ইউনিফৰ্ম, জিনচ্ ইত্যাদি -(দেৱিকা ঠাকুৰীয়া)
ইউনিফৰ্ম, জিনচ্ ইত্যাদি
-দেৱিকা ঠাকুৰীয়া
বিদ্যালয়ৰ ইউনিফৰ্ম যোৰৰ প্ৰতি মোৰ এক দূৰ্ৱলতা আছিল । সৰুতে মা-দেউতাই কৈছিল – ইউনিফৰ্মযোৰৰ অৰ্থ হৈছে সকলো ল’ৰা-ছোৱালী সমান অৰ্থাৎ ইউনিফৰ্মযোৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ধনী -দুখীয়া , উচ্চ-নীচ আদি মনোভাৱবোৰ আঁতৰাই ৰাখে আৰু শিক্ষক সকলকো সকলোকে সমান চকুৰে চাবলৈ শিকায় ।
৩য় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ শেষত দেউতাক ইউনিফৰ্ম এযোৰৰ বাবে খাতিৰ ধৰিছিলো । মই কেনেকুৱা ইউনিফৰ্ম লাগিব বুলি শুধিলে, য’তে থাকো তাতেই থিয় হৈ দুই তিনি পাক মাৰি ইউনিফৰ্মযোৰৰ বৰ্ণনা দিয়াত লাগি যাওঁ। দেউতাই আমোদ পাই ৰিজাল্ট দিয়াৰ আগৰপৰাই প্ৰতিদিনে শোধে ইউনিফৰ্মজোৰৰ বৰ্ণনা আৰু মই অলপো নাভাগৰোঁ একেটাকথাকে বাৰে বাৰে ক’বলৈ পালেও !
সৰস্বতী পূজাতো মই সদায় ইউনিফৰ্ম পিন্ধিয়েই গৈছিলো। অৱশ্যে আমাৰ স্কুলত পিছলৈ পূজাত ইউনিফৰ্ম পিন্ধি যোৱাতো বাধ্যতামূলক হ’ল।
দশম শ্ৰেণীত পঢ়ি থাকোঁতে তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগে আয়োজন কৰা এটা ৫দিনীয়া শিক্ষা শিবিৰত অংশ গ্ৰহণৰ বাবে প্ৰতিযোগীতামূলক পৰীক্ষা এটা দিবলৈ আমাৰ বিদ্যালয়ৰ পৰা আমি চাৰি জনী ছোৱালী আৰু এজন ল’ৰা নিৰ্বাচিত হৈছিলো। পৰীক্ষা যদিও ৰবিবাৰে আছিল, তথাপি আমি ডাঠ নীলা পাৰিৰ বগা চাদৰ মেখেলা আৰু চুলিত ৰঙা ফিটা মাৰি গৈছিলো । তেজপুৰৰ কনভেণ্ট , ডনবস্ক’ , তেজপুৰ চৰকাৰী ছোৱালী হাইস্কুল আদি কৰি অসমৰ আন আন ঠাইৰ পৰাও ছাত্ৰ -ছাত্ৰী আহিছিল ।ৰবিবাৰেও আমাক চাদৰ মেখেলা পিন্ধি যোৱা দেখিয়ে হয়তো সকলোৱে আচহুৱা পাই ঘুৰি ঘূৰি চাইছিল । পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সময়ত আমি সগৌৰৱে থিয় হৈছিলো কাৰণ আমাৰ ঠেলামাৰা হাইস্কুলৰ পৰা যোৱা আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছিলো আৰু তেজপুৰ বিশ্ববিদ্যালয়ত এসপ্তাহৰ বাবে “কনটেক্ট প্ৰগেম”ত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিলো । আমাক লৈ যোৱা আমাৰ বিদ্যালয়ৰ শিক্ষক গৰাকীয়েও ( তেজপুৰৰ ) আমাক তেখেতৰ চিনাকী মানুহবোৰৰ লগত পৰিচয় কৰাই দিছিল “মোৰ ছাত্ৰী” বুলি । অসমীয়া মাধ্যমত পঢ়াৰ বাবে বহু কথাই মূৰৰ ওপৰেদি গৈছিল ! অশোক কুমাৰ চাৰ ( মূৰব্বী অধ্যাপক, পদাৰ্থ বিজ্ঞান) , ড’ অমৰজ্যোতি চৌধুৰী চাৰ , ড০ নয়নদ্বীপ ডেকাবৰুৱা চাৰ আদিৰ দৰে বিজ্ঞ লোকসকলৰ পৰা বহুতো মূল্যবান শিক্ষা লাভৰ সুবিধা পাইছিলো । ৫ দিনীয়া কাৰ্য্যসূচীৰ অন্তত সাংস্কৃতিক সন্ধিয়াৰ বাবে ৭ জনকৈ ছাত্ৰ -ছাত্ৰীৰ দল বান্ধি দিছিল নিজ ইচ্ছামতে গান , অভিনয়, নাচ ইত্যাদি কৰাৰ বাবে ।
