ৱিমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ : ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নব্য সংযোজন
লেখক- দীপাঞ্জন কাশ্যপ
এক দীঘলীয়া অপেক্ষাৰ অন্ত । দৰ্শকৰ বিপুল হৰ্ষোল্লাসৰ মাজত বেট-বলৰ যুঁজত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে সাজু হৈছে ভাৰত তথা সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় তথা উদীয়মান মহিলা ক্ৰিকেটাৰসকল । পোন্ধৰটাকৈ ছিজনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)-এ লাভ কৰা অভূতপূৰ্ব সফলতাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)-এ এইবাৰ আৰম্ভ কৰিছে ৱিমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ ডব্লিউ আই পি এল (বা ডব্লিউ পি এল)। ভাৰতত মহিলা ক্ৰিকেটৰ ব্যাপক জনপ্ৰিয়তা বৃদ্ধি আৰু আই পি এল সদৃশ প্ৰতিযোগিতা এখনৰ বাবে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছে । বি চি চি আইয়ে প্ৰতিযোগিতাখন ৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ মুম্বাইৰ ব্ৰাবৰ্ণ আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে ৱিমেন আই পি এলৰ পূৰ্বে বি চি চি আইয়ে ২০১৮ৰ পৰা ২০২২ চনলৈ তিনিটা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰিছিল ৱিমেনছ টি-২০ চেলেঞ্জ ।
বি চি চি আইয়ে ৱিমেন আই পি এলৰ উদ্বোধনী সংস্কৰণত মুঠ পাঁচটা দল থকাৰ কথা পূৰ্বতে ঘোষণা কৰিছিল । খবৰ অনুসৰি এই লীগৰ মুঠ পুৰস্কাৰৰ ধনৰাশি হ’ব ১০ কোটি টকা । বি চি চি আইয়ে লীগৰ প্ৰতিটো দলৰ বাবে ১২ কোটি টকা (১৫ লাখ মাৰ্কিন ডলাৰ) দৰমহাৰ উচ্চ সীমা নিৰ্ধাৰণ কৰিছে । পৰৱৰ্তী চাৰি বছৰলৈ এই পুঁজি প্ৰতি বছৰে ১.৫ কোটি টকাকৈ বৃদ্ধি হ’ব আৰু ২০২৭ চনত প্ৰতিটো দলৰ এই পুঁজি হ’বগৈ ১৮ কোটি টকা । বি চি চি আইয়ে ২৩ জানুৱাৰী, ২০২৩ নিবিদা দাখিলৰ অন্তিম তাৰিখ বুলি ঘোষণা কৰিছিল । আদানী গ্ৰুপ, হালদিৰামৰ প্ৰভূজী, কেপ্ৰি গ্ল’বেল, টৰেণ্ট গ্ৰুপ, কোটাক, আদিত্য বিৰলা গ্ৰুপ আদি বহুতো সুপৰিচিত কৰ্প’ৰেটে ৱিমেন আই পি এলৰ দল ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ কৰিছিল ।
ভাৰতৰ ক্ৰীড়া জগতৰ নৱ সংযোজন এই লীগৰ প্ৰতিটো দলত সৰ্বাধিক ওঠৰ গৰাকী খেলুৱৈ থাকিব পাৰিব আৰু সৰ্বাধিক ছয় গৰাকী বিদেশী খেলুৱৈ অন্তৰ্ভুক্ত হ’ব পাৰিব । পুৰুষৰ আই পি এলত এটা দলৰ হৈ চাৰিজন বিদেশী খেলুৱৈয়ে খেলিব পৰা নিয়মৰ পৰিৱৰ্তে ৱিমেন আই পি এলৰ প্ৰতিখন খেলত এটা দলে পাঁচগৰাকীকৈ বিদেশী খেলুৱৈক সুযোগ দিয়াৰ নিয়ম বান্ধি দিয়া হৈছে । খেলত অৱতীৰ্ণ একাদশত মুঠ পাঁচগৰাকী বহিঃদেশীয় খেলুৱৈ থকাৰ অনুমতি আছে যদিও টীম মেনেজমেণ্টে