এটা দিন ভালপোৱাৰ নামত
===================
আহক আজি অলপ প্ৰেমিক হৈ পৰো
অলপ নষ্টালজিক,
ব্যস্ততাৰ কঠিন কামিজ সোলোকাই থও
আৰু লিখি দিও এটা দিন
ভালপোৱাৰ নামত ;
এদিনৰ বাবে আজি পুনৰ ৰৈ থাকোগৈ
হাইস্কুলৰ বাটৰ মোৰত,
ৰঙা কিলিপ মাৰি
যি পিনেদি ভালপোৱা আহে
চাও নাচাও চকুৰ চপৰা ভাঙি,
বুকুৰ বুটাম খুলি ফাগুন হওগে চাইকেল ষ্টেণ্ডত,
আৰু তিনিশৰীয়া চনেট লিখি
বহাগে চকুত গুজি দি যাওক
চোৰাং চাৱনি আৰু
লাজৰ সজল ৰুবায়ত্;
অনুৰাগৰ সেউজীয়া আপেল
কিদৰে যে সৰি পৰিল
শোক আৰু শূন্যতাৰ সমন্তৰাল বাটেদি
বেচেৰা নিউটন,
ষোল্ল নম্বৰ পৃষ্ঠাতেই তিনিদিন টোপনি খতি !
হাত কাটি লিখা সেই চিঠিবোৰৰ নামত
সাৰে থাকক দূপৰ বুকুবোৰত
আজি আৰু এটা বেইমান মাজৰাতি;
আহক মুগাৰঙৰ জিলৰ ভিতৰত
আকৌ এবাৰ লুকুৱাই ৰাখো বেঙুনীয়া লেফাফা,
নীলাতকৈও নীলা যি হাতৰ আখৰ
তাৰ পাৰত ৰ’ লাগি ৰওক
উইংচাঙৰ নিলিখা চিঞাহীবোৰ,
সপোনৰ সমকোণত যদি
কোনোবাই গুজি দি যায় ফুলবছা হাতৰ ৰুমাল
কওকচোন কোন ইউক্লিডেনো জুখিব পাৰিব
সেই চাইন থিটা বাই কচ থিটাৰ
মান হব কিমান ??
সেয়ে আহক এদিনৰ বাবে পাহৰি যাও
পোৱা নোপোৱাৰ সকলো হৰণ পূৰণ,
শূন্যতাৰ সকলো এলজেব্ৰা ;
আৰু চকুমুদি চুই চাও
নীলা পাৰি দিয়া সেই ত্ৰিকোণমিতি,
হাঁহিৰ দালমুট আৰু
বৰফৰ বগা দূপৰীয়া
যাৰ ওঁঠত তিতি তিতি নাভাগৰিছিল
বসন্তৰ এহেজাৰ এটা পানীখোৱা ছুটি;
আহক কবি হৈ পৰো আকৌ এবাৰ
হৃদয়ত আৰি লৈ ভালপোৱাৰ ইস্তাহাৰ
হৈ পৰো অলপ বদনাম,
পুনৰ ৰঙা হৈ গোন্ধাওক
ডায়েৰীৰ মাজত শুই থকা গোলাপ,
তেজৰ হেপাহত লিখি লও ৰ’দৰ শ্বায়েৰী,
নিজকে বিছাৰি বিছাৰি
পুনৰ হওক আজি
কাৰোবাৰ খৰাং বুকু খানাতালাচ !
কলেজ কেণ্টিণত কথাৰ ধূলি উৰুৱাই
চেঁচা পৰিব দিয়ক আজি আকৌ একাপ ফাগুন,
ডায়েল কৰি চাওক শূন্যতাৰ নাপাহৰা ঠিকনা
টু ফ’ৰ ফাইভ..দট দট.. থ্ৰি থ্ৰি
আৰু বৈ আহক সিপাৰৰ পৰা
সেই মৰ্মান্তিক মৌনতা
“কেনে আছা সোণ তুমি ?”
অথবা স্মৃতিৰ তেল পুৰি
বলক ফুৰি আহোগে বুকুৰ গোপন চহৰ,
ৰাধাচূড়াৰ তলত আন্ধাৰ হব মন নোযোৱা
আবেলিৰ দীঘল চুলি,
সোঁৱৰণিৰ দোপাট্টাত আস সেই দুখৰ এম্ব্ৰইদাৰি
আৰু থোকাথুকি ওঁঠৰ ঠেহ নভঙা উপত্যকা;
…………
চকুত চকু থৈ নিদ্ৰাহীনতাৰ
আন্ধাৰৰ আঙুলিৰে চুই চাও যেন
সেই আজন্ম আকুলতা- প্ৰথম চুমাৰ !!
বিদায়ৰ মাতাল বৰষুণজাকত
আকৌ জুৰুলি জুপুৰি হৈ তিতো
আৰু লুকুৱাই থও
হৃদয় নামৰ এই অসহায় কাতৰতা;
আহক,
হেপাহ পলুৱাই কান্দো দুখৰ গলধন তিয়াই,
আৰু চিৰদুখী মানুহৰ
সমস্ত চকুপানী মচি দিয়ক
আজি পুনৰ ভালপোৱাই !!
–নিশাংক মিলন