গল্প (উচ্চজিৎ কলিতা)
(১) কাক-বিষ্ঠা
মাত্র দুটা চুবুৰি থকা প্ৰান্তৱৰ্তী গাঁওখনৰ এটা চুবুৰিৰ পঞ্চাশটা পৰিয়ালে ‘বৃন্ধ্য’ ধৰ্ম আৰু আনটো চুবুৰিৰ আঠচল্লিশটা পৰিয়ালে ‘উতাণ্ড’ ধৰ্ম পালন কৰে।
গৃহস্থৰ বাপেকৰ শ্ৰাদ্ধ উপলক্ষে বৃন্ধ্য ধৰ্মৰ মানুহবোৰৰ এঘৰত ভোজ পাতিছে। পিছ চোঁতালত চৌকাৰ ওপৰত ডাঙৰ কেৰাহীত আঞ্জা উতলি আছে। বতাহত বিয়পি পৰা মলমলীয়া গোন্ধেই কয় ৰান্ধনি পাগত উঠা। গাঁৱৰ সকলো বৃন্ধ্যধৰ্মীয়ে চোঁতালত শাৰী পাতি বহিছে আৰু বিভিন্ন কথা পাতি খাবলৈ ৰৈ আছে।
হঠাৎ কাউৰী এটা উৰি আহি উতলি থকা আঞ্জাত বিষ্ঠা ত্যাগ কৰিলে। ৰান্ধনিয়ে হুৱা-দুৱা লগালে। গৃহস্থ দৌৰি আহিল। কথা শুনি সকলো বিপাঙত পৰিল। আঞ্জা ৰন্ধা প্ৰায় শেষ হৈছিলেই। বয়োজ্যেষ্ঠসকলক গৃহস্থই এই আঞ্জা পেলাই দিব লাগে নে নালাগে সুধিলে।
বৃন্ধ্য সমাজৰ বুঢ়া মানুহ এজনে ক’লে – ‘বলা, আমি আমাৰ ঈশ্বৰ-পূজাৰীক সুধি আহোঁ’।
ভোজ খাবলৈ অহা মানুহবোৰ বৃন্ধ্য-পূজাৰীৰ ওচৰ পালে। তেওঁ ৰাইজৰ কথা শুনি বৃন্ধ্যতত্বখন খুলি ল’লে। পিছে কাক-বিষ্ঠা পৰিলে আঞ্জা খাব লাগে নে পেলাব লাগে বৃন্ধ্যতত্বৰ ক’তো লিখা নাই।
বৃন্ধ্য-পূজাৰীয়ে ৰাইজক আধাঘণ্টা যি য’ত আছে তাতে ৰ’বলৈ কৈ ঘৰৰ আগ-দুৱাৰ মাৰি দিলে। ৰাইজে ভাবিলে বৃন্ধ্য-পূজাৰীয়ে আঞ্জাত কাউৰীৰ বিষ্ঠা পৰা সমস্যাৰ সমাধান বিচাৰি ঘৰৰ ভিতৰত একান্ত সমাধিত বহিছে।
ৰাইজ চোঁতালত ৰৈ থাকোঁতে বৃন্ধ্য-পূজাৰীয়ে গায়ে-মূৰে কাপোৰ মেৰিয়াই পিছ দুৱাৰেদি মনে মনে ওলাই গৈ সিটো চুবুৰিৰ উতাণ্ড-পূজাৰীৰ ঘৰ পালে আৰু উতাণ্ডসকলে কাউৰীৰ বিষ্ঠা পৰিলে আঞ্জা খায়নে নাখায় সুধিলে।
উতাণ্ড পূজাৰীয়ে বেছ কিছু সময় ভাবি বিজ্ঞৰ দৰে ক’লে- ‘নাই, আমি নাখাওঁ৷”
আধাঘণ্টা পিছত বৃন্ধ্য-পূজাৰীৰ ঘৰৰ আগ-দুৱাৰ খোল খালে।
অপেক্ষাৰত সমস্ত বৃন্ধ্য ৰাইজলৈ চাই তেওঁ অভিজ্ঞ জ্ঞানীৰ দৰে ক’লে – ‘সমাধিত বহি মই গম পালোঁ যে উতাণ্ডসকলে আঞ্জাত কাক-বিষ্ঠা পৰিলে নাখায়। গতিকে আমি বৃন্ধ্যসকলে খাব পাৰোঁ। বৃন্ধ্যদেৱৰ আশীৰ্বাদত সেয়া সুস্বাদু হৈ পৰিছে৷’
বৃন্ধ্যসকল হাঁহিমুখে গৃহস্থৰ ঘৰৰ চোতাল পালে।
ভোজ খাই উঠি মানুহবোৰে কোৱাকুই কৰি ফুৰিছে যে সিদিনা ভোজৰ আঞ্জাৰ সোৱাদ স্বৰ্গীয় হৈছিল।
(২) সীমা
উত্তেজনাপূৰ্ণ শ্লোগানৰ মাজতে বিবেকৰ ফোনটো বাৰে বাৰে বাজি উঠিছে। বিবেক বিৰক্ত হৈছে। ‘দেউতাৰো কাম নাই আৰু’ – মনতে ভাবিলে। ভিৰৰ পৰা ওলাই ক’লেজৰ কেণ্টিনৰ ফালে গৈ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ বিবেকে দেউতাকলৈ ফোন লগালে।
– কি হ’ল দেউতা, ইমানকৈ কিয় ফোন কৰি আছা, মই বৰ ব্যস্ত আছোঁ।
– বোপাই, তহঁতৰ ক’লেজত কিবা গণ্ডগোল লাগিছে নেকি ? টিভিত কিবাকিবি দি আছে যে।
– তুমি সেইবোৰত মূৰ নঘমাবা দেউতা, আমি নিপীড়িত জনগণৰ কাৰণে বিপ্লৱ কৰিছোঁ।
দেউতাকে প্ৰসংগ সলনি কৰি ক’লে- ‘বোপা, তই ঘৰলৈ আহিলে মই বৰ সকাহ পালোঁহেঁতেন। এতিয়া তোৰ পৰীক্ষাও নাই। ঘৰলৈ আহি কিবা এটা হেস্ত-নেস্ত কৰি যা৷’
– আহ! দেউতা, পৰীক্ষা নাথাকিলেও আমাৰ বহুত কাম থাকে। আফজলৰ ফাঁচীৰ প্ৰতিবাদত বহুকেইটা আন্দোলনৰ কাৰ্যসূচীত আমি ভাগ ল’ব লাগিব। বহুত কিতাপ-পত্ৰ পঢ়ি বিভিন্ন ধৰণৰ যুক্তি প্ৰস্তুত কৰিব লগা আছে। সেইবোৰ দায়িত্ব মোৰ। আইনৰ ছাত্ৰ বাবে আমাৰ ছাত্ৰ সংগঠনে মোক গুৰু দায়িত্ব অৰ্পণ কৰিছে।
আফজলৰ নাম নুশুনা খেতিয়ক দেউতাকে সুধিলে – ‘আফজলনো কোন? আৰু তেওঁক কিয় ফাঁচী দিছে ?’
