স্নেহ, ভালপোৱা, মমতা ইত্যাদি….(- সুস্মিতা দাস)
কেতিয়াবা কেতিয়াবা কিয় জানো এনেকুৱা লাগে যেন গোটেই পৃথিৱীৰ কাহিনীবোৰ, কাহিনীৰ চৰিত্ৰবোৰৰ জন্ম যেন বাছতেই হৈছে | এই যে অহৰহ চলি থকা বাছবোৰ, বাছত অহা-যোৱা কৰি থকা মানুহবোৰ, ৰঙিয়াল অথবা নিৰ্বিকাৰ সকলোৰে যে কিমান কাহিনী থাকে | কিহৰ তাড়নাত বাৰু দৌৰে সময়ৰ বাছখন ধৰিবলৈ ? জীৱিকাৰ, পেটৰ তাড়নাত, প্ৰেয়সীক এপলক দেখা পোৱাৰ তাড়না, নে চিনাকি বাছ বাবে পাঁচ টকা কমকৈ দি গন্তব্যস্থান পোৱাৰ তাড়না | ভিন্ন মানুহ, ভিন্ন মন | কিছূমান মন পঢ়িব পাৰি, কিছূমান ৰৈ যায় একো একোটা নুবুজা সাথঁৰ হৈ |বৰ বৰ চহৰত ৰেলে ” জীৱন ৰেখা” হোৱাৰ দৰে আমাৰো চাগৈ বাছেই হৈ গৈছে জীৱনৰ অভিন্ন অংগ | কিমান যে যে সম্পৰ্ক গঢ় লৈ উঠে…. দাদা, খুৰা, ছাৰ, বাইদেউ…. কিয় জানো তাইৰ আজিকালি ভাৱ হয় যেন পুৰুষসকলক বয়স অনুযায়ী মাতিবলৈ বৰ সহজ | দাদা, খুড়া, বৰতা অথবা ছাৰ | মহিলাসকল কিন্তু বাইদেউ হৈ থাকিবলৈহে বেছি পছন্দ কৰে | তেওঁলোকৰ ভাৱ- ভংগীতেই ধুনীয়াকৈ প্ৰকাশ পায় সেই কথা | থাওক বাৰু, সুখী হৈ থকাৰ অধিকাৰ সকলোৰে আছে | জীৱন এটাইহে, কাকো হানি নকৰাকৈ মৰ্য্যদা সহকাৰে জীয়াই থকাৰ বাসনা আৰু অধিকাৰ সকলোৰে আছে |
মহানগৰৰ পৰা অনেক দূৰৈৰ সৰু, না নগৰ না গাঁও ঠাইখনলৈ, বৃত্তিৰ তাগিদাত সদায়েই অহা-যোৱা কৰে তাই | লগত থাকে পানীৰ বটল আৰু খোৱা বস্তুৰ টোপোলাটো | বাছত খিৰিকী কাষৰ আসন পালেতো কথাই নাই | বাছৰ মানুহৰ আলেখ- লেখ চাই চাই যাব পাৰি | কিমান যে মানুহ লগ পায় তাই | সদায়েই তাই বাছত লগ পোৱা, তাইৰ দৰেই নিতৌ অহা-যোৱা কৰা, তাইৰ কাষত বহা সহযাত্ৰ্ৰীক বিৱৰণ দিব লগা হয়, তাই কোন, ক’ত আৰু কিয় বিখ্যাত ? দুই-চাৰিটামান সৌজন্যসূচক কথাৰ অন্তত তাইক সোধা হয় আন এক প্ৰশ্ন ………. ” সদায়েই আহিব লাগেনে তুমি/ আপুনি কামলৈ, নে মাজে মাজে…….. ?” হাঁহি উঠে তাইৰ | তাইৰ মানত এক নিলাজ আৰু অবান্তৰ প্ৰশ্ন | কোনো নিয়োগকৰ্তাই নিয়োগ পত্ৰত নিলিখে যে আপুনি কামলৈ মাজে মাজে আহিলেও হ’ব | কিন্তু জানো ক’ৰ পৰা গঢ়ি উঠিল চৰকাৰী চাকৰিত মাজে মাজে হে দেখা দিয়াৰ প্ৰচলন | দোষ কাৰ, নিয়োগকৰ্তাৰ নে চাকৰিয়ালখিনিৰ ? যিটো অনুষ্ঠানে আপোনাক আৰু আপোনাৰ পৰিয়ালক ভাত-কাপোৰৰ যোগান