এখন চিনাকি আকাশ (প্ৰতিভা দাস)
দুপৰীয়াৰ ভাতসাজ খাই উঠি মিতুৱে নিজৰ বিচনাখনত উঠি মূৰটো গাৰুত আউজি হাতত আলোচনীখন তুলি ললে! দুটামান পৃষ্ঠা লুটিয়াই তাইৰ আৰু পঢ়িবলৈ মন ন’গল! বিচনাৰ কাষৰ খিৰিকিখন খোলা! পৰ্দাখন গুচাই তাই আকাশৰ পিনে চালে! ফটফটীয়া নীলা! ক’তো এটুকুৰা মেঘ তাইৰ চকুত পৰা নাই! কিমান দিন যে হ’ল তাইৰ, এনেকৈ আকাশখন নোচোৱা! কাষৰ বিল্ডিংটোৰ ফাঁকেদি দুজোপামান তামোলৰ গছ তাইৰ চকুত পৰিল! বাহিৰত অলপো বতাহ নাই! গছৰ পাতবোৰ যে ইমান স্থিৰ হৈ ৰৈছে! এনেকূৱা স্থিৰতা তাইৰ অলপো ভাল নালাগে! মনটো যে এৰি দিব নোৱাৰি বতাহৰ সৈতে! কিন্তু আকাশখনতো চাব পাৰি! এইখন আকাশ যেন তাইৰ বহুদিনৰ চিনাকি!
*******
ঘৰত এইসময়ত কোনো নাথাকে! যমু নাথাকিলে এই বৃহৎ ঘৰটোত তাই অকলশৰে থাকিব লগা হ’লহেঁতেন! মাক-দেউতাক ৰাতিপুৱাই অফিচলৈ যায়! সন্ধিয়া উভতি আহে! গোটেই দিনটো অকলে থাকি থাকি তাইৰ আমনি লাগে! তাইৰ হোষ্টেললৈ গুচি যাবলৈ মন যায়! কিন্তু মাক-দেউতাকৰ মুখলৈ চালে তাই সেই কথা পাহৰি যায়! তাই হোষ্টেলৰপৰা ঘৰলৈ অহাৰ দিনা মাক দেউতাকে মনত কিমান যে আনন্দ পায়, সেই কথা তাই নুবুজা নহয়! এইবাৰ পিছে গৰমৰ বন্ধত ঘৰলৈ অহাৰ পিছৰপৰা মনটো বেচ ভালেই লাগি আছে মিতুৰ৷ তাই হোষ্টেলৰপৰা অহাৰ কেইদিনমান আগতে পেহীয়েকহঁতৰ গাঁৱৰপৰা ছোৱালী এজনী সিহঁতৰ ঘৰলৈ লৈ অনা হৈছে! যমুনা! মিতুৰ মাকহঁতে যমু বুলি মাতে কাৰণে মিতুয়ে তাইক যমু বুলিয়ে মাতিছে! যমু তাইতকৈ ভালেখিনি সৰু যদিও কথা বতৰাত তাই ভালেখিনি পাকৈত! ফূৰ্তি কৰিব বেচ জানে! অনবৰত মিতুবা মিতুবা বুলি লাগি থকা ছোৱালীজনীক মিতুৰ বেচ নিজা ভণ্টি যেনেই লাগে! ইমান কথা ক’ব পাৰে ছোৱালীজনীয়ে! মিতুৰ বেলেগ কিবা এটা মৰম লাগে ছোৱালীজনীলৈ! তাই অহাৰ পিচত মিতুৰ নিজৰ ঘৰখনত থাকিয়ে কিবা এটা ভাল লাগিছে! যমুয়ে টিভি চাই খুব ভাল পায়! দুপৰীয়া ভাত পানী খোৱাৰ পিছত মিতুয়ে নিজে কয়, – “যোৱা যমু, এতিয়া তুমি টিভি চাই থাকা অলপ সময়!”
যমুৰ তাইলৈ চিন্তা, “তুমি কি কৰিবা মিতুবা, শুবা নেকি!” ৷ মিতুৰ দুপৰীয়া শোৱাৰ অভ্যাস কেতিয়াবাই নোহোৱা হ’ল৷ তথাপি তাইক কয় “ও!”
