলাব। আৰু ৰাতিলৈ কি খাবি? দেউতাৰাক ৰঙা কুকুৰা এটা আনিব কমনে?”
টুথপেষ্টটো বিচাৰি গৈ ৰান্ধনীঘৰ পালোগৈ। শাহুৰ মা ভাত ৰন্ধাত ব্যস্ত। তেওঁৰ অজ্ঞাতে মানুহজনীক মুৰৰপৰা ভৰিলৈকে ভালকে এবাৰ নিৰীক্ষণ কৰি ল’লো। দেখাত বেমাৰী যেন নালাগে। ৫৫ বছৰ বয়সত প্ৰায়বোৰ মানুহৰে উচ্চ ৰক্তচাপ জাতীয় ৰোগৰ সমস্যাটো থাকেই। মাজে মাজে কাৰো সহায় নোলোৱাকৈ নিজেও গৈ প্ৰেচাৰটো পৰীক্ষাটো কৰি থাকিলেই হয়। ডাক্তৰে লিখি দিয়া ঔষধ সঠিক সময়ত সঠিক জোখত খাই থাকিলে, খাদ্যপ্ৰণালীত ডাক্তৰৰ উপদেশ মানি চলিলে বিশেষ চিন্তাৰ কাৰণ নাথাকেই দেখোন। জানো পায়, নাজানো আৰু এই নাৰী জাতিটোৰ মহিমা অপাৰ। বিয়াখন নপতা হলেই ভাল আছিল। বিশেষকৈ মাক-দেউতাকৰ একমাত্ৰ সন্তান বুলিবলৈ এজনীয়ে ছোৱালী থাকিলে ভুলটো বিয়া কৰাব নাপায়। বৰ জঞ্জাল।
মায়ে গম নোপোৱাকৈ টুথপেষ্টটো লৈ মই বাহিৰলৈ ওলাই আহিলো। মালৈ বৰকৈ মনত পৰিছে। এক অনামি অপৰাধবোধত বুকুখন দহিছে। মাক মিছা মাতিবলৈ ভাল নালাগে। মোৰ প্ৰতি অগাধ বিশ্বাস। আজিও বেলিটো পূবত মাৰ গ’ল বুলি কলেও তেওঁ তাকে মানি ল’ব। তেনেস্থলত বিয়াখন পতাৰ পাচত যিমানবাৰ মাক মিছা মাতি শহুৰৰ ঘৰখনলৈ আহিছো সিমানবাৰে ভীষণ অশান্তিত ভুগিছো। আগতেও মিছা মাতিছিলো। ধৰা পৰিছিলো। মায়ে জানি বুজিও টানকৈ একো কোৱা নাছিল। চিগাৰেট হুপো, মায়ে জানে। পোনপতীয়াকৈ একো নকয়। বুজে, ইঞ্জিনীয়াৰিং পঢ়া অধিকাংশ ল’ৰা- ছোৱালীয়ে হোষ্টেলীয়া জীৱনত চিগাৰেট হুপিবলৈ শিকে। মাৰ ভৰষা আছিল তেওঁৰ ল’ৰাই তেওঁলোকৰ কষ্ট হোৱাকৈ একো কাম নকৰে। মাক-দেউতাকৰ প্ৰতি তেওঁলোকৰ ল’ৰাৰ সুকীয়া দায়িত্ববোধ আছে। সঁচা কথা। মদ খাবলৈও শিকিছিলো। বাধ্য আছিলো। হোষ্টেলীয়া জীৱনটো ৰোমাঞ্চকৰ। কিছুক্ষেত্ৰত নিজক সংযত ৰাখিব পৰাটো অসম্ভৱ। পৰিস্থিতিৰ প্ৰভাৱ। কিন্তু বাধ্যত পৰি পঢ়ি থকা দিনবোৰতে যি কম পৰিমাণে মদ্যপান কৰিছিলো তাক অভ্যাসত পৰিণত নকৰিলো। নোৱাৰো