– দেউতা তুমি দেশৰ খবৰ একোকে নাৰাখা। আফজল হ’ল কাশ্মীৰৰ মুক্তিযোদ্ধা। কাশ্মীৰক স্বাধীন নাইবা পাকিস্তানৰ অংগ কৰিবলৈ তেওঁলোকে বিপ্লৱ কৰিছে। ভাৰতবৰ্ষৰ সংসদ-ভৱনত আক্ৰমণ কৰাত সহায় কৰা বুলি সন্দেহ কৰি তেওঁক ভাৰত-ৰাষ্ট্ৰই ফাঁচী দিছে।
– সংসদ-ভৱনত আক্ৰমণ কৰিছে যদি মানুহটো ভাল নহয়। তই আকৌ তেওঁৰ ফাঁচীৰ বিৰোধিতা কিয় কৰিছ? আৰু কাশ্মীৰখননো ভাৰতৰ পৰা বেলেগ কৰিবলৈ কিয় লাগে? নিজৰ দেশৰ মাটি কিয় এৰি দিব ভাৰত চৰকাৰে?
– চোৱা দেউতা, নজনা-নুশুনাকৈ একো নক’বা। আফজলে একো ভুল কৰা নাই। কাশ্মীৰখনক হয় স্বাধীনতা নাইবা পাকিস্তানক দি দিবই লাগিব, সেয়া নিপীড়িত মানুহৰ অধিকাৰ। আমাৰ সংগঠনে আফজলৰ নামত বিপ্লৱ কৰিয়ে যাব।
– বোপাইও, ক’ৰবাত পুলিচ-চুলিচৰ ৰোষত পৰিবি। এইবিলাক নকৰিলেও হয় নেকি ! দেশৰ কথা, মন্ত্ৰীসকলে যি কৰে কৰিব।
– আমি পুলিচক ভয় নকৰোঁ, আমি লগা হ’লে পুলিচ-চুলিচ একো নামানো। আইন আমি ভালকৈ জানো।
– যি ভাল দেখ কৰ বোপাই। মই পিছে বেলেগ কথা এটা ক’বলৈও ফোন কৰিছিলোঁ। এই প্ৰভাতে এইবাৰো জেওৰাখন আমাৰ মাটিৰ পিনে দুফুট সুমুৱাই দিছে। সি বছৰে বছৰে সীমা ঠেলিয়ে আছে। নিজৰ ভাই হ’লেও আৰু কিমান সহিম ! তই জনা-বুজা হৈছ, আহি মীমাংসা এটা কৰ।
বিবেকৰ খঙে চুলিৰ আগ পালে। দেউতাকক ক’লে – ‘দেউতা, সৰুৰে পৰা দেখি আহিছোঁ প্ৰভাত খুড়াৰ এই কু-কৰ্ম। এতিয়া আৰু নসহোঁ। বিবেকে আইন পঢ়িছে বুলি ক’বা। অহা মাহত মই ঘৰলৈ গৈ আছোঁ, তাক বিহু দেখুৱাই দিম৷’
– বোপাইও নিজৰ খুড়াৰ, কাজিয়া কৰিব নালাগে। কিবা এটা মিলা-মিচা কৰিলেই হ’ল।
– নাই দেউতা, নহ’ব ! সদ্যহতে তুমি থানাত তাৰ ওপৰত এটা কে’চ দি দিয়া। দেশত আইন-কানুন বোলা বস্তু এটা আছে নহয়। যিয়ে যেতিয়াই ইচ্ছা সীমা ঠেলি থাকিলে হ’ব নেকি ? তাক এইবাৰ জেলৰ ভাত খুৱাইহে এৰিম।
দেউতাকে সজ সজ বুলি ফোনটো থ’লে।
বিবেকে পুনৰ সমদলটোত সোমাই চিঞৰিবলৈ ধৰিলে ‘কাশ্মীৰ মাংগে আজাদী৷’