*****
ঘৰলৈ অহাৰ পিছত একসপ্তাহৰ ভিতৰতে যমু মিতুৰ লগত সহজ হৈ পৰিছে! যমুয়ে যেতিয়া খুব মনোযোগেৰে সিহঁতৰ গাঁৱৰ কথাবোৰ কবলৈ ধৰে তাইৰ কথাবোৰ মিতুৰ কিবা চিনাকি চিনাকি লাগে! নদীত সাঁতোৰাৰ কথা, আবেলি হ’লে লগৰবোৰৰ লগত পথাৰত খেলিবলৈ যোৱা, মাছ মাৰিবলৈ যোৱা— তাই বৰ্ণনা দিয়া সকলোবোৰ দৃশ্য যেন মিতুৰ কোনোবা দিনৰ চিনাকি! কথাৰ মাজতে মিতুয়ে যমুৰ সৰলতাৰে ভৰা মুখখনি চাই অস্থিৰ হৈ পৰে! ঠিক এনেকূৱা সৰলতাৰে ভৰা চিনাকি মুখ এখন মিতুৰ দৃশ্যপটত ভাঁহি উঠে! এই মুখ যেন তাইৰ চিৰদিনৰ চিনাকি!
******
মিনু মাসী! হয় হয়, ঠিক যমুৰ নিচিনাই সৰলতাৰে ভৰা মুখখনি আছিল মিনুমাসীৰ! কিমান যে মৰম কৰিছিল তাইক মিনুমাসীয়ে! তেতিয়া তাই বহুত সৰু আছিল! মিতুৰ দেউতাকে তেতিয়া গুৱাহাটীত চাকৰি কৰিছিল! মিতু তাইৰ মাকৰ লগত ধুবুৰী হস্পিতালৰ কোৱাৰ্টাৰত আছিল। মাকৰ দুপৰীয়া সময়ত ডিউটি থকা দিনবোৰত স্কুলৰপৰা মিনু মাসীয়ে তাইক সিহঁতৰ ঘৰলৈ লৈ গৈছিল! ডিউটি শেষ কৰি মাকে তাইক সন্ধিয়া সময়ত কোৱাৰ্টাৰলৈ লৈ গৈছিল! মিনুমাসীহঁতৰ ঘৰটো কোনোবা গাঁৱত, কোৱাৰ্টাৰপৰা ভালেখিনি দূৰত আছিল! অনবৰত ৰূমৰ ভিতৰত সোমাই খেলি থকা মিতু যেতিয়া তালৈ গৈছিল, তেতিয়া তাইৰ মনটো খুব ভাল লাগি গৈছিল! মিনুমাসীৰ ল’ৰা বিপুল দা তাইৰ খেলাৰ লগ আছিল! মিতু বিপুলহঁতৰ ঘৰলৈ গলে বিপুলে তাইক পথাৰলৈ লৈ যায় খেলিবলৈ। এনেকৈ বিপুলৰ বহুত লগৰ লগতো তাইৰ চিনাকি হৈছিল! মিতুয়ে মনত পেলাবলৈ চেষ্টা কৰিছিল নামবোৰ – নিপু, পঙ্কচ, জিমি! সেই যে এখন নদী আছিল, তাতে বিপুল দা আৰু পঙ্কচে সাঁতুৰিছিল, মিতুয়েও সাঁতুৰিবলৈ আশা কৰিছিল! মিনুমাসীয়ে মাকৰ ভয় খুৱাই তাইক মান্তি কৰাইছিল!
মিনুমাসীয়ে তাইক গোৱালপৰীয়া লোকগীত গাই শুনাইছিল! কি জানো আছিল গীতবোৰ, মিতুয়ে মনত পেলাবলৈ চেষ্টা কৰিলে! চিনাকি সুৰ কিছুমান তাইৰ বুকুৰ ভিতৰৰ কোনোবা একোণত বাজি উঠিল!
