সংবাদ মাধ্যম আৰু সাংবাদিকতা

সংবাদ মাধ্যম আৰু সাংবাদিকতা

লেখক- সোমেশ্বৰ বৰা

সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আৰু সাংবাদিকতা সমাজৰ বৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সমাজৰ বাবে দায়বদ্ধ সাংবাদিকতাৰে সমাজৰ আৰ্থ-সামাজিক সমস্যাৰাজি ৰজাঘৰৰ দৃষ্টি গোচৰ কৰিব পৰাটোহে সফল সাংবাদিকতা। সঁচা অৰ্থত, এজন বিবেকবান সংবাদসেৱী সমাজখনৰ শিক্ষক/বিচাৰক/গতি নিয়ন্ত্ৰক। সুস্থ সাংবাদিকতাৰে একোজন সাংবাদিকে সমাজ গঢ়াৰ মহান দায়িত্ব পালন কৰিব পাৰে।

দূৰদৰ্শন তথা মেডিয়াৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে কওঁ, ৰজাঘৰৰ পাকঘৰ/বৰঘৰ সঘনাই গৰকা মানেই বিক্ৰী হয় আদৰ্শ/ব্যক্তিত্ব, আপোচ হয় দায়বদ্ধতাত/সাংবাদিকতাত। আপোচ হয় দুৰ্নীতিৰ সৈতে আৰু সাংবাদিকতা সোমাই পৰে মালিকি স্বত্বত।

গনমাধ্যমসমূহে জনগনৰ স্বাৰ্থক ঢাল হিচাবে লৈ মালিক গোষ্ঠীয়ে পাকে প্ৰকাৰে সংবাদক নিজৰ লাভৰ দিশলৈ লৈ যাবই। কোনো এটা সংবাদৰ সপক্ষ কিম্বা বিপক্ষ দুই গোষ্ঠীৰ মাজৰ জনতাক আকৰ্ষিত কৰিব পৰাটোহে আজিৰ সংবাদসেৱীৰ মূলমন্ত্ৰ হৈ পৰিছে আৰু উৰাবাতৰিৰ কথাও উপেক্ষা কৰা নেযায়।

ৰজাঘৰ আৰু মালিক গোষ্ঠীয়ে সংবাদ মাধ্যমৰ সতে সু-সম্পৰ্ক বজাই ৰখাত পাকৈত। গতিকে কোনো কোনো ক্ষেত্ৰত সমালোচনা আৰু সততা গৌণ হৈ পৰে আৰু তেতিয়াই হৈ পৰে হালধীয়া সংবাদিকতা।

সাধাৰণতে, মছলাদাৰ খবৰ একোটা পালে অধিক মা-মছলা সানি অতিৰঞ্জিতভাৱে দেখুৱাই থকাটো অযুগুত। আজিৰ মেডিয়াৰ এনেকুৱা প্ৰভাৱ যে কেমেৰাৰ আগত ওলাবলৈ ভিন্নজনৰ হেতা ওপৰা লাগে। কেতিয়াবা কেমেৰাৰ সমুখত পুনৰ ফিটা কটাও দেখিছোঁ।

হাতত কটা মূৰ এটা লৈ হত্যাকাৰী থানাত হাজিৰ। গোটেই দিনটো কেইটা নিউজ চেনেলতে কটা মূৰটো ঘূৰি থাকিল! এতিয়া ভাবি চাওকচোন,কুঠাৰেৰে পত্নীৰ শিৰচ্ছেদ কৰিবলৈ আৰু কেইজনমানে প্ৰেৰণা পালে। শ্ৰদ্ধা হত্যাৰ অনুৰূপ হত্যাকাণ্ডৰে তৎক্ষণাৎ প্ৰমাণ দিলে আমাৰ মুলুকতে।।

শৰাইঘাট দলঙৰ/দিখৌ দলঙৰ এই খিনি ঠাই(গোল গোল চিহ্নৰে)চুইচাইদ জ’ন। যিমান পাৰে সিমান দেখুয়ায় কেৱল টি আৰ পিৰ বাবেই।

আকস্মিক দূৰ্ঘটনা আদি হ’লে ভূক্তভোগীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বিভিন্ন প্ৰশ্ন শুধি ব্যতিব্যস্ত কৰি অহেতুক বিলম্ব কৰাটো যে বৰ বিৰক্তিকৰ। পাৰিলে যেন অক্সিজেন মাস্কখন খুলিও ভূক্তভোগীৰ সাক্ষৰতাৰ ল’ব আৰু সেহাই সেহাই সেইজনেও যেন লানি নিচিগা প্ৰশ্নবোৰৰ উত্তৰ দিব।

ভূক্তভোগীৰ আত্মীয়ক কান্দিকাটি লেৱেজান অৱস্থাত সংবাদিকে হকে বিহকে বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি থাকোঁতে আপোনাৰ কেনে লাগে বাৰু?