সম্পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ পৰা মাত্ৰ চাৰিগৰাকী খেলুৱৈহে নিৰ্বাচন কৰিব পাৰিব । পঞ্চমগৰাকী বিদেশী খেলুৱৈ আই চি চিৰ সহযোগী সদস্য ৰাষ্ট্ৰৰ খেলুৱৈ হ’ব লাগিব । বি চি চি আইয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি কোনো দলে ১৯ বছৰ অনুৰ্ধৰ ক্ৰিকেটাৰক ল’ব নোৱাৰিব যদিহে তেওঁলোকে ইতিমধ্যে প্ৰথম শ্ৰেণী বা লিষ্ট এ ক্ৰিকেট খেলা নাই । পাঁচটা দলে ডাবল ৰাউণ্ড ৰবীন পদ্ধতি (পৰস্পৰে পৰস্পৰৰ বিপক্ষে দুখনকৈ খেলত অৱতীৰ্ণ হোৱা)ত প্ৰাৰম্ভিক ৰাউণ্ডৰ সৰ্বমুঠ বিশখন খেলত অৱতীৰ্ণ হ’ব । প্ৰাৰম্ভিক ৰাউণ্ডৰ শীৰ্ষস্থানৰ দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দল দুটাই ‘এলিমিনেটৰ’ খেলি ফাইনেলৰ বাট মোকলাব লাগিব।
২০২৩ চনৰ ২৩ জানুৱাৰীত ৱিমেন আই পি এলৰ কাৰিকৰী নিবিদা অনুষ্ঠিত হৈছিল আৰু ২৪ জানুৱাৰীত ব’ৰ্ডে নিবিদাবোৰৰ কাৰিকৰী দিশসমূহৰ মূল্যায়ন কৰিছিল । ২৫ জানুৱাৰীত সম্ভাৱ্য মালিকৰ পৰা পোৱা ছীল কৰা নিবিদা মুকলি কৰা হয় আৰু পাঁচটা দল ক্ৰমে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু, মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ, গুজৰাট ঝায়েন্টছ, আৰু ইউ পি ৱাৰিয়ৰ্জ বুলি ঘোষণা কৰা হয় । বৰ্তমান আই পি এলৰ দহটা ফ্ৰেঞ্চাইজিৰ আঠটায়ে ৱিমেন আই পি এলৰ দল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল । খবৰ অনুসৰি ত্ৰিশটাতকৈও অধিক কোম্পানীয়ে দল ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱাইছিল । বহু জল্পনা-কল্পনাৰ অন্তত মোটা ধনৰাশিৰ বিনিময়ত আদানী স্প’ৰ্টছলাইন প্ৰাইভেট লিমিটেডে আহমেদাবাদ (১২৮৯ কোটি), ইণ্ডিয়াউইন স্প’ৰ্টছ প্ৰাইভেট লিমিটেডে মুম্বাই (৯১২.৯৯ কোটি), ৰয়েল চেলেঞ্জাৰছ স্প’ৰ্টছ প্ৰাইভেট লিমিটেডে বাংগালুৰু (৯০১ কোটি), জে.এছ.ডব্লিউ. জি.এম.আৰ. ক্ৰিকেট প্ৰাইভেট লিমিটেডে দিল্লী (৮১০ কোটি) আৰু কেপ্ৰি গ্ল’বেল হোল্ডিংছ প্ৰাইভেট লিমিটেডে লক্ষ্ণৌ (৭৫৭ কোটি)ত দল ক্ৰয় কৰে ।
ৱিমেন আই পি এল খেলুৱৈ নিলামৰ বাবে সৰ্বমুঠ ১৫২৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল যদিও মাত্ৰ ৪০৯ গৰাকী খেলুৱৈহে মূল নিলাম পৰ্যায়লৈ নিৰ্বাচিত হয় । ৪০৯ গৰাকী খেলুৱৈৰ ভিতৰত ২৪৬ গৰাকী খেলুৱৈ ভাৰতৰ, আৰু অৱশিষ্ট ১৬৩ গৰাকী বিদেশী খেলুৱৈ (ইয়াৰে ৮ গৰাকী আই চি চিৰ সহযোগী সদস্য ৰাষ্ট্ৰৰ)। নিলামত এই খেলুৱৈসকলৰ মাজৰ পৰা সৰ্বাধিক নব্বৈগৰাকী খেলুৱৈক নিৰ্বাচন কৰিব পৰাৰ সুবিধা আছিল য’ত সৰ্বোচ্চ ত্ৰিশগৰাকী খেলুৱৈ বহিঃদেশৰ হোৱাটো বাধ্যতামূলক আছিল । ৪০১ গৰাকী (সহযোগী সদস্য ৰাষ্ট্ৰৰ খেলুৱৈ বাদ দি)ৰ ভিতৰত ২০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাসম্পন্ন খেলুৱৈ হোৱাৰ বিপৰীতে ১৯৯ গৰাকী সম্ভাৱনাপূৰ্ণ উদীয়মান খেলুৱৈ আছিল । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ ভিত্তি মূল্য ৫০ লাখ, ৪০ লাখ আৰু ২০ লাখ হ’ব বুলি নিৰ্ধাৰণ কৰিছিল । ইয়াৰ বিপৰীতে, আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা নথকা উদীয়মান খেলুৱৈসকলৰ নিৰ্ধাৰিত ভিত্তি মূল্য আছিল ২০ লাখ আৰু ১০ লাখ । ১৩ গৰাকী বিদেশী খেলুৱৈ সহিতে মুঠ ২৪ গৰাকী খেলুৱৈয়ে নিলামৰ বাবে নিজকে ৫০ লাখৰ সৰ্বোচ্চ ব্ৰেকেটত ৰাখিছিল । শীৰ্ষ ব্ৰেকেটত নিজকে স্থান দিয়া কেইগৰাকীমান ভাৰতীয়ৰ ভিতৰত জাতীয় দলৰ
অধিনায়ক হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, দীপ্তি শৰ্মা, শ্বাফালি বাৰ্মা আদি অন্যতম । ৫০ লাখ মূল্যত নিজকে স্থান দিয়া তেৰগৰাকী বিদেশী খেলুৱৈৰ ভিতৰত অষ্ট্ৰেলিয়াৰ এলিছ পেৰী, ইংলেণ্ডৰ ছফী এক্লেষ্টন, নিউজিলেণ্ডৰ ছফী ডেভাইন, ৱেষ্ট ইণ্ডিজৰ ডিয়াণ্ড্ৰা ডটিন আদিৰ নাম উল্লেখ কৰিব পাৰি ।
১৩ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে অনুষ্ঠিত হোৱা নিলামত মুঠ ৮৭ গৰাকী খেলুৱৈ বিক্ৰী হয় । ইয়াৰে ৩০ গৰাকী বিদেশী খেলুৱৈ । খেলুৱৈসকলক ক্ৰয় কৰিবলৈ পাঁচটা দলে সৰ্বমুঠ ৫৯.৫০ কোটি ব্যয় কৰিবলগীয়া হয় । ভাৰতৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধনা (৩.৪০ কোটি) ৱিমেন আই পি এল ২০২৩ৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁক বাংগালুৰুৱে ক্ৰয় কৰে । পৰৱৰ্তী ব্যয়বহুল খেলুৱৈদ্বয় অষ্ট্ৰেলিয়াৰ এছলি গাৰ্ডনাৰ আৰু ইংলেণ্ডৰ নাটালি স্কাইভাৰ (৩.২০ কোটিকৈ)ক ক্ৰমান্বয়ে গুজৰাট আৰু মুম্বায়ে ক্ৰয় কৰে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে টি-২০ মহিলা বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় দলটোৰ ১৫ গৰাকী খেলুৱৈৰ আটাইকেইগৰাকীয়েই নিলামত বিক্ৰী হয় আৰু ইয়াৰে দহ গৰাকীয়ে ১ কোটি ধনৰাশিৰ সীমা অতিক্ৰম কৰে । ভাৰতৰ দীপ্তি শৰ্মা (২.৬ কোটি), জেমিমা ৰড্ৰিগুৱেজ (২.২ কোটি), শ্বাফালি বাৰ্মা (২ কোটি), পূজা বস্ত্ৰকাৰ (১.৯ কোটি), ৰিছা ঘোষ (১.৯ কোটি) আৰু হৰমনপ্ৰীত কৌৰ (১.৮ কোটি), অষ্ট্ৰেলিয়াৰ বেথ মুনী (২ কোটি) আৰু এলিছ পেৰী (১.৭ কোটি), ইংলেণ্ডৰ ছফী এক্লেষ্টন (১.৮ কোটি) আদিয়ে নিলামত বৃহৎ ধনৰাশি অৰ্জন কৰে । অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ জিণ্টিমণি কলিতাকো দহ লাখৰ
বিনিময়ত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে । ই নিশ্চিতভাৱে আমাৰ সকলোৰে বাবে উৎসাহজনক বাতৰি । পুৰুষৰ আই পি এলত সকলো ফ্ৰেন্সাইজিয়ে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ যথেষ্ট সংখ্যক খেলুৱৈ ক্ৰয় কৰাৰ অনুৰূপ দৃশ্য ৱিমেন আই পি এলৰ ক্ষেত্ৰতো দেখা গ’ল ।