কৰিব। এইখিনিতে মই অহংকাৰী। প্ৰচুৰ আত্মবিশ্বাসী। ভাবিলে ভাল লাগে। অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকৰ একমাত্ৰ সন্তান বুলি নিজকে পৰিচয় দিবলৈ গৈ বুকুখন এবেগেতমান ফুলি উঠে। অথচ আজিকালি লাজ লাগে। দুখ লাগে। নিজলৈ পুতৌ উপজে, একেটা ল’ৰাই কিন্তু বিয়াৰ পাচত বৰকৈ সলনি হৈছো। পৰহি মায়ে ফোন কৰি বৰ আকুলতাৰে কৈছিল- “বাবা, পাৰ যদি ঘৰলৈ এপাক আহিবিচোন। ছমাহ পাৰ হৈ গ’ল তোক নেদেখা। বোৱাৰীজনীলৈ বৰকৈ মনত পৰে নহয়। তাইলৈ কিবা এটা থৈ দিছো। কি নকওঁ। আহিলেহে পাবি। তাই বৰ ভালপাব। পিন্ধা বস্তু।“
শ্ৰীমতীলৈ মাৰ স্পৰ্ধা দেখি মই আচৰিত হওঁ। তাইক কৈছিলো মায়ে মতা বুলি। কিবা থৈ দিছে। বোধহয় ঘৰত বোৱা চাদৰ-মেখেলাৰ চেট হব। নাই, তেওঁৰ অলপো আগ্ৰহ নাই। গাঁৱৰ ঘৰলৈ যোৱা বুলিলেই তেওঁ মুখখন ফুলি এপাচিমান হয়। অথচ তেওঁৰ মাকৰ ঘৰো গাঁৱত। চাবলৈ গলে তেওঁলোকৰ গাঁৱখন আমাতকৈ অলপমান পিচপৰা অঞ্চলত অৱস্থিত। গাঁৱৰ ৰাস্তা-ঘাটবোৰৰ অৱস্থা তথৈবচ। তাৰ তুলনাত মোৰ ঘৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় এক কিঃ মিঃ মান ভিতৰলৈ সোমাই গলেই পোৱা যায়। ৰাস্তা-ঘাট ভাল। গাড়ীখনে কষ্ট নাপায়, চালকৰো বিৰক্তি নালাগে।
মায়ে ফোনটো ৰিচিভ নকৰিলে। মোক আচৰিত কৰি সিফালৰপৰা দেউতাই সহাৰি জনালে,
অ’ বা ক
দেউতা, মা ক’ত??
মাৰ গাটো বৰ এটা ভাল নহয় অ’। পানী লগা জ্বৰ। কালি অলপ বেচি হৈছিল। আজি পুৱাতে ডাক্তৰৰ ওচৰলৈ লৈ গলো। দৰব দিছে। ভাল হৈ যাব। চিন্তাৰ বিশেষ কাৰণ নাই।
তুমি ইমান দেৰিকৈ দিছা যে খবৰটো? কালিয়ে নকলা কিয়?
এহ্, এইবোৰ সৰু-সুৰা কথা তোক জনাই থাকিলে মিছাতে চিন্তা হৈ নাথাকিব জানো। অফিচৰ কামত মন নবঢ়িব। সেয়ে নজনালো। আজি জনাওঁ বুলিয়ে তোলৈ ফোন কৰিছিলো। তই অফিচলৈ গৈ আছিলি হবলা? অসুবিধা হ’ল নেকি? মই সময়তো মন কৰা নাছিলো। ক’ত আছনো??
অফিচতে আছো দেউতা। মই পাচত ফোন কৰিম।
হব দে। বোৱাৰীজনীৰ ভালেই নহয়?