দিয়ে সেই অনুষ্ঠানটোৰ প্ৰতি জানো মোৰ বা আপোনাৰ কোনো নৈতিক দায়িত্ব নাই ? পাল পাৰিলে, ” মেনেজ” কৰিলে অনুষ্ঠানটোক ফাঁকি দিব পাৰি, কিন্তু বিবেকক ? সঁচায়ে পাৰি জানো ? এইবোৰ ভাৱনাতেই নিজৰ গন্তব্যস্থান পায়গৈ অসীমাই | কোনো দিনে তাই এইবোৰ কথা কাকো কৈ পোৱা নাই | তাই জানে লাভ নাই | মানুহে নিজে যিটো ভাবে তাকে খামুচি ধৰি ৰাখি জীয়াই থাকিবলৈ ভাল পায় | থাকক বাৰু… তাত তাইৰ কৰণীয় একো নাই, কিন্তু তাই নিজৰ শিক্ষাত, সংস্কাৰত কোনো ধৰণৰ চেকা পৰিবলৈ কেতিয়াও নিদিয়ে….. লাগিলে সময় আৰু পৰিস্থিতি যিমানেই সলনি নহওক কিয় |
সৰু চহৰখনৰ পৰা উভতি আহি আছে অসীমা, আপোন চহৰখন অভিমুখে | বাছখনত উঠিয়েই ছিট এটা বিচাৰিলে | ৰক্ষা, পাই গ’ল অনায়াসে | খিৰিকী কাষৰ ছিটটোত ছোৱালী এজনী বহি আছিল | মৰমলগা ছোৱালী | দূৰৰ পৰা আহিছে সম্ভৱত: | ছানগ্লাছযোৰ মূৰৰ ওপৰত উঠাই লৈ হেডফোনত গীত শুনি কিবা অজানা ভাৱত বিভোৰ হৈ আহি আছে ছোৱালীজনী | অসীমাই মন কৰিলে ছোৱালীজনীৰ চকুপানী বৈ আহিছে দুচকুৰে | মচিবলৈ অকণো যত্ন কৰা নাই তাই | নিজৰ জগততে মত্ত তাই | এপাকত তাইৰ ফোনটো বাজি উঠিল | দুহাতেৰে ভালদৰে চকুযুৰি মচি ল’লে তাই | হেডফোন আতঁৰাই ল’লে | কথা পতাত লাগিল |খুব মৃদু স্বৰত | মাজে মাজে মাতটি ডিঙিত লাগি ধৰে | বাৰে বাৰে চকুপানী মোহাৰে | মাতটো থোকাথুকি হৈ ওলায় | এবাৰত তাই ক’লে, ” ছোৱালী এজনীক কি লাগে অ’ ক’চোন জীৱনত………….. অলপ মৰম, অলপ ভালপোৱা… ছোৱালী এজনীক অলপ ভালপোৱা আৰু নিৰাপত্তাৰ ছাঁ দিলে সুগন্ধি ফুল হৈ জিলিকি উঠে আৰু বাগিছা জাতিষ্কাৰ কৰি তোলে |” আকৌ চকুপানী মোহাৰিলে তাই….. সিফালৰ কলাৰজনে বহুত বুজোৱাত লাগিল তাইক……. শেষৰ ফালে তাই অলপ জোৰকৈয়ে কিন্তু মাতত কৌতুক সানিয়ে ক’লে, ” প্ৰেম কৰিলে ইমান বাল্টিয়ে বাল্টিয়ে চকুপানী পেলাব লাগিব বুলি জানিলে জীৱ্নত কেতিয়াও প্ৰেম নকৰিলো হয় দেই |” নুশুনো বুলি ভাবিও কথাখিনি শুনি হাঁহি দিলে অসীমাই, চকুত চকু পৰাত অচিনাকি ছোৱালীজনীয়েও হাঁহি দিলে মিচিকিয়াই….. বৰ মৰমলগাকৈ….. সিঁহত দুইজনীৰ কাষতে ছিট নোপোৱা বাবে থিয় হৈ থকা মানুহখিনিয়েও হাঁহি দিলে | বাছখন গৈয়ে থাকিল……………