উদ্বোধনী সংস্কৰণতে ৱিমেন আই পি এল দ্বিতীয় সৰ্বাধিক ব্যয়বহুল ক্ৰীড়া লীগ হিচাপে পৰিগণিত হৈছে । ভিয়াকম ১৮য়ে ইয়াৰ প্ৰচাৰৰ অধিকাৰ ৯৫১ কোটি টকাত ক্ৰয় কৰিছে । প্ৰতিখন খেলত ৭.০৯ কোটি টকাৰ নিৰ্দিষ্ট মূল্যৰে আই পি এলক অতিক্ৰমি আটাইতকৈ দামী সম্পত্তিত পৰিণত হৈছে ডব্লিউ আই পি এল ।
ৱিমেন আই পি এলৰ ৪ মাৰ্চৰ উদ্বোধনী খেলত সমুখ সমৰত অৱতীৰ্ণ হৈছিল গুজৰাট জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছ । হৰমনপ্ৰীত কৌৰৰ অধিনায়কোচিত ৬৫ ৰাণ (৩০ বল)ৰ সহায়ত মুম্বায়ে গুজৰাটক ১৪৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । এই লেখা সাজু কৰাৰ সময়লৈ প্ৰাৰম্ভিক ৰাউণ্ডৰ অৰ্ধেক খেল সমাপ্ত হৈছে। দমনীয় প্ৰদৰ্শনেৰে চাৰিওখন খেলত জয়লাভ কৰি মুম্বাই ৮ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে । সমান সংখ্যক খেলৰ পৰা দিল্লী, ইউ পি আৰু গুজৰাটে ক্ৰমান্বয়ে ৬, ৪ আৰু ২ পইণ্ট অৰ্জন কৰিছে । বাংগালুৰুৱে চাৰিখন খেলত পৰাস্ত হৈ তালিকাৰ অন্তিম স্থানত আছে । বৰ্তমানলৈ বেটিং তালিকাত দিল্লী কেপিটেলছৰ কেপ্টেইন অষ্ট্ৰেলিয়াৰ মেট লেনিং ২০৬ ৰাণেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছৰ ভাৰতীয় বলাৰ ছাইকা ইছাক বাৰটা উইকেট দখল কৰি বলিং তালিকাৰ শীৰ্ষত আছে । প্ৰাৰম্ভিক ৰাউণ্ডৰ দ্বিতীয় পৰ্যায়ত আটাইকেইটা দলে উন্নত প্ৰদৰ্শন কৰি ফাইনেললৈ যোগ্যতা অৰ্জনৰ বাট মোকলাই ৰাখিবলৈ যে চেষ্টা কৰিব, সেয়া নিশ্চিত ।
বৰ্তমান সময়ত টি-২০ ক্ৰিকেটৰ জনপ্ৰিয়তা শীৰ্ষত । বিগত সময়ত মহিলা ক্ৰিকেটে পুৰুষৰ সমানেই জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে । তাৰ মূলতে হ’ল বিভিন্ন দেশৰ ক্ৰিকেট ব’ৰ্ডে মহিলা ক্ৰিকেটৰ উত্থানৰ বাবে লোৱা প্ৰশংসনীয় পদক্ষেপ আৰু সমান্তৰালকৈ মহিলা খেলুৱৈসকলে কৰা অনবদ্য তথা দুৰ্দান্ত প্ৰদৰ্শন। ২০১৫-১৬ বৰ্ষত অষ্ট্ৰেলিয়াত বিগ বেছ লীগ আৰু ২০১৬ বৰ্ষত ইংলেণ্ডত মহিলা ক্ৰিকেট ছুপাৰ লীগ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বজুৰি ৱিমেন টি-২০ৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে । ভাৰতৰ ৱিমেন আই পি এলে খুব কম দিনৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত যে আৰোহণ কৰিব তাত কোনো সন্দেহ নাই। মাথোঁ আশা কৰিম ৱিমেন আই পি এলে যুৱ প্ৰতিভাক বিশ্ববাসীৰ সন্মুখলৈ শক্তিশালী ৰূপত উলিয়াই আনক; মহিলা ক্ৰিকেটাৰসকল ধনৰ প্ৰতি লালায়িত নহৈ দেশৰ কাৰণে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দীৰ্ঘ সময়লৈ আগবঢ়াই যোৱাৰ চেষ্টাত ব্ৰতী হওঁক ।