ওঁ দেউতা। ভালে আছে। ৰাখো এতিয়া।
দেউতাকো মিছা মাতিছো। কিমান বুজে মোক। মোৰ সুবিধা অসুবিধাক লৈ তেওঁলোক আজিও সতৰ্ক। একেখিনি বিশ্বাস। মায়ে সুযোগ দিছিল, দেউতাই শিকাইছিল যিকোনো পৰিস্থিতিতে সদায় সঁচা কথা কবলৈ। মই ভুল কৰিলেও, তেওঁলোকক দুখ দিয়া কিবা কাম কৰিলেও স্বীকাৰ কৰাৰ সুযোগটো দিছিল। আৰু আজি মই?
দেউতাৰ কথাত সন্দেহ হ’ল। সাধাৰণতে দেউতাৰ মোৰ সৈতে ফোনত কথা নাপাতে। প্ৰকৃতটো ঘটনাটোৰ বুজ লবলৈ বিৰাজলৈ ফোন লগালো। বিৰাজৰ সৈতে কথা পাতি মাৰ স্বাস্থ্যৰ বুজ ল’লো। মোৰ অনুপস্থিতিত সিয়ে মোৰ মা-দেউতাক ইটো-সিটো কামত সহায় কৰি দি আহিছে। বিপদৰ বন্ধু। স্বীকাৰ কৰিবই লাগিব।
“শুনাচোন। মুখখন পতকে ধুই লোৱা। আজি বজাৰ অলপো কৰিব লাগিব। বিচনা চাদৰ দুখন, পৰ্দা কাপোৰ ৮ মিটাৰমান…। আৰু….! ধেত্ পাহৰি থাকিলো। অ… অ.. মাৰ চশমাযোৰ পুৰণি হৈছে। আজি নতুন এযোৰ অৰ্ডাৰ কৰি আহিব লাগিব। লগতে ব্লাউজ কেইটামানো লাগিব। সকামে-নিকামে যাবলৈ দেউতাক ধূতী এখন আৰু কূৰ্তা এটা, মহেন্দ্ৰ দত্ত ব্ৰেণ্ডৰ ছাতি এটা… আৰু কি আছিল.. কি আছিল.. ৰ’বা মই কাগছ এখনত লিখি লওঁ।“
শ্ৰীমতীৰ কথা শুনি নিজৰ মুৰটো পকী ওৱালখনত মাৰি দিবলৈ মন গৈছিল। এইকিটা কামৰ কাৰণে মোৰ অফিচ ক্ষতি কৰাই মাক-দেউতাক মিছা মতাই আহি মাকৰ ঘৰ পোৱালেহি। কি আচৰিত? মোৰো এখন ঘৰ আছে, মা-দেউতা আছে। একেখিনি দায়িত্ববোধ মোৰ মা-দেউতালৈও যদি থাকিলহেঁতেন? মানুহজনীৰ পাচে পাচে ময়ো গৈ তেওঁলোকৰ মাকৰ শুৱনি কোঠা পালোগৈ।
“মায়ো ফোন কৰিছিল। গাটো ভাল নহয়। আমি টাউনৰপৰা আহিয়ে ঘৰলৈ যামগৈ। ইয়াৰপৰা এঘন্টাৰ বাট। কাপোৰ-কাণিবোৰ বেগত ভৰাই ৰাখিবা। ৰাতিটো তাতে থাকি কালিলৈ যামগৈ।“
মই অলপ খঙেৰেই কলো। আগতে কেনোদিনে এনেকৈ তাইক কথা কোৱা নাছিলো।
কি? কি কথা কব আহিছা? কালি আহি পাইছোহে। আজিয়ে কেনেকে যাওঁ। নহব। কালিলৈ যাম। আৰু মাৰনো এনেকুৱা কি হ’ল তুমি আজিয়ে যাব লাগে যে??
