মূৰ মেলাই ৰোহঘৰত বহি থকা কথাবোৰলৈ

মূৰ মেলাই ৰোহঘৰত বহি থকা কথাবোৰলৈ

লেখক- ৰশ্মি শইকীয়া

কথাবোৰ কৈ দিব পৰা দিনবোৰ ভাল আছিল

কাহিনীবোৰ ওঁঠৰ সহজ সুহুৰি এটা হৈ থকা

দিনবোৰ ভাল আছিল
এতিয়া কথাৰ নৈখনৰ পেঁচ লাগিল

চুলি মেলি বুকুৰ ৰোহঘৰত সোমাল

(নিচুকাবলৈ যে তেওঁ নাই;
তেওঁ আছিলনো কোনদিনা!)


কথাবোৰ এখন নৈ
অথবা এটা পাহাৰীয়া নিজৰা

শ্ৰোতা থাকক বা নাথাকক
তেওঁ মাতিলেই নামি আহিছিল

গাই থাকিছিল বুকুৰ গান

চুই থাকিছিল মানুহৰ বুকুবোৰ
আৱেগৰ লাহী আঙুলিৰে
(মানুহে তেনেকৈয়ে কৈছিল।)


পদূলিত শীত নামিছে
শুধ বগা চাদৰ এখন মেৰিয়াই
লচপচ খোজেৰে
মোৰ বুকুৰ ঘৰলৈ সোমাই আহিছে

যেন কোনোবা বিৰহী প্ৰেয়সী

আহিয়েই সুধিছে

তোমাৰ বাৰু তেওঁলৈ মনত পৰেনে

মই উভতি সুধিলোঁ
কিয়ইবা মনত পেলাব লাগে

তেওঁনো আছিল কোন!

তাই ক’লে- আহ হা্! তোমাৰো যে কি বিৰাগ!

(তাইতো নাজানো বিৰাগ নহয়;
হয়তো এধানি অভিমান
শব্দৰ ভঁৰাল উদি কৰি আঁতৰি যোৱাৰ অভিমান।)


আৱেগবোৰ যে কি
পুৰাতন কিম্বা নৱীন

ৰাগী দেখোন একেই যেন এবাতি পুৰণি মদিৰা

চাকি চালে হৃদয় সুধা


তেওঁ গুচি গ’ল লাহে লাহে আন বাটে

তেওঁৰ লগে লগে খোজকাঢ়ি গুছি গ’ল কথাৰ নৈখন

শেলুৱৈ লাগি আৰণি পুৰণি হ’ল নৈৰ ঘাট

ঠিক সেইখিনিতে অভিমানৰ দুহাত ধৰি
বহি থাকিল মোৰ বুকুৰ কথা নে ছবি

ছবি নে কথা অলেখ অযুত!
(তেওঁ কি নাছিল দ্ৰষ্টা!)


এতিয়া কথাবোৰ বুকুৰ ৰোহঘৰত থাকে

পীৰা পাৰি কেতিয়াবা আগলি চ’ৰাতে বহে

মূৰ মেলাই হুমুনিয়াহ কাঢ়ে

সিহঁতে যালৈ বাট চাইছে

তেওঁ আৰু কেতিয়াও এই বাটে নাহে

তুলি নলয় কোলাত আথে-বেথে

(তেওঁ ব্যস্ত জীৱনচৰ্যাত কিম্বা নৈৰ গভীৰতা জোখাত)

এই কথা শব্দবোৰে নাজানে

নাজানে বাবেই সিহঁতৰ ওঁঠত সুহুৰি নাবাজে

সহজ
নাজানে বাবেই অভিমানৰ দুহাত এৰি ওলাই নাহে

অথচ সিহঁতে নাজানে
তেওঁ আছলতে নাছিলেই কোনোদিন!

সেইকথা সিহঁতক বুজায় বা কোনে!


জুহালৰ কথাবোৰ


পাহি গগৈ (পাপৰি)

 

জুহালৰ কথাবোৰ বৰ উমাল

জুহালতে উম লৈ পাৰ হৈছে হাজাৰজনৰ
সোণোৱালী ল’ৰালি,

ল’ৰালি মানেই নষ্টালজিয়া ৷

ককা আইতাৰ কোলাত বহি
জুহালৰ ৰসাল আড্ডাৰ মাজত

কেতিয়াবা যদি তপত, কেতিয়াবা আকৌ মৃদু ধমক৷


শুকান নৰাৰে চোৱা জুহালৰ কোঠাটোত
দপদপাই জ্বলি থকা জুইকুৰাই হাত বাউল দিয়ে,
শালিকী পুৱাতে উঠি মৰণালৈ বুলি
ধানৰ মুঠি কাটি থকা দেউতাক৷
আহচোন ক্ষন্তেক জিৰাই ল!
জুইত পুৰি ক’লা হোৱা কেটলীটোৱে
বকবকাই কথা কয় ৷
কেটলীটোৰ কথাবোৰ আইতাৰ তেনেই চিনাকি
টেকেলি গুড় এটুকুৰাৰ সৈতে এবাটি লালচাহ
আৰু আঘোণৰ সোণগুটিৰ কথা৷

ভৰপক পথাৰত লচপচী দাৱনীহঁতৰ মৌন আলাপ
মৌনতাৰ কথাবোৰে ককাৰ মনত বিন্ধেগৈ৷
কেঁচা সূতাৰ গামোচাখন মূৰত পাগুৰি মাৰি
এহাতে লাখুটিডাল লৈ আনহাতত আকৌ
দাৱনীহঁতৰ ৰ’দৰ জুতি৷
জেউৰা খুঁটি দুটা পুটি লৈ পুৰণা চাদৰ এখন আঁৰি
লচপচীহঁতে ৰবাবটেঙাৰ জুতি লয়,
আঘোণৰ ৰ’দত টেঙাৰ জুতিয়ে দেহা শাঁত পেলাই৷

উভতনি যাত্ৰাত দেউতাৰ খোজবোৰ দ্ৰুত হয়
বিৰীয়াডালৰ দুফালে সোণগুটিৰ ভৰ বাঢ়ি আহে
সেই ভৰ দেউতাৰ বাবে তেনেই গৌণ
জুহালৰ কথাবোৰৰ তুলনাত৷
দেউতাৰ মনত জুহালৰ কথাবোৰে হেন্দোলনি তোলে
ধানৰ মুঠিবোৰ চপাব পাৰিলেই
শুকান নৰাৰ গুৰিত কাঁচি লগাব
ন’হলেযে আন্ধাৰ হ’লে জুহালৰ জুইকৰাৰ পৰা
তৰাভৰা আকাশখন চাই ভাল নালাগে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!