অসীমাৰ মগজুত বাজি থাকিল তাইৰ এষাৰী বাক্য, ” ছোৱালী এজনীক কি লাগে অ’ ক’চোন জীৱনত………….. অলপ মৰম, অলপ ভালপোৱা… ছোৱালী এজনীক অলপ ভালপোৱা আৰু নিৰাপত্তাৰ ছাঁ দিলে সুগন্ধি ফুল হৈ জিলিকি উঠে আৰু বাগিছা জাতিষ্কাৰ কৰি তোলে |” অনুৰাগলৈ মনত পৰিল তাইৰ | অনুৰাগ, তাইৰ অনুৰাগ | অনুৰাগ এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন তাইৰ বাবে | তাইক সকলো বিপদৰ পৰা, সদায়েই নিলগাই ৰাখে সি | অনুৰাগৰ পৰা পায় তাই নিৰাপত্তাৰ ছাঁ | কোনো দুশ্চিন্তা, দূৰ্ভাৱনাই ঢুকি নাপায় তাইক অনুৰাগৰ বৰ্তমানত | তাইৰ বহুবল্কী স্বভাৱৰ বিপৰীতে অনুৰাগে প্ৰয়োজনতকৈ এটা শব্দও বেছিকৈ নকয় | বাক্যবোৰো চুটি চুটি | অনুৰাগে চকু পকাই নধৰালৈকে তাইৰ মুখ বন্ধ নহয় | কিন্তু অনুৰাগে তাইৰ অনুভৱখিনিক, তাইৰ হৃদয়ৰ ঢপঢপনিখিনিক সদায়েই উপেক্ষা কৰি চলা যেন অনুভৱ কৰে তাই | অনুৰাগে সন্মান কৰে তাইৰ কবিসত্বাক, ইন্ধন যোগান দিয়ে তাইৰ চেতনাশক্তিক….. তাই স্বীকাৰ কৰে অনুৰাগ নথকা হ’লে তাই আজিৰ দৰে নিজকে ভাল পাবলৈ নিশিকিলেহেঁতেন | কিন্তু তায়ো আন দহজনী সাধাৰণ ছোৱালীৰ দৰে বিচাৰে অনুৰাগে তাইক বান্ধি পেলাওক শব্দৰ মায়াজালেৰে, তাৰ পৰা বিচাৰে বেছি নহলেও কিছূ বাহ্যিকতা | অনুৰাগে আজিলৈকে তাইক জন্মদিনৰ শুভেচ্ছা যাঁচি পোৱা নাই, না তাইক সি দিছে কেতিয়াবা এপাহি ৰঙা গোলাপ অথবা চকলেটৰ পেকেট এটা | সপোনৰ পৃথিৱীত বেছিকৈ বাস কৰে অসীমাই| কিন্তু বাৰে বাৰে অনিচ্ছাসত্বেও অনুৰাগৰ বাবেই ঘুৰি আহিব লাগে দিঠকৰ পৃথিৱীখনলৈ | কেতিয়াবা এনে লাগে যেন অনুৰাগে তাইক অকণো ভালেই নাপায় | অভিমানী হৈ উঠে তাইৰ মনটো | কিন্তু তাইৰ অকণমান অসুখতেই বিচলিত হৈ পৰা অনুৰাগক দেখিলে তাইৰ সকলো সমীকৰণত খেলিমেলি লাগি যায় | এবাৰ তাইৰ ভীষণ মূৰৰ বিষ হওতে ডাক্টৰে ” বাইঅপ্সি” কৰিবলৈ দিওঁতে তাইৰ ককায়েকৰ আগত ফেঁকুৰি ফেঁকুৰি কান্দিছিল সি | এয়াই অনুৰাগ | আজিকালি তাই অনুৰাগক তেনেকৈয়ে মানি লৈছে | ভালপোৱাৰ দুটাই স্বৰূপ থাকে…. কাৰোবাক আপোন কৰি লোৱা নতুবা কাৰোবাৰ সাঁচত নিজকে গঢ় দি লোৱা | কাৰোবাক আপোন কৰি লোৱা মানে অকল প্ৰিয়জনৰ প্ৰতি হে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ যেন আপুনি বদ্ধপৰিকৰ সেয়া সূচায় | কাৰোবাৰ সাঁচত নিজকে গঢ় দিয়া মানে প্ৰিয়জনৰ লগত জড়িত সকলোকে স্নেহেৰে, সন্মানেৰে