তুমিবৰণীয়া সপোনবোৰ : স্মৃতিৰেখা ভূঞা


কাঁহবৰণীয়া সপোনবোৰ কঁহাৰৰ ঘৰৰ
যিদৰে তুমিবৰণীয়া সপোনবোৰ মোৰ হিয়াৰ,
নকৈ গঢ়োতে সপোনবোৰ সদায় উজ্বল।
পুৰণি হ’লে, ভেকুঁৰে ধৰিলে, শেলাই পৰিলে
টেঙা-টুঙা দি মাজিলেই হ’ল;
সপোনবোৰ পুনৰ নতুন হয়
উজ্বলৰ পৰা উজ্বলতৰ হৈ
বুকুত বোৱায় প্রশান্তিৰ নৈ।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!