“মিতুবা, তোমাক উঠি মুখ ধুই এতিয়াই ড্ৰয়িং ৰূমত আহিবলৈ কৈছে বৰমাই!” – যমুৰ মাতত মিতুৰ তত আহিল! মা আহি পালেই নেকি! তাই ওৱাল ঘড়ীটোলে চালে! সময় পাঁচ বাজি দহ মিনিট! ইমান সময় তাই কোনখন দুনিয়াত সোমাই আছিল, তাকে ভাবি ভাবি থাকোঁতে চকুত পৰিল খিৰিকিখন খোলা! বাহিৰত আন্ধাৰৰ চাপ অলপো পৰা নাই! আকাশখন তাইৰ বেচ ৰঙীন যেন লাগিল!
******
সিদিনা সন্ধিয়াই মিতুয়ে মাকক সুধিলে, “মা, বিপুল দা মানে মিনুমাসীৰ ল’ৰাটো যে, তাৰ খবৰ পোৱা নে নাই, বহুদিনেই হল তাক দেখা নোপোৱা”! মাকে আচৰিত ধৰণৰে তাইৰ মুখলৈ চাই সুধিলে, -“কিয়? ভালকৈ নাজানোঁ, মিনুমাসীৰ মৰাৰ সময়ত তালৈ যাওঁতে কান্দিছিল খুব ল’ৰাজনে! বৰ বেয়া লাগিছিল ল’ৰাটোলৈ চাই।’’ কি? মিতুৰ বুকুখন হঠাৎ চিৰিংকৈ উঠে!
মিতুহঁতে কোৱাৰ্টাৰ এৰি অহাৰ সময়ত মিনুমাসী আৰু মাকে খুব কান্দিছিল! বিপুলৰ মুখখনো বৰ অসহায় যেন লাগিছিল! মিতুৰ এতিয়াও মনত আছে, দৌৰি দৌৰি আহি বিপুলে মিতুক এটা মাটিৰ গণেশৰ মূৰ্তি উপহাৰ দি কৈছিল, -“এইটো লোৱা মিতু! পিছৰবাৰ আহিলে ইয়াতকৈ ভাল এটা দিম!”
তাৰ পিছত বিপুলদাক আৰু এবাৰো লগ পোৱা নাই! মিনুমাসীৰ মৃত্যুৰ খবৰটো মায়ে তাইক ফোন কৰি জনাইছিল! তেতিয়া তাইৰ এবাৰো বিপুলদাৰ কথা ভাবিবলৈ অৱকাশ নাছিল!
*****
মিতুৰ কোঠালীৰ খিৰিকিখন তেতিয়াও খোলা আছিল! ফিৰফিৰিয়া এজাক বতাহ খিৰিকিৰে সোমাই আহিছিল! আসঃ— এই বতাহজাক প্ৰিয় তাইৰ৷ নাই কোনো বান্ধোন! ইচ্ছা কৰিলেই মনটো এৰি দিব পাৰি বহুদূৰলৈ! কিন্তু আজি ইচ্ছা কৰিও তাই নিজৰ মনটোক এৰি দিব নাই বতাহত৷ অস্থিৰ হ’বলৈ বতাহজাকে তাইক আকুলতাৰে মাতে! তাই অসহায় হৈ ৰয়!
“তুমি এই ৰাতিখন কি চাই আছা মিতুবা”— যমুক তাই কাষ’লে মাতে৷ “দেখিছা যমু, সেইখন আকাশ! তুমি, বিপুল আৰু মিনুমাসী তাৰ সমানেই বহল!”
যমুয়ে তাইলৈ চাই একো নুবুজাকৈয়ে কয়, “তুমিও আকাশৰ সমানে বিশাল মিতুবা”! মিতুৰ দুচকু চলচলীয়া হৈ পৰে! খুব মৰমৰে যমুয়ে তাইক বুকুৰ ভিতৰত সাৱটি ধৰি ৰাখে! মিতুৰ এনে লাগিল যেন এজাক শীতল বতাহে তাইৰ বুকুখন শাঁত পেলাই দিছে!
——— *****———
Top of Form