আদৰি লোৱা হয় | কাৰোবাক আপোন কৰি ল’লে কেৱল তেওঁৰ গুণখিনি হে চকুত পৰে, কিন্তু কাৰোবাৰ সাঁচত নিজকে গঢ়ি ল’লে দোষ-গুণ সকলোৰে সৈতে প্ৰিয়জনক আকোঁৱালি লোৱা যায় … য’ত প্ৰেমতকৈ সন্মানৰ পৰিমাণ বহু বেছি……………পৃথিৱীত বহুতো কথাৰ কোনো কাৰণ নাথাকে …… যিদৰে কাৰণ নাথাকে কোনো কাৰণ নোহোৱাকৈ কিবা এটা অকস্মাত ভাল লাগি যোৱাৰ আৰু অকাৰণতে কাৰোবাক বেয়া লাগি যোৱাৰ……. স্বীকৃতি নিদিলেওতো থাকে পাগলৰো এক নিজা মনোজগত …….. যিটো অইনৰ বাবে যি তেনেই অচিনাকি | অসীমাৰ এনে লাগিল, এই অচিনাকি ছোৱালীজনীৰো অপোনজন বাৰু “অনুৰাগৰ” নিচিনা নেকি ? আৰু একো নাভাবিলে তাই | সামৰি ৰাখিলে মনোজগতখনক |
আজি অসীমাই বাছত ছিট নাপালে বহিবলৈ | ৬০ কি:মি ৰ বাট | আজি তাই অফিচৰ পৰা বহু পলমকৈ ওলোৱা বাবে বাছৰ সংখ্যা কমি আহিছিল | ইতিমধ্যে সন্ধ্যা নামি আহিছিল | এইখনেই চাগৈ ঘৰমুখী শেষ বাছ | উপায় নাই | থিয় হৈ হ’লেও যাব লাগিব | ভীৰখিনি ঠেলি তাই বাছখনৰ মাজভাগ পালে | চিনাকি কণ্ডাক্টৰে ক’লে, “এইখিনিতেই চিট এটা ওলাব | ৰৈ থাকক, বাইদেউ, বেছি পিছূৱাই নাযাব |” তাই সেইখিনিতেই ৰৈ দিলে | যাত্ৰ্ৰীজনলৈ চালৈ | নামিবলগীয়াজন পুৰুষ | খিৰিকি কাষৰগৰাকী মহিলা | কোলাত এটি সৰু ল’ৰা | তাইৰ অকণো ভাল নালাগিল | মানুহগৰাকী অসমীয়াভাষী নহয় | পিন্ধনত মলিয়ন শাড়ী | তাই থিয় হৈ থকাৰ পৰাই অনুভৱ কৰিলে মানুহগৰাকীৰ গাটো গোন্ধাইছে | সম্ভৱত : কেইবাদিনো গা নোধোৱা বাবেই গোন্ধাইছে | মানুহগৰাকী মধ্যবয়স্কা | মানুহগৰাকীৰ বয়সটোলৈ চাই কোলাৰ সৰু ল’ৰাটো পুতেক নে নাতিয়েক ধৰিব নোৱাৰিলে অসীমাই | ছিটটোত বহিবলৈ অকণো আগ্ৰহ নাই তাইৰ | উপায়ো নাই! অকস্মাত কিবা এটা খং উঠি আহিল তাইৰ | দিনটো অফিচত খুব ব্যস্ত আছিল | টিফিনটোও খোৱা নহ’ল তাইৰ | তাৰ মাজতে অনুৰাগৰ ফোন আহিছিল | সাধাৰণতে অনুৰাগে অফিচৰ সময়ত ফোন নকৰেই | অলপ আচৰিতেই হৈছিল তাই |আজি বা কি হ’ল | তাতে সি আছে এইকেইদিন বেলেগ চহৰত | প্ৰচণ্ড ব্ৰেক মাৰি বাছখন ৰৈ গ’ল | তাইৰ অনুৰাগ আখ্যানতো সাময়িক যতি পৰিল | নামিবলগীয়া মানুহজন নামিল | অনিচ্ছাস্বত্বেও ছিটটোত বহি দিলে তাই | এক বিকট শব্দ কৰি কাষত বহি থকা মানুহগৰাকীৰ চেল ফোনটো বাজি উঠিল | কোলাত শুই থকা ল’ৰাটোও সাৰ পাই