ইমান ভাল পাৰ্চেন্টেজ পাইছা, কটনত/জেবিত নপঢ়িলা কিয়? ডাক্তৰ হ’বানে ইঞ্জিনীয়াৰ হ’বা?
এইবোৰ প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰা শিক্ষাৰ্থীৰ অৱস্থাটো এবাৰ উপলব্ধি কৰকচোন!

বিগ ব্ৰেকিং নিউজ, কেৱল আমাৰ চেনেলতে বুলি চিঞৰ বাখৰ কৰি কৰি বিভিন্ন চেনেলতো একেটা খবৰেই চিঞৰ বাখৰ লগোৱাটো হাস্যকৰ।

অমুক চেনেলৰ প্ৰভাৱতহে চৰকাৰৰ গা ল’ৰিল আদি।

ইউ পি এচ চি/এ পি এচ চিত কৈও কটকটীয়া সুৰক্ষা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত।
কটকটীয়া নিৰাপত্তাই যদি আটাইতকৈ মেধাৱী কেইজনক বাচনি কৰিব পাৰি, তাত আপত্তিৰ থল ক’ত?

ইণ্টাৰনেট সেৱাৰ বন্ধই বেপাৰ বানিজ/ওলা-উবেৰ, ৰেপিডোৰ সুচল ব্যৱস্থাত বাধা জন্মাইছে। এখোজ আগুৱাই টিভিত কোনোবাই ক’লে লোকচানখিনি হিমন্তই দিব নেকি?

পৰীক্ষা হ’লত সোমোৱাৰ আগতেই ইণ্টাৰনেটৰ যোগেদি পৰীক্ষাৰ পেপাৰ ফাদিল হৈ পৰীক্ষাৰ পক্ৰিয়াটোৱেই বন্ধ তথা পুনৰ দিন নিৰ্ধাৰণ কৰিব লাগিলহেঁতেন। গতিকে চাৰি/পাঁচ ঘণ্টা ইণ্টাৰনেট ব্যাঘাত হোৱাৰ বাবে দৈৱসিংহাসনখন তল যোৱা নাই নহয়!

আজিৰ প্ৰশ্ন, সংবাদ পৰিবেশন, দায়বদ্ধ সংবাদিকতা আৰু হকে বিহকে একেটা বাতৰিকে ৰহণ সানি বাৰে বাৰে পৰিবেশনৰ প্ৰতি সমাজ সচেতনতাৰ মাজত সম্পৰ্ক কি??

গতিকে, এই দিশবোৰৰ আঁতিগুৰি ফঁহিয়াই বিজ্ঞজনৰ পৰামৰ্শ বিচাৰি আজিৰ বাৰ্তালাপ পাঠকলৈ এৰিলোঁ।

সচেতন জনতাৰ মতামত::

১) সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমক চকুমুদি বিশ্বাস কৰাটো মোৰ বোধেৰে একেবাৰে সমীচিন নহয় কিয়নো সাংবাদিকতাৰ সৈতে জড়িত লোকসকলে এই যে কেইটামান বিশেষ শব্দ ব্যৱহাৰ কৰে, যেনে- একনিষ্ঠ, সত্যনিষ্ঠ, ব্যতিক্ৰম, সম্পূৰ্ণ শুদ্ধ, অসম্পাদিত ৰূপ ইত্যাদি ইত্যাদি শব্দবোৰৰ বৰ্তমান ‌সময়ত যুক্তিযুক্ততাৰ অৱকাশ আছে বুলি মনে নধৰে। শুনিবলৈ বা ক’বলৈ বেয়া যদিও বাতৰিসমূহ যেন বেহালৈ পৰ্যবেশিত হৈছে । কেতিয়াবা কেতিয়াবা এনেকুৱা হয়গৈ যে ৰং ৰহণ সানোতে সানোতে মূল বিষয়বস্তুৰ আতঁডালেই হেৰাই যায় ।

