কুশলেই আছা চাগে’ সুবাসনা দত্ত (নিবিড় অনুৰাগ মানস)

kuxole ase sagoi_Nibir Anuragকুশলেই আছা চাগে’
চায়েন্স কলেজৰ সুবাসনা দত্ত
অথচ কুশলে থকা নাই মই
অথবা অসীম দীনতাৰে ভৰা
মোৰ জীৱন আৰু প্রেমৰ ৰুদ্ধ পথ
তথাপিও, সময় পালেই
তোমাক ভাল পোৱাৰ
সৰিয়হফুলীয়া বৰষুণজাকত তিতিছোঁ

যৌৱনৰ কেঁচাপতীয়া প্রলেপ প্রস্ফুৰিত হৃদয়ত
আঁকি লৈছোঁ
তোমাৰ এটি চিৰসেউজ ঠিকনা

তুমি হয়তো নুবুজা সুবাসনা
ঠিকনা বিচাৰি হাহাকাৰ কৰা
মোৰ ওঁঠৰ ভাষা
তোমাৰ দুচকুত অঁকা
মোৰ ভৱিষ্যতৰ আঘোণী আশা

মোৰ মৃণ্ময় শৰীৰৰ ভৰ বাৰিষাতো
এতিয়া এজাক ফাগুণী বা
তোমাক নিজৰ কৰি লোৱাৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!