স্বাধীনতাৰ গান (‪‎নিৰুপমা‬ ডেকা)

swadhinotar gaan_nirupamaস্বাধীনতা দিৱস আহিছে
সাৱধান সকলো
ওলাওঁতে সোমাওঁতে
ক’ত বা কি হয় কূটাঘাট

ধেমাজিৰ দৰে যদি হয়
নপঠিয়াবি দে’ কণমাণিহঁতক
পতাকাৰ তললৈ
আবদ্ধ ঘৰতে পাঠ দিবি সিহঁতক

নালাগে জানিব সিহঁতে
স্বাধীনতাৰ আচল স্বৰূপ
সন্ত্ৰাসবাদৰ আদি পাঠ
শিকি ল’ব সিহঁতেও জানিলে

সাধাৰণ মানুহ আমি
কি কৰিম স্বাধীনতাৰ
মৰ্মময়ী অৰ্থেৰে
নতুবা দেশপ্ৰেমেৰে

পেটৰ জুৰণী য’ত হয়
হাঁহিৰ তাতেই উদয় হয়
এনেওতো পৰাধীন আমি
আজীৱন লোকৰ হাতৰ পুতলা

স্বাধীনতাৰ আগত আছিল
ইংৰাজ ঈশ্বৰ
এতিয়া ভাৰতীয় নেতা-পালি নেতা
স্বাধীনতা মানে আমাৰ বাবে ঈশ্বৰ সলনি………

কাৰণ আমি সাধাৰণ নাগৰিক
অন্ন, বস্ত্ৰ আৰু বাসস্থান
আমাৰ শ্ল’গান
আমাক গণ্য কৰে নপুংসক………..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!