তুমি অসভ্য তিৰুতা নেকি বাৰু? সকলো নাৰী তোমাৰ দৰে বুলি ভাবিছা নেকি? মোক কৈছিলা তোমাৰ মাৰ গা একেবাৰে বেয়া। বিচনাৰপৰা উঠিবলৈ অসুবিধা পায়। মুৰ ঘূৰাই। দেউতাৰো কঁকালৰ বিষ সেয়ে ডাক্তৰক দেখাবলৈ যাব নোৱাৰে। কিন্তু কালিৰপৰা মায়ে দেখোন ঘৰ সাৰা, চাহ বনোৱা ভাত ৰন্ধা কামবোৰ কৰি ফুৰিছে আৰু তুমি বজাৰৰ লিষ্ট তৈয়াৰ কৰোতেই সময় গৈছে। ইয়াৰ আগৰবাৰো সেই একেই। এই সৰু-সুৰা শাৰীৰিক সমস্যাবোৰ মা হঁতে নিজে থিক কৰি ল’ব পাৰে। মোৰ অফিচৰ কামৰ বোজা কিমান নিজে দেখিছা?
আচৰিত। তমিয়ে কৈছানে এইবোৰ কথা? কেনেকোৱা জোঁৱাই হে তুমি?
মই সুধিছো। কেনেকোৱা বোৱাৰী তুমি? ফালি পেলাই দিয়া তোমাৰ ডিগ্ৰীৰ চাৰ্টিফিকেটবোৰ। নেক্সট নিজৰ মাষ্টাৰ ডিগ্ৰীটোক লৈ ফটা লেবেল নামাৰিবা। এজনী শিক্ষিত বোৱাৰীৰ ২০ শতাংশ লক্ষণো তোমাৰ মন-মগজুত নাই।
ফটুৱামী নকৰা। মনত ৰাখিবা মই মা-দেউতাৰ একমাত্ৰ জিয়ৰী। মোৰ দায়িত্ব আছে। মুখত যি আহে তাকে গাই নিদিবা।
হয়। ময়ো মা-দেউতাৰ একমাত্ৰ ল’ৰা। মোৰো দায়িত্ববোধ আছে। যি কৰা কৰি থাকা। মই গাড়ীখন থৈ যাম। মাক টাউনৰপৰা আনি থৈয়ে ঘৰলৈ যামগৈ। যিমানদিন মন যায় মা-দেউতাক শুশ্ৰূষা কৰা। এ টি এম কাৰ্ডখনো থৈ যাম। টকাৰ দৰকাৰ হ’লে লৈ লবা। মই জানো মাৰ পানী লগা জ্বৰ হোৱা নাই। দেউতাই মিছা মাতিছে। যোৱাবাৰৰ দৰেই এইবাৰো হয়তো মা দমকলৰ শেলুৱৈ ধৰা পকী মজিয়াত পৰি কঁকালত দুখ পাইছে।
কি??
ইটচ্ মাই ফাইনেল ডিচিচন। মই সকলো সময়তে তোমাৰ হাতৰ পুতলা হৈ নাচি থাকিব নোৱাৰো। তোমাক ভালপাওঁ, তোমাৰ মা-দেউতালৈ মোৰ দায়িত্ব আছে, শ্ৰদ্ধা কৰো, বুজো। তাৰ অৰ্থ এইটো নহয় যে মোৰ মা-দেউতাক এলাগী কৰি আন কাৰোবাৰ অপ্ৰয়োজনীয় চাহিদাবোৰ পূৰণ কৰাত ব্যস্ত থাকিম।
তেওঁক আৰু একো কবলৈ সুযোগ নিদি মই কোঠাটোৰপৰা বাহিৰলৈ ওলাই আহিলো। কিবা কলেও মই শুনাত নাই। বহুত হ’ল। মাৰ গাটো অসুস্থ। দমকলৰ পাৰত মুৰ ঘুৰাই পৰি কঁকাল আৰু ভৰিত কষ্ট পাইছে। হয়তো সু-চিকিত্সাৰ বাবে গুৱাহাটীলৈ নিবলগা হব পাৰে। মই যিমান পাৰি সোনকালে ঘৰলৈ যাব লাগে। বিৰাজে মোৰ অপেক্ষাত ৰৈ আছে।