সুখৰ সংজ্ঞা বিচাৰি পেণ্টালুনছত এসন্ধ্যা (অচ্যুত কৃষ্ণ হাজৰিকা)

বহুতদিন হৈ গ’ল একেসোপা কাপোৰকে পিন্ধি থকা৷ কিমান দিন যে হ’ল শ্বপিং নকৰা৷ চাৰ্ট-জিনছ সৱ কিনিবলে আছে৷ টাইমেই নাপাওঁ নহয়৷ শণিবাৰে-দেওবাৰে কাপোৰ-কানি ধুই ৰুম-চোম চফা কৰোঁতেই কেতিয়ানো দুদিন পাৰ হৈ যায় গমেই নাপাওঁ৷ যাব লাগিব মাজতে সময় উলিয়াই৷ লগ এটা নহ’লে আকৌ গৈ ভাল নালাগে৷ কিনো অকলে অকলে যাম৷ লগৰ গীতিকে ক’ব লাগিব৷ তাইটো একে জাপে ওলাব৷ শ্বপিং কৰা বুলি ক’লে তাই বৰ ভাল পায়৷ মাহটোত কিজানি ৫০০০ টকামানৰ কাপোৰেই কিনে৷ দে! লাগাও ফোন!

——————————————–

“হেল্ল গীতি! কি কৰিছ?”
“অই ক’, এয়া আছো এনেই৷ তই?”
“এই আছো এনেই ময়ো৷ অই এটা কথা, এই শণিবাৰে ফ্ৰি আছ নেকি?”
“ওমম……… এতিয়ালৈকে প্লেন নাই, কিয়?”
“এই অলপ ’পেণ্টালুনছ’ যাম বুলি ভাবিছো৷ কাপোৰ কিনিব আছে৷ যাবিনেকি?”
“এ মজা! মোৰো আছে বস্তু দুটামান ল’বলে৷ হ’ব দে৷ যাম৷ কেইটাত যাবি কৈ দিবি৷”
“অকে গ্ৰেট! হ’ব দে কৈ দিম! তোক খুৱাই দিম দে৷ মাই ট্ৰিট৷”
“খুৱাবতো লাগিবয়েই ভাই! দে থিক আছে৷ ফোন কৰিবি পিছত৷”
“অকে বাই৷”
“বাই বাই৷”

——————————————–

ওফফ্ কি গৰম! ধুৰৰ্! ওলাই যাম বুলি প্লেন কৰিছো, দিছে অাকৌ টিকাফটা ৰ’দডাল! নোৱাৰি দেই চিটী বাছত উঠি যাব৷ কেব এখনকে বুক কৰি দিওঁ৷ ’উবাৰ কেব’-ৰ ’এপ’-টো খুলি ‘কেব’ এখন বুক কৰি দিলো৷ ’8 minutes remaining’৷ আঠ মিনিট পিছত আহি পাব৷ গীতিক ফোন লগালো – “অই ওলাই আহ গলি মূৰলৈ৷ কেব এখন বুক কৰিছো৷ মই তোক পিক-আপ কৰি ল’ম৷”
“অকে ঠিক আছে৷ তই কেবত উঠিলে মিছড্ কল এটা দিবি৷ “
“দে হ’ব… যদি মই তাত গৈ পাই ৰ’ব লগা হয় নহয়, এৰি থৈ গুচি যাম কিন্তু৷”
“এহ্ ফুট চালা! চাম কেনেকৈ এৰি থৈ যাৱ৷”
“হ’ব দে৷”

——————————————–

গীতি ফাৰ্ষ্ট ফ্লৰ’ৰ লেডীজ চেকচনত, মই চেকেণ্ড ফ্লৰ’ৰ জেণ্টচৰ ফৰ্মেল চেকচনত৷ পেণ্টালুনচ-ৰ বাৰেকিচিম কাপোৰবোৰ লিৰিকি-বিদাৰি চাই অাছো৷ বাচি বাচি দুটা ছাৰ্ট আৰু ফৰ্মেল ট্ৰাউজাৰ দুটা ল’ম বুলি থিক কৰিলো৷ কাপোৰ কেইটা হাতত লৈয়ে গীতিক বিচাৰি ফাৰ্ষ্ট ফ্লৰ পালোহি৷ হে হৰি! এইজনী কি জিনিচ বাৰু৷ ৫ টা মান কুৰ্তি, ৩ টা লেগিংজ আৰু কিবা দুটামান হাতত লৈ আৰু কিবা কিবি চাই আছে৷ ওচৰলৈ গৈ মাতিলো-
“অই! সৰহকে নিলে হ’লচেলত পাম বুলি ভাবিছ নেকি? আৰু হ’বলা বেলতলা বজাৰত ফিক্সড প্ৰাইচ বুলি মাৰি বহি যাম বুলি ভাবিছ?”
“ধেই ৰ’৷ দেখা নাই নেকি ডিচকাউণ্ট দি আছে৷ চাঞ্চটো পাওঁতে কিনি লওঁ৷”
“হেৰ’ এইসোপা ডিচকাউণ্টত কিনিলেও মোটামোটি ৪০০০ মান যাব৷ পইচা বেছি হৈছে যদি মোকে দি দে৷”
“হেই ব’ৰডাল ক’ৰবাৰ! যা!”
গ’ল তাই আকৌ জিনছৰ চেকচনৰ ফালে৷ যা এইজনী! মোৰ কি আহে যায়৷ পেইমেণ্ট কৰিবলৈ বুলি লেডীজ চেকচনৰপৰা ওলাই আহিব ধৰোতেই দেখা পালো সৰু ৭-৮ বছৰীয়া ছোৱালী এজনীয়ে কান্দি আছে৷ ওচৰত হয়তো সেইজন দেউতাক৷ কাষত মাইকী মানুহ এজনীও আছে৷ মাক বোধহয়৷ মানুহগৰাকীয়ে মানুহজনক কিবা বুজনি দিয়াৰ দৰে কৈ আছে৷ মানুহজনে ছোৱালীজনীক গালি দি আছে৷ মানুহহাল দেখাত বৰ হাই-ফাই যেন নালাগিল৷ কাপোৰ পিন্ধাৰ ঢং দেখিয়েই গম পাই অলপ গাৱলীয়া মানুহ৷ নট্ এট্ অল পেণ্টালুনচ মেটেৰিয়েল৷ কিবা এটা কৌতুহল হোৱাত তেওঁলোকৰ কাষতে ৰৈ কাপোৰ চোৱাৰ চলেৰে কথাটোৰ গম ল’বলৈ চেষ্টা কৰিলো৷