উক্ত সন্ধিয়াত মুঠ ৫ টা গ্ৰুপৰ ভিতৰত দুটাই নাটক , এটাই দলীয় নৃত্য আৰু দুটাই কোৰাচ পৰিবেশন কৰে। আমি ” আজি ধৰাৰ বুকুত পোহৰৰ ঢল নামিছে ” এই গানটো কোৰাচ হিচাপে পৰিবেশন কৰোঁ । আমি আটাইকেইজনী ছোৱালীয়ে চাদৰ-মেখেলা আৰু ৰঙা ফিটা আৰু ল’ৰা তিনি জনেও (দুজন পাঠশালা ,বৰপেটাৰ ) মিলাই কাপোৰ পিন্ধে। আমাৰ কোৰাচৰ শেষত মঞ্চৰ পৰা নমাৰ লগে লগে বিশিষ্ট সাহিত্যিক ড’ অমৰজ্যোতি চৌধুৰী চাৰে নিজৰ আসনৰ পৰা উঠি আহি আমাক এটি উজ্বল হাঁহিৰে অভিনন্দন জনায় আৰু কয় যে আমাৰ কোৰাচটোৰ লগতে আমাৰ সাজ পোচাক বহুত সুন্দৰ হৈছে । আমি যথেষ্ট উৎফুল্লিত হওঁ ।
ঘৰৰ পৰা দূৰৈত এইয়া আছিল প্ৰথম অভিজ্ঞতা । তাৰ পাছত হায়াৰ চেকেণ্ডাৰী, ডিপ্ল’মা সকলোতে ইউনিফৰ্ম আছিল (ৱৰ্কশ্ব’পত পিছে চূৰ্ণী লব নিদিছিল, মেচিনত সোমাই যাব বুলি); গতিকে মই ভালেই পাইছিলো । বাহিৰতো খুব কমেই জিন্চ -টপ পিন্ধিছিলো । ঘৰলৈ গ’লে সাধাৰণতে পিন্ধিবলৈ অলপ টান লাগিছিল । কাৰণ এটা মনত ধাৰণা আছিল জিনচ মানে ষ্টাইল বা ফেচনৰ বস্তু । তাতে দেউতা শিক্ষক । সেয়ে বাইদেৱে কিনি দিছিল যদিও খুব কমেইহে জিনচ পিন্ধিছিলো।
পাঞ্জাৱত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ দেখোঁ ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম নাই । সকলোৱে চুৰিদাৰ বা জিনচ -টপ পিন্ধি ক্লাছ কৰিছিল । মই ক্লাছলৈ চুৰিদাৰ পিন্ধি গৈছিলোঁ, কিন্তু বাকী সময়ত জিনচ পিন্ধিছিলো । কেতিয়াও জিনচ পিন্ধি ক’লেজ -স্কুললৈ নোযোৱা বাবে অসজা লাগিছিল । সকলোৱে মোক কৈছিল – “তই কিয় জিনচ পিন্ধি ক্লাছলৈ নাহ’” বুলি । মই কৈছিলো “মোক কিছু সময় লাগিব। আগতে কেতিয়াও এইবোৰ পিন্ধি কলেজ গৈ পোৱা নাই যে সেয়ে” । মোক সম্পূৰ্ণ এটা চেমিষ্টাৰ লাগিছিল ক্লাছত জিনচ পিন্ধি যাবলৈ মন বান্ধিবলৈ । লাহে লাহে সুবিধাজনক যেন লগা হ’ল জিনচ -টপ । শেষলৈ এনেকুৱা হ’ল যে যিদিনাখন ৰাতিপুৱা অলপ সোনকালে উঠোঁ, সিদিনাহে চুৰিদাৰ পিন্ধি যাওঁ । জিনচ -টপ অতি সুবিধাজনক হৈ পৰিল দৌৰাদৌৰিকৈ ক্লাছ কৰিবৰ বাবে ।
মাষ্টাৰ ডিগ্ৰীৰ ১ম চেমিষ্টাৰত ইউনিভাৰচিটিৰ পৰা চেঞ্চুৰী পেপাৰ মিললৈ যাওতে চুৰিদাৰ পিন্ধি যোৱাৰ বাবে আমাৰ শিক্ষয়িত্ৰী এগৰাকীক ইণ্ডাষ্টীটোত সোমাব দিয়া নাছিল ।পিছত চূৰ্ণিখন মেৰাই বান্ধি লোৱাত হে তেওঁক যাবলৈ দিয়ে ।
বহুতৰে এটা ভ্ৰান্ত ধাৰণা আছে যে জিনচ পিন্ধা মানেই নিজৰ সংস্কৃতিক অৱহেলা কৰা … আচলতে তেনে একো নহয় ।চাদৰ- মেখেলা পিন্ধি এজনী ছোৱালী বা বোৱাৰীয়ে নিজকে অসমীয়া বুলি চিনাকী দি সদায় গৌৰৱ অনুভৱ কৰে বুলি মই ভাবোঁ । কথা হ’ল – স্থান , কাল অনুসৰি সকলো সলনি হ’বলগীয়াত পৰে । এই কথাষাৰেই আমি সাজ-পোচাকৰ ক্ষেত্ৰত মনত ৰাখি থোৱা ভাল ।