শব্দাৱলী-কম্পন কিছু শব্দৰ : আদিত্য ৰঞ্জন দত্ত
তোমাৰ বুকুৰ গভীৰতাৰ পৰা কুৰুকি কুৰুকি ওলাই আহিব খোজে সপোনবোৰ
সিহঁতে আঁকি থৈ আহে এখন দলং,
দৌৰি দৌৰি পাৰ হ’ব খোজো মই
ঠিক যেন এই আহোঁ এই আহোঁ ডিক্রঙৰ বান।
মাজে মাজে ভাগৰ লাগে খুউব,
মৰমবোৰ উঁই হাফলুৰ দৰে ফোপোলা হৈ পৰে।
তেজ হৈ বগুৱা বাই আহে ৰঙা নদীখন,
বঠা মাৰি মাৰি টুলুঙা নাৱেৰে
সিপাৰলৈ যোৱাৰ আপ্ৰাণ চেষ্টা মোৰ।
তুমি আনি শুনাইছিলা
সোঁৱৰণিৰ বুকুত জীয়াই থকা দাপোণখনৰ গীত এটি।
মই হেনো তোমাৰ গীতৰ নায়ক!
তোমাৰ মৌন ওঁঠেৰে ওলাই আহিছিল
নীলকণ্ঠী চুম্বন।
মোৰ উৰুখা চালৰ পঁজাত থাকি তুমি আকাশখন চাইছিলা,
মেঘে ঢকা তৰাৰ আৰ্তনাদ শুনি
বুকুত ভিৰ কৰিছিলহি গুবৰুৱা এটাই।
“বাৰিষাৰ বানে যে কাকো নামানে,
নিশাই মথাউৰি ভাঙি
প্লাবন নমাই হৃদয়ৰ চুকে-কোণে!”
Bhal lagise..