গ’ল | মানুহগৰাকীয়ে বঙালী ভাষাতে কথা পাতিছে, কিন্তু কি পাতিছে মাথা-মুণ্ড একো বুজিব নোৱাৰিলে তাই | একেবাৰে কেঁচা বঙালী | ” ইমান আটাহ পাৰি পাৰিও কোনোবাই ফোনত কথা পাতেনে ” মনতে ভাবিলে তাই | অলপ দুৰত্ব ৰাখি কুচি-মুচি হৈ বহিলে তাই | মুখমণ্ডলত গভীৰ বিৰক্তিৰ আভা | চকুদুটা মুজি দিলে তাই | আকৌ মনত পৰিল অনুৰাগলৈ | দস্তুৰমত আচৰিত হৈছিল তাই অসময়ত তাৰ ফোন দেখি | একো নাই এনেয়ে ফোন কৰিছে | সিঁহতৰ অফিচত হেনো নীহাৰিকা নামৰ খুব ধুনীয়া ছোৱালী এজনীয়ে নতুনকৈ জইন কৰিছে | অফিচৰ সকলো ল’ৰা হেনো তাইক দেখি আধাপাগল হৈছে | সিহে অফিচৰ কামত এনেকৈ পাহাৰে ভৈয়ামে ঘূৰি ফুৰিব লগা গৈছে | একো নক’লে তাই | কিন্তু সেই দুপৰীয়াৰে পৰা অনুৰাগৰ ওপৰত বিৰাট খং উঠি আছে | অনুৰাগৰ এনে ৰূপ তাই আগতে দেখা নাই | তাইৰ এনে লাগিল সি তেতিয়া ওচৰত থকা হ’লে হাতুৰীৰে কোবাই কোবাই তাৰ মূৰটো বগৰীৰ গুড়া হেন কৰিলহেঁতেন | তাই কেতিয়াবা অইন ছোৱালীৰ কথা কৈ জোকায় অনুৰাগক | সি বেয়া পায় | দবিয়ায় তাইক | অথচ, আজি ভুতৰ মুখত ৰাম নাম দেখোন | দেহি ঐ, নীহাৰিকা নামৰ ছোৱালীজনীলৈ কিমান যে আফচোচ বাপুৰামৰ ! ১১ দিন মাজত আছে মাথোঁ সিঁহতৰ বিয়ালৈ | ইচ, তাৰ কি আফচোচ ! “দি আছো আজি তেৰাক”, মনতে ভাবিলে তাই …… আজি যে এখন হৰি-হৰৰ যুদ্ধ হ’ব তাৰ বাবে নিজকে প্ৰস্তুত কৰিলে নিজকে | যুদ্ধৰ পইণ্টবোৰো ভালদৰে মনত পেলাই ল’লে |
ঘড়ীটোলৈ চালে তাই | সাত বাজিবলৈ দহ মিনিট বাকী আছে | আৰু প্ৰায় ২০ কি:মি ৰ বাট আছে যাবলৈ | বাছখন খালী হৈ আহিছিল | শকত, পেটুৱা মানুহ এজন উঠিল | উঠিয়েই মানুহজন তাইৰ ওচৰত আহি থিয় হ’ল | বাছখন চলিবলৈ ধৰিলে | মানুহজনে তেওঁৰ বিশাল পেটটো তাইৰ সোঁহাতখনত লগাই দিলে | ক্ৰমে, জোৰেৰে হেঁচি ধৰিলে হাতখনত পেটটোৰে | তাই ভদ্ৰ ভাষাৰে আপত্তি দৰ্শালে মানুহজনক | গুৰুত্ব নিদিলে মানুহজনে | দুইমিনিটমান পিছতেই পুনৰ মানুহজনে পেটটোৰে হেঁচি ধৰিলে তাইৰ হাতখনত | তাইৰ অশান্তি লাগিল | তাই এপাকত ভাবিলে তাই থিয় হৈ সন্মুখৰ খালী ঠাইখিনিত গৈ ৰৈ দিব নেকি ? হুলস্থূল কৰি লাভ নাই | বাছখনত মহিলা যাত্ৰী নায়েই | তায়েই অপদস্থ হ’ব লগা হ’ব পাৰে | তাতে ৰাতিও হৈ আহিছে | তাই চিঞঁৰ বাখৰ কৰিলে কি হ’ব ? অহাকালিলৈ চিনাকি