SAR ভেল্যু – চন্দন কাকতি

আমি মোবাইল কিনোতে বক্সটোত SAR ভেল্যু বুলি এটা শব্দ দেখা পাওঁ৷ বহুতে হয়তো সেই বিষয়ে সিমান নাভাবে বা লক্ষ্য নকৰে৷ এই লেখাটোৰ জৰিয়তে এই বিষয়ে কিছু তথ্য জানো আহক৷

 

SAR ভেল্যুৰ সম্পূৰ্ণ নাম হ’ল Specific Absorption Rate. সাধাৰণতে আমি ফোন কৰোঁতে বা Wi Fi বা Bluetooth ব্যৱহাৰ কৰোঁতে ফোনটোৱে অন্য ডিভাইছৰ লগত সম্পৰ্ক কৰিবলৈ বিদ্যুৎ চুম্বকীয় তৰংগ (Electro magnetic Wave) ব্যৱহাৰ কৰে৷ যিহেতু ই এটা তৰংগ সেয়েহে ইয়াত শক্তি যুক্ত হৈ থাকে৷ চিগ্নেল আদান প্ৰদান কৰাৰ সময়ত ইয়াৰে কিছু শক্তি আমাৰ চাৰিওফালৰ পৰিবেশত মিহলি হৈ যায়৷ যাক Radiation বুলিও কোৱা হয়৷ মোবাইলটো যেতিয়া সম্পূৰ্ণ শক্তিত কাম কৰে তেতিয়া এই Radiation ৰ পৰিমাণ বাঢ়ি যায় আৰু কম শক্তিত কাম কৰিলে ইয়াৰ পৰিমাণ কমি থাকে৷ আমাৰ শৰীৰে এই Radiation শোষণ কৰা মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি SAR ভেল্যু নিৰ্ণয় কৰা হয়৷ ইয়াক আমাৰ শৰীৰৰ দুটা অংশৰ ওপৰত নিৰ্ণয় কৰা হয়, এটা হ’ল মূৰৰ ফালে (Head) আৰু আনটো আমাৰ শৰীৰৰ বাকী অংশ ( Body )৷ আমি যেতিয়া ফোনটো কাণত লৈ কথা পাতি থাকোঁ তেতিয়া ইয়াৰ মান Head হিচাপে চিহ্নিত কৰা হয় আৰু সাধাৰণ অৱস্থাত বা ফোনটো পকেটত থলে ইয়াৰ মান Body হিচাপে চিহ্নিত কৰা হয়৷ বিভিন্ন দেশত ইয়াৰ সাংখ্যিক পৰিমাণ বিভিন্ন হয় যাক চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হয় যাতে নিৰ্ধাৰিত ভেল্যুৰ ওপৰৰ কোনো ফোন বজাৰত বিক্ৰী কৰিব নোৱাৰে৷ এইক্ষেত্ৰত US আৰু আমাৰ ইয়াক মপা মানদণ্ড একে৷ ইয়াত SAR Value 1.6W/1Kg (এই মান ইয়াতকৈ বেছি হব নোৱাৰে) বুলি চৰকাৰৰ ফালৰ পৰা মান্য কৰা হৈছে৷ অৰ্থাৎ আমাৰ শৰীৰৰ 1Kg কোশিকাই অধিকতম 1.6W শক্তি শোষণ কৰিব পাৰে৷ ইয়াত 1গ্ৰাম কোশিকাক গঢ় হিচাপে লৈ এই মান নিৰ্ণয় কৰা হৈছে৷ আনহাতে ইউৰোপৰ দেশ বিলাকত ইয়াৰ মান হ’ল 2W/1Kg৷ যাক তেওঁলোকে 10গ্ৰাম কোশিকাক গঢ় হিচাপে লৈ নিৰ্ণয় কৰিছে৷ যাৰ ফলত দুয়োটা মান তুলনা কৰা সম্ভৱ নহয়৷ সাধাৰণতে মোবাইল ফোনবোৰত এই মান নিৰ্ণায়ক মানৰ তুলনাত বহুত তলতেই থাকে, যাৰ ফলত মোবাইল এটা লোৱাৰ সময়ত এই বিষয়ে চিন্তা কৰাৰ সিমান দৰকাৰ নাই৷ তথাপিও যদি মনত কিবা সংশয় থাকে আৰু ফোনত বহুত বেছি কথা পতা যায় তেতিয়া হেডফোনত কথা পতাটো ভাল৷ তেতিয়া ফোনটো মূৰৰ পৰা দূৰত থাকিব আৰু কোনো ক্ষতি হোৱাৰ পৰা বাছি থাকিব পৰা যায়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!