——————————————–

“হেৰি হ’বচোন দিয়ক৷ মোৰ শাৰীখন ইমান জৰুৰী নহয়তো৷”
“কি জৰুৰী নহয়৷ হেৰা, যোৱামাহৰ পৰা পইচা সাঁচি সাঁচি ভাল চাই শাৰী এখন ল’ম বুলি কৈ থকা নাছিলা? …… আৰু এই… এইক যে কাপোৰ দেখিলেই লাগে…… অই! লাটচাহাবৰ বেটী তই? বাপেৰে কোনোবা ৰজা বুলি ভাবিছ?”
“এহ্ হ’ব দিয়কহে৷ কিনো৷ শাৰী মোৰ আছে নহয়৷ এতিয়া নহ’লেও হ’ব৷ মাজনীক ল’বলৈ দিয়ক ফ্ৰকটো৷”
“দাম চাইছানে? ১৫০০ টকা!”
“একো নহয়৷ মই কৈছো নহয়৷ তায়ে পিন্ধক দিয়ক৷”
“ধেই! তোমালোকৰ পৰা উপায় নাই৷ কথাবিলাক বুজি নোপোৱা৷ আজি ভাল ভাল ভাড়া কেইটামান পালো বুলি মনটো ভাল লাগি আছিল৷ বোলো অটোখন অলপ থিক কৰাব পাৰিম৷ দিগন্তৰ দোকানৰ বাকীকেইটা অলপ হ’লেও মাৰিব পাৰিম৷ সেইদিনা সি ৰাস্তাতে আগুচি বাকী খুজিছে জানানে? …… হ’ব আৰু দিয়া…”
“হেৰা… হ’ব দিয়ক৷ মই এইমাহৰ নাচ শিকোৱা ফীজবোৰ পালো নহয়৷ তাৰেই মিলাম দিয়ক…… মাজনী, তোৰ এইটো ভাল লাগিছে ন? …… পৰহিলৈ আইতাৰ ঘৰলৈ যাম যে, তেতিয়া পিন্ধি যাবি দেই……৷”
সৰু ছোৱালীজনীয়ে ফেকুঁৰি-ফেকুঁৰিয়ে মিচিককৈ হাঁহি উঠিল৷ মানুহগৰাকীয়েও জীয়েকলৈ চাই হাঁহি এটা মাৰিলে৷ মানুহজনে হাতত লৈ থকা শাৰীখন পুনৰ শ্বেলফত থৈ পেইমেইণ্ট কাউণ্টাৰৰ ফালে গ’ল৷

——————————————–

“অই বেঙা! লেডীজত কি লাগে তোক! ব’ল, মোৰ হৈ গ’ল৷”
মই গীতিৰ পিছে পিছে পেইমেণ্ট কাউণ্টাৰৰ ফালে গ’লো৷
গীতিৰ হাতত কুৰ্তী-পেণ্ট মিলাই কমেও ৭-৮ টামান কাপোৰ৷ তাইৰ আজি মন পুৰা খুচ৷ কাপোৰ কিনিব পালে যে৷
মোৰ চকুকৈইটা বাৰে বাৰে কাউণ্টাৰৰ লাইনত ৰৈ থকা সেই মানুহজনলৈ গৈ আছিল৷ কাষতে সৰু ছোৱালীজনী৷ মাকৰ লগত কিবা এটা ধেমালি কৰি কৰি হাঁহি আছে৷ মানুহজনেও মাজে মাজে জীয়েকলৈ চাই হাঁহে৷ মোৰ মনটোত কিছুমান প্ৰশ্ন ঘূৰি থাকিল৷
কোন আটাইতকৈ সুখী?
গৰমৰ বাবে কেব্ বুক কৰি কাপোৰ কিনিবলৈ অহা মই?
বজাৰৰ ধনিয়া কিনাৰ নিচিনাকৈ কাপোৰ কিনি ভাল পোৱা গীতি?
অটো চলাই ভাল ভাড়া পোৱা মানুহজন?
নাচ শিকাই পইচা পোৱা আৰু জীয়েকৰ হাঁহিতে হাঁহিব জনা মানুহজনী?
নে ১৫০০ টকাটো কিমান টকা বুজি নোপোৱা সেই নতুন ফ্ৰক পিন্ধি আইতাকৰ ঘৰলৈ যাব বুলি ভাবি থকা কণমানিজনী?
সুখৰ সংজ্ঞা কি?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!