মুখকেইখনে তাইক সহানুভুতি জনাব | নাই, থিয় হৈ যোৱাই ভাল | কাষৰ মানুহগৰাকীয়ে পেটুৱা মানুহটোৰ আলেখ-লেখ চাই আছিল | তেওঁ এপাকত অসীমাৰ বাওঁহাতখনত ধৰি তাইক থিয় হ’বলৈ ইংগিত দিলে | থিয় হ’ল অসীমা | মানুহগৰাকীয়ে এইবাৰ নিজে অসীমাৰ আসনখনত বহি তাইক খিৰিকী কাষৰ ছিটটোত বহিবলৈ দিলে | কোলাৰ শুই থকা সৰু ল’ৰাটোক এনেভাৱে ঘুৰাই ল’লে যাতে তাৰ ভৰি দুখন মানুহজনৰ বিশাল পেটটোতে পৰে | মানুহগৰাকীৰ মুখখন কিন্তু নিৰ্বিকাৰ | কোনো অভিব্যক্তি নাই | বাছৰ গতিবেগ সলনি হোৱাৰ লগে লগেই ল’ৰাটোৱে টোপনিৰ জালত জোৰে জোৰে মানুহজনৰ পেটত গুৰিয়াবলৈ ধৰিলে | ঘটনাৰ আকস্মিকতাত হতভম্ভ হৈ পৰিল মানুহজন | পিন্ধন-উৰণত ভদ্ৰলোক | হাতত দামী কোম্পানীৰ লেপটপ বেগ | ” য’ত চব অভদ্ৰ মানুহ, ননচেঞ্চ” বুলি মানুহজনে সন্মুখৰ খালী ঠাইখিনিলৈ ভোৰভোৰাই আগবাঢ়ি গ’ল | মানুহগৰাকীয়ে একো প্ৰত্যুত্তৰ নিদিলে | অসীমাই মানুহগৰাকীলৈ চালে | তেওঁ নিজৰ ক’লা পৰা দাঁত কেইটা উলিয়াই হাঁহি দিলে | তায়ো, কিন্তু আন্তৰিকতাৰে | কেতিয়াবা নীৰৱতায়ো বহু কথা কৈ যায় | যোৱা, এঘণ্টাৰ ব্যৱহাৰত বৰ লজ্জিত হ’ল তাই | মানুহ জানো চিনিব পাৰি পিন্ধন উৰণৰ দ্বাৰা ? তাই অনুভৱ কৰিলে, মমতাৰ কোনো বৰণ নাথাকে | মাক সদায়েই মাক হয় | মাক কেতিয়াও নিজৰ মাক, মাহীমাক, হৰিৰ মাক অথবা ৰহিমৰ মা্ক নহয় | মাতৃ হৃদয় সকলোৰে বাবে একে | মাতৃ মাত্ৰকেই বিচাৰে সন্তানক সকলো ধৰণৰ বাধা-বিঘিনিৰ পৰা দূৰত ৰাখিবলৈ | নহ’লেনো আজি এইগৰাকী মাতৃয়ে কিহৰ বাবে তাইক আৱৰি ৰাখিলে তেওঁৰ মলিয়ন চাদৰখনৰ নিৰাপত্তাৰ উত্তাপেৰে | সঁচাকৈয়ে পৃথিৱীখন বৈচিত্ৰময়… লগতে বাছৰ পৃথিৱীখনো |
বাছৰ পৰা নামিলে তাই | দেৰী হোৱা বাবে তাইক আগবঢ়াই নিবলৈ দেউতাক আহিছিল | দেউতাকক অনৰ্গল শুনাই গ’ল গধূলিৰ কাহিনী | নীৰৱে শুনি গ’ল দেউতাকে | অনুৰাগক ফোন কৰিব লাগিব আজি | নকৰে, একেবাৰেই কাজিয়া নকৰে আজি তাই | আজিৰ গধূলিটোত নীহাৰিকা কোনো ফেক্টৰ হৈ নপৰে তাইৰ বাবে | মানুহক ভাল পোৱা, মানৱতাৰ জয়গান গোৱা অনুৰাগক আজি প্ৰথমবাৰৰ বাবে তাই শুনাব জীয়া মানুহৰ কাহিনী, মানৱতাৰ কাহিনী, মমতাৰ কাহিনী | গধূলিৰ জাৱৰখিনি একাষৰীয়া কৰি লোৱাত আজিৰ গধূলিটোলৈ অজানিতে মৰম লাগি গ’ল তাইৰ………………
::: সুস্মিতা দাস