যিবোৰ বাতৰি সচৰাচৰ দেখুৱাব নালাগে বুলি ভাবোঁ সেইবোৰ বাতৰি বেছিকৈহে দেখুৱায়। শেষত এনে পৰ্যায় পাইগৈ যে চেনেলটো সলাবও নোৱাৰোঁ, উঠি গুচি যাবও নোৱাৰোঁ। বহু কথা ক’বলৈ মন যায় কিন্তু সমাজ সচেতনতা বুলিলে দুই ধৰণৰ হ’বইঃ এটা ভাল দিশ আৰু আনটো বেয়া দিশ। কিন্তু অতিৰঞ্জিত সংবাদ পৰিৱেশনে কেনেধৰণৰ দায়বদ্ধতাৰ কথা কয়, সেয়া চাগে অনুধাৱন‌ কৰাটো মোৰ ক্ষুদ্ৰ মস্তিষ্কৰ পৰিধিৰ বাহিৰ।

২)সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। কিন্তু মোৰ দৃষ্টিত, বৰ্তমান সময়ত এই কথাখিনি একেবাৰে মূল্যহীন। আজিকালি গণতন্ত্ৰৰে সংজ্ঞা সলনি হোৱা যেন লাগে। কাগজে কলমেহে গনতন্ত্ৰৰ গুণগৰিমা গোৱা হয়। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ কোনো মূল্য নাই।

সাংবাদিকতা সদায় নিৰপেক্ষ হ’ব লাগে। সমাজৰ নিকা ছবি এখন সাংবাদিকেহে অংকন কৰিব পাৰে। সমাজত চলি থকা কুসংস্কাৰ বা অন্ধবিশ্বাসৰ বিৰূদ্ধে জনজাগৰণ গঢ়ি তোলাত সাংবাদিকৰ ভূমিকা অধিক। একোটা নিৰপেক্ষ বাতৰিয়ে বহুতো দুৰ্ভগীয়া মানুহক ন্যায় পোৱাত সহায় কৰে।
দুখৰ বিষয়, বৰ্তমান সময়ত ইয়াৰ বিপৰীত ছবি এখনহে আমি দেখিবলৈ পাওঁ।

আলু ভাজি এখনত যেনেকৈ বিভিন্ন মা-মছলা দি বিভিন্ন নাম দি আলুভাজিৰ স্বকীয়তা নোহোৱা কৰা হয়, ঠিক তেনেকৈয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে সঁচা ঘটনাকো মিছা নতুবা মিছা ঘটনাকো সঁচাৰ ৰূপ দিয়া দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে আৰ্থিক দৈন্য অথবা বিনা কষ্টেৰে ধনী হোৱাৰ হেঁপাহ। নিজৰ বিবেকক বন্ধকত দি বহু সাংবাদিকে বিলাসী জীৱন যাপন কৰাও দেখা যায়।
মানুহ যিমানে শিক্ষিত হৈছে মানৱীয়তা সিমানেই নোহোৱা হৈছে। নিজৰ চেনেল বা বাতৰি কাকতৰ টি-আৰ-পি বঢ়োৱাৰ খাতিৰতে ভুক্তভোগীৰ মনৰ অৱস্থা বুজি পোৱাতকৈ সমাজৰ সন্মুখত নাঙঠ কৰাহে দেখা যায়।

ব্যক্তিগত কথাবোৰ ৰাজহুৱা কৰি নিজৰ জেপ গৰম কৰাৰ মানসিকতাৰ সাংবাদিকৰ অভাৱ নাই। লংকালৈ গ’লেই ৰাৱণ হোৱাৰ দৰে সুস্থ সাংবাদিকতা কৰাৰ মানসেৰে সংবাদ জগতখনত প্ৰৱেশ কৰা বহু সাংবাদিকে কলুষতাৰে ভৰা পৃথিবীত ভৰি থ’বলৈ বাধ্য হয়। বহুত সাংবাদিকে মালিকক সন্তুষ্ট কৰি চাকৰিৰ মহঙা বজাৰত নিজৰ চাকৰিটো সুৰক্ষিত ৰাখিবৰ বাবেও নিজৰ বিবেকক বিক্ৰী কৰিবলগীয়া হয়।
আজিকালি জনসাধাৰণেও মছলাদাৰ বাতৰিহে ভাল পায়। গতিকে সাংবাদিকে কাকত বা আলোচনীৰ প্ৰসাৰতা বঢ়াবলৈ তথ্যহীন বাতৰিও প্ৰচাৰ কৰিবলৈ বাধ্য হয় ।
জনসাধাৰণৰ সজাগতাৰ প্ৰয়োজন। জনসাধাৰণ যদি সজাগ হয় তেন্তে ভিত্তিহীন বাতৰি প্ৰচাৰ কৰিবলৈ কোনেও সাহস নকৰিব আৰু এখন সুস্থ, নিকা সমাজ গঢ়িব পাৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!